হাঁহ-কোমোৰা, পঁইতাচোৰা আৰু জাহাজী কলৰ কাহিনী-প্ৰদীপ বৰা
ভূমণ্ডলত প্ৰবল পৰাক্ৰমী কৰুণাসুৰৰ অখণ্ড অত্যাচাৰৰ ফলত মানৱ জাতিৰ ধন জন মন মগজু এফালৰ পৰা তচনচ কৰি পেলাইছে। দুৰ্বল লোকৰ দেহত ই কেনেবাকৈ লম্ভিলে একেবাৰে সিপুৰীলৈ পঠিয়ায়। কৰুণাসুৰৰ গ্ৰাসৰ পৰা হাত সাৰিবলৈ অদ্ভুত নীতি নিয়ম মানি চলিবলৈ আপুনি বাধ্য৷ কৰুণাসুৰৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি কৰুণাময়ক হাজাৰবাৰ ভকতি কৰিয়ো সুফল পোৱাৰ সম্ভাৱনা ক্ষীণ। কিন্তু কৰুণাসুৰৰ পৰা বাচিবলৈ গুৰুজনাৰ দুটামান নীতি প্ৰণিধানযোগ্য। এক নম্বৰত, মুখমণ্ডল কাপোৰে আৱৰি ৰখা দুই নম্বৰ, কৰমৰ্দনৰ সলনি নমস্কাৰ দিয়া। ইয়াৰ উপৰিও আমাৰ ককাহঁতে আগৰ দিনত এটা নিয়ম পালন কৰিছিল সেইটো হৈছে ইজনে সিজনক স্পৰ্শ নকৰা।
কৰুণাসুৰৰ ৰাজত্ব কালত বিয়া সকামো বন্ধ কৰি দিলে দেশৰ শাসনকৰ্তাই। কিন্তু আগৰে পৰা মনঃস্থ কৰি থোৱা সুকুমাৰ গায়ন আৰু কাবেৰী চহৰীয়াৰ বিয়া কৰুণাসুৰৰ ভয়ত ৰখি নেথাকিলে৷ মুখত মুখ কভাৰ লগাই বিধি পাঠ কৰাৰ কোনো মাদকতা নাই সেয়েহে সুকুমাৰে কাবেৰীৰ লগত অনলাইনত মন্ত্ৰপাঠ কৰিয়েই এদিন বাইকৰ পিছৰ আসন শুৱনি কৰি নিজৰ অৰ্ধাংগিনী কৰি ল’লে। কিন্তু ইয়াৰ পাছতো সুকুমাৰ আৰু কাবেৰীৰ মনৰ পৰা দুখৰ কলিয়া ডাৱৰবোৰ আঁতৰি নগ’ল৷
এদিন সুকুমাৰক ফেইচবুকৰ বায়েক নীলাক্ষি ভাগৱতীয়ে ছয়ফুটীয়া দূৰত্ব বজাই ৰাখি সুধিলে, “এই বিশ্ব সুন্দৰীহেন পত্নী লাভ কৰাৰ পিছতো যে তুমি মানসিক ভাবে কিয় ইমান অস্থিৰ? কিনো এনে সমস্যাই মন ভাৰাক্ৰান্ত কৰি তুলিছে? তেতিয়া সুকুমাৰে দুখেৰে ক’লে , “নীলাক্ষিবা তুমিতো সৰ্বজ্ঞ, তুমি সকলো জানি শুনিও মোৰ অস্থিৰতাৰ কাৰণ সুধিলা যেতিয়া কওঁ শুনা দেৱী। মই এজন নাম জ্বলা কৃষক৷ মোৰ পাঁচ বিঘা মাটিত বিভিন্ন জাতি উপজাতিৰ হাঁহৰ খেতি আৰু পাঁচ বিঘা মাটিত কোমোৰা খেতিয়ে বিশ্ব অভিলেখৰ ফালে গতি কৰিছে৷ আৰু আনুসঙ্গিক আদা হালধিৰ কথা বাৰু নক’লোৱেই। তথাপিও এই কৰুণানাসুৰৰ আতংকৰ কাৰণে, মই জ্ঞাতি কুতুম্বক হাত মুখ ধুৱাবলৈ সুবিধাকণ ল’ব নোৱাৰিলো। মিচিকিয়া হাঁহি মাৰি নীলাক্ষিয়ে সুকুমাৰক সান্তনা দি ক’লে, “সেইটোনো এটা কথা হ’ল নে! নিৰাময়ৰ উপায় তোমাৰ হাততে আছে। শুনা অল্পমতি তুমি অচিৰেই এটি শুভ দিন চাই আমাৰ ছয়জনমানক নিমন্ত্ৰণ দি এটা খানাৰ ব্যৱস্থা কৰা। খানাই মেইন। হাঁহ আৰু কোমোৰাৰ বাবে তুমি জগত বিখ্যাত। আমাক মাতিলে আহিমেই৷” তাকে শুনি জুলাই মাহৰ কুৰি তাৰিখে সুকুমাৰে খানাৰ ব্যৱস্থা কৰিলে। নিমন্ত্ৰণ জনালে ৰিণ্টুমণি দাধৰা, সদানন্দ বৈৰাগী, দ্বিজেন দোলাকাষৰীয়া, বৰ্ণালী মেধি আৰু ৰিমজিম কুকুৰাচোৱাক।
কুৰি তাৰিখ সমাগত৷ হাঁহে কোমোৰাৰ কাণে কাণে বহুত কথা ক’লে। হাঁহেও সুকুমাৰৰ মনৰ দুখ আঁতৰাবলৈ প্ৰাণ আহুতি দিবলৈ প্ৰস্তুত হ’ল৷ ৰিমজিম, ৰিণ্টুমণি, সদানন্দ, দ্বিজেন, বৰ্ণালীহঁতৰ গা সাতখন-আঠখন হ’বলৈ ধৰিলে। কাৰণ হাঁহ আৰু কোমোৰাৰ অপূৰ্ব সংযোজনত গন্ধে আমোলমোল হ’ব আৰু মহামাৰীৰ বিৰুদ্ধে তেওঁলোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হ’ব। যথা সময়ত সামাজিক দূৰত্ব নিয়ন্ত্ৰণ কৰি সকলোজন সমবেত হ’ল। অকণো বিলম্ব নকৰি সকলোৱে ৰন্ধন কাৰ্যত হাতউজান দিলে৷ কিকি ৰেচিপি প্ৰস্তুত কৰিব সেই সম্পৰ্কত পুৰুষসকলে মতামত আগবঢ়ালে আৰু মহিলাসকলে মাইকীমত আগবঢ়াই আগবাঢ়িল৷ দাইলৰ ব্যৱস্থা নহ’ব বুলিয়েই সিদ্ধান্ত হ’ল৷ পাৰ্টিলৈ বিজয় মাউত আহিব নোৱাৰিলে তাৰবাবে সকলো দুঃখিত৷ বিজয়ে পৰহি এটা জাহাজী কল চেনিটাইজ কৰি দুবছৰীয়া ভতিজাকক খাবলৈ দিছিল৷ পৰিণামত ভতিজাকৰ পেটত একো বস্তু নোৰোৱা হ’ল৷ এতিয়া তেওঁ ভতিজাককলৈ দমকলৰ পাৰত ব্যস্ত হৈ আছে৷ এই অমঙ্গলীয়া জাহাজী ’লটো চেনিটাইজা কৰা হৈছিল, ভালকৈ ধুই লোৱা হৈছিল তথাপিও অপকাৰ কৰিলে৷ হয়তো কল পকাবলৈ ব্যৱহাৰ কৰা কাৰ্বাইডৰ বিষক্ৰিয়া হ’ব পাৰে৷ এই ভাবি ভাবি বিজয় মাউতে দুখতে দমকলৰ পাৰতে বহি থাকিলে৷
ইফালে খানাত কেৰাহিৰ ওপৰত হাঁহ আৰু কোমোৰাৰ অপূৰ্ব সংমিশ্ৰণে এক সুস্বাদু গন্ধৰ সৃষ্টি কৰিছে। তাৰ মাজতে বিভিন্ন ৰসাল আলোচনা চলিল। কেইবাবাৰো ভগৱানৰ ওচৰত শপত খাইয়ো ৰিণ্টুমণিয়ে খৈনী আৰু সদানন্দই বিলাতী এৰিব নোৱৰাৰ দুখৰ কথা আলোচনা হ’ল৷
অলপ পিছতে এটা ডাঙৰ অঘটন ঘটিল৷ এটা পইঁতাচোৰাই ক’ৰবাৰ পৰা উৰি আহি উতলি থকা হাঁহ আৰু কোমোৰাৰ ওপৰত পৰি আত্মহত্যা কৰিলে। তৎক্ষণাত ৰিণ্টুমণিয়ে তাক হেতাৰে তুলি আনিলে যদিও তাৰ প্ৰাণবায়ু ইতিমধ্যে গ’লেই৷ পঁইতাচোৰাৰ আত্মহত্যাৰ কাৰণ বাৰু জনিব পৰা নগ’ল৷ পঁইতাচোৰাৰ শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনোৱাৰ পৰিবৰ্তে আমাৰ ভক্তসকল তাৰ প্ৰতি খঙত অগ্নিশৰ্মাহে হৈ পৰিল৷ অধৰ্মী পঁইতাচোৰাটোৰ যি হয় হৈ থাকক কিন্তু আমাৰ এই খাদ্যসমূহ এতিয়া কি কৰা যায়। কৰুণাৰ সমপৰ্য্যায়ৰ কোনো ভাইৰাছ আমাৰ ব্যঞ্জনৰ ওপৰত ই ত্যাগ কৰা নাইতো৷ পঁইতাচোৰাই বিভন্ন বীজাণু বিয়পাব পাৰে। গতিকে খানাটো খোৱা যায় কেনেকৈ৷ অৱশ্যে চীন দেশত বিশেষ পদ্ধতিৰে ফ্ৰাই কৰি ইয়াক ভক্ষণো কৰে৷ শেষত ৰিণ্টুমণিয়ে নিজৰ ইঞ্জিনিয়েৰিঙৰ অভিজ্ঞতা লগাই পঁইতাচোৰাটো পৰা ঠাইক কেন্দ্ৰ কৰি পাঁচ চেঃমিঃ ব্যাসাৰ্দ্ধৰ অৰ্ধ গোলকীয় অংশ উঠাই আনি পেলাই দিলে। বিষয়টোৰ ওপৰত সকলোৰে মতামত আৰু মাইকীমত লোৱাৰ অন্ততঃ হাঁহ কোমোৰাৰ জোল পৰিবেশনৰ বাবে স্বীকৃতিপ্ৰাপ্ত হয়৷ সকলোৱে বহি খোৱাত লাগিল৷ এনেতে দেখা গ’ল ৰিমজিমে বহুত যত্ন কৰিও হাঁহ কোমোৰা মুখলৈ নিব পৰা নাই৷ তেনেতে বৰ্ণালীয়ে মাত লগালে, “ঐ মৰতী খোৱাৰ আগতে মাক্সখন অন্ততঃঃ খুলি ল।”
☆ ★ ☆ ★ ☆
7:12 pm
হাঃ হাঃ। বিজয়ে হাঁহ কোমোৰাৰ জুতি ল’বলৈ নোপোৱাতহে দুখ লাগিছে।
বঢ়িয়া লাগিল।
9:02 pm
পঢ়িচোৱাৰ বাবে ধন্যবাদ জনালোঁ ৷