ফটাঢোল

আপদীয়া পদ্য – ধৰ্মজ্যোতি ভট্টাচাৰ্য

(১)
জনতাৰ চৰকাৰ কাম এশ এবুৰি
ডিজেল, আলুৰো দাম হ’ল চাৰিকুৰি
কৰনীতি, ভূমিনীতি
ক্ষুদ্ৰৰ পেলালে ইতি
চাহৰ লগত মুৰুত মুৰুত চোবোৱা মুৰি।

(২)
হাতী, হাত, পদুমৰ নাই একো ভেদ
ভোট দি জনতাই মনত কৰে খেদ
নিৰ্বাচন আহে যায়
ৰামৰাজ্য হায় হায়
লেমটৌৱে শুকমুনিক পঢ়ায় বেদ।

(৩)
উদয় ভাস্কৰ বৰুৱা নামজ্বলা নেতা
সাহিত্য সংগঠনৰ সভ্য বঁটা বিজেতা
খেলিব ইলেকশ্যন
ভাঙিব গাঁঠিৰ ধন
সকলোতে আগস্থান আঢ্যৱন্তৰ বেটা।

(৪)
ব্ৰেণ্ডেড ছ্যুট চকুত চশমা চলায় ডাষ্টাৰ কাৰ
ধুনীয়া ছোৱালীয়ে তেওঁলৈ কৰে হাহাকাৰ
গণিতৰ প্ৰফেচৰ
ছাত্ৰীলৈ বৰ আদৰ
ভিডিঅ’ আপলোড কৰি হ’ল মাৰ্কেটত পপুলাৰ।

☆ ★ ☆ ★ ☆

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *