ফটাঢোল

বিহুৰ খানা- শ্ৰুতিমালা মিশ্র

জীৱনযুদ্ধৰ অভিজ্ঞতা বহুত বেছি সমৃদ্ধিশালী নহ’লেও এনেকুৱা কিছুমান অদ্ভুত কমেডী ঘটনাৰ ভাণ্ডাৰ নিজৰ মেমৰীত চেভ কৰি ৰাখিছোঁ যিবোৰ মনত পৰিলেই হাঁহি হাঁহি পেট বিষাই যায়। তেনেকুৱা এটা মজাৰ ঘটনা এটাই আপোনালোকৰ মাজত বিলাই দিওঁ।

ঘটনাটো ২০১০ নে ২০১১ চন মানৰ হ’ব। মই কটন কলেজত ডিগ্রী পঢ়ি আছোঁ। মোৰ অলপ দূৰসম্পৰ্কীয় আত্মীয় পেহীৰ ঘৰত আছিলোঁ৷ পেহীৰ এজনী ছোৱালী অৰ্থাৎ মোৰ বাক বিয়া দিছে শিৱসাগৰলৈ৷ উজনিৰ মানুহখিনি ‘ডাক লাভাৰ’ মানে হাঁহপ্ৰেমী বুলি ক’লেও ভুল কোৱা নহ’ব। আমি হ’লোঁ নামনি অসমৰ মানুহ। আমাৰফালে আকৌ পাৰৰ মাংসৰ যিমান পপুলাৰিটি আছে, হাঁহৰ মাংসৰ সিমান নাই। মোৰ সেয়েহে হাঁহ খাই কেনে লাগে তাৰ অভিজ্ঞতা শূন্য। সেই কথাটোকে এদিন ভিনদেউৰ আগত ক’বলৈহে পালোঁ, ভিনদেৱে মোক হাঁহৰ মাংসৰ ট্ৰীট দিম বুলি একপ্ৰকাৰ কথাই দি দিলে। লগে লগে সেইবাৰ মাঘৰ বিহুত ভিনদেউহঁতৰ ঘৰলৈ অৰ্থাৎ শিৱসাগৰলৈ যোৱাৰ পৰিকল্পনা গ্রহণ কৰা হ’ল।

আমি গোটেইকেইজন বিহুৰ দিনা যোৱাটো ঠিক কৰিলোঁ। কথামতেই কাম। টালি-টোপোলা বান্ধি শিৱসাগৰলৈ বুলি যাত্রা আৰম্ভ কৰিলোঁ। মনত স্ফূৰ্তি এইবাৰ হাঁহে-মাহে ডবাম। ইফালে ভিনদেৱে হাঁহ খাই কেনে মস্তি লাগে তাকেই বৰ্ণনা কৰিলে এভাগি৷ মাজে মাজে কৈ আছে,

: মুনু, এবাৰ হাঁহ খাই চাবা৷ তাৰপিছত ক’বা কি মজ্জা লাগে খায়। তুমি হাঁহৰ প্ৰেমতেই পৰি যাবা৷

ময়ো হাঁহ খাবলৈ পাম বুলি মনতে পাগুলি গৈ আছোঁ৷ ভিনদেউহঁতৰ ঘৰ পালোঁ গধূলি। ৰাতিলৈ খোৱামেজত হাঁহৰ পাৰ্টিটো ঠিক কৰা হ’ল পিছদিনা হ’ব বুলি। ইফালে আমাৰ লগতে আকৌ ভিনদেউহঁতৰ বায়েক জানবা আৰু ৰাজেন ভিনদেউৰ লগতে তেওঁলোকৰ ছোৱালীজনীও আহিছে ঘৰলৈ বিহু বুলি। সকলোৱে মিলি ঘৰৰ গঁড়ালত যে দুটা তেলীয়া হাঁহ আছে, সেই দুটাক বধি কোমোৰাৰে বনাব বুলি মেনুও ঠিক কৰা হৈ গ’ল। ভাত-পানী খাই শুই গ’লোঁ, মাজে মাজে সপোনতো হাঁহে কাণৰ কাষত পেকপেক কৰা যেনো শুনাহেন পালোঁ। মুঠতে হাঁহ খাম বুলি মনত স্ফূৰ্তিয়ে স্ফূৰ্তি।

পিছদিনা পুৱা দহটামানত আমাৰ ভিনদেউ আৰু ভিনদেউৰ ভিনিহিয়েক অৰ্থাৎ ৰাজেন ভিনদেউ দুয়ো হাঁহ ধৰিবলৈ ওলাল। তেলীয়া হাঁহ দুটা বিচাৰি বিচাৰি নাপাইহে নাপায়। এপাকত দুয়ো অনুসন্ধান কৰি পিছফালৰ দমকলৰ আগেৰে যোৱা নলাটোত খুঁচৰি খুঁচৰি কিবা খাই থকা অৱস্থাত হাঁহ দুটা দেখিলে। দুয়ো দুফালৰ পৰা হামলা দিম বুলি হাঁহ ধৰিবলৈ গ’ল। হাঁহে দুয়ো কাষ পাওঁতে দিলে নহয় ভিৰাই লৰ। আগে আগে দুই হাঁহ, পিছে পিছে দুই ভিনদেউ। কোনো পক্ষই ৰেচ এৰি দিয়া ভকত নহয়। হাঁহো খাতৰা বস্তু ওলাল, দুয়ো ভিনদেউকেই খুব দৌৰাইছে। হাঁহৰ ৰেচ দেখি নিজে নিজে মনতে ভাবিছোঁ,

“হাও, হাঁহো উচেইন ব’ল্টৰ ওচৰোত ট্ৰেইনিং লৈচি না কি এ, কেনাই লেবেল দেখুন এ মাইহাতোঁ।”

এনেকুৱা দৌৰাদৌৰিখন কৰি থাকোঁতে এপাকত হাঁহ গৈ সোমাল দমকলটোৰ পৰা অলপ নিলগত থকা কেঁচা পাইখানাৰ গাঁতত। ক’লা হাঁহ গৈ গোটেইটো হালধীয়া বৰণ ধৰিলে। দুই ভিনদেৱে কিংকৰ্তব্যবিমূঢ় হৈ অলপ পৰ তাতে ৰৈ গুণাগথা কৰিবলৈ ধৰিলে কি কৰা যায় বুলি। দুয়ো শেষত সিদ্ধান্ত গ্ৰহণ কৰিলে যে যিহেতু হাঁহে তেওঁলোকক পিছে পিছে দৌৰাই দুয়োৰে এনাৰ্জি লষ্ট কৰিলে, গতিকে এতিয়া পাইখানাৰ গাঁতত পৰিলেও আজি হাঁহ খাই এৰিব। কথামতেই কাম। ৰাজেন ভিনদেৱে দুয়োহাঁতেৰে হাঁহ দুটা উঠাই দমকলৰ পাৰলৈ লৈ আহিল। গাঁতত পৰি হাঁহ একেবাৰে লেবেজান, আৰু দৌৰিবলৈ শক্তি নাই। আমাৰ ভিনদেৱে দমকল মাৰিছে, ৰাজেন ভিনদেৱে হাঁহ ধুইছে৷ দৃশ্যটোৰ সাক্ষী অকল মই আছিলোঁ, মোক ভিনদেৱহঁতে আচল কথাটো ক’বলৈ মানা কৰিলে। ময়ো নক’লোঁ কাকো।

খোৱাপাতত মোৰ বাহিৰে বাকীসকলোৱে আঙুলি চেলেকি চেলেকি হাঁহৰ মাংস ডবাই দিছে। মই দাইল আৰু আলুভাজিৰে ভাত খালোঁ, চবকে পেটৰ অৱস্থা বেয়া বুলি ক’লোঁ। বাকীকেইটাই হাঁহে-কোমোৰাই আঙুলি চুহি চুহি কৈ আছে,

: বাঃ! আজিৰ নিচিনা টেষ্টি হাঁহৰ মাংস কেতিয়াও খাই পোৱা নাছিলোঁ। ইমান সোৱাদ হৈছে। মুনু তই মিছ কৰিলি, পেটৰ অসুখ নোহোৱাহেঁতেন তয়ো খাই ক’লিহেঁতেন কেনে মস্তি লাগে হাঁহৰ মাংস খাই।

☆ ★ ☆ ★ ☆

7 Comments

  • Sushmita Das

    বাইদ’ মানছু দ’ক আৰো আপনাক

    Reply
    • Shrutimala Misra

      সুস্মিতা বা হাঃ হাঃ

      Reply
  • দীক্ষিতা

    ইচ ইচ… পৰিয়ালৰ মানুহৰ লগত এনে বিশ্বাসঘাটকতা। পাপে চুব হে আপোনাক।

    Reply
  • Anonymous

    ??

    Reply
  • Nihali Deka

    সদায় যাতে এনেকে হহুৱাই থাকিব পাৰ মানুহক????

    Reply
  • শ্বৰীফ

    মজা লাগিল

    Reply
  • শ্ৰুতিমালা মিশ্ৰ

    পঢ়ি চোৱা বাবে আটাইলৈকে ধন্যবাদ জনালোঁ

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *