ফটাঢোল

বুটাম টিপা পাৰ্থ- সোণটো ৰঞ্জন বৰুৱা 

ভোট দিবলৈ আহি সন্মুখত হাত, হাতুৰী, কাঁচি, কাটাৰী, ধনু-কাঁড়, তলা, ফুল আদি চিহ্ন দেখি অৰ্জুন জঠৰ হৈ পৰিল। ক’ত টিপিব? চিন্তাত বুটাম টিপিবলৈ আগবঢ়োৱা হাত গৈ মূৰ  পালেগৈ। অসহায় দৃষ্টিৰে কৃষ্ণৰ মুখলৈ চালে, কেচ কি কৃষ্ণই চকুৰ দৃষ্টিতে বুজি পালে। বেটা পুনৰ মোহৰ জালত পৰিল, পুনৰ গীতা জ্ঞান দিব লাগিব এতিয়া।

“বুটাম টিপা  পাৰ্থ!”

“হে মধুসূধন! বেলট বাকছৰ চিহ্নবোৰ দেখি মোৰ অংগ শিথিল হৈ পৰিছে। কোন পক্ষে বুটাম টিপো মধুসূধন? প্ৰথমতে থকা মন্ত্রী মহোদয়ক, যি নিজ কৰ্মৰে জগত বিখ্যাত! নে তেখেতৰ তলতে থকা আমাৰ অঞ্চলৰ আটাইতকৈ ঘাগুজনক? নে কেৱল ভোট বিভাজন কৰিবলৈ উঠা বীৰসকলক? হে প্ৰভু, এই অভাজনক  মাৰ্গ দৰ্শণ কৰা।”

-“বৎস, মোহে পুনৰ হেঁচি  ধৰিব নোৱাৰাকৈ এইবাৰেই শেষ বাৰৰ বাবে তোমাক গীতাৰ জ্ঞান দিম। ভালদৰে  শুনি যাবা। ভোটদান মানৱৰ মহাদান পাৰ্থ। ভোট দিয়া তোমাৰ কৰ্তব্য। কাৰ পক্ষে বুটাম টিপিছা ভাবি নাথাকিবা, মাত্ৰ বুটাম টিপা। স্বাধীনতাৰ পৰা আজিলৈকে তাকেই কৰি আহিছা। তুমি মই  নাথাকিলেও গনতন্ত্র থাকিবই। ইয়াত সৎ অসৎ কোনো নাই। তুমি যাক গুণ্ডা বুলি ভাবিছা, তেখেত ধৰ্মাচাৰ্য্যও হ’ব পাৰে, যাক তুমি মহাত্মা বুলি ভাবিছা, তেখেত মহা ভ্ৰষ্টাচাৰীও হ’ব পাৰে। গতিকে চকু মুদি বুটাম টিপা।”

অৰ্জুনটো অৰ্জুন হয়, শেষৰ কথাখিনিত  পুনৰ খোকোজা লাগিল।

-“হে প্ৰভু, আপোনাৰ বাণী মোৰ মূৰৰ  ওপৰৰে গ’ল, কৃপা কৰি বহলাই ব্যাখ্যা কৰক।”

-“হে মহাবাহু, যদি নেতা ৰূপী গুণ্ডা তোমাৰ দলৰ হয়, তোমাৰ জাতিৰ হয়, তেন্তে তেখেত তোমাৰ বাবে ধৰ্মাচাৰ্য্য। যদি এই দুয়োটাতে  মিল নাই তেন্তে তেখেতক ভ্ৰষ্টাচাৰী বুলি ভাবি লোৱা। প্ৰাৰ্থীৰ চৰিত্ৰ বিশ্লেষণ কৰাতকৈ নিজৰ ব্যক্তিগত লাভ ক’ত হয় তাক চোৱা। নেতাই সময়ৰ দাবি মানি পুৰণি চৰিত্ৰ ত্যাগ কৰি নতুন চৰিত্ৰ পিন্ধি লয়। আজি তুমি যাক কাঁচি, কটাৰী পাৰ্টিৰ বুলি ভাবি আছা কালিলৈ তাক হস্ত পাৰ্টিত দেখিবা, আজি যাক হস্ত পাৰ্টিত দেখিছা কালিলৈ তেখেতক পদ্ম পাৰ্টিত দেখিবা। ‘সুখ-দুখে সমে কৃত্বা, লাভালাভৌ জয়াজয়ৌ’– গতিকে পাৰ্থ, একো নাভাবি বুটাম টিপা, পাপৰ পৰা উদ্ধাৰ হোৱা।”

অৰ্জুন হয়, ক’ত এটা এপিছ’ডত বুজি পাব। গতিকে পুনৰ প্ৰশ্ন কৰিলে

“সুখ-দুখ, জয়-পৰাজয় যদি সমান হ’বলৈ হয়, ভোট কিয় দিব লাগে প্ৰভু?”

‘কৰ্মণ্যেৱাধিকাৰস্তে মা ফলেষু কদাচন’

“হে  ধনঞ্জয়, তুমি কৰ্ম কৰা, ফলৰ আশা নকৰিবা। তোমাৰ কৰ্মফল ভোগ কৰাৰ অধিকাৰ কেৱল নেতাসকলৰ। তুমি পশুপালন কৰা, তেখেতসকলে পশুখাদ্য কেলেংকাৰী কৰিব। তুমি খেতি কৰি কৰি মৰি যোৱা, তেখেতসকলে বীজ, সাৰ আদিৰ কেলেংকাৰী কৰিব। গুদামত বীজ পচাব। আজিলৈকে যেতিয়া কোনো কৰ্মৰ ফল পোৱাই নাই, তেন্তে আজি মাথা মাৰি কি লাভ পাৰ্থ? জ্ঞানীজনে কৰ্মৰ পৰা উৎপন্ন ফল ত্যাগ কৰি জন্মৰূপী বন্ধনৰ পৰা মুক্ত হয়।

‘নিয়ন্ত কুৰু কৰ্মত্ব’।”

-“কিন্তু প্ৰভু….?”

-“পাৰ্থ, ব্যক্তিৰ দ্বাৰা হে ৰাষ্ট্ৰ গঠন হয়। ব্যক্তিয়ে ধন চুঁচিলেও অন্তত দেশতে থাকে। কেতিয়াবা কেতিয়াবা চুইছ বেংক পালেগৈয়ো সেই ধনে ঋণ ৰূপ ধাৰণ কৰি পুনৰায় দেশলৈকে ঘূৰি আহে।”

“এইসকলৰ ইহকাল পৰকালত আত্মাৰ কি গতি হয় প্ৰভু?”

“হে কৌন্তেয়, এইসকলৰ জীৱন কোনো কালতেই হেৰি নহয়। ইহকালত  মন্ত্রী সাংসদ আদি হৈ যশ আৰু ভোগৰ সুখ লাভ কৰে। লগতে এই জনমতেই মন্দিৰ-মছজিদ আদি তৈয়াৰ কৰি পৰকালত পৰমপদৰ চকীখন পক্কা  কৰি যায়। ‘জ্ঞানং তে অহং সবিজ্ঞানমিদং’, তোমাক প্ৰজাতন্ত্ৰৰ মূল কথা কৈ আছোঁ। হাজাৰ মানুহৰ ভিতৰত এজন মানুহে মন্ত্রী পদ পাবৰ বাবে যত্ন কৰে, আৰু যত্ন কৰাৰ অলেখ যোগীৰ ভিতৰত দুই এজনেহে শাসকৰ আসন পোৱাৰ চৰ্টকাট বিচাৰি পায়।”

“হে মধুসূদন, আম আদমিৰ মৌলিক প্ৰয়োজনসমূহ এই কালত…….”

“হে ভৰতকুলনন্দন, তোমাৰ দৃষ্টিভ্ৰম হৈছে। এইসকল প্ৰতিনিধি প্ৰথমে এই দেশৰ জনতা, তাৰ পাছতহে সাংসদ। তেওঁলোকৰ প্ৰয়োজন সমূহতো পূৰণ হৈছে ন। সদৃশ বাংলো, বিদেশী গাড়ী, এৰোপ্লেনত ভ্ৰমণ আদি সুবিধা সমূহতো তেওঁলোকক দেশেই দিছে। আৰু দুই চাৰিশ বছৰৰ পাছত হ’লেও সকলোৱে এই সুবিধাসমূহ ভোগ কৰিবলৈ পাব। তেতিয়ালৈকে ধৈর্য ধৰি বুটাম টিপি থাকা আৰু!”

-“কৰ্ম আৰু কুকৰ্ম কি প্ৰভু?”

-“হে আৰ্য্যশ্ৰেষ্ঠ, যি কৰ্মত কুকৰ্ম আৰু কুকৰ্মত কৰ্ম দেখা পায়, তেখেতেই মানৱৰূপত দেৱতা। আমাৰ প্ৰতিনিধি সকলে এই ৰহস্য বুজি পায়। আমাৰ চুটি মগজুৰে তেওঁলোকৰ কেলেংকাৰিবোৰক আৰ্থিক উৎপাদন বুলি নকৈ কুকৰ্ম বুলি কওঁ। লুটপাট, অপহৰণ, হত্যা আদি কামক বীৰত্বৰ শ্ৰেণী নিদিওঁ।”

-“কিন্তু প্ৰভু……..?”

“কিন্তু-চিন্তু এতিয়া বাদ ….. ফটাফট মোৰ বিৰাট ৰূপ চোৱা আৰু বুটাম টিপা।”

শ্ৰীকৃষ্ণৰ আগত  হাতযোৰ কৰি অৰ্জুন আঠুকাঢ়ি বঢ়ি পৰিল। অৰ্জুনৰ চকুৰ সন্মুখত ভাৰতীয় গণতন্ত্রৰ প্ৰকৃত ছবিখন ভাঁহি আহিল। এফালে যদি  নোটৰ সলনি ভোটৰ পেৰেড চলি আছে আনফালে প্ৰশ্ন সোধাৰ ৰেট ফিক্স হৈছে। ক’ৰবাত যদি প্ৰতিৰক্ষা চুক্তিৰ দালালিৰ ধন বান্দোল হিচাপে ওজন কৰা হৈছে, অন্য ক’ৰবাত আকৌ ক’লা কোট পিন্ধাসকলে ন্যায় নিলাম কৰি আছে। দালাল ষ্ট্ৰিট উখল-মাখল, চেনচেক্স- হাইজাম্প মাৰিছে। খেতিয়কে মাটিৰ সলনি গুলি উপহাৰ ৰূপে পাইছে।  বুদ্ধিমান কৃষকে আত্মহত্যা কৰিছে। দৰিদ্ৰতা, চৰকাৰী দৰমহাৰ সমবিকাশ হৈছে। মিডিয়াই টিআৰপিৰ লোভত নিজৰ কৰ্তব্য পাহৰি মুখ্যপত্ৰৰ কাম কৰিবলৈ আৰম্ভ কৰিছে….. কিমান কি চাব, শেষত অৰ্জুনে চিৎকাৰ কৰি বিৰাট ৰূপ সামৰিবলৈ শ্ৰীকৃষ্ণৰ ভৰিত পৰি প্ৰাৰ্থনা কৰিলে। শ্ৰীকৃষ্ণইয়ো নিজৰ ৰূপ সামৰি অৰ্জুনক ক’লে,
“যি হৈছে ভালৰ বাবেই হৈছে। যি হ’বলৈ গৈ আছে সিও ভালৰ বাবেই হ’ব। ইয়াত তুমি হেৰুৱাবলৈ কি আছে?  ৰজাৰ দিনতো তোমাৰ জেপ  খালীয়েইটো আছিল, এসাঁজ খালে অন্য সাঁজলৈ চিন্তা হৈছিল। নে ইংৰাজৰ দিনত ভাল আছিল?  দেশ স্বাধীন হোৱাৰ সময়ত কি লৈ স্বাধীন ভাৰতলৈ আহিছিলা? খালী হাতে আহিছিলা যেতিয়া খালী হাতেই যাবগৈ লাগিব। যি মোহনভোগ খাবলৈ আহিছে তেওঁলোককে খাবলৈ দিয়া। তুমি মাত্ৰ নিমখভাত খাই বুটাম টিপি যোৱা।”

অৰ্জুনে আৰু একো প্ৰশ্ন নকৰি বুটাম টিপি, কান্ধত কোৰখন লৈ খেতিপথাৰলৈ খোজ ল’লে৷

☆ ★ ☆ ★ ☆

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *