ফটাঢোল

কেশ মহাপুৰাণ- জয়ন্ত আকাশ বৰ্মন

বন্ধু মোৰ সাংঘাটিক মিতব্যয়ী। জীৱন বীজগণিতৰ চলকসমূহৰ নিখুঁত মান নিমিষতে উলিয়াই দিব পাৰে। গতিকে মই নিৰ্বিবাদে তেখেতক গুৰু মানোঁ। জীৱন বীজগণিতৰ দুই চলক x আৰু y ৰ মান উলিয়াব খুজিলে কেতিয়াও মোৰ দুইটা মান শুদ্ধ নোলায়। x শুদ্ধ ওলালে y ভুল ওলায় আৰু y শুদ্ধ ওলালে xৰ মান ভুল ওলায়। কেতিয়াবা ( মানে প্ৰায়েই) মোৰ  x ৰ মান অপৰিমেয় সংখ্যাত ওলায়। কেতিয়াবা অমানুষিক কৃচ্ছ্ৰসাধনাৰ অন্তত যদি কাচিৎ x, y ৰ মান শুদ্ধ কৈ ওলায়, তেতিয়াই আন এক ৰাশি z ৰ আবিৰ্ভাৱ ঘটি সমস্যাটো ত্ৰৈৰাশিক কৰি পেলায়। যিহেতু চলক ৰাশিৰ মান এটা আনটোৰ ওপৰত নিৰ্ভৰশীল, শেহান্তৰত গৈ জীৱনটোৱেই ভুল হৈ যায়।

এদিন গুৰু মোৰ ওচৰত আহিল। মোক ক’লে – অ’ই, এটা কাম কৰিব লাগিছিল। মানে মোৰ চুলি কটাব লাগিছিল।

‘কাটি ল। ‘- মই ক’লো।

‘নহয়। মানে – কইনা চাবলৈ যাম নহয় কাইলৈ। গতিকে অলপ ভাল চেলুন এখন লাগিছিল। মানে ‘ইম্প্ৰেছন’ৰ কথা আছেতো! গতিকে-

‘এখন আছে শিলপুখুৰীত। যাবি নেকি?’

‘কিমান লয়?’

‘এবাৰ চুলি কটালে সত্তৰ টকা ল’ব। মই কাটিছিলোঁ।’

‘ধূৰ্ ৰ্ ৰ্ !! সত্তৰ টকা? কেনেকৈ কাটে?’

‘তামাম্ চালিয়া কাটে। এবাৰ কাটি চা না। ইম্প্ৰেছনৰ কথা আছে চোন তোৰ।’

‘কথাটো হওঁতে হয়। পিছে চা না পঞ্চাছ টকা মানত কাটি দিব নেকি। আনতটো বিছ টকাহে লয়। তই কোৱাৰ দৰে যদি তামাম কাটে, ত্ৰিছ টকা এক্স্ট্ৰা দিব পাৰি আৰু! এইবাৰ ইম্প্ৰেছনৰ কথা আছেতো।’

‘নিদিব চাগে’।’

‘হ’ব দে। জীৱনত কিছুমান সময়ত টকা সিমান ডাঙৰ বস্তু নহয়। সত্তৰ টকা গ’ল যদি গ’ল আৰু, বন্ধুৱে ক’লে-এতিয়াই যাবি নে? ‘

‘ৰ , মই ওলাই লওঁ। ম’ম’ খুৱাবি নে?’

‘এনেয়ে সত্তৰ টকাৰ বাহ লাগিব আজি। ব’লচোন দেখা যাওক।’

গুৰু বন্ধুক বাইকৰ পিছৰ ছিটত বহুৱাই মই শিলপুখুৰীলৈ ওলালো। দ্বিতীয় মহলাত থকা ***** চেলুনখনলৈ আমি উঠি গ’লো। খটখটি বগাই থাকোঁতে গুৰুৱে সুধিলে-ভাল কাটেতো? সত্তৰ টকাৰ কথা আছে!

চেলুনখন আগতকৈ ধুনীয়া বনাইছে। আগতে কাঁচৰ আবেষ্টনী নাছিল, এতিয়া নতুনকৈ লগাইছে। প্ৰাৰম্ভিকভাৱে গুৰুক সন্তুষ্ট যেন দেখা গ’ল। ৰিছিপ্চনিষ্ট গৰাকীয়ে আমাক বহিব দিলে। মই ক’লো- আজি মই চুলি নকটাওঁ। মোৰ বন্ধু ইহে কটাব। (লগতে যোগ দিলোঁ-অহাকালি ই কইনা চাবলে যাব, গতিকে…)

গুৰুৱে অলপ স্মাৰ্ট বনি অলপ নাৰ্ভাছ কৰি দেখুৱালে। এজনী ছোৱালী আহি গুৰুক চুলি কটাবলে’ গ্লাছ ৰুমৰ ভিতৰলৈ লৈ গ’ল। মোক যাব নিদিলে। বাহিৰত ৰিছিপ্চনতে বহি থাকিলোঁ। গ্লাছৰ মাজেৰে বাহিৰৰ পৰাই দেখিলো ছোৱালীজনীয়ে গুৰুক নি বিশেষ ৰিক্লাইনিং চকীখনত বহালে। (মোকতো ল’ৰাইহে চুলি কাটিছিল তেতিয়া!) ওচৰৰ চকীবোৰত আন বহুতো ক্লায়েন্টে চুলি কটাই আছে। ছোৱালীজনীয়ে গুৰুক প্ৰথম চুলিবোৰ চেম্পু কৰাই দিলে। মোৰ ফালে গুৰুৱে চাই এটা সন্তুষ্টিৰ হাঁহি মাৰিলে- গ্লাছৰ  ভিতৰৰ পৰাই।

ভোক লাগিছিল মোৰ অলপ, কিন্তু চুলি কটাৰ পিছত গুৰুৱেতো মোক ম’ম’ খুৱাবই। মই ৰৈ থাকিলোঁ। এইবাৰ ছোৱালীজনীয়ে বন্ধুক উঠাই আন এখন যান্ত্ৰিক চকীত বহুৱালে। মূৰত এটা এষ্ট্ৰ’নাট টাইপৰ টুপী পিন্ধাই দিলে। লাহে লাহে টুপীটোৱে ধোঁৱা বিকিৰণ কৰিব ধৰিলে। বন্ধুক দেখি মই ভাবিলো-সি নীল আৰ্মষ্ট্ৰং। অলপ পিছতেই মধ্যাকৰ্ষণৰ পৰা মুক্ত হ’ব। এইবাৰ ছোৱালীজনীয়ে বন্ধুক নি এষ্ট্ৰ’নাট টুপী খুলি আকৌ আগৰ চকীত বহুৱাই কেঁচি উলিয়াই ল’লে। বন্ধুৱে মোৰ পৰম সন্তোষেৰে সহযোগ কৰি আছে। হঠাৎ ৰিছিপ্চনিষ্টজনীৰ মাতত মই চন্দ্ৰপৃষ্ঠৰ পৰা নামি আহিলো- ‘চাৰ, আপুনিও নহ’লে চুলি কাটি ল’ব পাৰে। পূজা উপলক্ষে আমাৰ ইয়াত বিশেষ ৰেহাই চলি আছে। দুই হাজাৰ টকাৰ পৰাই পেকেজবোৰ ষ্টাৰ্ট্ হৈছে-পূজা অ’ফাৰ । ‘

“হম্ম্…”-মই ক’লো।

‘আৰু স্পেছিয়েল পেকেজ উইথ ৰুট ট্ৰিটমেন্ট ষ্টাৰ্টিং পেক অ’ন্লি তিনি হাজাৰ পাঁচশ টকা।’

‘হা’-মই ক’লো।

‘এই যে আপোনাৰ বন্ধুৱে কৰি আছে স্পেছিয়েল ব্ৰাইডগ্ৰুম পেকেজ, দ্যাট্ছ অ’নলী ফ’ৰ থ্ৰী থাওজেণ্ড (তিনি হাজাৰ )।’-তাই ক’লে।

‘ক্ক্ক্কি??????????’- মই ক’লো। তাই মোক প্ৰাইচ লিষ্টখন উলিয়াই দেখুৱালে।

মই ভাবিলোঁ-পলাওঁ নে তাক কওঁ? মই ভাবিলোঁ ইয়াৰ পৰা অকলে দৌৰো নে গুৰুকো টানি লৈ যাওঁ!!!!???!!!
মই ইম্মিডিয়েট্লি তাক ফ’ন লগালোঁ। সিটো বিনদাছ্ চকু মুদি চুলি কটাই আছে। ফ’নটো ৰিং হ’ল। সি নুঠায়। সি মোৰ ফালে চাই হাঁহি এটা দিলে। এইফালে মই কি কৰোঁ কি নকৰোঁ লাগিল। মই হাতেৰে ইংগিত কৰি তাক ফ’ন উঠাব কৈ আকৌ ফ’ন কৰিলোঁ। সি নুঠালে আৰু চাইলেন্ট্ কৰি দিলে। মোৰ ফালে চাই সি কৃত্ৰিম খং দেখুৱালে। যেন- কি জোকাই থাকনো তই! হ’লেই বাৰু ছোৱালী!! সত্তৰ টকা দি পিছত এদিন তয়ো কটাই ল’বি আকৌ! -এনেকুৱা ভাৱ। শেষত উপায়বিহীন হৈ মই গ্লাছৰ দুৱাৰখন খুলি তাৰ ওচৰলৈ লৰি গ’লো। ৰিছিপ্চনিষ্টজনীয়ে চিঞৰিলে – ন’ শ্বুছ ইনচাইড, প্লিজ চাৰ। সকলোকে ঠেলি মই তাৰ ওচৰত থিয় হ’লো। তাক কাণৰ কাষত ক’লো-স্পেছিয়েল ব্ৰাইডগ্ৰুম পেকেজ, তিনি হাজাৰ টকা, আগতে নাছিল, নাজানিছিলোঁ।.. ইত্যাদি ইত্যাদি। মোৰ চকুত ‘পাৱে পৰি হৰি’ অনুনয়।!

‘ক্কি….’- পাৰ্লাৰখনৰ আটাইবোৰ ধাতৱ পাত্ৰই প্ৰতিধ্বনি তুলিলে-ক্ক্কি, ক্কি, কি, ই…..!!!!?!!! ওচৰৰ সকলোৱে চক্ খাই আমাৰ ফালে ঘুৰি চালে।

গুৰু একেজাপে বহাৰ পৰা থিয় দিলে। গাত মেৰিয়াই দিয়া ক’লা কাপোৰখন মহাজাগতিকভাবে উৰি উঠিল।

তাক দেখি মোৰ-১) আক্ৰমণ- উদ্যত বেট্ ম্যান জন (বাদুলিমানৱ) যেন লাগিল।!

                    ২) শক্তিমান ছিৰিয়েলখনৰ ‘অন্ধেৰা কায়েম ৰহে’ৰ  ‘তমৰাজ কিলবিছ’ জন যেন লাগিল।

                    ৩) ভ্ৰাম্যমাণ থিয়েটাৰৰ গীতিনাচ নাটিকাৰ মাজত হঠাৎ উদ্ভৱ হোৱা ক’লা কাপোৰ পিন্ধা
ৰণোন্মাদ দৈত্যজন…..

                       যেন লাগিল।

মই ক’লো-মা কচম দোষ্ট মই জনা নাছিলোঁ। প্লিজজজজজজজ….!!!

###

মই গম পোৱা নাছিলো,- কেইমাহমান আগতে হেনো চেলুনখন ‘ল’ৰিয়েল’ (L’Oréal) ব্ৰাণ্ডৰ অন্তৰ্ভুক্ত হৈছিল। সিদিনা তাৰ পৰা আমাক উঠি আহিব দিয়া নাছিল , যিহেতু পেকেজ ইতিমধ্যে ষ্টাৰ্ট হৈ গৈছিল। মোৰ পৰা এশ আৰু তাৰ লগত থকা সাত শ -মুঠ আঠ শ টকা দি আমি তাতেই চুলি কটা বন্ধ কৰি নামি আহিছিলোঁ। আহোঁতে গুৰুক বাইকৰ পিছত বহুৱাই আনিব ভয় খাইছিলো, কি ঠিক, পিছফালৰ পৰা যদি সি পিঠিত ‘ইম্প্ৰেছন’ বহাই দিয়ে !!! মোৰ পইছাৰেই তাক এটা ক’কা ক’লা খুৱাইছিলোঁ, বি. বৰুৱা কলেজৰ আগত। বি.বৰুৱা কলেজৰ আগত থকা ‘সঁচা’ চেলুনখনত সোমাই সি ‘সঁচাকে’ চুলি কাটিলে। মই চেলুনখনৰ  ইপাৰ-সিপাৰ সজাই থোৱা আয়নাবোৰত মোৰ গুৰুৰ মুখৰ  সহস্ৰ সমীকৰণবোৰ চাই থাকিলোঁ।

☆ ★ ☆ ★ ☆

4 Comments

  • দীক্ষিতা

    ৮০০ টকীয়া চুলিৰ কাট দিয়াই বিয়াত আপোনাৰ দায়িত্বও বিশেষ পৰিছে চাগৈ ?

    Reply
  • বাগ্মিতা

    হাঃ হাঃ !মজ্জা লাগিল পঢ়ি।

    Reply
  • Bandita jain

    বঢ়িয়া ।??

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    মজা লাগিল পঢ়ি৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *