ফটাঢোল

চিত্ৰশিল্পী অৰ্ণৱ দাৰফাং- নিৰ্মালি সন্দিকৈ

সৰুৰে পৰাই কোনো ব্যক্তিৰ হুবহু প্ৰতিকৃতি অংকনেৰে সকলোকে বিস্মিত আৰু  মুগ্ধ কৰিবলৈ সক্ষম হোৱা অৰ্ণৱ এজন অতি প্ৰতিভাশালী চিত্ৰশিল্পী। ৰজাপথাৰ নিবাসী প্ৰভাত দাৰফাং আৰু প্ৰণামী বৰদলৈৰ একমাত্ৰ সন্তান অৰ্ণৱে ইতিমধ্যে শিশু আলোচনী ‘মৌচাক’ৰ বাবে একাধিকবাৰ বেটুপাত অংকন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ছবি অংকন কৰি তেওঁ ছ’চিয়েল মেডিয়াত ভূয়সী প্ৰশংসা অৰ্জন কৰাৰ লগতে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰাও ফোনযোগে ধন্যবাদ আৰু উৎসাহ পাবলৈ সক্ষম হয়।

তিৱা সমাজে ‘প্ৰিন্স অব আৰ্ট’ আৰু হাওৰাঘাট মহকুমা বিহু উদযাপন সমিতিয়ে ‘প্ৰেৰণা যুৱ বঁটা ২০১৯’ৰে তেওঁক সন্মানিত কৰাৰ লগতে বিভিন্ন ব্যক্তি, দল আৰু অনুষ্ঠানে তেওঁক প্ৰশংসা কৰি সম্বৰ্ধনা জনাই আহিছে।

অতি সূক্ষ্ম সংবেদনশীলতাৰে অংকন কৰা তেওঁৰ প্ৰতিখন ছবিয়েই অনুপম কৃতি বুলিব পাৰি। বকলিয়াঘাটৰ ভূঁইবালি বিদ্যাক্ষেত্ৰৰ দশম শ্ৰেণীৰ ছাত্ৰ অৰ্ণৱে ইতিমধ্যে প্ৰকৃতি আৰু বিভিন্ন জনপ্ৰিয় ব্যক্তিৰ ভালেসংখ্যক ছবি আঁকি উলিয়াইছে আৰু চিত্ৰপ্ৰেমী ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হৈছে। শিক্ষা আৰু চিত্ৰকৰ্মক সমান দক্ষতাৰে আগবঢ়াই নিয়া অৰ্ণৱে অসমৰ মহাপুৰুষ দুজনাৰ অতি আটকধুনীয়া চিত্ৰ আঁ‌কি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

পিতৃ মাতৃ আৰু পৰিয়ালৰ প্ৰতিজন সদস্যৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী তথা স্থানীয় ৰাইজৰ বাবে অৰ্ণৱ এক গৌৰৱৰ বিষয়। আমাৰ তৰফৰ পৰাও কিশোৰ চিত্ৰশিল্পীজনৰ উত্তৰোত্তৰ কামনা কৰিলোঁঁ।‌

☆ ★ ☆ ★ ☆

6 Comments

  • হিমাংশু ৰাজখোৱা

    ধুনীয়াকৈ লিখিছা নিৰ্মালি

    Reply
  • দীক্ষিতা

    শিল্পীজনৰ সুন্দৰ পৰিচিতি ডাঙি ধৰিলে। আমাৰ স্থানীয় প্ৰতিভাসমূহ আগুৱাই যোৱাৰ পথত আমিয়েই এইদৰে উৎসাহ যোগোৱাৰ প্ৰয়োজন।

    Reply
  • Anonymous

    Thnk u soo much

    Reply
  • বন্দিতা জৈন

    সুন্দৰ প্ৰতিভা । আগবাঢ়ি যোৱাৰ কামনা কৰিলো ।

    Reply
  • পৰীস্মিতা

    অৰ্ণৱৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰিলোঁ। লগতে আমাৰ লগত শিল্পীগৰাকী পৰিচয় কৰাই দিয়াৰ বাবে নিৰ্মালি সন্দিকৈকো অশেষ ধন্যবাদ জনালোঁ‌।

    Reply
  • অভিজিত কলিতা

    আচৰিত প্ৰতিভা। প্ৰৱন্ধটোৰ বাবে ধন্যবাদ

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *