লাষ্ট পাঞ্চ – কাবেৰী মহন্ত
সুন্দৰ জাকজমকতাৰে ভৰা লাইটৰ মাজত মোৰ অন্যতম খাচ বন্ধুকেইজনৰ লগত মই চুকটোতে অপেক্ষা কৰি আছিলোঁ৷ মোৰ দৰেই বিভিন্ন সাজ সজ্জাৰে কিছু পৰিচিত, কিছুমান অপৰিচিতও সেই স্থানতে নিজকে উপভোগ্য কৰাৰ প্ৰাণপণ চেষ্টাত ব্যস্ত আছিল৷ সকলোৱে আমি অঘোষিত প্ৰতিযোগী যদিও মোৰ ইগ’ আৰু আত্মবিশ্বাসে মোক নাৰ্ভাছ হোৱাৰ পৰা সদায়েই বচাই ৰাখে৷
জানো মই, এই যে বহুতে মোৰ কাষেদিয়েই পাৰ হৈ যায়, মোক হয়তো চুই নোচোৱাৰ বা নোপোৱাৰ তীব্ৰ এক বাসনা মনৰ মাজত লুকুৱাই পাৰ হৈ গৈছে! কিন্তু মোৰো আত্মাৰ কোনো এই পাৰ হৈ যোৱা ব্যক্তিসকলৰ প্ৰতি তিলমানো টান নাই! কোনো আদবয়সীয়া, টুলটুলীয়া পেটৰ ব্যক্তিৰ হাতত মই সমৰ্পিত হ’ব নোখোজোঁ৷ নালাগে মোক কোনো ডক্টৰৰ প্ৰেচক্ৰিপচনৰ অনুকম্পাত নিজৰ জীৱনৰ সময় কিনা ব্যক্তি, নতুবা নালাগে মোক কোনো ফুলকুমলীয়া ল’ৰা-ছোৱালীৰ খেলাৰ লগৰী হোৱাৰ জীৱন!
জ্বলিছো মই হয়৷ মাজেমাজে যেতিয়া কোনো সুন্দৰ ব্যক্তি বা সুস্বাস্থ্যৰ গৰাকীয়ে মোলৈ কেৰাহিকৈ চাই ওচৰতে সাজি থকা ‘আনস্মাৰ্ট’ কাৰোবাক সেই সন্ধিয়াৰ লগৰী হিচাপে বাচনি কৰি লৈছে! অথবা তেতিয়াও মোৰ ঈৰ্ষা নোহোৱাকৈ নথকা নহয়, যেতিয়া বয়সস্থ কোনো আণ্টি বা মেডামে নিজৰ শৰীৰৰ সৌন্দৰ্যক দোহাই দি মোৰ সন্মুখতে মোকেই অৱজ্ঞা কৰি আন কাৰোবাক প্ৰশংসাৰে উপচাই গৈছে!
এখন ৰঙা গাড়ী ৰ’লহি.. এতিয়াও মই ৰৈ আছোঁ আশাবোৰ সামৰি! কাষৰ বহুতকে ইতিমধ্যেই কোনোবা নহয় কোনোবাই সন্ধিয়াটোৰ বাকী সময়খিনি উপভোগৰ বাবে বাচি লৈ গৈছে..তথাপিও অকণো হীনমন্যতাই মোক আমনি নাই কৰাহি৷ মই জানো, মোক অৱহেলা কৰাৰ দুঃসাহস কাৰোৰেই নাই… হয়তো পৰিৱেশ, স্বাস্থ্য সচেতনতা অথবা নিজকে ‘সৌন্দৰ্যৰ পূজাৰী’ টেগ লাইনৰ ঠাট্টা মস্কৰাৰ ভয়তে মোৰ প্ৰতি থকা অনুৰাগ সামৰি সুঁতৰি লাজৰ জোলোঙাত ভৰাই লৈছে! কিন্তু.. কিন্তু গাড়ীৰ পৰা নমা আগন্তুকলৈ চাই মই পুনৰ চকু ঘূৰাই আনিব নোৱাৰিলোঁ! মোৰ যেন দিনটোৰ আৰম্ভনিৰে পৰা কৰা সাজোনকাচোন মাত্ৰ তেওঁৰ বাবেই!
দুই এজনৰ সৈতে কৰমৰ্দন কৰি, দুই এষাৰ কথা বিনিময় কৰি আগন্তুক আমাৰ ফালেই আগবাঢ়ি আহিল! সুঠাম শৰীৰৰ পৰাই গম পাই যথেষ্ট স্বাস্থ্য সচেতক হয়তো৷ লগত আজিৰ সন্ধিয়াৰ আয়োজকগৰাকী, আমাৰ এক কথাত মালিক৷ মই অৱশ্যে সদায়েই মালিকৰ বাবে স্পেচিয়েল, আথেবেথে সেয়ে মোৰ ওচৰলৈকে আগন্তুকক লৈ অহাত মই সচকিত হৈ অপেক্ষা কৰিলোঁ! ভিতৰৰ ঢপঢপনি হয়তো কোনোৱেই অনুভৱ কৰিব নোৱাৰিলে কাৰণ মই এনে সময়বোৰৰ অভিজ্ঞতাৰে পৰিপূৰ্ণ৷ মালিকে মোক আথে বেথে নিজৰ হাতত তুলি ল’লে.. কিন্তু মইতো বিচৰা নাই এই আদবয়সীয়া আয়োজকৰ লগৰী হোৱাৰ! উফ্ মোৰ স্পন্দনে নিজকে বিশ্বাস কৰিবলৈ নিদিলে “একেবাৰে বাচি বাচি যোগাৰ কৰিছোঁ আপোনালোকৰ দৰে বিশেষ ব্যক্তিসকলৰ বাবেই! এবাৰ জুতি লৈ চাওঁক, বাৰে বাৰে পাছত মোৰ নম্বৰত কল কৰিবলৈ বাধ্য হ’ব!” মুখত এক তৃপ্তিৰ হাঁহিৰে মালিকে নিজহাতে মোক আগন্তুকৰ হাতত তুলি দিলে! আৰু অলপ, আৰু অকণমান প্ৰশংসা কৰা হ’লে কি লোকচান হ’লহেঁতেন এই কনজুছ মালিকৰ? অকণমান মোৰ সাজ সজ্জাৰ বিষয়ে? অকনমান মোৰ লোভনীয় কমনীয়তাৰ ওপৰত?
তথাপিও মই সুখী৷ এজন যোগ্য ব্যক্তিৰ হাতত নিজকে দেখি৷ পুৱাৰ পৰাই নিজকে সজাই আকৰ্ষণীয় কৰাৰ পুৰস্কাৰৰ বাবে মই আনন্দিত৷
মায়াৱী পৰিৱেশৰ মাজত অলপ আন্ধাৰ, অলপ পোহৰে লুকাভাকু খেলা চুকটোলৈ আমি আগুৱাই গ’লোঁ৷ এই যে আমি দুয়ো একেলগে আগবাঢ়িছোঁ, মই জানো; মোৰ সংগীক আগবাঢ়ি আহি মাত দিয়া সকলোৱে মোলৈ নিক্ষেপ কৰিছে একো একোটা হিংসা, লোলুপু দৃষ্টি! কিন্তু এতিয়া সেইবোৰ অৰ্থহীন, নাই মোৰ কোনো আক্ষেপ তেনে অতৃপ্ত চাৱনিলৈ!
আ..উ..ছ্..! বৰ জোৰেৰে আফালমাৰি হঠাতে মাটিত ঠেকেচা খাই পৰিলোঁ! দুটামান উৎপতীয়া ল’ৰা-ছোৱালীৰ লৰা ঢপৰাত মোৰ ওপৰত প্ৰচণ্ড মাৰ এটা পৰিলহি.. আস্ মোৰ যেন সন্মুখৰ আকৃতিয়েই সলনি হৈ গ’ল সেই খুণ্ডাত!
“ছ’ৰি..ছ’ৰি.. দাদা!” কোনোবা এটাই অকণো অনুকম্পা নোহোৱাকৈ কৈ উঠিল!
“ইটছ্ অ কে..! মোৰ এনেয়ো চকলেট পেষ্ট্ৰী বৰ এটা পছন্দৰ নহয়… ইটছ্ বেটাৰ ফৰ মি” অলপ আগতে মোক তুলি লোৱা আগন্তুকে বেপেৰুৱাভাৱে মোৰ ফালে কোনো দৃষ্টি নিক্ষেপ নকৰাকৈ কৈ গুছি গ’ল।
আৰু মজিয়াত মই পৰি ৰ’লোঁ মাত্ৰ এক পিচ চেপেটা চ’কলেট পেষ্ট্ৰী হিচাপে…।
12:50 pm
মই বেলেগএটা কাহিনী ওলাব বুলি ভাৱিছিলো । ভাল ঠগন পালো ।
বঢ়িয়া Suspense
3:32 pm
ধন্যবাদ?
10:13 pm
বঢ়িয়া৷ শেষৰফালে হাঁহি উঠি গ’ল৷ চাচপেন্স টো ধুনীয়াকে ফুটি উঠিছে ???
3:33 pm
ধৰিব নোৱাৰিলি যদি অলপ সাৰ্থক হৈছোঁ চাগে
12:05 am
বহুত ভাল লাগিল বা
3:33 pm
ধন্যবাদ দেই
2:44 pm
সুন্দৰ টুইষ্ট, বঢ়িয়া লাগিল
3:33 pm
ধন্যবাদ?
3:29 pm
তামাম টুইষ্ট কাবেৰী৷ বঢ়িয়া লাগিল৷
3:34 pm
ধন্যবাদ দাদা৷
5:20 pm
এএ মজাআআ।
3:34 pm
ধন্যবাদ
4:15 pm
শেষলৈকে বৰ চাচপেঞ্চত ৰাখিলে, ধেই????
3:35 pm
ধন্যবাদ দেই
12:17 am
বৰ ভাল লাগিল কাবেৰীবা। ধৰিবই পৰা নাছিলোঁ কি হব পাৰে বুলি! সাংঘাটিক টুইষ্ট।
3:35 pm
ধন্যবাদ নীলাক্ষী?
8:11 am
ভাল লাগিল দেই কাৱেৰী বা ?
3:35 pm
ধন্যবাদ দেই