ডলী ক্ৰিয়েচনৰ দশম নিবেদন- ছবি: প্ৰেমী নম্বৰ ৱান- ডলী তালুকদাৰ
কাহিনী, সংলাপ, চিত্ৰনাট্য, সংগীত, নৃত্য: ডলী তালুকদাৰ
সহ পৰিচালনা: ধূৰ্জ্জটি কাকতি
প্ৰযোজনা: ৰিণ্টুমণি দত্ত
কেমেৰা: দেবজিত শৰ্মা
লাইট: দিপাঙ্কৰ চৌধুৰী
স্পট বয়: নয়নমণি হালৈ
স্পট গাৰ্ল: ৰাজশ্ৰী শৰ্মা
অভিনয়ত: হেমন্ত কাকতি, বিজয় মহন্ত, নীলাক্ষি কাকতি, বাৰ্বী বৰকাকতী, বৰ্ণালী মূদৈ, আদিত্যজ্যোতি বৰঠাকুৰ, নৱাগত কৃষ্ণ দাস, নৱাগত যোগেশ ভট্টাচাৰ্য্য।
ৰোমাণ্টিক যুটি: নৱাগত অগ্নিভ দত্ত আৰু মুম্বাইৰ জনপ্ৰিয় অভিনেত্ৰী ৰাখী সাৱন্ত।
হেমন্ত কাকতি: বিখ্যাত ব্যৱসায়ী ৰতন মজুমদাৰ
অগ্নিভ দত্ত: অৰূপ ইঞ্জিনীয়া্ৰ
বিজয় মহন্ত: তুহিন গাৰ্গ
আদিত্যজ্যোতি বৰঠাকুৰ: ৰেডিচন গ্ৰীণ হোটেলৰ মালিক মিঃ হীৰালাল
কৃষ্ণ দাস: জেকচন
যোগেশ ভট্টাচাৰ্য্য: গুলচন গুণ্ডা
নীলাক্ষি কাকতি: মৰমী বৰুৱা, ৰতন মজুমদাৰৰ চেক্ৰেটৰী
বৰ্ণালী এচ.মূদৈ: হোটেল ৰেডিচন গ্ৰীণৰ চেফ লীনা
বাৰ্বী বৰকাকতী: চুইটি শইকীয়া, চুপাৰ মডেল
ৰাখী সাৱন্ত: জুলী
মৃদুল নাথ: মিঃ পাপু, মেনেজাৰ ৰতন মজুমদাৰৰ
চন্দন বৰী: ৰণি। ৰেডিচন গ্ৰীণ হোটেলৰ মেনেজাৰ কাম চেফ লীনাৰ এচিচষ্টেন্ট।
দৃশ্য ১
লাইট, কেমেৰা, একচন
হোটেল ৰেডিচন গ্ৰীণৰ বাহিৰখন দেখুওৱা হ’ব। এখন ক’লা ৰঙৰ ডাঙৰ ‘অদি’ গাড়ী আহি ৰ’ব। গাড়ীৰ পৰা নামিব এজন কোট, টাই, চ্যুট পৰিহিত সুন্দৰ চল্লিশোৰ্দ্ধ পুৰুষ (হেমন্ত কাকতি, চৰিত্ৰ ৰতন মজুমদাৰ।) এহাতেৰে মোবাইল আনখন হাতেৰে চাবিৰ ৰিং পকাই পকাই তেওঁ আগবাঢ়ে। লগে লগে তেওঁ পিছফালে ঘূৰি come baby বুলি মাতে আৰু গাড়ীৰ পৰা এগৰাকী সুন্দৰী যুৱতী নামি আহে। বয়স ত্ৰিশ বত্ৰিশৰ ভিতৰত হ’ব। পিন্ধনত ব্লেক চিফন শাৰী, শ্লীভলেচ ব্লাউজ আৰু সাত ইঞ্চিৰ ওখ হাইহিল। যুৱতী নামি আহে। কেমেৰাত ক্ল’জআপত দেখুৱাব ছোৱালীজনীয়ে গাড়ীৰ পৰা নমাৰ আগতে ওঁঠত টিকটিকিয়া ৰঙা লিপষ্টিক সানিব। তাৰ পিছত গালত ব্লাচাৰ সানিব ব্ৰাচেৰে আৰু শেষত চকু দুটাত মাশ্বকাৰা লগাব আৰু চকু দুটা পিৰিকিয়াই দিব। যুৱতীগৰাকী নমাৰ লগে লগে আগফালে পৰি থকা চুলিখিনি পিছলৈ দলিয়াই দিব আৰু খৰ খোজেৰে আগবাঢ়িব। হাতত তেওঁৰ ফাইল থাকিব। আৰু মজুমদাৰৰ ওচৰ পোৱাৰ লগে লগে আঁচলটো বতাহত উৰি তেওঁৰ মুখ ঢাকিব। লগে লগে যুৱতীজনীয়ে “চৰী” বুলি কৈ আঁচলটো আনিব আৰু ক্ল’জআপত দেখুৱাব তেওঁক সম্পূৰ্ণকৈ। চৰিত্ৰত থাকিব নীলাক্ষি কাকতি মানে মৰমী বৰুৱা। তেওঁক দেখুওৱাৰ লগে লগে বেক গ্ৰাউণ্ডত বাজিব মিউজিক ( লা লা লা লা) মজুমদাৰে ৰ’ লাগি চাই থাকিব আৰু ক’ব What a beauty..মৰমী বৰুৱাই বেঁকা হাঁহি মাৰি সোমাব হোটেলৰ ভিতৰত।
হোটেলৰ ভিতৰত সোমাই কাকো নেদেখি দুয়ো ইফালে সিফালে চাব। এনেতে হাফ পেণ্ট, টি চাৰ্ট আৰু ভৰিত জোতা, চকুত চানগ্লাচ পিন্ধি মানুহ এজন সোমাব। দুয়ো হাতত তেওঁৰ বজাৰ ভৰ্তি মোনা থাকিব। আহিয়েই দেখা পাই দুয়োকে সোধে…
হীৰালাল: ইয়েচ, হাউ কেন আই হেল্প ইউ?
মজুমদাৰ: মই আপোনাক ফোন কৰিছিলোঁ? এখন টেবুল বুক কৰিছিলোঁ তিনিজনীয়া।
হীৰালাল: ৰ’ব মোৰ মেনেজাৰে জানিব ভালকৈ? মই মাতি দিছোঁ।
মজুমদাৰ আৰু মৰমীয়ে দুয়ো দুয়োলৈ চায়। হীৰালালে ভিতৰলৈ চাই মাতে কাৰোবাক “ৰণি” বুলি। ভিতৰৰ পৰা জিন্স, চাৰ্ট আৰু চামৰাৰ চেণ্ডেল পিন্ধা চেঙেলীয়া ল’ৰা এজন দৌৰি আহে। এখন হাতত তেওঁৰ কটাৰী এখন আৰু আনখন হাতত পিয়াজ। চাৰ্টৰ ওপৰত এপ্ৰন এখন পিন্ধি থাকে (এই চৰিত্ৰটো কৰিব চন্দন বৰীয়ে।)
ৰণি: চাৰ মোক মাতিছিল?
হীৰালাল: হয়, তুমি কিবা কল পাইছিলা নেকি টেবুল বুক কৰাৰ বাবে?
মৰমী আৰু মজুমদাৰৰ ফালে চাই কয়…এইজনে আমাৰ মেনেজাৰ মিঃ ৰণি। ৰণিয়ে পিয়াজটো আৰু কটাৰীখন এপ্ৰণৰ পকেটত সোমাই হেণ্ডচেক কৰিব খোজে। মৰমীয়ে নমস্কাৰ দিয়ে আৰু মজুমদাৰে অনিচ্ছাসত্ত্বেও হেণ্ডচেক কৰে। ৰণিয়ে নিজৰ পৰিচয় দিয়ে..
ৰণিয়ে ৰেজিষ্টাৰখন চাই আৰু কই, “অ’ আছে আছে। চাৰি নম্বৰ টেবুলখনত। বহক।” হীৰালালে চকুৰে ঈচাৰা কৰে আৰু ৰণিয়ে সোধে, “মেম, চাৰ জুচ খাব নেকি? আমাৰ গেষ্টৰ বাবে স্পেচিয়েল বনাওঁ আমি ৱেলকাম ড্ৰিংক হিচাপে।”
মজুমদাৰ: ৱেলকাম ড্ৰিংক? আনা। ৰণি যাব আৰু হীৰালালৰ হাতৰ পৰা বজাৰৰ বেগ দুখন লৈ যায়। হীৰালালে পিয়াজটো লয় আৰু আন এখন টেবুলত বহি কাটিবলৈ ধৰে। মৰমীয়ে মজুমদাৰক কয়….”চাৰ, আমি বুক কৰা হোটেল এইখন নহয়। সেইখন ৰেডিচন ব্লু আৰু এইখন কিবা গ্ৰীণহে। আৰু সেইখন ফাইভ ষ্টাৰ হোটেল হয় আৰু এইখনৰ সমুখত ফাইভ ষ্টাৰ অঁকাহে আছে। মজুমদাৰে হাতেৰে চুপ থাকিব ইঙ্গিত দিয়ে। এনেতে মানুহ এজন সোমাই আহে। বয়স আনুমানিক পঁয়ত্ৰিশৰ পৰা চল্লিশৰ ভিতৰত হ’ব। ফৰমেল চাৰ্ট, পেণ্ট, টাই, জোতা পিন্ধা আৰু হাতত ফাইল এটা (এই চৰিত্ৰটো কৰিব মৃদুল নাথে।) দেখিবলৈ ধুনীয়া মানুহজনক দেখি মৰমী অলপ চঞ্চল হৈ উঠে আৰু লগে লগে মজুমদাৰে গলখেকাৰী মাৰে আৰু মৰমী গহীন হৈ যায়। মানুহজনে সোমাই আহে আৰু নমস্কাৰ দিয়ে লগতে পৰিচয়..( চৰিত্ৰটো কৰিব মৃদুল নাথে, মিঃ পাপু)
মিঃ পাপু: চাৰ, আপুনি মোক লগ কৰিবলৈ মাতিছিল ইয়াতে।
মজুমদাৰ: হয়, মই যিটো কাম কৰাৰ কথা কৈছোঁ পাৰিব নহয়?
মিঃ পাপু: নোৱাৰাৰ কথাই নাই চাৰ। মই সকলো প্লেন কৰিছোঁ।
মজুমদাৰে মৰমীক চিনাকি কৰি দিয়ে তেওঁৰ চেক্ৰেটৰী বুলি। এনেতে ভিতৰৰ পৰা হাতত হেতা লৈ লীনা ওলাই আহে। আৰু ৱেলকাম ড্ৰিংক লৈ (এই ৰ’লটো কৰিব বৰ্ণালী এচ মূদৈয়ে) পিছে পিছে হাতত ট্ৰেত কিবা খোৱা বস্তু আহে লৈ মেনেজাৰ ৰণিয়ে।
“হাই আই এম চেফ লীনা।” এইবুলি এজনী ধুনীয়া ছোৱালীয়ে মজুমদাৰ হতৰ কাষত আহি কয়। “এইয়া লওঁক চাৰ, মই নিজ হাতেৰে বনোৱা জুচ।” গোটেইকেইজনে লয় আৰু এঢোক পি “ওৱাক” বুলি কয়।
মৰমী: কি এইয়া?
মিঃ পাপু: কেনেকুৱা কেঁহা অঁকটা লাগিছে?
লীনা: কি কৈছে? মোৰ নতুন আৱিস্কাৰক অঁকটা লগা কৈছে? ইমান দামী জুচ হয় জানেনে? এইয়া কঁঠাল গুটিৰ জুচ হয়।
তিনিও: কি? কঠাল গুটি?
এইবুলি কৈ ঘোট ঘোট কৈ পি খায়।
দৃশ্য ২
এয়াৰপোৰ্টৰ পৰা এজনী ছোৱালী ওলাই আহে ধুনীয়াকৈ। সকলোৱে ঘূৰি ঘূৰি চাই আছে ছোৱালীজনীক। ঠিক যেন অতি চিনাকি সকলোৰে। মানুহবোৰে গুণ গুণ কৰি কৈ আছে। ছোৱালীজনীৰ কাণসাৰ নাই কোনে কি কৈছে। ইফালে সিফালে চাই কাৰোবাক বিচাৰিছে কিন্তু কাকো দেখা নাপালে। হঠাত এজন দাড়িৱালা, তাকলু কিন্তু হিৰো ষ্টাইলৰ মানুহক দূৰৰ পৰা চাই থকা দেখে। পিন্ধনত জিন্স, হাফ চাৰ্ট, এখন হাতত এসোপা ৰুদ্ৰাক্ষৰ মালা, এখন হাতত মোটা ব্ৰেচলেট, ডিঙিত মোটা সোণৰ চেইন তিনিডালমান (এই চৰিত্ৰটো কৰিব যোগেশ ভট্টাচাৰ্য্য, নাম গুলচন) তেওঁৰ কাষত আৰু এজন কম চুলিৰ মানুহ থিয় দি আছে। ডিঙিত গামোচা তেওঁৰ (কৃষ্ণ দাস, চৰিত্ৰ জেকচন) তেৱোঁ চাই আছে ছোৱালীজনীক। ছোৱালীজনীয়ে ইফালে সিফালে চাই “কুলি কুলি” বুলি চিঞৰি আছে। মানুহবোৰে ফিচিঙা ফিচিঙি কৰি চাই আঁতৰি গৈছে। ক্লজআপত মানুহ দুজনক দেখুওৱা হয় আৰু দুয়ো মুখ মেলি ছোৱালীজনীয়ে কুলি কুলি মতাৰ লগে লগে চায়। এপাকত তেওঁ দৌৰি আহে ছোৱালীজনীৰ ওচৰলৈ আৰু কয়…
জেকচন: হয় মেডাম কওঁকচোন?
ছোৱালীজনীয়ে ঘূৰি চাই আৰু ক্ল’জআপত দেখুৱাই মুখখন( ৰাখী সাৱন্ত)
“ইয়াত কুলি নাপায়।” জেকচনে কয়।
“মই কেতিয়া ক’লোঁ কুলি পাই বুলি? মই অসমত প্ৰথম আহিছোঁ তো কুলি কুলি বুলি মাতি চাইছোঁ। বাৰু মোৰ নাম জুলী। অসম ফুৰিবলৈ আহিছোঁ। এজনো মেডিয়াৰ মানুহ নাই যে কিয়? মোৰ ফ্ৰেণ্ড এজন থাকে ইয়াত অৰূপ নামৰ। আপুনি চিনি পাই নেকি? চিনিনো কেনেকে পাব দেখাই নাই চাগৈ? অবিৰামভাবে ছোৱালীজনীয়ে বকি যায়। জেকচনে মুখ মেলি চাই থাকে। এনেতে দূৰৰ পৰা গুলচনে ইংগিত দিয়ে। জেকচনে জুলীক কয়…”মোৰ বচে মাতিছে। আহক নহ’লে আমি থৈ আহিম আপোনাক। ক’ত যাব?” জুলীয়ে কিবা ভাবে আৰু “ব’লক” বুলি কয়। জেকচনে আগবাঢ়োতে জুলীয়ে কয়, “মোৰ বেগ দুটা কোনে নিব?” জেকচনে বেগ দুটা লৈ আহে ট্ৰলীত চোচৰাই।
গুলচনৰ ওচৰলৈ আহে। জেকচনে চিনাকি কৰাই দিয়ে মোৰ বচ হয়। জুলীয়ে হাই বুলি কয়। গুলচনে চাইয়ে থাকে চাইয়ে থাকে জুলীক। জুলীয়ে গুলচনৰ ফালে চাই কয়…
জুলী: এক্সকিউজ মী! আপুনি বাপ্পীদাৰ ভায়েক নেকি?গুলচনে একো নামাতে। জেকচনে সোধে, “কোন বাপ্পী দা?”
জুলী: বাপ্পীদা মানে বাপ্পী লাহিৰী; ফেমাচ মিউজিক ডাইৰেক্টৰ। আপোনাৰ গাতো তেওঁৰ দৰে বহুত সোণ দেখিছোতো?
জেকচনে গুলচনক চিকুটি দিয়ে আৰু গুলচনে “আঐ মাঐ মল্লু এ” বুলি চিঞৰ লগায়। তেওঁলোকে গাড়ীলৈ আগবাঢ়োতে হঠাত পিছফালৰ পৰা কোনোবাই জুলীক চিঞৰি মাতে। আটায়ে ঘুৰি চাই আৰু এজন সুদৰ্শন যুৱক ৰৈ থাকে হাঁহি হাঁহি (অগ্নিভ দত্ত, চৰিত্ৰ অৰূপ)
জুলীয়ে যুৱকজনক মৰমতে গালত চুমা খায়। এইবাৰ যুৱকজনে জুলীৰ কাণত কিবা কয় আৰু জুলী হাঁহিত বাগৰি ল’ৰাজনৰ বুকুতে পৰে।
দূৰৰ পৰা গুলচনে চাই থাকে। জেকচনে বেগকেইটা আকৌ থৈ যায়। অৰূপ আৰু জুলী গাড়ীত বহে।
৩য় দৃশ্য
হোটেল ৰেডিচন গ্ৰীণ। মিঃ পাপুৱে টেবুলত বহি ফটো উঠাই থাকে কিবা। কাষতে চেফ লীনা বহি থাকে। অলপ আঁতৰত মালিক হীৰালালে হিচাপ কৰি থাকে। মাজে মাজে কেঁৰাকৈ মিঃ পাপুৰ ফালে চাই থাকে। ৰণিয়ে প্লেটত সজাই থাকে।
ডায়লগ
হীৰালাল: ঐ ৰণি এইটোৱে খোৱাতকৈ ফটো বেছি তোলে দেখোন বে?
ৰণি: হয় চাৰ! বস্তুবোৰ অৰ্ডাৰ দিব আৰু টেবুলত দিয়াৰ লগে লগে ফটো মাৰিব। খোৱাতকৈ ফটো তোলাত বেছি চখ।
হীৰালাল: ফটোবোৰ কি কৰে?
ৰণি: কিবা ফেচবুকত দিয়ে বোলে? তাত বোলে কিবা পৰীক্ষা হয়, ষ্টেণ্ড কৰিব লাগে।
হীৰালাল: ভালেই হ’ব দিয়া। আমাৰ নাম হ’ব খানাবোৰ ফেচবুকত গ’লে? কাষ্টমাৰ পাম।
ৰণি: ইহ! বৰ কাষ্টমাৰ পাম। সেইটোৱে ফটো দি নিজে ৰন্ধা বুলি দিয়ে। ঘৰৰ বুলি ভাবিবলৈ গামোচা এখন আনে। কাষত সজাই দিয়ে। দুনীয়াৰ ছোৱালী, বোৱাৰীমখা ফেন। গিটাৰো বজাই অলপ। গিটাৰখনো আনে। বজাই ভিডিঅ’ কৰে।
হীৰালাল: কি মোৰ হোটেলৰ খানা নিজে বনোৱা বুলি কয়?
ৰণি: অ’ কেপচনো দিয়ে! গানাৰ লগত খানা। একদম গোটেই ছোৱালীবোৰ পাগল মানে প্ৰেমী নম্বৰ ৱান। আজিকালি লীনা বাইদেৱেও গীটাৰ শুনে তেওঁৰ।
হীৰালাল: কি লীনাও!
ৰণি: অ’ আজিকালি লীনাও দিৱানী তেওঁৰ। আজি কঁঠালগুটিৰ চন্দেশ বনাইছে তাই।
হীৰালালে কিবা ক’ব খোজে। এনেতে জুলী আৰু অৰূপ সোমাই আহে। ৰণিয়ে লগে লগে লীনাক মাতে। তাই সচকিত হৈ ভিতৰলৈ যায়। জুলী, অৰূপ দুয়ো আগবাঢ়ি টেবুলৰ ফালে যায়। চকীত বহি জুলীয়ে ইফালে সিফালে চাই আৰু অৰূপক কয়….
জুলী: এইখনতো ফাইভ ষ্টাৰ হোটেল নহয় বেবী।
অৰূপ: বেবী, এইখন হোটেলৰ ৰান্ধনীজনী আইমিন চেফ ফাইভষ্টাৰ হোটেলতকৈও ওপৰত। আৰু কি জানা চুইটি? ইয়াতে বৰ্তমানৰ সকলোতকৈ দামী কঁঠালৰ গুটিৰ খাদ্য পায়।
জুলী: ৱাও, তুমি মোক ইমান দামী দিচ খুৱাবা? আই লাভ ইউ বেবী।
এনেতে ৰণি আৰু হীৰালাল কাষত আহে আৰু নমস্কাৰ জনাই দুয়োকে।
হীৰালাল: মেম নমস্কাৰ। মই হীৰালাল এই হোটেলৰ মালিক। আপোনালোকে যি বিচাৰে তাকে আমি ৰান্ধি দিবলৈ প্ৰস্তুত।
ৰণি: নমস্কাৰ মই এই হোটেলৰ মেনেজাৰ। আপোনালোকৰ বাবে ৱেলকাম ড্ৰিংক আৰু কিবা খাবলৈ আনোঁ। বহক।
ৰণিয়ে ভিতৰৰ পৰা দুখন প্লেটত কঁঠাল চাৰিফোঁটাকৈ আনে।
ৰণি: চাৰ খাওক।
দুয়ো খায়। অৰূপে হীৰালালক সোধে কঁঠালৰ গুটি ক’ৰ পৰা আনে বুলি?
হীৰালাল: মোৰ কঁঠালৰ ফাৰ্ম আছে। তিনিডাল গছ আছে মোৰ। আৰু এই যে কাষ্টমাৰক কঁঠাল খাবলৈ দিওঁ সেই গুটিবোৰ ৰ’দত শুকুৱাই সংগ্ৰহ কৰোঁ।
লগে লগে সিফালে কঁঠালৰ চন্দেশ খাই থকা মিঃ পাপুৱে দৌৰি গৈ বেচিনত ওৱাক ওৱাক কৰে।
অৰূপ আৰু জুলীয়ে দুয়োৰে মুখলৈ চায়।
জুলী: অৰূপ মোৰ গানৰ আৰু গিটাৰৰ টিচাৰ ক’ত? তুমি নাজানা নেকি মই গান শিকিব নোৱাৰিলে মোৰ সপোন পূৰা নহ’ব। মিচ ইণ্ডিয়া জিকিবলৈ হ’লে মই গানো জানিব লাগিব। মুম্বাইত ভাল গান শিকোৱা মানুহ নাই বাবে অসমত আহিছোঁ।
অৰূপ: বেবী তুমি চিন্তা নকৰিবা। মই তোমাৰ বাবে এক চে বঢ়কৰ এক গানৰ মাষ্টৰ ঠিক কৰিছোঁ।
জুলী: সঁচা?
অৰূপ: ও; ব’লা এতিয়া আমি মোৰ বন্ধু এজনৰ তাত যাম। তেওঁ খুব ভাল গিটাৰ বজায়।
দুয়ো যাবলৈ উঠে আৰু মিঃ পাপুৱে চাই থাকে দু্য়োকে।
গুলচন: কিবা বুজিলি জেকচন?
জেকচন: হয়! গান শিকিব। তাৰ পিছত দুয়ো হাঁহে জোৰকৈ আৰু ৱেইটাৰ বুলি ৰণিক মাতে।
ৰণি: আই এম নট ৱেইটাৰ। আই এম মেনেজাৰ।
দুয়ো হাঁহে গুলচন আৰু জেকচনে। আৰু বিলটো দি গুছি যায়। ৰণিয়ে খঙতে ভোৰভোৰাই আহে আৰু মিঃ পাপুৱে ফটো মাৰি থকা দেখি কয় ..
ৰণি: আপোনাৰ ফটো মৰা হোৱাই নাই নেকি? খাই যদি খাওঁক সোনকালে। হুহ মোক ৱেইটাৰ ক’ব আহে? বুলি হীৰালালক চাই ভিতৰত যায়।
হীৰালালে নুশুনা ভাও জুৰি হিচাপ কৰি থাকে। মিঃ পাপুৱে পটাপট খাই যাবলৈ ওলায়। ভিতৰত লীনাই সোধে ৰণিক, কি হ’ল? ৰণিয়ে কই তাক ৱেইটাৰ বোলা কথাটো। লীনাই হাঁহে। ৰণিয়ে পেন্দোৱাকৈ চায়।
৪ৰ্থ দৃশ্য
ৰতন মজুমদাৰৰ ঘৰ। এটা দুপ্লেক্স ঘৰ। বিভিন্ন ফুল, গছেৰে সুন্দৰ পৰিৱেশ। ভিতৰৰ পৰা মৃদু সংগীতৰ আৱাজ আহে। এনেতে এখন ফোৰ্ড গাড়ীৰ পৰা ওখ, লাহী সুন্দৰী ছোৱালী নামি আহে। পিন্ধনত শ্লীভলেচ ক’লা লং গাউন। চুলিখিনি ব্লাণ্ট কাট। ওঁঠত মেৰুণ কালাৰৰ ডাঠকৈ লগোৱা লিপষ্টিক। চকুত ডাঠ কাজলৰ লগতে স্মোকী আইশ্বেডো। লয়লাস ভংগীৰে গাড়ীখন পাৰ্ক কৰি সোমাই যায় ভিতৰলৈ।
ভিতৰত চোফাত বহি থাকে এফালে জুলী আৰু অৰূপ। দুয়োৰে হাতত চৰ্বটৰ গ্লাচ। জুলীয়ে ৰঙা চৰ্ট ফ্ৰক এটা পিন্ধে। আনফালে এখন চোফাত মিঃ পাপু আৰু মৰমী বহে। মৰমীয়ে লং ফ্ৰক এটা পিন্ধে আৰু মিঃ পাপুৱে অনলাইনত কিনিছা নেকি সোধে। মৰমীয়ে খঙেৰে চাই আৰু পেণ্টালুনচৰ পৰা অনা বুলি কয়। মিঃ পাপুৱে খুক খুক কৈ হাঁহে আৰু গণেশগুৰীৰ ভৃগু মাৰ্কেটত তেনেকুৱা ফ্ৰক এটা গাৰ্লফ্ৰেণ্ডক দিয়া বুলি কয়। মৰমীয়ে “তুমি সেইবোৰে কৰিবা” বুলি কয়। ৰতন মজুমদাৰে জুলীক গুৰুত্ব দিয়া দেখি মৰমী জ্বলী উঠে ভিতৰি। এনেতে ধুনীয়া ছোৱালীজনী য়ে দৰ্জাৰ মুখত থিয় হৈ.. “মে আই কাম ইন দিয়েৰ।”
লগে লগে মজুমদাৰে চাই আৰু হেই মাই sweetheart চুইটি বুলি ওচৰত গৈ Hug কৰে। wow..you look soo hot…বুলি মজুমদাৰে কয়। ছোৱালীজনীয়ে খিলখিলাই হাঁহে আৰু you naughty boy বুলি কয়।
মজুমদাৰে সকলোকে পৰিচয় কৰাই দিয়ে এইজনী চুপাৰ মডেল চুইটি শইকীয়া বুলি। চুইটিয়ে হাই কয় সকলোকে (এই ৰ’লটো কৰিব বাগ্মীতাই) মিঃ পাপু ওচৰলৈ আহে আৰু হাই কয়। জুলী আৰু অৰূপে বহাৰ পৰা হাই কয়। জুলীয়ে এটিটিউদ দেখুৱায়।
মজুমদাৰে বহিবলৈ দিয়ে চুইটীক। আৰু চোফাৰ হেণ্ডেলত ৰতন মজুমদাৰ বহে। চুইটীয়ে মৰমীক চাই হাঁহে যদিও মৰমীয়ে মুখখন বেঁকা কৰি দিয়ে। লগে লগে চুইটীয়েও বেঁকা কৰি দি মজুমদাৰক কয়…
চুইটী: আহক না ডাঞ্চ কৰোঁ।
মজুমদাৰ: মই নাচিব নাজানো।
চুইটী: মই শিকাম নহয়।
মিঃ পাপুৱে মৰমীক কয় আহা আমিও নাচোঁ। মৰমীয়ে ভেঁকাহি মাৰি উঠে আৰু কই অকলে নাচক। মিঃ পাপুৱে উঠি আহি গিটাৰ বজায়। অৰূপে চুইটিক ৰ’ লাগি চাই থকা দেখি জুলীয়ে অৰূপৰ চকুত আঙুলি এটাৰে খুচি দিয়ে।
অৰূপ:আহ! পাগল নেকি হে? এনেকে চকুত খোচে কোনোবাই? পানী ওলাব ধৰিছে।
জুলী: তুমি ইমান চাই আছা কিয়? এই আচামীজ মডেলজনী মোতকৈ ধুনীয়া নেকি? মোৰ কি বিউটি নাই? এতিয়াই মেডিয়া মাতিম মই।
অৰূপ: কি? মেডিয়া মাতিবা? ইমান সৰু কথাতে।
জুলী: অ তেতিয়া মেডিয়াই ক’ব মই ধুনীয়া হয়নে নহয়।
অৰূপ: নালাগে মেডিয়া। তুমি বহুত ধুনীয়া। সেইকাৰণে মই চাউথ আফ্ৰিকাৰ পৰা ভাৰতলৈ আহিলোঁ তোমাক বিচাৰি। তোমাৰ হেনো ককাৰ ঘৰ অসমত আৰু তুমি অসমীয়া ল’ৰা বিচাৰি আছা বিয়া পাতিবলৈ।
জুলী: ও বেবী আই লাভ ইউ।
এনেতে গান এটি গাই মিঃ পাপু আৰু চুইটীয়ে। মজুমদাৰে নাচে তালে তালে। লগে লগে গানটো অৰূপ আৰু জুলীৰ সপোনত ভাঁহি উঠে। এই গানটোৰ শ্বুটিং সোণাপুৰৰ পাহাৰত থকা চাহ বাগিছাত লোৱা হয়। জুলীয়ে নাচি নাচি গাই আৰু অৰূপে চানী দেউলৰ দৰে থিয় হৈ থাকি হঠাত দুটামান ধুমুচ মৰা দৰে মাটিত নাচে।
হা প্ৰেমী নম্বৰ ওৱান হয়
এনেতে লাইট অফ হয় আৰু ছোৱালীৰ চিঞৰ শুনা যায় বিকট। লাইট আহে আহে আৰু দেখা যায় অৰূপ, চুইটী, মজুমদাৰক বান্ধি থোৱা অৱস্থাত থাকে। ৰণি আৰু লীনাই দুয়োৰে হাত ভৰিৰ ৰছী খোলে। অৰূপে মুকলি হৈ চাৰিওফালে চাই আৰু মৰমী, জুলী, আৰু মিঃ পাপুক নেদেখে। লীনা আৰু ৰণিয়ে কয়…
লীনা: আমি খানাৰ দেলিভাৰী দিব আহি আন্ধাৰ দেখিলোঁ। লাইটটো জ্বলালোঁ বাৰাণ্ডাৰ আৰু বেল বজালোঁ আৰু নবজাত দৰ্জা খোলা দেখি সোমালোঁ আৰু ৰুমটো আন্ধাৰ দেখি লাইট জ্বলোৱাত আপোনালোক বস্তাত সোমাই আছিল।
মজুমদাৰে পুলিচক ফোন কৰে।
দৃশ্য ৫
এটা ডাঙৰ ঘৰ। সুসজ্জিত কোঠা এটাত হাতে ভৰি বন্ধা অৱস্থাত মৰমী, জুলী, আৰু পাপু। লাহে লাহে সাৰ পাই আটাইকেইজনে। আৰু সন্মুখত গুলচন আৰু জেকচনক দেখি চিঞৰি উঠে তিনিও।
গুলচন: জেক, মই এজনীকহে আনিব দিছিলোঁ কিন্তু দুজনী আহিল যে? আৰু লগত এইটো কোন? চিনাকি যেন লাগিছে?
জেকচন: ভাই, বোলেতো মই এজনীকে আনিব গৈছিলোঁ কিন্তু দুজনী কেনেকে আহিল বুজি নাপালোঁ।
জুলী: তোমালোক দুজনক মই এয়াৰপোৰ্টত লগ পাইছিলোঁ নহয়। তাৰমানে তোমালোক কিডনেপাৰ? ও মাই গডচ এণ্ড গডেচেজ। মই মেডিয়া মাতি দুয়োৰে পৰ্দা ফাচ কৰিম।
গুলচন: নাম মোৰ গুলচন হ’ব পাৰে কিন্তু গ্ৰোভাৰ নহয়। কাম গ্ৰোভাৰৰ নকৰোঁ। তোমাক কিডনেপ কৰা নাই ভাল পাওঁ বাবে উঠাই লৈ আহিছোঁ।
তেনেতে মৰমী আৰু মিঃ পাপুৱে কয় ৰছী খুলি দিব।
মৰমী: মোক কিয় আনিছেহে? মই মজুমদাৰ চাৰকহে ভাল পাওঁ। আজি কিমান বছৰ ধৰি পতাই আছোঁ তেওঁক। এতিয়া মই নোহোৱাত সেই চুইটীজনীয়ে উৰুৱাই নিব তেওঁক।
মিঃ পাপু: চিন্তা নকৰিবা মই আছোঁ নহয়।
জেকচন: ময়োতো আছোঁ।
মৰমী: চুপ থাকা তোমালোকে।
জেকচনে মৰমী আৰু পাপুৰ ৰছী খোলে আৰু গুলচনে জুলীৰ ৰছী খোলে। জুলীক চকীত বহুৱাই দিয়ে আৰু পানী দিয়ে। জুলীয়ে নাখায়। গুলচনে জেকচনক সোধে এওঁৰ বাবে ঠিক কৰা গান মাষ্টৰজন ক’ত?
জেকচন: বচ, কিবা কাম আছে বোলে? কাম আছেনে পাৰ্ট টাইম কাম কৰিব গৈছে। মানে হাঁহ চোৰ কৰিব।
গুলচন: কি?
জেকচন: মোৰ মনত পৰিছে? মই জুলী মেডামক আনিবলৈ তেওঁকো নিছিলোঁ কিন্তু মোৰ ইমিডিয়েট দুই নম্বৰ লগাত তেওঁক আনিব পঠিয়ালোঁ। তেওঁ হাঁহ আনিলে একেলগে দুটা তিনিটা আনে যে সেইকাৰণে মানুহো তিনিটা লৈ আহিছে।
হঠাতে মানুহ এজন হুৰমুৰকৈ সোমাই আহে। ডিঙিত গামোচা এখনেৰে হাৰমনিয়াম এটা। সকলোৱে চিঞৰে তুহিন বাৰ্গ (এই চৰিত্ৰ কৰিব বিজয় মহন্তই।) জুলীয়ে কয় এইয়া তুহিন বাৰ্গ। মই এওঁৰ ওচৰতে গান শিকিব আহিছোঁ।
তুহিন বাৰ্গে লগে লগে গান আৰম্ভ কৰে।
দৃশ্য ৬:
মজুমদাৰ আৰু অৰূপে হোটেল ৰেডিচন গ্ৰীণত বহি থাকে। মজুমদাৰে কান্দে মৰমীক মনত পেলায়। অৰূপেও জুলীৰ ফটো চাই থাকে। লীনাই কফি আৰু পকোৰা দি যায়। লীনা আহে অৰূপৰ কাষত আৰু কিবা সম্ভেদ পাইছেনে সোধে। ৰণিয়ে আহে আৰু টেবুল এখন দেখুৱাই কয়…
লীনা: আজিকালি একো বনাব মন নাযায়। আগতে মোৰ ৰেচিপিবোৰ তেওঁৰ কেমেৰাত কি সুন্দৰ ৰূপ পাইছিল।
হঠাত মজুমদাৰলৈ ফোন এটি আহে আৰু তেওঁ ওকে …ফাইন বুলি কয়।
লাহে লাহে কেমেৰা অফ হয়।
দৃশ্য ৭
গুলচনৰ ঘৰ দেখায়। বিচনাত বহি তুহিন বাৰ্গ আৰু জুলীয়ে গান গাই আছে। গুলচন আৰু জেকচনে কাণত সোপা দি আছে কাষত বহি।
তুহিন: গোৱা, তুমি জিলিকি জিলিকি থকা সৌ দুৰ আকাশৰ তৰা।
জুলী: তুমি ঝিলিকি ঝিলিকি থকা হৌ দুৰ আকাহৰ তৰা
তুহিন: আকাহৰ নহয় আকাশৰ। হৌ নহয় সৌ
জুলী: মই একদম কাৰেক্ট গাইছোঁ। মোৰ ভুল নধৰিবা।
তুহিন: যি গাৱ গা, মো পইচা কিটা পালে হ’ল তোৰ প্ৰেমীৰ পৰা।
জুলী: কিবা কৈছা?
তুহিন: গান গোৱা। গাবলে কৈছোঁ।
এনেতে গুলচনে চাই এফালে দেখে মৰমী আৰু মিঃ পাপুৱে টেবুলত সজোৱা খানাবোৰৰ ফটো মাৰি আছে।
গুলচন: কি পাপত এইকেইটাক আনিলোঁঁ কিডনেপ কৰি?
জেকচন: এই দুটাই ইমান বেসুৰা গাই গান কি ক’ম? কেম্বেল হাঁহকেইটাৰো মাত ভাল শুনিবলৈ। আৰু সেই দুজনৰ এজনে খানা বনাই আৰু এজনে ফটো তুলি তত নাপায়।
গুলচন: সৌ মৰমী বোলাজনীয়ে মাংস নহ’লে নবনায়ে একো আৰু পাপুটোৱে খোৱাতকে ফটো মাৰে। খাবলৈ বহি এঘণ্টা ৰখিব লাগে। ঠাণ্ডা হৈ যায় চব।
জেকচন: আপোনাৰহে বৰ প্ৰেমৰ ভূত লম্ভিছিল। এইজনী ইমান সাংঘাটিক আৰু দন্দুৰী। চব কথাতে মেডিয়া মাতে।
গুলচন: আৰু সৌজনী মৰমীয়ে কিবা চিকেন চিক্সটি ফাইভ বনাম ক’লে। আনি দিলোঁ চিকেন। বনাওঁতে চাওঁ যে মাত্ৰ বিশ টুকুৰাৰে বনাইছে।
জেকচন:’তাৰে তুহিন বাৰ্গে সাত পিচ খাইছে। আকৌ এইজনী জুলীয়ে কৈছে মেডিয়া মাতিম পূৰা হিচাবৰ চিকেন নাই।
গুলচন: মৰমীতো ইমান মিছলীয়া। মোক খোৱা বুলি কৈছে মিছায়ে।
জেকচন: আপোনাৰ প্ৰেমিকাক কেৱল কঁঠাল গুটি লাগে। ইমান দাম এটাত পোন্ধৰ টকা। কঁঠাল গুটি খাব পাই নাযাও কৈছে। এই দহদিনত আমাৰ আধা ধন শেষ কৰিলে। আৰু ইমান মেকআপ লাগে ও। সেইদিনা বিনা মেকআপেৰে আহিছিল মুখ ধুই গানৰ মাষ্টৰ বেহুঁচ হৈ গৈছিল। আমি হাঁহৰ মাংস শুঙাই হে হঁচ আনিছোঁ।
গুলচনে চুপ থাক যি টি নক’বি বুলি কয়।
হঠাতে জুলী মুখ ধুবলৈ যায়। গুলচনে মৰমতে পিছে পিছে যায়। জুলীয়ে মুখ ধুই বিনা মেকআপেৰে আহে আৰু গুলচনে দেখি চিঞৰি দিয়ে।
“আই ঐ মাই ঐ মল্লু এ” বুলি বেহুঁচ হৈ যায়। আৰু গুলচনৰ চিঞৰ শুনি জেকচন দৌৰি যায় আৰু জুলীৰ বিনা মেকআপৰ মুখ দেখি জেকচনো বেহুঁচ হয়। লগে লগে মিঃ পাপু, মৰমী আৰু তুহিন বাৰ্গে দৌৰি যায় আৰু গুলচন আৰু জেকচনক বেহুঁচ দেখে। আৰু দুয়োজনৰে চিঞৰত জুলীও বেহুঁচ হয়। তিনিওজনে হাঁহি এটি মাৰে তিনিওলৈ চায়। মিঃ পাপুৱে ফোন কৰে কাৰোবাক আৰু কই, “চাৰ মিচন চাকচেচ।”
দৃশ্য ৮
হোটেল ৰেডিচন গ্ৰীণ। মজুমদাৰ, তুহিন বাৰ্গ, মিঃ পাপু, অৰূপ, হীৰালাল, লীনা, ৰণি আটাইয়ে বহি থাকে। মজুমদাৰে মিঃ পাপু আৰু অৰূপক পিঠিত চপৰিয়াই কয়। “ৱেলডান মাই বয়জ। তোমালোকে আজি ইমান দিনৰ কেচ এটা চল্ভ কৰি দিলা। আৰু মৰমী তুমি কি সাংঘাটিক কাম কৰিছা। ভিলেইনক দম দি ৰাখিছা।কিন্তু সকলোতকৈ বেছি ভাল কাম কৰিছে জুলীয়ে। বেচেৰী কঁঠাল গুটিৰ লোভত অসমলৈ আহিছিল কিন্তু নিজৰ লগতে আমাৰো কাম সহজ কৰিলে।
মৰমী: আৰু আপুনি চাৰ।
মজুমদাৰ: মই এ.চি.পি. ৰতন মজুমদাৰ।
এনেতে হীৰালালে বাতৰি কাগজখন সকলোৰে সন্মুখত দাঙি ধৰে। য’ত লিখা আছিল ডাঙৰ ডাঙৰ আখৰেৰে…
“বিখ্যাত কঁঠালগুটি চুৰুণী জুলী আৰু বহুদিনৰ পৰা বিচাৰি থকা কঁঠালগুটি স্মাগলাৰ গুলচন আৰু জেকচনক কৰায়ত্ত টিম ৰেডিচন গ্ৰীণৰ।”
মৰমী আৰু লীনাই কই একেলগে হাঁহি হাঁহি…
“বেচেৰা প্ৰেমী নম্বৰ ৱান।”
☆ ★ ☆ ★ ☆
11:25 am
হে হে জমনি ভাল লাগিলে
9:13 pm
হাঃ হাঃ। ধন্যবাদ
11:36 am
হাঃ হাঃ ! তামাম চিনেমা বনাইছা????
9:13 pm
ধন্যবাদ
11:43 am
কি ঝাকাচ চিনেমা ৷ হাঁহি মৰিছোঁ ৷ হেটচ্ অফ ৷
9:14 pm
ধন্যবাদ
12:31 pm
বঢ়িয়া৷
9:14 pm
ধন্যবাদ
1:54 pm
তামাম। কঠালগুটিৰ চৰ্বত মুখ্য আকৰ্ষণ।
9:15 pm
ধন্যবাদ
2:45 pm
তামাম
9:15 pm
ধন্যবাদ
3:22 pm
ফাৰ্স্ট চিনটোতে মই মাঠা ঘুৰাই পৰি যে নগলো, মাই গদ! সাংঘাটিক ফিলিম দেই!
9:16 pm
হাঃ হাঃ। বহুত ধন্যবাদ
3:24 pm
এইজনীয়ে প্ৰত্যেক মাহতে কেনেকৈ চিন্তা কৰি কৰি লিখে অ ??? বঢ়িয়া এজ অলৱেজ ?
9:16 pm
হাঃ হাঃ। বহুত ধন্যবাদ
3:54 pm
হাঁহি হাঁহি বাগৰি পৰিছোঁ, বৈদ্য ধুইছে দেই চাঞ্চতে। চিনেমা চুপাৰ ডুপাৰ হিট ??
9:17 pm
হে হে ধন্যবাদ
5:02 pm
Wow .nice movie
9:12 pm
ধন্যবাদ
6:33 pm
Congratulate
9:11 pm
ধন্যবাদ
9:21 pm
তামাম চিনেমা চালোঁ দেই, খুব হাঁহিলোঁ???
Well done ??????
5:39 pm
ধন্যবাদ
9:29 pm
হাঁহি হাঁহি পেট বিষাই গʼল । তামাম হিট চিনেমা ।
5:39 pm
ধন্যবাদ
11:27 pm
ফাটাফাটি চিনেমা৷ আৰম্ভণিটো যে একদম ধামাকা৷
5:39 pm
ধন্যবাদ
10:40 pm
এইখন চিনেমা পঢ়োতে মোৰ তিনিঘণ্টা লাগিলে ভাল লাগিলহেতেন, মই ভাবো ডলীয়ে এখম পুৰ্ণাংগ চিনেমাৰ চিত্ৰনাট্য লিখা উচিত, চিৰিয়াচলী।
বহুত ভাল লাগিল
11:12 pm
মজা