জয় আই অসমৰ এনিশাৰ বুৰঞ্জী – সুৰেন গোস্বামী
(ওপৰঞ্চিঃ ৭৯-৮৫ৰ অসম আন্দোলন কেৱল
বিদেশী বিতাৰণ বিষয়তে সীমাৱদ্ধ নাছিল। এই আন্দোলন জাতীয় একতা -সমন্বয়ৰ পৰিচায়কো আছিল। এই ঐক্য-সম্প্ৰীতিয়ে সৃষ্টি কৰিছিল বহুতো লোকোক্তি,সাধুকথা, গীত-মাত,দুখ-বেদনাৰ কাহিনী, নানা ৰসিক কথা আৰু ঘটনা। প্ৰচাৰিত হৈছিল বহু ঐতিহাসিক বাতৰি, সাধাৰণ বাতৰি, উৰা বাতৰি,মুখ-ৰচক বাতৰি ইত্যাদি। মুঠতে ক’বলৈ গ’লে অসমৰ সমস্ত সাংস্কৃতিক দিশটোকে অসম আন্দোলনে প্ৰভাৱিত কৰিছিল আৰু গতানুগতিক ধাৰাৰ অসমীয়া জাতীয় জীৱনক এটা নতুন দিশলৈ গতি কৰাইছিল।
আন্দোলনৰ আন এক কেন্দ্ৰস্থল আছিল বজালী অঞ্চল। ইয়াতেই প্ৰথম শ্বহীদ হৈছিল খৰ্গেশ্বৰ তালুকদাৰ। পুলিচ-চি আৰ পিৰ অত্যাচাৰে চৰম সীমা চুইছিল। কিশোৰৰপৰা বৃদ্ধ-বৃদ্ধালৈ কোনো অত্যাচাৰৰপৰা সাৰি যোৱা নাছিল— যেন নৱদশ শতিকাৰ মানৰ অত্যাচাৰহে! চৌদিশে বিৰাজ কৰিছিল সন্ত্ৰাসৰ পৰিৱেশ। খেদি খেদি দিনত আন্দোলনৰ নেতাক ধৰিব নোৱাৰিলে চি আৰ পিৰ তালাচী চলিছিল ৰাতি। ৰাতিও নিৰ্দিষ্ট ডেকা ল’ৰাক নাপালে অত্যাচাৰ চলিছিল ঘৰৰ অন্য লোকৰ ওপৰত। এনে ভয়ানক পৰিৱেশৰ মাজতো ওপৰত কোৱাৰ দৰে বিবিধ কাহিনীৰ জন্ম হৈছিল; ইয়াৰে কিছুমান মুখ ৰচক আৰু কিছুমান সত্য। এই ঘটনাবোৰ তাহানি ভীতিবহুল আছিল যদিও আজি সেইবোৰেই হৈ পৰিছে হাস্যৰসিক। তেনে এটা সত্য ঘটনাকে ইয়াত উল্লেখ কৰা হ’ল; অৱশ্যে ব্যক্তিৰ নামবোৰ সলাই দিয়া হৈছে)
বজালীত চলা আন্দোলনতো নেতাসকলক ধৰি নি হাজোতত সুমুওৱা হৈছিল। এখন কলেজৰ অধ্যাপক মিশ্ৰ ছাৰ আছিল সেই আন্দোলনৰ জনপ্ৰিয় নেতা। তেওঁক ধৰিবৰ বাবেই চি আৰ পিয়ে পিয়াপি দি ফুৰিছিল যদিও স্থানীয় হৃদয়বান পুলিচে সন্মান কৰি পাৰ্য্যমানে কিছু সহায়ও কৰিছিল। এদিনাখন এজন পুলিচেই গোপনে মিশ্ৰ ছাৰক জনালে বোলে তেওঁক ধৰিবলৈ পুলিচে যো-জা চলাইছে, গতিকে আজিয়েই আত্মগোপন কৰিব লাগে। মিশ্ৰ ছাৰে বৰ ভয় খালে। ক’লৈ যাব, কি কৰিবকৈ চিন্তা কৰি অৱশেষত পাঠশালাৰপৰা চাৰি কিলোমিটাৰ দূৰত থকা মোমায়েকহঁতৰ ঘৰলৈ গৈ থকাটোকে নিৰ্ণয় কৰিলে। সেইমতে সন্ধিয়া পৰত মোমায়েক গৌৰীদেৱ চৌধুৰীৰ ঘৰ পাই সমস্ত বিৱৰি ক’লে আৰু তাত ৰাতিটো থকাৰ ইচ্ছা প্ৰকাশ কৰিলে। আচলতে চৌধুৰীহঁতৰ ঘৰো নিৰাপদ নহয়।
মিশ্ৰৰ আত্মীয় বুলি জানিলে চি আৰ পিয়ে যে তাতো অনুসন্ধান চলাব, খাটাং। চৌধুৰীহঁত বিমোৰত পৰিল যদিও ভাগিনকনো কেনেকৈ ঘুৰাই পঠায়। চি আৰ পিয়ে যি খুৱায়, তাকেই মামা-ভাগিনে ভগাই- পিতাই খাব বুলি হেহো-নেহোকৈ থকা কথাত মত দিলে। চৌধুৰীয়ে ক’লে,”থাকিব খুজিছ, থাক। কিন্তু মূল ঘৰৰ বিছনাত নহয়। সৌ পুৰণি কাঠ জমা কৰা ঘৰটোতে তক্তা পাৰি বিছনা কৰি দিওঁ,থাক।” মিশ্ৰ ছাৰ মান্তি হ’ল। তেওঁ কাঠবোৰৰ মাজতে এখন সৰু বিছনা কৰি থাকিবলৈ ল’লে।
ইফালে চৌধুৰীহঁতৰ ঘৰৰ মানুহেও নিশ্চিত হ’ল যে চৰকাৰী দৃষ্টিত ‘দেশদ্ৰোহী’ এজনক স্থান দি তেওঁলোকেও যে চি আৰ পিৰ অত্যাচাৰৰপৰা পৰিত্ৰাণ নাপায়, সেয়া ধূৰুপ। গতিকে ঘৰৰ আটাইবোৰে চাকি-বন্তি নুমাই, ঘৰত তলা মাৰি গৈ পথাৰত ৰাতিটো কটোৱাৰ সিদ্ধান্ত ল’লে। সেইদিনা ঘৰত থকা চৌধুৰীৰ বৌৱেক, ভাই বোৱাৰী আদিয়ে ৰাতিৰ ভাত-পানী খাই পথাৰমুৱা হ’ল। একমাত্ৰ বয়সস্থ বুলি গৌৰীদেৱ চৌধুৰীহে ভাত ৰন্ধা লগুৱা সনাতনৰ লগত ঘৰত থাকিল। চি আৰ পি আহিলে আগতীয়াকৈ খবৰ দিব পৰাকৈ সনাতনে বাৰান্দাতে বিছনা এখন পাৰি শুলে। সকলোৰে মগজু, কাণ,হিয়া, আত্মা চি আৰ পিত সমৰ্পণ কৰি দি বিপদত পৰিত্ৰাণৰ বাবে প্ৰয়োজনীয় কেৱল মৌন প্ৰাৰ্থনাখিনিহে ভগৱানৰ নামত উৎসৰ্গা কৰিলে।
চৌধুৰীহঁতৰ ঘৰৰ পিছফালে আছে এটা পুখুৰী। সেই পুখুৰীৰ কাষেৰেই পথাৰলৈ যোৱা ৰাস্তাটোও। তাৰ পাৰতে আছিল এজোপা কৰ্দৈ গছ। মাজৰাতি সনাতনে গাঁৱৰ ভিতৰত কিবা হুলস্থুল শুনাযেন পালে। সি নিশ্চিত হ’ল চি আৰ পি আহিছে। সনাতন আছিল লেঙেৰা,দৌৰিব নোৱাৰে। গতিকে সেই ঠাই এৰি আগতীয়াকৈ গৈ কৰ্দৈ গছত উঠি থকাই মংগল বুলি ভাবি তালৈ খৰাই খৰাই গতি কৰিলে। গছত উঠিবলৈ ডাল এটাত ধৰিছেহে মাত্ৰ, এনেতে ওপৰৰপৰা এজনে ধমকি দি ক’লে,”ঐ মৰা,ক’ত মৰিব আহিছ? ভাঙি পৰিব!” সনাতনে ভূত বুলি ভাবি উভতি দৌৰিব খোজতেই পৰিল বাগৰি। তাকে দেখি ওপৰৰজনে চেপা চেপা মাতেৰে পুনৰ ক’লে,”ঐ, ভয় নাখাবি, মই গোপেহে। লাহে লাহে যা”। সনাতনে, “ধেৎ গজমূৰা তইহে না।
উঠি মচ্ছিলি যুদি আগতে নকলি কিয়ো” বুলি আঁতৰি গৈ সিও পথাৰত থকা বৌহঁতৰ কাষ পালে। গোপে, মানে গোপেশ্বৰ তেওঁলোকৰ ওচৰৰে এজন খেতিয়কৰ ডেকা ল’ৰা।
ইফালে মহৰ কামোৰ, ঠাণ্ডা আৰু মূৰত চি আৰ পিৰ চিন্তাত মিশ্ৰ ছাৰৰ চকুৱে এটিপো নামাৰিলে। এনেতে তেওঁও গাঁৱৰপৰা হুলস্থুলীয়া মাত শুনিলে আৰু নিশ্চিত হ’ল, চি আৰ পি আহিছে। গতিকে সেই ঠাইত তেওঁও থকাটো সমীচিন নহয়। এই ভাবি তেওঁ হাতত কাঠৰ দীঘল টুকুৰা এটা লৈ ততাতৈয়াকৈ ওলাই পথাৰৰ ফালে ঢাপলি মেলিলে। ঘিটমিটিয়া আন্ধাৰৰ মাজেৰে গৈ বৌহঁতৰ কাষ পাওঁতেই সৰু বৌৱে ভয়তে “আই ঔ” বুলি চিঞৰি উঠিল। মিশ্ৰ ছাৰে ফুচফুচাই ক’লে,”মামী, মই মিশ্ৰহে, ভয় নাখাবা”।
ডাঙৰ বৌৱে ক’লে,”ঔ আই! তুমি আকৌ কিয় আহিলা?”
—– মানে গাঁৱত কিবা হুলস্থুল শুনিছোঁ; গতিকে তাত থকাটো সমীচিন নহয় বুলি ইয়ালৈ আহিলোঁ।
এনেদৰে পথাৰৰ মাজত আটাইকেইটাই ৰাতি তিনিমান বজালৈ হাত-ভৰি বান্ধি তাতেই বহি থাকিল। তেনেতে সঁচাকৈয়ে গাঁৱত চিঞৰ-বাখৰ শুনা গ’ল। কাণ থিয় কৰিও কোনেও স্পষ্টভাবে এটা শব্দও বুজিব নোৱাৰিলে। মিশ্ৰ ছাৰ সষ্টম হ’ল। পলাবৰ আৰু ঠাই নাই এতিয়া । কাঠদাল হাতৰ মুঠিত টানকৈ ধৰি কঁপা কঁপা বুকুৰে সাহসত ক’লে,” মামী, চি আৰ পিকতো ভয় মই নকৰোঁ,কেৱল অত্যাচাৰ কৰে বুলিহে! তথাপি আহিলে এই বাটাম আজি কামত লগাম, যি হয় হ’ব”।
ইফালে গৌৰীদেৱ চৌধুৰীয়েও হুলস্থুল শুনি বাহিৰলৈ ওলাই আহিল। ভালদৰে কাণ পাতি শুনি কথাবোৰত চি আৰি পি অহাৰ লক্ষণ যেন নেদেখি অলপ সকাহ পালে। তেওঁ গাঁৱলৈ গৈ কিনো হৈছে, তাকে জানিবলৈকে আগবাঢ়িল। কিছুদূৰ যাওঁতেই বাটত লগ পালে এজনক। না-পোহৰ, না-আন্ধাৰৰ দোমোজাৰ সময়। চৌধুৰীয়ে মাত লগালে,” জলেশ্বৰ নেকি অ’?”
—– অ’ খুৰা, মইহে। আপুনি ক’লৈ যায়?
—– কিহৰ গণ্ডগোল হৈছে অ’?
—– নাই,বিশেষ একো নাই। মানে বিনোদৰ ঘৈণীয়েকে বোলে চাকিখৰ লৈ বাহিৰলৈ আহিছিল। চাকিখৰ থৈ অলপ দূৰত ‘বাহিৰ’ কৰিবলৈ লওঁতেই কেনেবাকৈ ঘেৰৰ পুঁজিত জুই লাগিল। তাই চিঞৰ-বাখৰ কৰোঁতেই ঘৰৰ মানুহ আৰু আমি দৌৰি আহি পানী ঢালি জুই নুমালোঁ।
—— পিছে পুঁজিটো পুৰিল নেকি?
—– অলপ পুৰিল। হ’লেও বিশেষ ক্ষতি হোৱা নাই।
চৌধুৰীয়ে পুনৰ ক’লে,”অ’,সেইটোহে। মই আকৌ চি আৰ পি আহি অত্যাচাৰ কৰা বুলিহে ওলাই আহিছিলোঁ। আজি ঠিকছে দুআষাৰ শুনালোঁহেঁতেন।
যা হওঁক,ৰক্ষা তেও।”
জুই নুমাল। ৰাতি পুৱাল। মিশ্ৰ ছাৰহঁতে স্বস্তিৰ নিশ্বাস এৰি পুনৰ ঘৰ পালে। অৱশ্যে মিশ্ৰ ছাৰ তাতে আৰু দুদিন কটালে।
★★★★