ফটাঢোল

প্ৰেমৰ নামত ব্লকত চাকৰি-বৰ্ণালী মূদৈ

গার্লফ্রেণ্ডে হঠাৎ ফোন কৰি ৰাজ্যৰ সমস্ত খং মোৰ ওপৰতে জাৰিবলৈ লাগিল, “এতিয়াই ৰিলেচনশ্বিপ ষ্টেটাচ দে ঔ, ন’হলে তোৰ লগত মোৰ ব্রেকাপ।”

ফেঁটি সাপৰ দৰে ফোঁচফোঁচাই থকা শব্দ শুনি মুহূর্ততেই ভিজা মেকুৰীটোৰ দৰে হৈ পৰিলোঁ। মই মিহি কৈ ক’লোঁ, “কিন্তু দেহা, মোৰ দে’তাওটো ফেচবুকত এড আছে। দে’তাই দেখিলে মাক কৈ মোক ঝাড়ুৰে পিতন খুৱাব চিঅৰ।”

গার্লফ্রেণ্ডে ডিঙিত বজ্রধ্বনি চেট কৰি উত্তৰ দিলে, “মোৰ আইডিত মোৰ দে’তাও  এড আছে! সমস্যা কি? তই এতিয়াই ৰিলেচনশ্বিপ ষ্টেটাচ দিবি নে মই ব্রেকাপ বুটাম টিপি দিম, ক জলদি।”

প্রেমিকাৰ “থ্রেট টু ব্রেকাপ” শুনি বাঘৰ দৌৰ খোৱা হৰিণাৰ দৰে কঁপি কঁপি ৰিলেচনশ্বিপ ষ্টেটাচ দিলোঁ।

জোনাক in a relationship with নিলিমা….

দুই মিনিট হওঁ নহওঁতেই মোৰ দে’তাৰ কমেণ্ট, নটিফিকেছন দেখি ৬.৮ প্ৰাবল্যৰ শক্তিশালী ভূমিকম্পৰ কঁপনি অনুভৱ কৰিব ধৰিলোঁ সৰ্ব শৰীৰত।

শুদ্ধ উচ্চাৰণ কৰি হনুমান চালিচাখন মাতি  ভয়ে ভয়ে কমেণ্টৰ সুৰঙ্গলৈ সোমাই গ’লোঁ। তাৰপিছত দে’তাৰ কমেণ্ট পঢ়ি মোৰ  হৃদয়খন চাইবেৰিয়াৰ বৰফৰ দৰে শীতল হৈ গ’ল।

দে’তাৰ কমেণ্টটাে আছিল, “শেষবাৰলৈ কেতিয়া কান্দিছিলোঁ মনত পৰা নাই। আজি বহু বছৰৰ পাছত মোৰ চকুত চকুপানী। নহয় এইয়া কোনো কষ্টৰ চকুলো, এইয়া যে সুখৰ চকুলো।……..

তোক লৈ মই আৰু তোৰ মাৰ খুব চিন্তাত আছিলোঁ। বিচাৰি বিচাৰিও তোৰ ৰাহি জোৰা মিলাব পৰা নাছিলোঁ। কোনো ছোৱালীয়েই  তোক পছন্দ নকৰে। আজি তই প্রমাণ কৰি দিলি তই স্বাৱলম্বী, নিজৰ কাম নিজেই কৰিবলৈ শিকিছ।”

দে’তাৰ কমেণ্ট পঢ়ি ইমানেই গর্ব অনুভৱ কৰিছিলোঁ যে পকাত দুই তিনিপাক চুঁচৰিয়েই যেন এভাৰেষ্ট জয় কৰি পেলাইছোঁ। দে’তাৰ কমেণ্টৰ ৰিপ্লাই দিলোঁ, “দে’তা মই সেই বংশৰ ল’ৰা যাৰ ককাই, আইতাক বিয়াৰ মঞ্চৰ পৰা তুলি আনি বিয়া কৰিছে। মোৰ শৰীৰত তেওঁৰ তেজ আছে যি মোৰ ডাইনী আইতাৰ হাতৰ পৰা মাক আনিছে।”

ইয়াৰ পাছত দেখিলোঁ শাহুআইৰ কমেণ্ট! নিমিষতে বুজি গ’লোঁ চিগনেল যেতিয়া আহিছে তেনেহ’লে চেটেলাইট জেগাতেই গৈ পাইছে গৈ।

শাহুআইৰ কমেণ্ট, “ছিঃ নিলিমা, ছিঃ! মোৰ ভাবিবলৈ ঘিণ লাগিছে তই মোৰ ছোৱালী হৈ এই কাম কৰিব পাৰিছ! এইবোৰ কৰিলৈকে তোক মই জন্ম দিছিলোঁ, এই মুখ মই আৰু কাক দেখাম! এতিয়াই তোক ব্লকত চাকৰি দিম।”
শাহুআইৰ কমেণ্ট দেখি ভয়ত কঁপি উঠিলোঁ। মোৰ গার্লফ্ৰেণ্ড যদি ডালে ডালে শাহুৱাইচোন দেখিছোঁ পাতে পাতে।

দেখিলোঁ গাৰ্লফ্ৰেণ্ডে শাহুআইৰ কমেণ্টত এংৰি ৰিয়েক্ট দি কমেণ্টৰ ৰিপ্লাই দিছে, “মা, ভালপোৱা যদি কোনো অপৰাধ হৈ থাকে তেনেহ’লে মই সেই অপৰাধত অপৰাধী। মা জানা, তাৰ গালত যেতিয়া মহে কামোৰে তেতিয়া খজুৱাই মোৰ গাল। আকৌ সি যদি মহ মাৰিবলৈ গালত থাপৰ মাৰে তেতিয়াও মই দুখ পাওঁ।

সি খালে পেট ভৰি যায় মোৰ.. আকৌ তাৰ যদি বমি হয়, পেট খালী হৈ যায় মোৰ। আমাৰ ভালপোৱা সিমানেই গভীৰ হৈ গৈছে মা। প্লিজ, তুমি বাধা হৈ থিয় নিদিবা। তুমি বাধা হৈ থিয় দিলে  কিন্তু তাক হাৰপিক খাবলৈ ক’ম। কাৰণ, সি হাৰপিক খালেই মই মৰি যাম।”

মই কমেণ্ট পঢ়িছোঁ আৰু আৱেগিক হৈ কান্দিছোঁ। মোৰ গার্লফ্রেণ্ডক ব্লক কৰাৰ কথা শুনি মই আৰু ৰৈ থাকিব নোৱাৰি ৰিপ্লাই দিলোঁ, “নিলিমাক ব্লকত চাকৰি দিয়াৰ আগত মোকেই ব্লক কৰক। তাইৰ আইডিক অন্ধকাৰ ঘৰত চকীদাৰ কৰিবলৈ পাঠিওৱাৰ আগত মোৰ আইডিকে অন্ধকাৰ ঘৰলৈ পঠিয়াওক।”

লগে লগে প্রেমিকাৰ ৰিপ্লাই, “না মা, না। তাৰ কোনো দোষ নাই। সি খুব ভাল ল’ৰা, তুমি তাক ব্লক কৰাৰ আগত মোক ব্লক কৰা।”

ইয়াৰ মাজতে মোৰ নটিফিকেছন বৰষুণ পৰাৰ দৰে পৰিবলৈ ধৰিল, সঞ্জীৱ, ৰাগিনী, নিয়ঁৰ আৰু বুলবুল এই চাৰি ভাই ভনীয়ে একেলগে কমেণ্টত লাইকৰ বৰষুণ ঢালি থাকোঁতেই মোৰ শহুৰ দেউতাই কমেণ্ট কৰিছে।

শহুৰৰ কমেণ্ট, “ঔ কী-বর্ডক নিয়ন্ত্রণ কৰি ষ্টেটাচ দে বদমাচ! ফুটপাথত ইমান ছোৱালী থাকোঁতে তই মোৰ ছোৱালীৰ পিছত লাগিছ যে অ অ অ অ ……..!”

মোক থ্রেট দিবলৈ গৈ মোৰ শহুৰৰ “অ অ অ……..” অৱস্থা যে হিন্দী চিনেমাৰ বাপেকবোৰৰ দৰে হৈছে সেইটো আৰু বুজিবলৈ বাকী নাথাকিল।

মই দ্ৰুতগতিৰে ৰিপ্লাই দিলোঁ, “ডাক্তৰ! ডাক্তৰ! এম্বুলেঞ্চ এম্বুলেঞ্চ! এই কোন ক’ত আছা! শহুৰ দে’তাক বছোৱা।”

লগে লগে গার্লফ্রেণ্ডে ৰিপ্লাই দিলে, “দে’তাআআআআআ………. দে’তাআআআআআআ।……..
দে’তা, প্লিজ ৰিপ্লাই দিয়া। তোমাৰ বাবে মই এনে হাজাৰটা বলধ গৰুক ব্লক কৰিব পাৰিম, কিন্তু তোমাৰ অবিহনে জীয়াই থাকিব নোৱাৰোঁ। প্লিজ, দে’তা ৰিপ্লাই দিয়া।”

মই মনে মনে স্বস্তি পালোঁ। মনৰ ভিতৰত বসন্তৰ বা বৈ যাবলৈ ধৰিলে। যি নহওঁক আৰু কোনো বাধা নাই, আপদটোৰ বিদায় হ’ল। এক অদ্ভুত আনন্দৰ ঢৌ খেলিবলৈ ধৰিলে মনৰ ভিতৰত।

কেই ছেকেণ্ডমানৰ পিছত হঠাৎ নটিফিকেছন আহিল, শহুৰৰ ৰিপ্লাই, “নহয় ও মাজনী মোৰ একো হোৱা নাই, এনেই এক্টিং কৰিছিলোঁ। তই এতিয়াই সেই বদমাচটোক ব্লক কৰি দে।”
হুমমম! তাৰপিছৰ পৰা মই ব্লকড্ আৰু বাকীখিনি ইতিহাস।

 ☆ ★ ☆ ★ ☆

13 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *