ফটাঢোল

মাই হেড – সদানন্দ দত্ত

জিংকুমণি বৰা ৰতনলালৰ নুমলীয়া পুতেক৷ সি পঢ়াত অতি বেয়া বাবে বাপেকৰ মহা চিন্তা৷ কেনেকৈনো ল’ৰাটোক ভাল শিক্ষা দিব পৰা যায় তাৰেই চিন্তাত ৰাতি টোপনী নাহে৷ নিজে ভালদৰে পঢ়া-শুনা নকৰি ধিতিঙালি কোবাই থাকি ল’ৰালি কাল পঠিয়াই এতিয়া ৰতনলালে পস্তাইছে৷ কোনোৰকম চুচৰি নৱম মান শ্ৰেণীটো পাছ কৰিলে আৰু পঢ়িবলৈ মন নকৰি স্কুল এৰিলে৷ বয়স নৌ হওঁতে বিয়াও পাতিলে৷ সংসাৰ চলাবলৈ টান পাই এতিয়াহে বুজিছে পঢ়া-শুনা কৰাটো কিমান জৰুৰী কাম৷ এতিয়া পুতেকক ইংৰাজী শিকাই ডাঙৰ মানুহ কৰিব পাৰিলেই ৰক্ষা পৰে৷ বিদ্যালয়ত পঞ্চম শ্ৰেণীত নাম লগাই দি ইংৰাজী বিষয়ৰ টিউচনো দিছে৷ বিদ্যালয়ত কি পাঠ পঢ়াইছে আৰু ঘৰত সেই পাঠ ল’ৰাই পঢ়িছেনে নাই ৰতনলালে খবৰ ৰাখে৷
পাঠ্যপুথিত থকা “মাই হেড’ নামৰ ইংৰাজী কবিতাটোৰ শব্দাৰ্থ কৈ কবিতাৰ ভাঙনি কৰি বিদ্যালয়ত শ্ৰেণী শিক্ষকে পঢ়াই দিলে৷ জিংকুমণিয়ে গধুলী আখৰবোৰ জোঁটাই জোঁটাই উচ্চাৰণ কৰি পঢ়ে আৰু লগে লগে অৰ্থও কয়৷ ৰতনলালে পুতেকৰ পঢ়াত মন দি নিজে বাঁহৰ মুঢ়া এটা সজাত লাগিল৷
পুতেকে পঢ়িলে “মাই হেড” মানে চাৰৰ মূৰ৷ বাপেকে কাম কৰা এৰি ল’ৰাটোক আকৌ পঢ়িবলৈ দিলে৷ সি আগতে পঢ়াৰ দৰে পঢ়িলে৷ দেউতাকে বুজাই দিলে যে “মাই হেড” মানে চাৰৰ মূৰ নহয় মোৰ মূৰ, মাই মানে মোৰ আৰু হেড মানে মূৰ অৰ্থাৎ মাই হেড মানে মোৰ মূৰ৷
পিছদিনা বিদ্যালয়ত “মাই হেড” কবিতাৰ অৰ্থ কব’লৈ তাৰ পাল পৰাত সি “মাই হেড” মানে দেউতাৰ মূৰ বুলি অৰ্থ কৰিলে৷ বিদ্যালয়ৰ শিক্ষকে এছাৰি এডালৰে জিংকুৰ মূৰটোত হেঁচা মাৰি দি ক’লে- “মাই হেড মানে মোৰ মূৰ”৷ দেউতাৰৰ মূৰ নহয়৷
জিংকুমণি সমস্যাত পৰিল৷ সি ভাবিবলৈ ধৰিলে যে ঘৰত দেউতাকে কয় “মাই হেড” মানে মোৰ মূৰ অৰ্থাৎ দেউতাকৰ মূৰ৷ বিদ্যালয়ত চাৰে কয় “মাই হেড” মানে মোৰ মূৰ অৰ্থাৎ চাৰৰ মূৰ৷ “মাই হেড মানে তেনেহ’লে ঘৰত দেউতাৰ মূৰ আৰু স্কুলত চাৰৰ মূৰ৷ সেইদৰে বুজি ঘৰলৈ গ’ল৷
গধুলী ঘৰত দেউতাকে ইংৰাজী পাঠবোৰৰ অগ্ৰগতি জানিবলৈ দুই তিনিটা পাঠ পঢ়িবলৈ দিলে৷ শেষত “মাই হেড” কবিতাটো পঢ়ি অৰ্থ ভাঙিবলৈ দিলে৷ জিংকুৱে “মাই হেড”ৰ অৰ্থ ক’লে “মাই হেড মানে স্কুলত চাৰৰ মূৰ আৰু ঘৰত হ’ল দেউতাৰ মূৰ”৷ দেউতাকে তাক তেনেকৈ নহয় বুলি কৈ আকৌ ক’বলৈ ক’লে৷ জিংকুৱে আকৌ জনামতেই কৈ দিলে৷ উত্তৰ শুনি দেউতাকৰ খঙে চুলিৰ আগ পালে৷ এছাৰি এডাল আনি কাণে মূৰে সৰৌপ সৰৌপ কৈ কোবাবলৈ ধৰিলে৷ সি চিঞৰি চিঞৰি কান্দিলে৷ বাপেকে তাৰ মূৰটোত এছাৰি ডালৰে হেচুকি দি ক’লে “গৰু, মাই হেড মানে নাজান, চাৰৰ মূৰ, দেউতাৰৰ মূৰ কৱ৷ গৰু তোৰ নহ’ব৷ তোৰ মূৰটোত কি আছে, গৰুৰ গোৱৰ নে ঘোঁৰাৰ গোৱৰ৷ ঐ গৰু তোৰ মূৰ, তোৰ মূৰ বুজিছ, তোৰ মূৰ”৷ জিংকুৱে ভয়ত ক’বলৈ ধৰিলে “মাই হেড, মানে তোৰ মূৰ, চাৰৰ মূৰ, দেউতাৰ মূৰ”…….

★★★★

Leave a Reply

Your email address will not be published. Required fields are marked *