পাঁচ বছৰৰ পাছত – ঈশান জ্যোতি বৰা
: ফটা দহটকীয়া নোট এখন মোৰ হাততে বহুদিনৰে পৰা আছিল৷ কোনেও নলয়, বোলো-থাকক মোৰ হাততে৷ পৰহি জুনুকাই নোটখন দেখি মোৰ পৰা সাউতকৈ লৈ গ’ল আৰু চাৰিআলিৰ দোকানৰ পৰা তাৰে ৰচগোল্লা দুটা লৈ আহিলেগৈ নহয়৷ ফটা নোটখন সি কেনেকৈনো চলালে-নাজানো আৰু!
: ৱাহ! এইবোৰহে ল’ৰা-ছোৱালী! মোৰ হাততো দুখনমান ফটা নোট আছে৷ তাকে দিব লাগিব ৰ’ব৷
: দিব, দিব৷ ৰচগোলাকেইটা খাই ইমান যে ভাল লাগিল, বুইছেনে বৰুৱানী! একে ৰসে জুৰুলি-জুপুৰি৷
: আমাৰ আকৌ বুৰ্বকটোৱে দোকানিয়ে ভুলতে দিয়া পঞ্চাছ টকাটো ওভতাইহে দিলে৷
: হাঃ হাঃ হাঃ! নিমাখিত ল’ৰা যে৷ দেশ-দুনীয়াৰ মতিগতি বুজা হোৱা নাই৷
: বাৰু, চাহ ঠাণ্ডা হ’ব এতিয়া৷ লাৰুটো ঘৰতে বনাইছোঁ৷ ভাল হৈছেনে?
গিৰিজা বৰুৱা আৰু চুবুৰীয়া ৰাধামতী ফুকনৰ নিৰ্মেদ বিশ্লেষণ ইমানতে অন্ত পৰিল আৰু চাহপৰ্বৰ মেদযুক্ত বাৰ্তালাপ আৰম্ভ হ’ল৷ আনহাতে কলৰ পাৰত হাত-ভৰি তিয়াই থকা ‘হেবাং ল’ৰা’ বৃন্দাবন, যাৰ মন-মস্তিষ্কত উপৰিউক্ত মনোজ্ঞ বিশ্লেষণৰ একো একোটা বাণী ইতিমধ্যেই শিলত অঁকা ৰেখাৰ দৰে অংকিত হৈ গৈছে-সেইজন বৃন্দাবনেও ভৱিষ্যতৰ কৰ্মনীতি সম্বন্ধে অনেক সিদ্ধান্তই চিধাচিধিকৈ লৈ পেলালে আৰু এক গভীৰ ভাৱনাত মত্ত হৈ, জড়পদাৰ্থৰ দৰে কিছুপৰ কলটোৰ পাৰতে থিয় হৈ ৰ’ল৷ দুৰ্দান্ত মহকেইটামানে যে তলফালৰ পৰা বগুৱা বাই আহিছে, সি গম নাপালে৷
সেই ঘটনাৰ ঠিক পাঁচ বছৰৰ পাছত৷
নগৰৰ মাজমজিয়াতে থকা চৰকাৰী মহাবিদ্যালয়ত নৱাগত আদৰণি সভা৷ এতিয়ালৈকে হোৱা নাই, হ’বহে অহা সপ্তাহত৷ মহাবিদ্যালয়ৰ সাংস্কৃতিক সম্পাদক বৃন্দাবন বৰুৱা৷ গতিকে নৱাগতক গাখীৰচাহ-চিংৰা খুউৱাৰ পৰা আৰম্ভ কৰি মুখ্য অতিথিবৃন্দক এখনি ফুলাম গামোচা আৰু শৰাইৰে আদৰালৈকে, সকলোতে সবল স্থিতি বৰুৱাৰ৷ তেওঁক নিয়ন্ত্ৰণ কৰিছে অধ্যাপক তালুকদাৰে৷ তালুকদাৰ হৈছে ভব্য-গব্য, আটকধুনীয়া সাজসজ্জা পৰিহিত এজন উচ্চপৰ্যায়ৰ সংস্কৃতিবান মানুহ৷ পিচে কথাটো হ’ল, সু-সংস্কৃতিবান অধ্যাপক তালুকদাৰে যোৱা দুদিন ধৰি সাংস্কৃতিক সম্পাদক বৰুৱাক মাত-বোল কৰা নাই৷ কাৰণটো বৰুৱাই নাজানে৷ কিন্তু জানিবলৈ তীব্ৰ হেঁপাহ৷ সেয়ে আজি জাপি কিনিবলৈ লগটো মিলিলতেই সুধিলে,
: ছাৰ, কি হ’ল! আপুনি যে মোৰ লগত মাত-বোল কৰা নাই!
