চলনাময়ী নাৰী – কল্পনা প্ৰিয়দৰ্শিনী বৰগোহাঁই
“বৰ্তমান যুগত নাৰী কোনো ক্ষেত্ৰতে পুৰুষতকৈ পিছ পৰি থকা নাই। পুৰুষৰ সমানেই নাৰী সকলো দিশতে আগবাঢ়িছে। যদিও নাৰী পুৰুষতকৈ শাৰীৰিকভাবে দুৰ্বল বুলি সকলোৱে কয় কিন্তু নাৰীৰ বুদ্ধি পুৰুষৰ শক্তিৰ তুলনাত বহুত বেছি।”
নাৰী দিৱসৰ বিশেষ দিনটোত আমাৰ কবিতা বাইদেউৰ তিনি ঘণ্টাযোৰা ভাষণটো শেষ হওঁতে প্ৰায় গধূলিয়ে হ’ল। তেতিয়া সময় সাত মান বাজিল, মানে আন্ধাৰ হ’ল।
এনেতে গলগলীয়া মাতেৰে সভাৰ এজন আহ্বায়কে জিতু, নিতু আৰু পিকুক ক’লে, “বাইদেউক অলপ আগবঢ়াই দে ঘৰলৈকে। অকলে ভয় কৰিব। আন্ধাৰ হ’ল বহুত।”
বাইদেউৱে নুশুনাকৈ সিহঁত তিনিটাই নিজৰ মাজতে আলোচনা কৰিলে,
: “এই মৰতীয়ে ডাঙৰ ডাঙৰ কথা কয় দেখোন, চাওঁচোন কেনেকৈ যায় তাই। আমি নথওঁগৈ বুলি কৈ দিওঁ ৰহ্।
জিতুয়ে কবিতা বাইদেউৰ কাষলৈ গৈ অলপ ভদ্ৰভাবেই ক’লে,
: “বাইদেউ আজিৰ নাৰী পুৰুষতকৈ কোনোগুণে কম নহয় বুলি আপুনিয়েই কোৱা নাছিল জানো? আৰু আপুনি আজিৰ নাৰী হিচাপে নিশ্চয় আমি নগ’লেও ঘৰলৈ অকলেই যাব পাৰিব নহয় জানো? যেনেকৈ আমি ল’ৰাবোৰ যাওঁ।”
: “নাই নাই মোক তোমালোকে ঘৰত কিয় থ’বগৈ লাগে আকৌ! মই অকলেই যাব পাৰিম নহয়।”
তেনেকৈ কৈ কবিতা বাইদেৱে বেগৰ পৰা মোবাইলতো উলিয়াই অলপ আঁতৰি আহি ভুনভুনাই ক’লে, “হেল্ল’ মই মিটিঙৰ পৰা ওলাইছোঁ। কমিটিৰ ল’ৰাকেইটা লগত নাযাওঁ বুলি ক’লে। তুমি আমাৰ ঘৰৰ আগৰ হাবিখনৰ ওচৰতে ৰৈ থাকিবা। মানুহজনো ঘৰতে আছে। তোমাক লগ কৰাৰ এটা Golden Chance পাইছোঁ। এই সুযোগ হেৰুৱাব নিবিচাৰো আজি!”
বাইদেউৰ কথাবোৰ জিতুৱে মনে মনে শুনি লগৰ দুটাক গৈ কথাতো ক’লে,
: “বাঃ এই গৰাকী মহাৰাণী কম নহয়। দিনত হ’লে সমাজসেৱা আৰু ৰাতি হ’লে পৰ পুৰুষৰ সেৱা” বুলি কৈ নিতু বহাৰপৰা উঠি আহিল।
‘নিতু তোৰ ওচৰত ভাল ভিডিঅ’ কৰিব পৰা মোবাইল আছে নেকি’ বুলি নিতুক জিতুৱে লাহেকৈ সুধিলে।
: “আছে আছে কালি কিনিছোঁ বে। একদম টিপ টপ কোৱালিটিৰ হয়। কিন্তু কেলেই লাগে তোক?”
: “এইৰ মুখা খুলিবলৈ লাগে। যেতিয়া তাই প্ৰেমিকক লগ কৰিব তেতিয়াই আমি গৈ হুলস্থুল কৰি দিম। আৰু মানুহবোৰ গোট খোৱাৰ লগে লগে তই ভিডিঅ’ কৰিবি।”
নিতুৱে প্ৰায় জপিয়াই উঠাৰ দৰে ক’লে।
: “ফেচবুকত লাইভ কৰিম , বহুত লাইক পাম। ফেচবুক গৰম হৈ যাব বে।
ব’ল এতিয়া তাইৰ পিছা কৰো।”
কবিতা বাইদেউ আগে আগে আৰু জিতুহঁত পিছে পিছে। গৈ আছে গৈ আছে কিন্তু সেই হাবিখন নাপায় হে নাপায়।
“অাব্বে হাবিখন ক’ত অ’? এইজনী গৈয়ে আছে যে।” ইমান সময় ফোনত তাৰ প্ৰেমিকাক ঘটনাৰ বিৱৰণ দি থকা পিকুৱে মাত মাতিলে।
অলপ দূৰ যোৱাৰ পাছত কবিতা বাইদেউ এখন গেট খুলি এটা ঘৰলৈ সোমাই গ’ল। তাকে দেখি নিতুৱে অবাক হৈ ক’লে,
: “আৰে এইটো দেখোন এটা ঘৰহে! হাবিখন ক’ত বে? ”
লগে লগে জিতুৱে তাৰ মুখত সোপা দি ক’লে,
: “চুপ থাক। এইখনেই সেই হাবিখন বুজিলি! মানুহে বুজি নোপোৱাকৈ ইহঁতে Coding ত কথা পাতে। তাঁহাতে লগ কৰা ঠাইবোৰৰ নাম নিজৰ মতে দি লয়।”
পিকুৱে অলপ দুখৰ সুৰত ক’লে,
: “চেহ্ ভিডিঅ’ কৰি ফেচবুকত দিয়া নহ’ব আৰু। কিমান যে আশা কৰি পিছা কৰিছিলো।”
: “পাই গ’লো এটা আইদিয়া!
কি কৰো চাই যা তহঁতে। পিক্সাৰ অভি বাকী হে মেৰে দোষ্ট। কবিতা বাইদেউৰ ঘৰৰ লেণ্ড লাইনৰ নম্বৰটো মোৰ ওচৰত আছে। মই কৈ গৈছোঁ তই ডায়েল কৰ আৰু নাকত তেল দি শুই থকা তাইৰ গিৰীয়েকক জনাই দে যে তাৰ মাইকীয়ে বেলেগ প্ৰেমিকৰ লগত ডেটিঙত আছে।”
নিতুৱে একদম জাপ মাৰি উঠাৰ দৰে ক’লে,
: “তই ঠিক আইদিয়া দিলি বে। তাইৰ গিৰীয়েক আহি যেতিয়া তাইক হাতে লোটে ধৰি দুপাট লগাব, তেতিয়াই মই ভিডিঅ’ কৰি ফেচবুকত দিম।”
: “ধেই এইদাল অকল ফেচবুক ফেচবুক কৰি থাক।” এইবুলি নিতুৰ হাতৰ পৰা ফোনটো লৈ জিতুৱে নিজেই ফোন লগালে।
: “হেল্ল, তোমালোকক বহুত বহুত ধন্যবাদ দেই। মই এই মাত্ৰ ঘৰ পালোহি।”
জিতু উচপ খাই উঠিল। আৰে এইটো দেখোন কবিতা বাইদেউৰ মাত। সি সেমেনা সেমেনি কৈ সুধিলে।
: “বাইদেউ আপুনি ভালে ভালে ঘৰ পালেগৈ নে?”
: “তিনিটাকৈ চফল ডেকা যদি মোৰ পাছত বডিগার্ডৰ দৰে আহি থাকে তেতিয়া মোৰ বাৰু কি হ’ব পাৰে। মই গম পাইছিলোৱেই ফোনটো তোমালোকৰেই হ’ব, সেয়েহে ধন্যবাদ এটা দিওঁ বুলি ৰিচিভ কৰিলোহি।” তেনেকৈ কৈ কবিতা বাইদেউৱে ফোনটো কাটি দিলে।
জিতুৱে ফোনটো নিতুৰ হাতত দি ক’লে, “ব’ল ব’ল ঘৰলৈ যাওঁ বহুত ৰাতি হ’ল।”
নিতুৱে তাক বাধা দি কৈ উঠিল,
: “ভিডিঅ’?”
লগে লগে জিতুৱে নিতুৰ গালত এটা চৰ শোধাই দিলতহে ইমান সময়ে ৰাস্তাৰ একাষত প্ৰেমিকৰ লগত পেনপেনাই থকা পিকুৱে গম পালে যে কবিতা বাইদেৱে সিহঁতৰ আশাত চেঁচাপানী ঢালি নিজৰ ঘৰত গৈ আৰামত শুই আছেগৈ।
★★★★