ফটাঢোল

চেনিৰাম ফটাঢুলীয়াৰ আখ্যান -অসমী গগৈ

কিছুবছৰৰ আগৰ কথা৷
কলেজত নামভৰ্তিৰ সময়ত আমাৰ চেনিৰামৰ পুৱা নবজাৰ পৰা চাৰিবজালৈ কলেজৰ সন্মুখত ডিউটি থাকে সদায়৷ তেনে এটা দিনতে এগৰাকী অতি সুন্দৰী চকুত পৰিল৷ বচ কোনে পায়৷ আঁতিগুৰি উলিওৱাত ওস্তাদ চেনিৰাম লগত এজন লৈ সুন্দৰীৰ ঘৰত হাজিৰ৷ সুন্দৰীয়ে নাম লগোৱা কলেজৰ ছাত্ৰ বুলি পৰিচয় দিয়াত খাতিৰ বাঢ়িল৷ মাক জীয়েকৰ সৈতে কথাৰ পাগ উঠাই থাকোতেই পিতৃৰ প্ৰৱেশ ঘটিল৷ এইবাৰ চেনিৰামে পিতৃৰ তৈলমৰ্দন আৰম্ভ কৰিলে৷
: ছাৰ নমস্কাৰ৷
: নমস্কাৰ তোমালোক?
: আমি ……… কলেজৰ ছাত্ৰ৷
: কিবা কামত আহিলা?
: হয়৷ আপোনাৰ ছোৱালীয়ে ভাল গান গায় বুলি জানো৷ গতিকে ইণ্টাৰ কলেজ কম্পিটিচনত ভাগ ল’বৰ বাবে অনুৰোধ কৰিব আহিলো৷
: তাই নাম লগাইছেহে৷ তাতে চায়েন্স৷ নোৱাৰিব নেকি!
: পাৰিব পাৰিব৷ আমিও চায়েন্স
: হয় নেকি ভাল কথা৷ পিছে চাবজেক্ট কি কি লৈছা?
: পলিটিকেল চায়েন্স হোম চায়েন্স এনভাইৰ’মেণ্টেল চায়েন্স………
সুন্দৰীৰ দেউতাক আজিও বেহুচ৷

★★★★

Leave a Reply

Your email address will not be published. Required fields are marked *