: তোমাক মই বেয়া পাইছোঁ৷
তালুকদাৰে ন-দৰাৰ দৰে ওফোন্দ পাতি ধৰিলে৷
: জাপি-চাপি গুলি মাৰাহে৷
তালুকদাৰৰ খঙেই উঠিল হ’বলা৷
: নহয়, ছাৰ কি হৈছে কওক৷
: পৰহি তুমি, বিকাশ আৰু অম্লানে বজাৰ কৰি সৌদামিনী ধাবাত সোমালা আৰু ৰাতি ন বজালৈকে পাৰ্টি কৰিলা৷ মোকতো তোমালোকে পাত্তাই নিদিলা৷
: অ’ ছাৰে মানে সেইটো কথাত বেয়া পাইছে! নহয় মানে ছাৰ, আপুনি ছিনিয়ৰ মানুহ যে, বেয়া লাগে আৰু!
: কিহৰ ছিনিয়ৰহে! ডিপাৰ্টমেণ্টত মোৰ দৰে চুলিত ৰং নসনা হেণ্ডছাম মানুহ কেইটা দেখিছা!
: হ’ব বাৰু ছাৰ৷ এতিয়া খং নকৰিব৷ কাইলৈ আকৌ বজাৰলৈ যাম নহয়৷
: কিমান লিখিম ছাৰ? পঞ্চাছটা জাপিত পাঁচহাজাৰ টকা হৈছে৷
জাপিকেইটা মোনা দুটাত ভৰাই-মেলি দোকানিয়ে ছাৰলৈ চায়৷
: ছাৰক কিয় সুধিছে? আঠ হাজাৰৰ বিল এখন বনাই দিয়ক৷
বৃন্দাবনে দোকানিক ধমক এটা দি পকেটৰ পৰা পইছা উলিয়ায়৷ সিপিনে তালুকদাৰৰ মুখত উৎফুল্লতা আৰু চকুত চঞ্চলতাৰ অকৃত্ৰিম বুৰ্বুৰ্ণি দৃশ্যমান হয়৷
সেই ঘটনাৰ ঠিক পাঁচ বছৰৰ পাছত৷
জলসম্পদ বিভাগৰ কনিষ্ঠ অভিযন্তাৰ লিখিত পৰীক্ষাত বৃন্দাবন বৰুৱাই বিফলতাৰে দহটা নম্বৰ লাভ কৰিলে৷ অথচ মুখত নাই কোনো ক্লান্তি কিম্বা ভাগৰৰ চিন৷ নাই তিলমানো অনুশোচনা অথবা আত্মগ্লানিৰ অনুভূতি৷ নাইতো নাই, অনুত্তীৰ্ণ হোৱাৰ সামান্যতম বেদনাও নাই৷ ভীষণ গুৰুত্বপূৰ্ণ কথা, মাত্ৰ দহটা নম্বৰ লাভ কৰিয়েই বৃন্দাবনে এমাহৰ পাছত মৌখিক পৰীক্ষাত বহিবলৈ অনুমতি পালে৷ কেনেকৈ পালে-সেইটো এক ডাঙৰ ৰহস্য৷ চাৰ্লক হোমছেও বোধহয় এই ৰহস্যক বলে নোৱাৰিব৷
: ছাৰ, সোমাব পাৰোঁনে?
বতাহপ্ৰেমী ছাৰৰ কৌতূহল শুনি নাচপতিখাওঁতা আৰু মাখিচাওঁতাই নিজ নিজ কৰ্মৰ পৰা মূৰ তুলি কেণ্ডিডেটলৈ চায়৷
: হয়৷ হয়৷ তেওঁ আমাৰ দেউতাৰ লগত একেলগে পঢ়া৷
বৃন্দাবনে পেছাদাৰী অফিচাৰৰ দৰে উত্তৰটো দিয়ে৷
: ভাল বাৰু, কোৱাচোন৷ অসমৰ মাটিকালি কিমান?
মাখিচাওঁতাই প্ৰশ্ন সোধে৷
: ছাৰ, কালি বিয়া এখন খাবলৈ গৈছিলোঁ৷ পঢ়ায়েই নহ’ল৷ দহ-বিশ কিলোমিটাৰমান হ’ব চাগে৷
বৃন্দাবনে ক্ষণিক মূৰটো খজুৱাই উত্তৰটো দিয়ে৷
: কাৰ বিয়া?
প্ৰশ্নকৰ্তাক বিয়াৰ কৌতূহলটোৱে আমনি দিয়ে৷
: ছাৰ ভুৱন ছাৰৰ মাহীয়েকৰ জীয়েকৰ৷
বৃন্দাবনে হাত-ভৰি মেলি অলপ ‘ৰিলেক্সড্’ হয়৷
: অ’, তাইৰ বিয়া হ’লেইনে! বৰ ডাঙৰ হ’ল দেই৷
নাচপতিখাওঁতাৰো ভুৱনছাৰৰ লগত ঘনিষ্ঠতা৷
: হয় ছাৰ৷ আমি খুব হাল্লা কৰিলোঁ কালি৷
: ভালেই কৰিছা৷ এতিয়াই হাল্লা নকৰি কেতিয়া কৰিবা?
: হয় ছাৰ৷
: বাৰু৷ যোৱা এতিয়া৷
প্ৰশ্নোত্তৰ ইমানতে অন্ত পৰিল৷ ধন্যবাদ জনাই বৃন্দাবন কোঠাৰ পৰা ওলাই যায়৷
: ল’ৰাটো ভাল ন?
নাচপতিখাওঁতাৰ চকুত আনন্দৰ চিন৷
: অঁ, কথা বৰ কম কয়৷
মাখিচাওঁতাৰ চকুত আৱিষ্কাৰৰ চিন৷
: বৰ সামাজিক৷
বতাহপ্ৰেমীৰ চকুত বিশ্লেষণধৰ্মিতাৰ চিন৷
: হেৰি, অসমৰ মাটিকালি কিমান হে!
হঠাতে মাখিচাওঁতাই সোধে৷ তেওঁ স্মৃতিশক্তি বৰ এটা সবল নহয়৷ কিন্তু নাচপতিখাওঁতাৰ ভাল৷ সেয়ে তেওঁ তপৰাই কয়,
: ডেৰ কোটি৷
কিন্তু আচৰিতধৰণে, বতাহপ্ৰেমীৰ স্মৃতিশক্তি তেওঁতকৈও প্ৰখৰ৷ সেয়ে তেওঁ তথ্যৰ আঁৰৰ বিভ্ৰান্তি আঁতৰাই কয়,
: নহয়৷ সেইটো অসমৰ জনসংখ্যাহে৷
সাক্ষাৎকাৰৰ ঠিক পাঁচ বছৰৰ পাছত৷
: তোমালোকৰ ভালেই হ’ল আৰু৷ ভিনদেউৰ ধেৰ বাহিৰা টকা আছে৷ যি বিচাৰা, তাকেই পাবা৷
: বুজিছেনে বৰুৱানী৷ এনেকুৱা ল’ৰা পাবলৈ ভাগ্য লাগিব৷ আমাৰ শকুন্তলাৰ কপালহে বুলিছোঁ আৰু৷
: তাকেইহে পায়৷ গোটেই জীৱনটো এতিয়া বহি-বহি খাব পাৰিব৷
গিৰিজা বৰুৱা আৰু মাণিক বৰুৱাৰ সু-পুত্ৰ বৃন্দাবন বৰুৱাৰ শুভবিবাহৰ দিন যোৱা মাহত ধাৰ্য হৈ গ’ল৷ বিয়া অহা অক্টোবৰ মাহৰ পাঁচ তাৰিখে৷ বতৰটোও নাতিশীতোষ্ণ৷ তেনেকুৱা বতৰত বোলে মাছৰ টেঙা আৰু মঙহৰ জ্বলা হজম কৰিব পৰাকৈ ৰাইজৰ পেটবোৰ সক্ষম আৰু শক্তিশালী হৈ থাকে৷ এক পেট-এক পেট ভক্ষণ কৰি ঘনাই গেছৰ টেবলেট খোৱাৰ প্ৰৱণতাটোৱে সাৰ পাই নুঠে৷ বিয়াখনৰ লগত জড়িত তেনেজাতীয় সূক্ষ্মবোধসম্পন্ন দিশবোৰৰ ওপৰতে গোটাচেৰেক চিন্তাকণা ছটিওৱাৰ মানসেৰে আজি গিৰিজা বৰুৱাৰ ঘৰত এখনি অনানুষ্ঠানিক চাহ-মেলৰ আয়োজন চলিছে৷ কইনাৰ ঘৰৰ পৰা প্ৰতিনিধি হিচাপে মাক, মাহীয়েক আৰু খুৰায়েকৰ পৰিয়ালটো আহিছে৷
: বাইদেউ, আমি কি ভাবিছোঁ জানেনে?
প্লেটত থকা মধ্যমীয়া ওজনৰ কাজু বৰ্ফিটো আলফুলেৰে হাতলৈ তুলি মাহীয়েকে দৰাৰ মাকলৈ চায়৷
: কোৱাচোন তৰু৷
: মানে বাইদেউ৷ দৰাই যিহেতু জলসম্পদ বিভাগত চাকৰি কৰে, আৰু বাহিৰা টকাও আছে ধেৰ৷ সেইগতিকে আমি বিয়া খাবলৈ অহা প্ৰতিগৰাকী অতিথিকে গিলাচত পানী দিয়াৰ সলনি একোটা মিনাৰেল ৱাটাৰৰ বটল উপহাৰস্বৰূপে দিম বুলি ভাবিছোঁ৷ এক লিটাৰৰ বটল৷ মানে একেবাৰেই দি দিম আৰু৷ যাতে বিয়াত থকা সময়খিনিত পিয়াহ লাগিলে তাৰে অকণ খাই পিয়াহটো মাৰিব পাৰে আৰু খালী বটলটো পাছত ঘৰলৈও লৈ যাব পাৰে৷ মানে এক গুলিত দুটা চিকাৰ হ’ব৷ কেনে দেখিছে? এটা নতুন কালচাৰ৷
: বৰ বঢ়িয়া কথা হ’ব৷
বৰুৱানীয়ে বৰ ৰং পায়৷ পিছমুহূৰ্ততে কাৰোবালৈ মনত পেলাই কয়,
: পানীৰ বটলৰ কনট্ৰেক্টটো আমাৰ বিপুলকে দি দিব পৰা যাব৷ তাৰ কামবোৰ ভাল৷
: পাৰে, পাৰে৷ বাৰু, হেৰি নহয়৷ এতিয়া বিয়া হ’বলৈতো ভালেমান দিন আছে৷ গতিকে ইহঁত দুয়োটাই অকণ ওলাই-সোমাই ফুৰক৷ অলপ চা-চিনাকি হওক৷ নে কি কয়?
: ভাল কথাটো ক’লে দিয়ক৷
বৰুৱানীয়ে তীব্ৰ অসন্তোষ প্ৰকাশ কৰি কয়,
: আমাৰ ইয়াক দুদিনমান ঘৰত দেখাই নাই৷ বানপানী আহিছে কাৰণে মথাউৰি সজাত লাগিছে৷ বিৰাট ব্যস্ত৷
: সেই ৰহদৈগুৰিৰ মথাউৰিটো নেকি? শুনিছোঁ ষাঠি কোটি টকা আহিছে বোলে৷
খুৰায়েকে নিয়মীয়াকৈ বাতৰি কাকত পঢ়ে৷ গতিকে ক’লৈ কিমান টকা আহিছে, সকলো খবৰ তেওঁৰ জিভাৰ আগত৷
: অঁ, সেইটোৱেই৷ মন্ত্ৰীৰ ঘোষণাটো টিভিত শুনাৰ লগেলগেই সি কি কৈছে জানে, বোলে, ‘মা বিয়ালৈ এতিয়া আৰু টেনছন নাই দে৷
: শুনি বৰ সন্তোষ পালোঁ দিয়ক৷ আমাৰ ভাগিনটোকো সুমুৱাই দিব পাৰে নেকি চাবচোন৷
সুবিধাটো বুজি খুৰায়েকে ভাগিন জিণ্টুলৈ মনত পেলায়৷
: তাকেহে৷ এনেকৈ বাহিৰা টকা আহি থাকিলে আমি টেনছন নলওঁ আৰু৷
খুৰীয়েকে স্বস্তিৰ নিশ্বাস এৰে৷
শুভবিবাহৰ ঠিক তিনিটা ‘পাঁচ বছৰ’ৰ পাছত৷
“বৃন্দাবন বৰুৱা জিন্দাবাদ৷”
ৰঙা, বেঙুনীয়া, হালধীয়া আদি বিভিন্ন ৰঙৰ ফুলৰ মালাৰে সজ্জিত এখন বহুৰঙী জিপচি ন-কইনাৰ খোজেৰে উপায়ুক্তৰ কাৰ্যালয়ৰ দিশে আহি আছে৷ আগে-পিছে, সোঁৱে-বাঁৱে, ওপৰে-তলে অজস্ৰ জনতা৷ একধৰণৰ হৰ্ষোল্লাস, কোৰ্হালত নিমজ্জিত হৈ থকা এওঁলোক হৈছে চহৰৰ অভিভূত আৰু আনন্দিত জনতা৷ আশা, হেঁপাহ, সপোনৰ লগত তেওঁলোকৰ দুৰ্ঘোৰ মিতিৰালি৷ আনহাতে জিপচিত নমস্কাৰ জনোৱা মুদ্ৰাত তেওঁলোকৰ ভৰষাৰ নেতা বৃন্দাবন বৰুৱা৷ যাৰ ওচৰত আছে এই সপোন, হেঁপাহ আৰু আশাবোৰ পূৰণ কৰাৰ সুতীক্ষ্ণ একোপাত ব্ৰহ্মাস্ত্ৰ৷ আগন্তুক বিধানসভাৰ নিৰ্বাচনত তেওঁ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈছে৷ আজি তেওঁৰ মনোনয়ন দাখিল কৰাৰ পাল৷
: ৰাইজ৷
উপায়ুক্তৰ কাৰ্যালয়ৰ সমুখতে জিপচিখন ৰয়৷ সমদলটোৰো চিঞৰি-বাখৰি অণ্ঠ-কণ্ঠ শুকাই গৈছে৷ দুজনমানে শীতল পানীয় খাবলৈ কাষৰ দোকানবোৰত সোমায়৷ বাকীসকলে বৃন্দাবন বৰুৱাৰ মেলা মুখখনলৈ ৰ’ লাগি চায়৷ দাদাই এতিয়া ভাষণ দিব৷
জনতাৰ মাজৰ পৰা এগৰাকীয়ে আন এগৰাকীক কয়৷
: শুনিছোঁ তেখেত বোলে জলসম্পদ বিভাগৰে ইঞ্জিনিয়াৰ আছিলে৷ গতিকে বানপানীৰ তলানলা তেওঁ নিশ্চয় জানে৷
সিগৰাকীয়ে মন্তব্য দিয়ে৷
: একদম খাটাং৷
“বৃন্দাবন বৰুৱা জিন্দাবাদ৷ জিন্দাবাদ৷”
বৃন্দাবন বৰুৱাৰ প্ৰতিশ্ৰুতিয়ে ৰাইজক পুনৰ এবাৰ আশ্বস্ত কৰে৷ তেওঁলোকে যিকোনো প্ৰকাৰেই এইগৰাকী নেতাক হেৰুৱাব নিবিচাৰে৷ বৰুৱাৰ দৰে তেওঁলোকেও মনে মনে একোটা সংকল্প লয়৷ তেওঁলোকে ভোট দিব৷
বৃন্দাবন বৰুৱা নিৰ্বাচনত জিকে৷ পৰৱৰ্তী মাহটোত তেওঁ শাসকীয় দলৰ লগত চামিল হয়৷ পৰৱৰ্তী বছৰটোত তেওঁ ৰাজ্যৰ জলসম্পদ মন্ত্ৰীৰূপে শপত লয়৷ মন্ত্ৰী হোৱাৰ দিনাখন৷ ৰাতি৷ টিভিৰ পৰ্দাত এটি ৰাজনৈতিক সাক্ষাৎকাৰ সম্প্ৰচাৰিত হয়৷
: বানপানীৰ সমস্যা অসমৰ এটি জ্বলন্ত সমস্যা৷ আমি অতি সোনকালেই এই সমস্যাৰ পৰা ৰাইজক মুক্ত কৰিবলৈ চেষ্টা চলাম৷ ইতিমধ্যেই কেন্দ্ৰীয় চৰকাৰৰ লগত আমাৰ আলোচনা আৰম্ভ হৈ গৈছে৷ তেওঁলোকেও আমাৰ সমস্যাটোক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ ইংগিত দিছে৷ আমি আশাবাদী৷
: পাপ্পা, এইবাৰৰ পৰা মানে আছামত আৰু ফ্লাড নহয় ন!
টিভিৰ পৰ্দাত পিতৃৰ প্ৰতিশ্ৰুতিভৰা আশ্বাস শুনি থকা জীয়েকৰ কৌতূহলোদ্দীপক প্ৰশ্ন৷
: হেৰি, আজি আমাৰ এই কি কৰিলে দেখিছা!
: কি কৰিলেনো?
জীয়েকৰ ৰাজনৈতিক প্ৰশ্নটো তল পৰিল৷ তাৰ ঠাইত নতুন এটা বিতৰ্ক আৰম্ভ হ’ল৷
: স্কুলত আজি ফ্লাড-ৰিলিফৰ কাৰণে ষ্টুডেণ্টৰ পৰা কাপোৰ, খোৱাবস্তু বিচাৰিছিল৷ তাই সেইদিনা মই ধুই থোৱা কাপোৰযোৰ উলিয়াই স্কুলত দি থৈ আহিছে৷ আৰু কি কৰিলে গম পাইছানে নাই? কেণ্টিনৰ ল’ৰাটোৱে ভুলতে দহ টকাৰ ঠাইত এশ টকা এটা দিলে৷ তাই বেঙীয়ে আকৌ ওভতাইহে দিলে৷ সিপিনে মোৰ ভণ্টিৰ ল’ৰাটো ইমান স্মাৰ্ট৷ কালি বোলে ফটা নোট এখন দিয়েই স্কুলত ৰ’ল খাই আহিল৷
দীঘলীয়া অভিযোগনামা দাখিল কৰি মাক শকুন্তলাই বৃন্দাবন বৰুৱালৈ চায়৷
: দেখিছানে বাৰু!
বৃন্দাবন বৰুৱাই আশ্বৰ্য প্ৰকাশ কৰি কয়৷
: মাজনী, ইমান বেঙা হ’লে নচলিব দেই আজিৰ যুগত৷ অলপ স্মাৰ্ট হ’ব লাগিব৷
জীয়েকে নিজৰ ভুল উপলব্ধি কৰি মূৰ তল কৰে৷
আনহাতে বহুবছৰ আগতেই শিকি থোৱা স্মাৰ্টনেছৰ সংজ্ঞাটোলৈ বৃন্দাবন বৰুৱাৰ আজি আকৌ মনত পৰে৷ জীয়েককো তেওঁ নিজৰ দৰেই স্মাৰ্ট কৰি তুলিব৷ বৰুৱাই মনে মনে সংকল্প লয়৷ এইটো সংকল্প পিছে বেলেগধৰণৰ৷ ৰাজ্যৰ বানসমস্যা সমাধান কৰাৰ সংকল্পটোৰ লগত নিমিলে৷
10:38 am
সুন্দৰ বঢ়িয়া লাগিল দেই ???
11:17 am
আজিৰ সমাজত প্ৰতিচ্ছবি। ভাল লাগিল
11:29 am
খুব ভাল লাগিল পঢ়ি।
11:33 am
বঢ়িয়া
11:52 am
ভাল লাগিল পঢ়ি
12:33 pm
Moja
2:01 pm
স্মাৰ্ট লেখা৷ বিৰাট ভাল পালো৷
2:27 pm
এই সংখ্যাৰ ওৱান অৱ দ্য বেষ্ট।
সাংঘাতিক লিখা হে ঈশান
5:48 am
ভাল লাগিল
8:03 am
সকলোকে অশেষ ধন্যবাদ।
8:57 pm
ৱাহ! উচ্চ ব্যংগ৷ বিৰাট ভাল লাগিল
10:07 pm
ইশান। কি কম মই, তোমাৰ ব্যংগৰ টেকনিক অনন্য, আৰু যিটো মেচেজ দিব খোজা, পাঠকৰ হাড়ে হিমজুৱে সোমাই যায়, আৰু ১০০% উপভোগ্য হয়। মোৰ মতে ফৰমেটত অলপ কাম কৰিব লগা আছে।
তোমাৰ মাজত অসমৰ এজন অন্যতম শ্ৰেষ্ঠ ব্যংগ লিখক লুকাই আছে, আজিলৈকে আমি যিখিনি দেখিছো, ভাল বুলিছো,
সেইখিনি Just the tip of the iceberg.
God bless u
3:51 pm
বঢ়িয়া
3:16 pm
বঢ়িয়া লাগিল ।