ফটাঢোল

বৰ্তমান সময়ত চলি থকা শিক্ষা ব্যৱস্থা আৰু ভৱিষ্যত- অঞ্জলী চুতীয়া শইকীয়া

বৰ্তমান আমি সকলোৱে বিশ্বজুৰি হোৱা এটা মহামাৰীৰ দুৰ্যোগপূৰ্ণ সময় পাৰ কৰি আছোঁঁ৷ গোটেই বিশ্বজুৰি অৰ্থনৈতিক, স্বাস্থ্য, শিক্ষা এই সকলো দিশত সমস্যাৰ সন্মুখীন হৈছে। নিয়মীয়া শিক্ষা প্ৰদান কৰাৰ দিশতো এই মহামাৰী এটা গুৰুত্বপূৰ্ণ সমস্যা হিচাপে দেখা দিছে৷ এই সময়ছোৱাত নিয়মীয়া পাঠদান সম্ভৱপৰ হোৱা নাই৷ গতিকে ছাত্ৰ-ছাত্ৰীসকলে কিদৰে শিক্ষা লাভ কৰিছে এই বিষ‌য়টো এটা চিন্তনীয় হৈছে।

অনুষ্ঠানিক শিক্ষা ব্যৱস্থাটো প্ৰাথমিক পৰ্যায়ৰ পৰা বিশ্ববিদ্যালয়ৰ পয্যায়লৈকে ধৰা হয়। বৰ্তমান সময়ত অনলাইন শিক্ষা ব্যৱস্থাটোৰ যোগেদি সকলো পয্যায়ৰ ছাত্ৰ-ছাত্ৰীক শিক্ষা প্ৰদান কৰিবলৈ বিচৰা হৈছে আৰু কৰা হৈছে৷ কিন্তু এই ব্যৱস্থাটোৰ লগত সকলো পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰী পৰিচয় আছিল নে? শিক্ষাৰ বিশ্ববিদ্যালয় পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলে এটা গুণগত মানদণ্ড আ‌য়ত্তকৰণ কৰি যায় আৰু তেওঁলোকে প্ৰযুক্তিবিজ্ঞানৰ এই সঁজুলিসমূহৰ লগত পৰিচিত৷ কিন্তু আমাৰ প্ৰাথমিক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বেছি সংখ্যকে এই পদ্ধতি সমূহৰ লগত পৰিচিত নহয়৷ অনলাইনৰ যোগেদি দিয়া শিক্ষা ব্যৱস্থাই এই পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীক কিমান উপকৃত কৰিব স্বাভাবিকতে এই প্ৰশ্নটো মনলৈ আহে৷ প্ৰত্যক্ষভাৱে প্ৰদান কৰা শিক্ষা ব্যৱস্থাত শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত গঢ়ি উঠা সম্বন্ধই  ছাত্ৰ-ছাত্ৰীক অনুশাসন শিকাই, উৎসাহ দিয়ে আৰু সহজে বিষয়বস্তু বুজি পোৱাত সহায় কৰে৷ শিক্ষকৰ ব্যক্তিত্বৰ অনুকৰণৰ মাজেদি বহুত দিশ ছাত্ৰ-ছাত্ৰীসকলে গঢ় দি তুলিব পাৰে৷ কিন্তু আমি এতিয়া প্ৰত্যাহ্বানৰ সন্মূখীন হৈছোঁঁ৷ প্ৰযুক্তিবিজ্ঞানৰ ন ন পদ্ধতিসমূহ মানি ল’ব লগীয়া হৈছে৷ প্ৰযুক্তিবিজ্ঞানে বিশ্বখনকে হাতৰ মুঠিলৈ আনিলে৷ ‌গতিকে এই সময়ত আমি ইয়াক মানি নোলোৱাকৈ থাকিব নোৱাৰোঁ৷ নিয়মীয়াকৈ পাঠদান সম্ভৱপৰ নোহোৱাৰ বাবে অনলাইন শিক্ষা ব্যৱস্থাত নুন্যতম প্ৰয়োজনীয় হৈছে এটা এনৰয়দ মোবাইল বা কম্পিউটাৰ, ইণ্টাৰনেট, অপৰ্যাপ্ত বিদ্যুত। এই প্ৰাথমিক প্ৰয়োজনীয়তাকেইটা সকলো অঞ্চলতে, সকলো অভিভাৱকে যোগান ধৰিব পাৰিছেনে? নগৰ, মহানগৰসমূহত ইণ্টাৰনেট, বিদ্যুৎ, অভিভাৱকৰ আৰ্থিক অৱস্থাৰ সমস্যা তুলনামূলক ভাবে গ্ৰাম্য অঞ্চলতকে কম। গ্ৰাম্য অঞ্চলত বসবাস কৰা বহুত সংখ্যক ছাত্ৰ-ছাত্ৰী অনলাইন শিক্ষা ব্যৱস্থাৰ পৰা বঞ্চিত। বহুত সংখ্যক শিক্ষকৰ অনিহা মনোভাৱ আৰু প্ৰশিক্ষণৰ অভাৱ হেতুকে অনলাইন শিক্ষা পদ্ধতি আগ্ৰহেৰে ল’ব নোৱাৰে৷ অনলাইন শিক্ষা ব্যৱস্থা শিক্ষক, ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু চৰকাৰে প্ৰদান কৰা সুবিধা এই সকলো বিলাকৰ সামূহিক প্ৰচেষ্টাতহে সফলতা নিৰ্ভৰ কৰিছে৷ গতিকে এইখিনিতে আমি এনেদৰে চিন্তা কৰিব পাৰোঁঁ৷ যিহেতু হঠাতে হোৱা পৰিবৰ্তন এটা সকলো অঞ্চলতে সমপৰ্যায়ৰ সুফল আশা কৰিব নোৱাৰি৷ চৰকাৰে পৰ্যায়ক্ৰমে সহায় কৰক আৰু সা-সুবিধা প্ৰদান কৰক যাতে সকলো ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাৰ সুবিধা পায়৷ অভিভাৱকসকলে আধুনিক প্ৰযুক্তি বিদ্যাৰ পদ্ধতিসমূহৰ লগত পৰিচিত হওক, নিজৰ সন্তানক যিমান পাৰে সুবিধা দিয়ক, শিক্ষাৰ সজাগতামূলক দিশত গুৰুত্ব দিয়ক, ঘৰুৱা পৰিবেশত নিজৰ সন্তানক চকু ৰাখক যাতে অনলাইন শিক্ষা ব্যৱস্থাটো এণ্টাৰটেইনমেণ্ট হিচাপে নলয়৷ এনৰয়দ মোবাইল এটা ল’ৰা-ছোৱালীয়ে কেনেকৈ ব্যৱহাৰ কৰিছে এই দিশত সতৰ্ক হ’ব লাগিব৷ অনলাইনৰ যোগেদি দিয়া গৃহকায্য নিয়মিত ভাৱে কৰাত উৎসাহ দিব লাগে৷ এইখিনিতে অভিভাৱকসকলে বিশেষ ভাৱে মনত ৰখা ভাল তেওঁলোকৰ সন্তানক অযথা দু়্ঃচিন্তাত পেলাবলৈ নিবিচাৰিব৷ বহু ক্ষেত্ৰত অভিভাৱকে সন্তানৰ সন্মুখতে অধৈৰ্য্যতা প্ৰকাশ কৰে তাৰ ফলত ল’ৰা-ছোৱালীৰ  মনত নিগেটিভ প্ৰভাৱ পৰে। অভিভাৱকসকলে মানসিক স্বাস্থ্যৰ ওপৰত সমানে সজাগ হওক৷

শিক্ষক-শিক্ষয়িত্ৰীসকলে নিজৰ দক্ষতা বৃদ্ধিৰ ওপৰত চেষ্টা চলাব লাগিব৷ পাঠদানৰ নতুন পদ্ধতিসমূহ , কৌশলসমূহৰ যোগেদি বিষয়বস্তু ছাত্ৰ-ছাত্ৰীয়ে বোধগম্য হোৱাকৈ পাঠদান কৰাত গুৰুত্ব আৰোপ কৰিব লাগিব৷ নি‌য়মিত গৃহকায্য মূল্যায়ন কৰি ছাত্ৰ-ছাত্ৰীক উৎসাহ দিব লাগিব। আমাৰ শিক্ষাব্যৱস্থাটোত পাঠ্যক্ৰমিক বিষয়বস্তু পূৰ্বতে প্ৰস্তুত কৰা হ‌য় গতিকে প্ৰস্তুত কৰোঁতে প্ৰযুক্তিবিজ্ঞানৰ সঁজুলি প্ৰয়োগৰ বিষয় বস্তু সন্নিবিষ্ট কৰাত গুৰুত্ব দিব লাগিব। সু-স্বাস্থ্যকৰ শিক্ষানুষ্ঠানৰ পৰিবেশৰ ওপৰত গুৰুত্ব দিয়া উচিত৷

স্বাস্থ্যসন্মত পৰিবেশত যাতে ছাত্ৰ-ছাত্ৰীসকলে পাঠ গ্ৰহণৰ সুবিধা পায় তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আমি পৰিবৰ্তনৰ প্ৰত্যাহ্বানক স্বীকাৰ কৰিবই লাগিব৷ পৰিবৰ্তিত পৰিস্থিতিয়ে বহুত শিকাই যায়৷ এই সময়ত আমি সকলোৱে নজনা কথা শিকিবলৈ বাধ্য হৈছোঁ৷ শিক্ষাৰ ক্ষেত্ৰত এই নতুন পদ্ধতিৰ লগত পৰিচয় হ’বলৈ যত্ন কৰিছোঁ। ভৱিষ্যত শিক্ষা ব্যৱস্থাত এটা ভাল পৰিবৰ্তন আহক, পৰীক্ষা পদ্ধতি, পাঠ্যক্ৰম প্ৰস্তুত কৰাত, পাঠদান ব্যৱস্থাত সকলোতে যাতে এজন সু-নাগৰিক গঢ়াত সহায়ক হয় তাৰ আশা ৰাখিছোঁ৷

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *