মটিভেশ্যনেল স্পীকাৰ- সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য
বিভিন্ন জাতৰ ভেকুলীবোৰ আহি বৃহৎ আকাৰৰ পুখুৰীটোৰ পূৱফালে উপস্থিত হ’ল। পাত বেং, বামুণ ভেকুলী, চুক ভেকুলী আটাইবোৰে নিজ নিজ পৰিয়ালৰ সৈতে আহি উপস্থিত হৈছেহি পুখুৰীটোৰ পাৰত। উদ্দেশ্য আজিৰ এই ভেকুলীৰ মাৰাথন জাঁপ প্ৰতিযোগিতা স্বচক্ষে উপভোগ কৰা। আয়োজকসকলে খেল অনুষ্ঠিত হ’বলগীয়া পুখুৰীটোৰ চাৰিওকাষে ভিআইপি, ভিভিআইপি, সাধাৰণ দৰ্শকৰ বাবে ভাগে ভাগে আসনৰ ব্যৱস্থা কৰিছে। পুখুৰীটো আকাৰত ডাঙৰ যদিও মাজে মাজে ডাঙৰ ডাঙৰ পাতবোৰৰ সৈতে পদুম ফুলবোৰ ফুলি থকাৰ ব্যৱস্থা কৰা হৈছে যাতে এই মাৰাথন প্ৰতিযোগিতাৰ মাজভাগত ভাগৰ ধৰিলে প্ৰতিযোগীসকলে ক্ষন্তেক সময়ৰ বাবে হ’লেও পদুমৰ পাতত জিৰণি ল’ব পাৰে।
ক্ষন্তেক সময় পিছত প্ৰতিযোগিতা আৰম্ভণি হ’বলগীয়াৰ সংকেত ধ্বনি বাজি উঠিল। নিজৰ নিজৰ বংশৰ প্ৰতিযোগীসকলক উৎসাহ যোগাবলৈ পাত বেঙৰ পৰা আৰম্ভ কৰি বামুণ ভোকোলালৈকে সকলোৱে নিজৰ প্ৰতিযোগীসকলৰ পিছফালে থিয় হ’ল।
পাতবেঙৰ লিডাৰজন আগবাঢ়ি আহিল সিহঁতৰ ফৈদৰ প্ৰতিযোগীজনৰ ফালে।
: শুন, তই আমাৰ বংশৰ গৌৰৱ, আশা কৰিছোঁ আমাৰ বংশৰ নাম উজলাই তুলিবি তই। তোৰ হাতত বাকীবোৰ প্ৰতিযোগীৰ তুলনাত অনেক সুবিধা আছে।গোটেই পুখুৰীটোৱেই পদুমৰ পাতেৰে ভৰ্তি হৈ আছে।মাজত ভাগৰ ধৰিলে তই পাতবোৰত উঠি অলপ সময়ৰ বাবে জিৰণি ল’বও পাৰিবি। আয়োজকসকলৰ লগত মোৰ ভাল কাৰণেহে এনেকুৱা এটা পুখুৰী প্ৰতিযোগীতাৰ বাবে নিৰ্বাচন কৰিছোঁ।
: হ’ব ছাৰ, চেষ্টা কৰিম মই৷
প্ৰতিযোগী পাত বেঙে উত্তৰ দিলে।
: চেষ্টা নহয়, প্ৰথম হ’বই লাগিব তই৷
কৈয়েই লিডাৰজন আঁতৰি গ’ল আয়োজক সমিতিৰ সভাপতি তথা অন্য বিষয়ববীয়াসকলৰ ওচৰলৈ।চুকভেকুলীৰ দলটোৰ লিডাৰবোৰেও সিহঁতৰ প্ৰতিযোগীজনক পাৰ্যমানে উৎসাহ দি আছে।
: সংখ্যাত তাকৰ হ’লেও ভেকুলীৰ ৰজা নিৰ্বাচনৰ সময়ত আমাৰ গুৰুত্ব অপৰিসীম, আমাৰ একতাই আমাৰ পৰম শক্তি, আজিও আমি আমাৰ প্ৰতিযোগীজনক বিজয়ী কৰাবলৈ দলে বলে ওলাই আহিছোঁ। প্ৰতিটো মুহূৰ্তই উৎসাহিত কৰিম তোক, তোৰ বিপদ হ’ব নিদিও আমি, তই মাথো জীৱনভৰ এই চুকটোত সোমাই থকাৰ চিন্তা বাদ দে। এইখন যুঁজত সমানে সমানে ভাগ লৈ তই দেখুৱাই দে যে তোৰো বিজয়ী হ’ব পৰা সকলোবোৰ গুণ আছে, আমি সকলোৱে দোৱা কৰিম তোৰ বাবে৷
চুকভেকুলীসকলৰ স্বঘোষিত গুৰুজনে তাত উপস্থিত থকা চুকভেকুলীবোৰক উদ্দেশ্যি কথাষাৰ কৈ লাহে লাহে বিচাৰকমণ্ডলীৰ ওচৰলৈ আগবাঢ়ি গ’ল।চুকভেকুলীৰ মাৰাথান দলটোৰ বাকীবোৰ সদস্যই নিজৰ ঐক্যবদ্ধতাৰ পৰিচয় ৰূপে প্ৰতিযোগী ভেকুলীটোৰ বেকা হোৱা হাড়বোৰ মালিচ কৰাত লাগিল। একেটা চুকতে বছৰ বছৰ ধৰি কোচ মোচ খাই বহি থকাত চুকভেকুলীটোৰ আঁঠুৰ হাড়বোৰ চিধা কৰিব পৰা যোৱা নাছিল। এফালে আমন জীমনকৈ বহি আছে বামুণ ভেকুলীৰ প্ৰতিযোগীজন। কাষত তিনি চাৰিটামান সতীৰ্থ। প্ৰকাণ্ড শৰীৰটোৰ সৈতে সাজু হৈছে মাৰাথনত ভাগ ল’বলৈ। আশেপাশে কি হৈ আছে সেইবোৰ লৈ তাৰ একো মতলব নাই যেন লাগে দেখিবলৈ, সতীৰ্থকেইজনে সমগ্ৰ পুখুৰীটোৰ নক্সা এখন তাৰ সন্মুখত মেলি ধৰিছে। নিজৰ মাজতেই আলোচনা কৰিছে কোনে চক্ৰান্ত কৰি এই প্ৰতিযোগিতাখন পথাৰত অনুষ্ঠিত নকৰি এই পুখুৰীটোত কৰাৰ সিদ্ধান্ত ল’লে। পথাৰত হোৱা হ’লে আজি বামুণ ভেকুলী অপ্ৰতিদ্বণ্ডী হ’লহেঁতেন কিন্তু এই ভৰা পুখুৰীত সাতুৰি যোৱাটো কঠিন হ’ব, তাতেই পাত বেঙৰ সুবিধা অনেক। পাতল দেহটোৰে পুখুৰীত থকা পদুমৰ পাতবোৰত জপিয়াই জপিয়াই অনায়াসে পুখুৰী পাৰ হৈ যাব। এইটো নিশ্চয় ৰাজনৈতিক ষড়যন্ত্ৰ বামুণ ভেকুলীক বিজয়ী হ’ব নিদিয়াৰ, তথাপিও ভালদৰে এবাৰ পুখুৰীটোৰ ৰেহৰূপ চাই আলোচনা কৰি আটাইকেইজনে স্থিৰ কৰিলে যে পুখুৰীটো ভোকোলাই সাতুৰীয়ে পাৰ হ’ব, পদুমৰ পাতত জপিয়াই পাৰ হ’ব চেষ্টা এবাৰো নকৰে। পাতবেঙ আৰু চুক ভেকুলীৰ দলৰ কেইটামানে আহি বামুণ ভেকুলীৰ প্ৰতিযোগীজনক ঠাট্টা কৰিও গ’ল,
: বোলো আগতে আমাক ঠগি ঠগি ৰাজভোগ খাই চেহেৰাটো বঢ়ালি, এতিয়া চাওঁ তোৰ দম।
প্ৰতিযোগী ভোকোলাই কলা বোবা মানুহৰ দৰে নুশুনাৰ ভাও জুৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পৰা বিৰত থাকিল।
: এতিয়া তোমালোকে কোৱা এই তিনিওটা ভেকুলীৰ প্ৰস্তুতিত তোমালোকে কি কি কথা প্ৰত্যক্ষ কৰিলা?
ভেকুলীৰ মাৰাথনৰ সাধুকথাটো আধৰুৱা কৰি উত্তম বৰুৱাই তেওঁৰ সন্মুখত বহি থকা তৰুণ তৰুণীৰ দলটোক উদ্দেশ্যি প্ৰশ্ন কৰিলে।
: ছাৰ, পাতবেঙৰ সন্মুখত এই মাৰাথন জিকিবলৈ সুবিধা অনেক যিহেতু পুখুৰীটোৰ বেছি অংশতে পদুমৰ পাতবোৰ ভৰ্তি হৈ আছে, সহজতেই জঁপিয়াই পাৰ হৈ জিকিব পাৰিব৷
সন্মুখৰ দলটোত বহি থকা ববিতাই মাত লগালে৷
: একদম শুদ্ধ কথা, এইটোক কোৱা হয় ‘এডভাণ্টেজ’ বুলি আৰু যিকোনো প্ৰতিযোগিতামূলক কামতে কাৰোবাৰ নহয় কাৰোবাৰ এডভাণ্টেজ থাকিবই।আৰু, বেলেগে কোৱাচোন কোনে কি অনুমান কৰিছা।
: ছাৰ, পাতবেঙৰ লগত প্ৰত্যক্ষ ৰাজনৈতিক সহযোগো আছে৷
দলটোৰ মাজৰ পৰা ৰাহুলে ক’লে।
: এইটোও এশ শতাংশ শুদ্ধ, এইটোও এডভাণ্টেজেই একপ্ৰকাৰৰ। আৰু বাকীবোৰৰ কি হ’ল, সকলোৱে মনে মনে আছা যে, এতিয়ালৈকে শুনা কাহিনীটোৰ পৰা কোনে কি লক্ষ্য কৰিলা সোনকালে কৈ যোৱা।
: ছাৰ, চুকভেকুলীবোৰৰ একতা আছে, এজনে আনজনক সহায় কৰাৰ মানসিকতা আছে৷
ভিৰৰ মাজৰ পৰাই কোনোবা এজনে ক’লে।
: আচ্ছা, মানে তুমি টিম ৱৰ্কৰ কথা কৈছা, নহয় জানো।হয় বাৰু, একদম শুদ্ধ কথা। চুকভেকুলীবোৰৰ প্ৰস্তুতিত টিম ৱৰ্ক দেখদেখকৈ পৰিস্ফুট হৈছে যিটো বস্তু এখন প্ৰতিযোগিতা জয় কৰিবলৈ অত্যন্ত দৰকাৰী। বঢ়িয়া, সকলোৱে মনযোগ দি মোৰ সাধুকথাটো এতিয়ালৈকে শুনা বাবে আটাইকে ধন্যবাদ। বামুণ ভেকুলীটোৰ প্ৰস্তুতিৰ কি কথাত নজৰ পৰিল বাৰু তোমালোকৰ?
: ছাৰ, বামুণ ভেকুলীৰ টিমটো দায়িত্বশীল যেন লাগিল মোৰ। নিজৰ লক্ষ্য উদ্দেশ্য সুস্পষ্ট আৰু নিজৰ লগতে অন্যসকলৰো সুবিধা অসুবিধাৰ কথাবোৰো বেছিকৈ আলোচনা কৰা দেখা পালোঁঁ৷
ভিৰৰ মাজৰপৰাই এজনে উত্তম বৰুৱাক উত্তৰটো দিলে।
: তোমাৰ অনুমান এশ শতাংশই শুদ্ধ, বামুণ ভেকুলীৰ দলটোৱে নিজৰ সামৰ্থ্যতকৈ বেলেগৰ শক্তি সামৰ্থ্যৰ ওপৰত অধিক বিচাৰ বিবেচনা কৰি আছে যিটো কাম এখন প্ৰতিযোগিতাত বিজয়ী হ’বলৈ অত্যন্ত গুৰুত্বপূৰ্ণ।নিজৰ লগতে প্ৰতিদ্বন্দ্বীৰ শক্তি সামৰ্থ্যৰ সম্পূৰ্ণ খবৰ মজুত ৰাখি সেইবোৰৰ ওপৰত বিচাৰ বিবেচনা কৰি পৰিকল্পনা কৰিলেহে সফলতা আহে। বাৰু, সকলোৱে দহ মিনিটৰ চাহ বিৰতি লওঁ এতিয়া। দহমিনিট পিছত সাধুটোৰ পৰৱৰ্তী অংশলৈ যাম আমি৷
উত্তম বৰুৱা এটা বহুজাতিক প্ৰতিষ্ঠানৰ এজন শীৰ্ষ বিষয়া, নিজৰ কামৰ সমানে সমানে তেখেত সুবক্তা হিচাবেও এজন পাৰদৰ্শী লোক। বিভিন্ন উচ্চ শিক্ষানুষ্ঠানৰ পৰা পাঠ্যক্ৰম সমাপ্ত কৰি নতুনকৈ মকৰল হোৱা ল’ৰা ছোৱালীবোৰক বছৰেকত এবাৰ দুবাৰ তেখেতে নিজেই ট্ৰেইনিঙ দিয়াৰ ব্যৱস্থা কৰে।বহুক্ষেত্ৰত তেখেতে নিজেই অনুভৱ কৰিছে যে উচ্চ ডিগ্ৰীধাৰী এইবোৰ ল’ৰা ছোৱালীয়ে নিজৰ কৰ্তব্যৰ সময়ত পঢ়ি অহা কথা কামবোৰৰ ব্যৱহাৰিক প্ৰয়োগৰ ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সন্মুখীন হয়৷ বহুতেই আনকি বাস্তৱিক প্ৰয়োগৰ অ আ ক খ একোৱেই নাজানে, গতিকে সকলোকে শিকাই বুজাই নিজৰ প্ৰয়োজন মতে তৈয়াৰ কৰি লোৱাটোও তেখেতৰেই নৈতিক দায়িত্ব।এটা গতানুগতিক শৈক্ষিক জীৱন প্ৰণালীৰ মাজেৰে আগুৱাই আহি বাস্তৱিক কৰ্মক্ষেত্ৰত আগবঢ়াৰ আৰম্ভণিতে এইবোৰ ল’ৰা ছোৱালীয়ে বিভিন্ন অসুবিধাৰ সন্মুখীন হোৱাটো উত্তম বৰুৱাই নিজৰ চাকৰিকালত বহুবাৰ প্ৰত্যক্ষ কৰিছে, কাজেই এইবোৰ প্ৰশিক্ষণৰ ব্যৱস্থা।
নিৰ্দিষ্ট সময়ত ভেকুলীৰ মাৰাথন প্ৰতিযোগিতা আৰম্ভ হ’ল। পুখুৰীটোৰ সেইটো পাৰত বিজয়ীজনক আদৰিবলৈ বিশাল আয়োজন কৰা হৈছে, মূল মঞ্চত ভিভিআইপি লোকসকলৰ লগত বিখ্যাত প্ৰাক্তন খেলুৱৈসকল উপৱিষ্ট হৈছে। পুৰস্কাৰ হিচাবে আছে নগদ ধন, এখন বিলাসী গাড়ী, এটা বিলাসী অট্টালিকা আৰু ধেৰ কিবাকিবি উপহাৰ আৰু সন্মান।
আৰম্ভণিৰ হুইছেলৰ শব্দধ্বনি বাজি উঠাৰ লগে লগে পাত বেঙ, চুক ভেকুলী আৰু বামুণ ভোকোলা তিনিওটা একেসময়তে পানীত জঁপিয়াই পৰিল। তীব্ৰ বেগত সাতুৰিবলৈ ধৰিলে তিনিওটাই, মাজে মাজে পাতবেঙে পদুমৰ পাতবোৰত ভৰ দি জপিয়াই জপিয়াই গৈ থাকিল, ভোকোলায়ো নিজৰ মঙহাল শৰীৰটো যিমান পাৰে আগুৱাই নিয়াৰ যত্ন কৰিছে, চুক ভেকুলীয়ে নিজৰ সমৰ্থকৰ প্ৰচুৰ উৎসাহত সৰ্বশক্তি প্ৰয়োগ কৰি বাকী দুজনক পিছ পেলাই আগুৱাই গৈছে। বেনাৰ, ফেষ্টুন লৈ চুক ভেকুলীৰ সমৰ্থনত পুখুৰীটোৰ দুয়োপাৰে সমৰ্থকসকলে জিন্দাবাদ ধ্বনি দি পাৰে পাৰে চুক ভেকুলীৰ সমানে সমানে গৈ লাগিল।
পুখুৰীটোৰ প্ৰথম অংশটোত পদুম ফুল ভৰ্তি হৈ আছিল আৰু তাৰেই সুবিধা লৈ দীঘল দীঘল জাঁপ কেইটামানেৰে পাতবেঙে চুকভেকুলীক পিছ পেলাই বহুদূৰ আগবাঢ়ি গ’ল। প্ৰায় পঞ্চাশ শতাংশ দূৰত্ব অতিক্ৰম কৰালৈকে পাত বেঙ প্ৰথম, চুক ভেকুলী দ্বিতীয় আৰু বামুণ ভোকোলা তৃতীয় স্থানত। চুক ভেকুলীয়েও পাত বেঙৰ সমানে সমানে জঁপিয়াবলৈ গৈ দুবাৰমান ধুপুচকৈ পানীত পৰি আকৌ সাতুৰিবলৈ ল’লে। চুক ভেকুলীয়ে কৰা এই সামান্য ভুলটোৰ বাবে লাহে লাহে চুক ভেকুলীৰ সমৰ্থকসকলৰ উৎসাহ কমি আহিল। পুখুৰীটোৰ বাকীঅংশত পদুম ফুলৰ অৱস্থিতি পাতল আছিল, দুবাৰমান দীঘল জাঁপ লগায়ো এটা পাতৰ পৰা আনটো পাত ঢুকি নোপোৱাত পাতবেঙেও অৱশেষত সাতুৰিবলগীয়া হ’ল। সৰ্বশক্তি লগাই তিনিওজনে সাঁতোৰাত লাগিল। সমৰ্থকসকলৰ হৰ্ষোল্লাস নেদেখি চুকভেকুলীৰ আত্মবিশ্বাস কমি আহিল। পাতবেঙে দুবাৰমান জোলোকা জোলোকে পানী খাই আকৌ জঁপিয়াবলৈ চেষ্টা কৰি থাকিল। বামুণ ভোকোলাই নিজৰ প্ৰকাণ্ড শৰীৰটোৰে তীব্ৰ বেগত সাতুৰি সাতুৰি অৱশেষত বিজয়ীৰ মুকুট পিন্ধিলে৷ ভেকুলীলেণ্ডৰ আটাইবোৰ চেনেলৰ সাংবাদিকে বামুণ ভোকোলাক আগুৰি ধৰি সুধিলে,
: এই সাফল্যৰ আঁৰৰ ৰহস্য কি? দৈনিক কিমান সময় অনুশীলন কৰিছিল, ঘৰুৱা প্ৰশিক্ষকৰ সহায় লৈছিল নেকি, ইত্যাদি ইত্যাদি।
মিচিকিয়া হাঁহি এটা মাৰি সকলোকে ধন্যবাদ জনাই বামুণ ভোকোলা আঁতৰি গ’ল বৰ বিশেষ কথা বতৰা নপতাকৈয়ে। মোৰ সাধুকথা শেষ, এতিয়া তোমালোকে কোৱা কোনে কি বুজিলা ইয়াৰ পৰা।
: ছাৰ, অত্যধিক সমৰ্থনেই চুক ভেকুলীৰ বাবে কাল হ’ল। নিজতকৈ তাৰ ওপৰত তাৰ সমৰ্থকসকলৰ আত্মবিশ্বাস অধিক আছিল আৰু সি কৰা সামান্য এটা ভুলৰ বাবেই তাৰ ওপৰত থকা বিশ্বাস হেৰুৱাই পেলালে সমৰ্থকসকলে।
দলটোৰ মাজৰ পৰা এজনে ক’লে।
: বঢ়িয়া এনালাইছিছ, শুদ্ধ কথা, অতিৰিক্ত সমৰ্থন আৰু উৎসাহ কেতিয়াবা কেতিয়াবা তোষামোদৰ দৰে হৈ পৰে আৰু কি কথা লক্ষ্য কৰিলা কৈ যোৱা।
: সুবিধা পাতবেঙৰ ওচৰতেই সৰ্বাধিক আছিল ছাৰ কিন্তু কোনোধৰণৰ বেকআপ প্লেন নাছিল, গোটেই পুখুৰীটো একমাত্ৰ জঁপিয়াই পাৰ হ’ব পাৰিম বুলি ভাবিয়েই ভুল কৰিলে। অলপমান সাঁতোৰত মনোযোগ দিলে হয়তো সিয়েই বিজয়ী হ’ব পাৰিলেহৈ।
অন্য এজনে নিজৰ এনালাইছিছ ব্যক্ত কৰিলে।
: এইটোও শুদ্ধ কথা। যিকোনো কাম আৰম্ভ কৰিলে তাৰ বেকআপ প্লেন এটা থকাটো অতি দৰকাৰী আৰু এটা সুযোগেই জীৱনৰ সৰ্বোচ্চ সুযোগ বা সুবিধা বুলি ভবাটো কেতিয়াও সমীচিন নহয়। যিকোনো মুহূৰ্তত সুযোগ আহিব পাৰে আৰু সেই সুযোগটো ল’ব জনাটোহে বুধিয়কৰ কাম। সুযোগসন্ধানী হ’বই লাগিব জীৱনত। বামুণ ভোকোলাৰ বিষয়ে কাৰ কি অভিমত কোৱা।
: ছাৰ, সিহঁতে অন্য প্ৰতিযোগীসকলে লাভ কৰিব পৰা সুবিধা সম্পৰ্কে অধ্যয়ন কৰিছিল আৰু সেইমতে নিজৰ পৰিকল্পনা কৰিছিল, ভোকোলোটোৰ বিজয়ী হ’বৰ বাবে থকা একাগ্ৰতা আৰু স্থিতপ্ৰজ্ঞতাও অন্য দুটা কাৰক আছিল।
: একদম শুদ্ধ। সিহঁতে মাৰ্কেট ষ্টাডি কৰিছিল খেলখন আৰম্ভ হোৱাৰ আগত আৰু আৰম্ভণিৰে পৰা কোনোধৰণৰ কাম পৰিকল্পনাৰ বাহিৰত কৰা নাছিল, সিদ্ধান্ত সঠিক আছিল, উদ্দেশ্য আৰু লক্ষ্য স্থিৰ আছিল, নিজৰ শক্তি সামৰ্থৰ সম্পূৰ্ণ উপযোগ কৰিছিল শেষ সময়লৈকে। সাধুকথাটোৰ পৰা পোৱা বিভিন্ন নীতিজ্ঞানখিনি তোমালোকৰ চাকৰি জীৱনৰ বিভিন্ন সময়ত কামত আহিব কিন্তু বামুণ ভোকোলাটোৰ প্ৰধান চৰিত্ৰিক দিশটো এতিয়াও তোমালোক কাৰো নজৰত অহা নাই যিটো যুগ যুগ ধৰি বহুজাতিক প্ৰতিষ্ঠান এটাত নিজৰ কৰ্মজীৱন আগুৱাই নিবলৈ আটাইতকৈ দৰকাৰী গুণ বা দিশ।
আটাইবোৰ ল’ৰা ছোৱালীয়ে নিজৰ ভিতৰত বু বু বা বা কৰি ভোকোলা চৰিত্ৰটোৰ চাৰিত্ৰিক দিশবোৰ ফহিয়াই চাবলৈ ধৰিলে।
: বাৰু, ময়েই অলপমান সুবিধা কৰি দিছোঁ তোমালোকক সাধুকথাটোৰ আৰম্ভণিৰ কথাখিনি সোঁৱৰাই। পাতবেঙ আৰু চুক ভেকুলীৰ দলৰ কেইটামানে আহি বামুণ ভেকুলীৰ প্ৰতিযোগীজনক ঠাট্টা কৰিও গ’ল, বোলো আগতে আমাক ঠগি ঠগি ৰাজভোগ খাই চেহেৰাটো বঢ়ালি, এতিয়া চাওঁ তোৰ দম। প্ৰতিযোগী ভোকোলাই কলা বোবা মানুহৰ দৰে নুশুনাৰ ভাও জুৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পৰা বিৰত থাকিল।
: বুজিলোঁ ছাৰ, ভোকোলাটোৱে কামৰ সময়ত ঠাট্টা, সমালোচনা, হতাশা, হীনমান্যতা আদিবোৰ কাৰকক গুৰুত্ব দিয়া নাছিল।
: একদম সঠিক। সহজ ভাষাত ক’বলৈ হ’লে আমি কাম কৰা প্ৰতিষ্ঠানবোৰত বিজয়ী হ’বৰ বাবে নিজকে গড়ৰ দৰে চৰিত্ৰ এটা হিচাবে প্ৰক্ষেপণ কৰিব পাৰিব লাগে, চামৰা ডাঠ জীৱ।
উপদেশসূচকভাবে কথাখিনি কৈ উত্তম বৰুৱাই মিচিকিয়া হাঁহিৰে সৈতে দিনটোৰ প্ৰশিক্ষণ শেষ কৰি সকলোকে সন্ধিয়ালৈকে ককটেইল ডিনাৰত লগ পোৱাৰ প্ৰতিশ্ৰুতি দি কনফাৰেন্স হলটোৰ বাহিৰলৈ ওলাই আহিল। দীঘলীয়া কৰিড’ৰটোৰে নিজৰ ৰূমটোলৈ খোজকাঢ়ি যাওঁতে উত্তম বৰুৱাই ভাবি গ’ল,
“তেওঁ নিজে এটা প্ৰকাণ্ড মাইকী গড় যিয়ে প্ৰতিবছৰে এজাক চামৰা ডাঠ পোৱালি জন্ম দিয়ে আৰু অনাগত কেইদিনমানত এজাক গড় পোৱালি জন্ম দিবলৈ সাজু হৈছে৷”
আকাংক্ষিত মাতৃত্বৰ কথা ভাবি তেওঁৰ মনটো পুলকিত হৈ গ’ল। আজিৰ খেলখনত বিজয়ী তেঁৱেই।
☆ ★ ☆ ★ ☆
10:57 am
বিৰাতেই ভাল লাগিল পঢ়ি।
12:50 pm
অশেষ ধন্যবাদ।
5:01 pm
ৱাও ।বঢ়িয়া ।
5:41 pm
অশেষ ধন্যবাদ।
8:02 pm
বঢ়িয়া হৈছে দেই সঞ্জীৱ দা।
2:35 pm
অশেষ ধন্যবাদ।
12:28 pm
বঢ়িয়া ব্যংগ.. কিন্তু সঁচা কথা দাদা আমাৰ্ জীৱনত
5:42 pm
অশেষ ধন্যবাদ অভিজিত।এইবোৰ কাহিনী আমাৰদৰে মানুহৰ লগতেই মিলে।
1:13 pm
কিছু মজ্জা লিখিলা কিন্তু
5:44 pm
অশেষ ধন্যবাদ লগতে তোমালৈ অভিনন্দন এটা সুন্দৰ সংখ্যা আমাক উপহাৰ দিয়াই।
1:13 pm
ব্যংগ সাহিত্য সহজ কথা নহয়, সঞ্জীৱৰ লেখাত সদায় সুকীয়া আমেজ এটা পাওঁ। খুব ভাল লাগিল।
5:44 pm
অশেষ ধন্যবাদ দাদা।উৎসাহিত হ’লো।
1:40 pm
এতিয়ালৈ পঢ়া তোমাৰ অন্যতম ভাল লেখা।
তামাম ভাল লাগিল সঞ্জীব
5:45 pm
অশেষ ধন্যবাদ দাদা।আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে।
2:15 pm
বহুত ভাল লাগিল সঞ্জীৱ!
2:36 pm
অশেষ ধন্যবাদ দাদা।
2:47 pm
মোৰ মতে অতি উচ্চ মানৰ লিখনি৷
5:46 pm
অশেষ ধন্যবাদ দাদা।
2:48 pm
বাস্তৱৰ চিত্ৰায়ন। বঢ়িয়া লাগিল।
4:41 pm
অশেষ ধন্যবাদ।
3:35 pm
ইমান যে ভাল লাগিল !
5:46 pm
অশেষ ধন্যবাদ।
5:09 pm
সদায়েই মনত ৰাখিব লগীয়া কিছু কথাৰ সমষ্টিৰে এটা ভাল লগা কাহিনী।
5:46 pm
অশেষ ধন্যবাদ।আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে।
7:14 pm
লা-জৱাব সঞ্জীৱ
11:31 pm
অশেষ ধন্যবাদ দাদা।
7:32 pm
বঢ়িয়া লাগিল ।
2:37 pm
অশেষ ধন্যবাদ।
10:16 pm
সাংঘাতিক লিখিছা
2:37 pm
অশেষ ধন্যবাদ।
10:51 pm
ভাল ভাল।
11:32 pm
অশেষ ধন্যবাদ।
11:18 pm
বৰ ধুনীয়া লিখিছা৷
12:16 am
অশেষ তৃপ্তি পালোঁ সাধুটো পঢ়ি।
11:32 pm
অশেষ ধন্যবাদ।
3:38 am
ৱাহ আন্না ৱাহ
2:37 pm
অশেষ ধন্যবাদ।
7:28 am
বৰ ভাল লাগিল
4:46 pm
অশেষ ধন্যবাদ ৰূপম দা।
12:41 pm
ধুনীয়া লাগিল
2:36 pm
অশেষ ধন্যবাদ।
7:22 pm
প্ৰেকটিকেল গল্প৷জীৱন যুজৰ কাহিনী৷
বঢ়িয়া লাগিল সঞ্জীৱ৷
11:31 pm
অশেষ ধন্যবাদ দাদা।
9:55 pm
সঞ্জীৱ, আজিহে পঢ়িলোঁ। অতি সফল আৰু মনোগ্ৰাহী ব্যংগ। তোমাৰ কলম আৰু চিন্তাৰ সোৱাদেই সুকীয়া। কিন্তু মই প্ৰতিযোগীতাখনৰ আৰু অলপ বেছি ধাৰাবিৱৰণী আশা কৰিছিলো, সেই এক্সাইটিং মুহুৰ্তটো, যেতিয়া ভেকোলাই আল সকলোকে পিছ পেলালে, সেইখিনিত আৰু অলপ ডিটেইলিং লাগিছিল মোক। আৰু শেষৰ ফালে -একদম সঠিক বা শুদ্ধৰ অলপ ৰিপিটিচন হ’ল।
বাকী তামাম, তোমাৰ মাজত এজন চুলঝা হুৱা ব্যংগ লিখক আছে, আৰু অলপ সময় দিয়া।
11:37 pm
সুন্দৰ লেখা সঞ্জীৱ ৷ খুব ভাল লাগিল পঢ়ি ৷