ফটালিমাৰিক – ধনজিত বৰুৱা
(ক)
হুৰ কাণখোৱা মোৰ কাণ দুখন খাহি
মগজু গোলমাল কৰে খবৰবোৰ আহি
গোল মোল পৃথিৱীৰ
গোল মাল কাণ্ড
মনুষ্যৰ কৰ্মত সবে কৰে ত্ৰাহি ত্ৰাহি
(খ)
সেই জখলা বগাই পৰে বহু বাঘা বীৰ
মৰ থেকেচা খায়ো নেৰে বুকুত বোলে তীৰ
ভূ ভাৰস্তৰ ভাৱনা
ফ্ৰী লগতে বেদনা
কোনো কালে নকমে বাপু প্ৰেম সবাহৰ ভীৰ
(গ)
ৰাস্তাত ওখ মথাউৰিত ঘৰখন উঠাই আনি
আমাৰ প্ৰতিবাৰত তহঁতৰ দামী কাপোৰ কানি
ফাণ্ডৰ বাবে ফান্দ
ঘৰিয়াল হৈ কান্দ
সমস্যাৰ পানীত ভিজা পুতলাৰে খেলে ৰজা ৰাণী।
☆ ★ ☆ ★ ☆