চাইকেলৰ বেকচিটৰ লটি ঘটি- হিমাংশু শৰ্মা
ৰবিবাৰে ‘নেভি’ৰ ক্লাছ। ৰমেনহঁত আহি আছে। আজি ৰমেনৰ চাইকেলখন চলোৱা কথাও আছে। কথাবোৰ ভাবি ভাবি মই বিভোৰ হৈ পৰিছিলোঁ।
মই আৰু বেছি দেৰি অপেক্ষা কৰিব নালাগিল, ঘৰৰ তলত উতনুৱা লগৰীৰ চিঞৰ শুনিবলৈ পালোঁ৷ নিৰ্ধাৰণ কৰি থোৱা ইংগিতেৰে মোক সংকেত দিলে আৰু ময়ো দেৰি নকৰি নামি আহিলোঁ খেলৰ সজুলিৰ সৈতে। পঢ়া টেবুলত কিতাপ তেনেকৈয়ে পৰি ৰ’ল৷ অলপ আগতে ল’ৰাৰ সুমতি দেখি উথলি উঠা মাৰ মৰমবোৰ গালিলৈ পৰিৱৰ্তিত হ’ল। দৌৰি দৌৰি আহি ৰমেনৰ চাইকেলৰ কেৰিয়াৰত বহি ‘চল ধন্নো’ বুলি কৈ তাৰ পিঠিত ঠাপৰ এটা দি দিলোঁ। সিও গাৰ সমস্ত বল প্ৰয়োগ কৰি পেদেল মাৰিবলৈ ধৰিলে আৰু আমি পলকতে মাৰ চকুৱে ঢুকি নোপোৱা দূৰত্ব পালোগৈ৷ কেৱল কাণত বাজি থাকিল “ঘূৰিটো আহিবি, তেতিয়া তোক কোনে বচাব?”
“আজি মৰিলি তই” ৰমেনে ক’লে৷ মই বোলো, “সেইবোৰ কথা বাদ দে বে৷ তই চাইকেল চলা৷”
শিলপুখুৰীৰপৰা আহি আহি পাণবজাৰ (আমাৰ আজিও প্ৰিয় ঠাই) পালোঁ, ইতিমধ্যে ‘নেভি’ৰ ক্লাছ আৰম্ভ হৈছে, সিহঁত ক্লাছলৈ সোমাই গ’ল, মই ফিল্ডখনৰ এটা মূৰত ৰৈ সিহঁতৰ অনুশীলন চাই চাই তৃপ্তি লৈ থাকিলোঁ। মাজে মাজে কেৱল কামাণ্ডৰ ৰজিতৰ বিকট চিঞৰকেইটাত কাণ তাল মাৰি ধৰিছিল “ট্ৰোপ চাৱধান, ট্ৰোপ বিচৰাম, ইত্যাদি ইত্যাদি। মই মনতে ভাবিলো যে ‘নেভি’ৰ কামাণ্ডাৰতকৈ আমাৰ কামাণ্ডাৰৰ কামাণ্ড বেছি দমদাৰ (এই মুহূর্তত পুলকেশ বণিয়া দাদালৈ মনত পৰি গ’ল। তেওঁ আমাৰ স্কুলৰ স্কাউটৰ লিডাৰ আছিল) ক্লাছ প্ৰায় শেষ হৈছিল আৰু ৰজিতে শেষ হোৱাৰ কামাণ্ড দিয়াৰ লগে লগেই চৰাই বাহ এৰাৰ দৰে স্কুলৰ ফিল্ডখনৰপৰা আহি ‘বুঢ়া’ৰ দোকানৰ পুৰি খাবলৈ দৌৰ দিলোঁ। (কলেজিয়েটত পঢ়াসকলে ‘বুঢ়া’ৰ চিংৰা আৰু পুৰি চব্জীৰ কথা কেতিয়াও পাহৰিব নোৱাৰে৷ এতিয়া দোকানখন নাই৷ সেইফালেদি গ’লে মনটো গধুৰ হৈ পৰে)
পেটৰ জুই নুমুৱাই আমি খোজ ল’লো জ’জ ফিল্ডলৈ৷ ইতিমধ্যে দিগন্তহঁত পালেগৈ চাগে। আমিও বেগা-বেগিকৈ আগবাঢ়িলোঁ। খেল আৰম্ভ হ’বই আৰু। দুয়োটা দল সাজু। মোৰ হাতত মোৰ প্ৰিয় বল্লা SG (ENGLISH WILLOW)। দিগন্ত আৰু মই অপেনিং খেলিম। পিছত ক্ৰমে বিজু, ৰমেন, কুলজিত। আমাৰ বলিং শক্তিও ভাল। দিগন্ত শৰ্মা আমাৰ মুখ্য নায়ক বলিং এটেকৰ। ভবা মতে আমি প্ৰথম বেটিঙৰ নিমন্ত্ৰণ পালোঁ৷ আমি সদায় প্ৰথম বেটিং পছন্দ কৰিছিলোঁ। সকলোৰে সহযোগত আমি সিহঁতৰ সমুখত পাহাৰ সদৃশ লক্ষ্য এটা ৰাখিবলৈ সমৰ্থ হৈছিলোঁ৷ আশা কৰা ধৰণে সিহঁত অনায়াসে পৰাজিত হৈছিল। জয়ৰ উল্লাসত আমি বাৰুকৈয়ে উৎফুল্লিত হৈছিলোঁ৷ “সিহঁত আজিও হাৰিল! তেল কমিব অলপ বেতাহঁতৰ!” বিভিন্নজনৰ ভিন্ন মতামত৷ মুঠতে আমাৰ লগত পাংগা লোৱাসকলক আমি ৰেহাই নিদিওঁ।
জয়ৰ তৃপ্তিৰে আমি ঘৰমুৱা হৈছিলোঁ। ৰমেনে চাইকেল চলাই আছে মই হাতত বেতখন লৈ কেৰিয়াৰত বহি ইটো সিটো কথা পাতি আহি আছোঁ৷ আমাৰ আগে আগে বিজুহঁত। ৰবিবাৰৰ ৰাস্তা, ভীৰ বেছি নথকাত নিজৰ ইচ্ছামতে আহি আছিলোঁ৷ সময় গোটেই কম হোৱা নাছিল৷ বোধকৰো ১.৩০ মান বাজি গৈছিল। পেটত প্ৰচণ্ড ভোক, মূৰৰ ওপৰত ৰঙা খঙাল বেলি। ঘামেৰে লুতুৰি-পুতুৰি হোৱা শৰীৰ প্ৰায় অৱশ হৈ পৰিছিল৷
যিমানে ঘৰৰ ওচৰ চাপিছোঁ, মোৰ মনত ৰাতিপুৱা পঢ়া টেবুলৰপৰা দৌৰ মাৰোঁতে পিছফালৰপৰা মায়ে চিঞৰি চিঞৰি কোৱা শেষ বাক্যটোৱে সিমানে আমনি কৰিবলৈ ধৰিলে৷ নাজানো আজি কি হয়! কথাবোৰ পাগুলি থাকোঁতে হঠাৎ মই অনুভৱ কৰিলোঁ যে মই ক্ৰমান্বয়ে পিছৰ ফালে হালি গৈ আছোঁ আৰু অৱশেষত বহি থকা কেৰিয়াৰখনে মোক মাটিত পেলাই দিলে৷ মই ৰমেন, ৰমেনে বুলি চিঞৰি পথৰ দাঁতিত আঠুকাঢ়ি পৰি ৰ’লোঁ, তাকো TC স্কুলৰ ঠিক গেটৰ সম্মুখতে! (TC স্কুলৰ ছোৱালীৰ কলেজিয়েটৰ ল’ৰাৰ প্ৰতি এক বিশেষ দুৰ্বলতা আছিল বুলি আমি তেতিয়া বিশ্বাস কৰিছিলোঁ) ৰমেনে মোৰ চিঞৰ শুনা নাছিল৷ সি একে গতিত সমুখৰ ফালে গৈয়ে আছে৷ বগা পোছাক পিন্ধা পুলিচ এজনে তাক ৰখালে আৰু মোৰ ফালে আঙুলিয়াই দেখুৱালে৷ ততাতৈয়াকৈ চাইকেলখন ৰখাই সি মোৰ ওচৰলৈ দৌৰি আহিল। সি অহালৈ মই কোনোমতে থিয় হৈছিলোঁ, আঁঠু দুটাত প্ৰচণ্ড বিষ, তেজো ওলাইছে। তাৰ কান্ধত হাত দি লেকেচিয়াই লেকেচিয়াই ফুটপাথৰ ওপৰলৈ আহিলো। ৰমেনে যদিও মোক সহায় কৰি আছিল তথাপি সি হাঁহি হাঁহি কৈ উঠিল, “আব্বে আজি যদি ৰবিবাৰ নহয় অন্য বাৰ হ’ল হয় আমাৰ কি হ’ল হয় ভাবিছনে এবাৰ?” মই কথাটো তেতিয়াহে টং কৰিলোঁ। এইখিনি সময়ত স্কুল ছুটি হয়৷ টিচি স্কুলৰ ছোৱালীবোৰৰ সমুখত আমাৰ ইমেজ বৰবাদ হৈ গ’লহেঁতেন।
কেৰিয়াৰখনৰ খুলি পৰা স্ক্ৰুটো দোকান এখনত লগাই লৈ আকৌ ঘৰলৈ বুলি পেডেল ঘূৰিল। মোক ঘৰৰ তলত নমাই দি মাই দেখা পোৱাৰ আগতে ৰমেন পলাল।ময়ো হৰিৰ নাম লৈ, লেকেচিয়াই লেকেচিয়াই ঘৰ সোমালোঁ৷ মোক দেখি মাৰ বকনি আৰম্ভ হৈ গ’ল! ৰাতিপুৱাৰ খং কমাই নাই। তাকে দেখি মই মোৰ দুখ পোৱাৰ কথা অলপ বেছিকৈ মাক ক’বলৈ ধৰিলোঁ। তেজ ওলাই থকা আঁঠু দুটা দেখি মাৰ মাতটো কোমল হৈ গ’ল। মই বোলো “ৰক্ষা প্ৰভু! চাল চিগা আঁঠুৱে আজি মোক ঔকিলৰপৰা বচালে৷”
☆ ★ ☆ ★ ☆
11:33 pm
ভাল লাগিল