বাছৰ লটি ঘটি- পৰিস্মিতা বৰদলৈ গোস্বামী
আজি যিটো ঘটনা আপোনালোকৰ আগত ক’বলৈ লৈছোঁ; সেই ঘটনাটো আজিৰ পৰা প্ৰায় আঠ বছৰমানৰ আগতেই এই আমুকীৰ লগত ঘটিছিল।
স্থান: গুৱাহাটী
সময়: ২০১২ চনৰ কোনোবা এটা মাহ।
ফ’নটো লগাই আকৌ হেপ্পী জাৰ্নি উইচ্ কৰিলোঁ৷ তেওঁ সোৱঁৰাই দিলে কাইলৈ কলাক্ষেত্ৰ, পৰহিলৈ উমানন্দ..
হাঁহি উঠি গ’ল মোৰ তেওঁৰ লগত কৰাৰ উচ্ছাসবোৰ দেখি৷ ঘৰ আহি পায়েই খবৰ দিলে, তেওঁ পালেহি বুলি যদিও আশা কৰিছিলে সেইদিনাও এখেন্তেক দেখা কৰিব পাৰিম বুলি পিছে মই পাছদিনা লগ কৰাৰহে প্ৰতিশ্ৰুতি দিলোঁ কাৰণ তেতিয়ালৈকে যে মই অফিচৰ কামৰ মাজত৷
প্ৰাইভেট হ’ষ্টেলট থাকোঁ, পাছদিনা ৰাতিপুৱাই গা ধুই কাপোৰ পিন্ধি একেবাৰে সাঁজু হৈ আছোঁ মনৰ মানুহজনক লগ কৰিবলৈ৷ ইফালে তেওঁ ঘৰত থকাৰ বাবে বেছিকৈ ফোনত কথাও পাতিব নোৱাৰে৷ মেচেজ দিয়েই জনাইছে৷ চাৰে দহমান বজাত পোৱাকৈ ৰুমৰ পৰা ওলাই যাবলৈ; এটা ডাঙৰ চাৰপ্ৰাইজ আছে হেনো৷ তাৰে ওপৰত ৰুমমেটকেইজনীৰ আকৌ বিভিন্ন দিহা পৰামৰ্শ৷
সময় ঠিক কৰা মতেই ওলাই গ’লোঁ হ’ষ্টেলৰ পৰা৷ কিন্তু এইয়া কি? এগাল ডাড়ি লৈ মোৰ গেটৰ সন্মুখতে তেওঁ ৰৈ আছে..বিৰাট বেয়া দেখোঁ মই পুৰুষক ডাড়ি ৰাখিলে আৰু এইটো চাৰপ্ৰাইজকে লৈ মোক লগ কৰিবলৈ আহিছে৷ এনেয়ে হোৱা হ’লে মুখখন ফুলিলেইহেতেন কিন্তু ছয়মাহৰ পাছত লগ কৰাৰ বাবে দিনটো মোৰ নষ্ট কৰিবলৈ মন নগ’ল৷ উপায়ন্তৰ হৈ তেখেতৰ লগে লগে নিৰ্দ্দিষ্ট বাচ ষ্টপেজটোলৈ আগবাঢ়িলোঁ৷ আগৰ প্লেন মতেই আমি কলাক্ষেত্ৰলৈ যোৱাটোকে ঠিক কৰিলোঁ। আৰু সেইফালে যোৱা ছিটি বাছত উঠিলোঁ। (যিহেতু সেইসময়ত ওলা উবেৰজাতীয় কোনো গাড়ী নাছিলে গতিকে আমাৰ বাবে চিটি বাছেই সুলভ বাহন)
কলাক্ষেত্ৰলৈ যোৱা ছিটি বাছত উঠিয়েই মই খিৰিকীৰ কাষৰ চিট এটা খালী পাই বহি দিলোঁ আৰু দুই মিনিটমানৰ পাছতে খিৰিকীৰে বাহিৰৰ দুনীয়া চোৱাত ব্যস্ত হৈ পৰিলোঁ৷ অলপ সময়ৰ পাছত কাষত কোনোবা বহিল যদিও মই ইমানো পাত্তা নিদি নিজৰ ভাবতে বিভোৰ হৈ গ’লোঁ৷ ৰাস্তাৰ কাষৰ আইচক্ৰীমৱালা, ফুচকাৱালা, মম’ৱালাকেইটাক দেখি টেইষ্টৰ কথা মনত পৰি কথাৰ পাকঘূৰণি খাই আছিলে তাতে বহুত দিনৰ পাছত অফিচৰ কামৰ পৰা ৰেহাই পোৱাত মনটোও ৰিলেক্স লাগি আছিল।
অলপ সময়ৰ পাছতে বাছৰ কণ্ডাক্টৰে পইচা বিচৰাত মানে হেচুঁকি দিয়াত মই বেগৰ চেইনডাল খুলিবলৈ লওঁতেই কাষতে বহি থকা মানুহ এজনে মোৰ পইচা দি দিলে৷ মইতো আচৰিত.. কি মানুহ, চিনি নাপাওঁ কিয় পইচা দিলে মোৰ! ভেবা লাগি মানুহজনলৈ চাই থাকোঁতেই মানুহজনে হাঁহি মাৰি ক’লে একো নাই যাওঁতে মই দিলোঁ আহোঁতে তুমি দিবা, নহ’লে কিবা এটা খোৱাই দিবা. মইতো আচৰিত.. চিনি নাপাওঁ এইডালক আকৌ মোৰ লগত আহিবলৈও লাগে৷ এইবাৰ মই মানুহজনলৈ খঙেৰে চাই কিয় মোৰ পইচা দিছে বুলি ক’বলৈ লওঁতেই মনটোত ধাৰণা হ’ল ক’ৰবাত দেখিছোঁ এই মানুহজনক, কিন্তু ঠিক দুইচেকেণ্ডমান মনত পেলাব নোৱাৰিলো ক’ত দেখিছোঁঁ। মানুহজনে এনেকৈ মই ভেবা লাগি থকাৰ বাবে “এই কি হ’ল” বুলি হাঁহি দিলে৷ মই বেঙা মানুহৰ দৰে “আপোনাক ক’ৰবাত দেখা দেখা লাগিছে কিন্তু মনত পৰা নাই।” বুলি কওঁতেই মানুহজনে ক’লে আগতে তুমি বাছৰ পৰা নামি লোৱাচোন তাৰ পাছত মনত পেলাবা মোক ক’ত লগ পাইছিলা! বাছৰ পৰা নামিবলৈ লওঁতেহে মনত পৰিল .. ধেই এই মানুহজনৰ লগতেই দেখোন মই ডেটিং মাৰিব আহিছোঁ কলাক্ষেত্ৰলৈ, ডাড়ি ৰখাৰ বাবে চিনিবই পৰা নাছিলোঁ মোৰ মনৰ মানুহজনক।
☆ ★ ☆ ★ ☆
3:08 pm
Hahi uthise dhunia likhisa
11:05 pm
আমাৰ ঘৰৰ ওচৰতে ডেটিং মাৰি গ’লাহি, হি হি।
ভাল লাগিল পঢ়ি
11:14 pm
ভাল লাগিল পৰিস্মীতা
12:00 am
ৱাঢ় ভাল লাগিল পঢ়ি ধুনীয়া লিখিছ। লিখি থাকিবি আগলৈ শুভেচ্ছা থাকিল।