ফটাঢোল

আকৌ কমিনাপন- ৰমেন কুমাৰ দাস

যোৱাকালি ৰাতিৰ ঘটনা।

:: হেল্লো হেল্লো… কোনে ক’লে..!

চিলমিলিয়া টোপনিৰ জালত ফ’নটো কোনোমতে উঠালোঁ।

:: দাদা আপোনালৈ বহুত বহুত ধন্যবাদ দেই।

ফ’নৰ সিমূৰৰ পৰা উদ্বেগপূৰ্ণ অথচ সুললিত এক নাৰী কণ্ঠ। নাৰী কণ্ঠই মোৰ কৰ্ণ-মূলত ঠেকা খোৱাৰ লগে লগে মোৰ টোপনি ক’ৰবাত পলাই দৌৰ মাৰিলে। তাতে আকৌ নাৰী কণ্ঠৰ হৃদয়ৰ নিভৃত কোণৰ পৰা মোলৈ ধন্যবাদ! আবেগ অনুভূতিক সাময়িক ভাবে নিয়ন্ত্ৰণ কৰি যিমান পাৰোঁ সিমান কোমল সুৰেত উত্তৰ দিলোঁ….
:: বাৰু কওকচোন, কিয়বা ধন্যবাদ দিলে? আপোনাক মই এতিয়াও ঠিক চিনিব পৰা নাই দেই…

:: ইচ… দাদা কি যে কয়, মই মানে আপোনাৰ লগৰ দোকানী বন্ধুজনৰ হেৰি…! সিদিনাখন যে আমাৰ তেখেতক কোৱাৰেণ্টাইনলৈ পঠালে।

মোৰ লগৰ দোকানী বন্ধু বুলি কোৱাত মোৰ বুকুখন ঢিপিংকৈ উঠিল। এক অজান শংকাত মোৰ ডিঙিটো শুকাই যোৱাৰ বিপৰীতে মোৰ গাটো ক’ব নোৱাৰাকৈয়ে ঘাঁমিবলৈ ধৰিলে। কোনোমতে নিজকে চম্ভালি লৈ ক’লোঁ,

:: বাৰু কওকচোন মোক কিয় ফোন কৰিলে!!

:: মানে আপুনি দোকানী ন’হৈ মেডিকেল লাইনত কাম কৰিব লাগিছিল। ইমান সহজতে লক্ষণ দেখিয়েই যে মানুহজনৰ গাত লাগি থকা মাৰাত্মক বেমাৰ এটা চিনাক্ত কৰিব পাৰে। বৰ বাচিলোঁ…, জানেনে? কিন্তু আপোনাৰ দৰে শুভচিন্তক এজনৰ কথা ভাবি হে আশ্বস্ত  হ’ব পৰা নাই, গতিকে আপোনাকো কিছু কথা সোঁৱৰাই দিয়াটো উচিত হ’ব বুলি ভাবিয়েই এই ৰাতিখন ফোন কৰিলোঁ। অতি সোনকালে কিবা এটা কৰক।

মানুহজনীৰ কথাৰ লাইনতো বেলেগ দেখি নিজে কিছু আশ্বস্ত হ’লোঁ  যে এইজনীৰ পৰা মই ভবা ধৰণৰ বিপদ নাই। কিন্তু মোক লৈ যে আশ্বস্ত হ’ব পৰা নাই বুলি ক’লে সেইটো শুনি হে অকণমান বিপাঙত পৰিলোঁ। তথাপিও কণ্ঠত কিছু গম্ভীৰতা আনি  মানুহজনীক শুধিলোঁ।

“বাৰু কওকচোন, হোম কোৱাৰেণ্টাইনত থাকিও আপুনি কিদৰে সুৰক্ষিত আৰু মই কি দৰে অসুৰক্ষিত! মানে আপুনি কিদৰে বাচি গ’ল বুলি ভাৱিলে আৰু মোৰ বাবে ভয়তো কোনখিনিত থাকিল”?

:: ইচ.. মানে আমাৰ এখেতে ল’কডাউন আৰম্ভ হোৱাৰে পৰা নিতৌ সন্ধিয়া গেলা সোপাৰে দেহাটো চেনিটাইজ কৰি আহি চোফাখনতে গোটেই ৰাতি  ঢেলপুঙা দি পৰি থাকে। ইমানকৈ মানা কৰিলোঁ, নাই নুশুনিলে। এতিয়া দেখিছোঁ যি হ’ল ভালেই হ’ল অন্ততঃ তেওঁৰ পৰা সংক্ৰমণৰ সম্ভাৱনা শূণ্য।

:: হুম…!

:: আচলতে কি জানে…

মানুহজনীয়ে কিবা ক’বলৈ সংকোচবোধ কৰি ৰৈ গ’ল।

:: লাজ কৰিব নালাগে, কৈ যাওক।

:: মানে আমাৰ মাইনাৰ টিউচন মাষ্টৰণী জনীও আমাৰ তেওঁৰ  সংস্পৰ্শলৈ অহাৰ মানে কণ্টেক্টত অহাৰ সম্ভাৱনা এটা আছে। মাষ্টৰণীৰ ঘৰলৈ আমাৰ তেওঁ মাহেকত তিনিবাৰমান ফিজ দিবলৈ গৈ থাকে ।ইফালে মাষ্টৰণীগৰাকীয়ে গোস্বামীৰ ঘৰলৈকো যায়, গতিকে গোস্বামী কণ্টেক্টত অহা মানে শইকীয়ানীও কণ্টেক্টত অহা, শইকীয়ানী কণ্টেক্টত অহা মানে দাসনীও কণ্টেক্টত অহা, দাসনী কণ্টেক্টত অহা মানে দাসও কণ্টেক্টত অহা আৰু দাস অহা মানে আপোনাৰ শ্ৰীমতীও কণটেক্টত  অহা। গতিকে…

 মানুহজনীয়ে কথাকেইষাৰ একে উশাহে কৈ গৈছিল যদিও শেষৰ বাক্যতো শুনি মূৰতো আচন্দ্ৰাই কৰা যেন লগাত ফোনটো ততাতৈয়াকৈ কাটি দিলোঁ ।

 আজি পুৱা……

::হেল্লো…

:: ঐ চাল্লা কুকুৰ…জহনীত মৰা..! তই মোক ফচালি ন’…? চাই ল’ম তোক।

:: চা ভাই…., এই সময়ত খং নকৰিবি, মোক বেয়াও নাপাবি। তোৰ লগতে তোৰ ঘৰখন তথা আমাৰ সকলোৰে ভালৰ বাবেই তই এইকেইদিন কিছু ত্যাগ কৰচোন! ঈশ্বৰে তোৰ মংগল কৰক।

লকডাউনৰ সময়ত:

মোৰ চুবুৰীয়া দোকানী বন্ধুজনে #Stand_alone আৰু বিভাগীয় কতৃপক্ষই #Trade_license বোৰ পৰীক্ষণ নকৰাৰ সুবাদত তাৰ দোকানখন মোটামুটি চাইনা মাৰ্কেটলৈ ৰূপান্তৰিত কৰি ল’লে। কি নাপাই তাত!! লগৰ এজনৰ কিবা উন্নতি হোৱা দেখিলে হিংসা নকৰোঁ যদিও কিছুমান সুযোগৰ সুবাদত ওভত-গোৰে নাচিলে সহ্য কৰি থকাতো মোৰ বাবে অসম্ভৱ হৈ পৰে। সি বেটাই নিতৌ দোকান খুলি কোৰোণাৰে ধন চপাই থাকিব, আৰু আমি সপ্তাহত দুই-তিনিদিন দোকান খুলি মহ মাখি খেদি বহি থাকিম। সি বেটাই আকাশত লগাকৈ টিকা দাঙি লেবেল দিব আৰু আমি হাত চাপৰি বজাই থাকিম। ধু…. ৰ….

এদিন দুপৰীয়া….

মোৰ  চুবুৰীয়া দোকানীজনে তাৰ দোকানৰ বাৰাণ্ডাত বহি পাতলকৈ কাহি থকা দেখিলোঁ। সুযোগ বুজি তাৰ ওচৰলৈ গৈ সি কাহি থকা দৃশ্যটো মোৰ ম’বাইল কেমেৰাৰে ৰেকৰ্ডিং কৰিলোঁ। বচ… বৰশীত মাছ লাগিল বুলি এটা কুটিল হাঁহি মাৰি লাহেকৈ সেই ঠাই ত্যাগ কৰিলোঁ।

পলম নকৰি ডায়েল কৰিলোঁ ১০৪,

মই ভালদৰেই জানো সি কাম নাথাকিলে  এনেই দুই-এটা পাতল কাহ মাৰি থকাতো পুৰণি মুদ্ৰাদোষ। সি যোৱা ছমাহে কেৱল দোকান আৰু ঘৰলৈকে তাঁত বাতি কাৰি আছে। বিদেশ ভ্ৰমণ বাদ দিয়ক দোকান এৰি শহুৰেকৰ ঘৰলৈও যোৱা নাই। না তাৰ চৰ্দি-জ্বৰ হৈছে না গাৰ বিষ, গতিকে তাৰ ক’ৰোণা হোৱাৰ সম্ভাৱনা ক্ষীণ। কিন্তু উপাই নাই, ১০৪ ত ডায়েল কৰি সকলো লক্ষণ পৰিস্ফুট বুলিয়েই কৈ দিলোঁ।

সেইদিনা সন্ধিয়া….

দুখন এম্বুলেঞ্চ সহিতে এগাল পুলিচ তাৰ ঘৰত উপস্থিত। সি নাযায়, পুলিচে এৰি নিদিয়ে। শেষত দুই টাঙোনমান তাৰ টিকাত পৰাতহে সি এম্বুলেঞ্চত উঠিল।

তাৰ ক’ৰোণা টেষ্ট নেগেটিভ যদিও এতিয়াও সি কোৱাৰেণ্টাইন চেণ্টাৰতে আৱদ্ধ। কাৰণ সি এতিয়াও তাৰ মুদ্ৰাদোষটো এৰিব পৰা নাই।

পিছে এতিয়াও মই ভাবি আছোঁ, ৰাতি আচলতে মই বন্ধুপত্নীৰ পৰা কাৰোবাৰ কানেক্ট হিষ্ট’ৰি শুনি আছিলোঁ নে এন. আৰ. চি.ৰ লিগেচিৰ লিংকেজেই শুনি আছিলোঁ নে আনলৈ বুলি হুল পুতি নিজৰ ঘৰৰ ইতিহাস শুনি আছিলোঁ।

☆ ★ ☆ ★ ☆

One comment

  • Pranita Goswami

    আনলৈ হুল পুতি, নিজে মৰে ফুটি— কথাষাৰ সঁচা প্ৰতিপন্ন হ’ল।

    ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *