দৰাৰ জোতা- কমলা দাস
মামাৰ ল’ৰা ভাইটিৰ বিয়া। বিয়া বুলি ক’লেই হাঁহি স্ফূৰ্তি অলপ হয়েই। দৰা কইনা দুয়ো ঘৰেই গুৱাহাটীয়া। গতিকে বিয়াৰ নিয়মবোৰ অসমীয়া সমাজৰ পৰম্পৰা মতেই হৈছে যদিও দুই এটা ফিল্মী পৰম্পৰাও মাজতে সোমাইছে। তাৰে এটা হ’ল – দৰাৰ জোতা লুকুওৱা পৰ্ব। (এইটো এটা ধেমেলীয়া পৰ্ব। এইটো পৰ্ব আজিকালি অকল গুৱাহাটীয়েই নহয়, অসমৰ প্ৰায়বোৰ ঠাইতেই চলে) দৰা গৈ কইনা ঘৰ পালে, পদূলিতে কলৰ তলত ভৰি ধুৱাই আদৰাৰ নিয়ম। দৰাই জোতা খুলি বৰপীৰাত উঠি থিয় হ’লে, কইনাঘৰীয়া কোনোবা সৰু ছোৱালীয়ে দৰাৰ ভৰি ধুৱাই দিয়ে। সেই চেগতে কইনাঘৰীয়া চেমনীয়াসকলে লগে ভাগে দৰাৰ জোতা লুকুৱাই ৰাখি, ওভোটাই দিয়াৰ সময়ত টকাৰ ডিমাণ্ড কৰে আৰু দৰাঘৰীয়া চেমনীয়াসকলেও পৰাপক্ষত কইনা পক্ষই জোতাযোৰ নিব নোৱাৰাকৈ পহৰা দিয়ে। এই লৈ দৰাঘৰীয়া আৰু কইনাঘৰীয়াৰ চেমনীয়া চামৰ লগতে বৌ, বাইদেউবোৰেও উজান দি খুব পৰিকল্পনা সাজি থাকে। মুঠতে দৰাৰ জোতাযোৰ কোনে সৰকাব পাৰে, সেই লৈ দুয়ো পক্ষই তুমুল ষ্ট্ৰেটেজি বনাই থাকে বিয়াৰ দিনটো নহালৈকে, যিটো অৱশ্যে আমাৰ অসমীয়া সমাজৰ পৰম্পৰা নাছিল।
বাৰু যিয়েই নহওক, বৰ্তমানৰ প্ৰায়বোৰ বিয়াতেই জোতা লুকুওৱাৰ খেলাটো চলেই। গতিকে মামাৰ ল’ৰাৰ বিয়াতো এই লৈ মাহীৰ ছোৱালীহঁত, দৰাৰ ভায়েক, নিজৰ বৌৱেকৰ লগতে পৰিয়ালৰ বৌৱেকবোৰ, বিয়া দিয়া বায়েক আদি কৰি সকলোৱে খুব এলাৰ্ট হৈ আছে! মানে আমি কইনাঘৰীয়াক কোনো পধ্যেই জোতা নিবলৈ নিদিওঁ। সিফালে কইনাৰ ভনীয়েকেও হেনো চেলেঞ্জ দিছে, যেনেকৈ হওক, দৰাৰ জোতা নিবই নিব আৰু ওভোটাই দিয়াৰ সময়ত দহ হাজাৰ টকা ডিমাণ্ড কৰিব।
টকাৰ ডিমাণ্ডৰ কথাটো কাৰো গাত লগা নাই। কিন্তু কইনাঘৰীয়াই চেলেঞ্জ দিয়া কথাটোহে চবৰে গাত লাগিছে! কইনাঘৰীয়াৰ কথা শুনি, দৰাঘৰীয়া জোতা ৰখীয়া সৈন্য বাহিনীৰ চকু ডাঙৰ হৈ গৈছে! ইটোৱে সিটোৰ ফালে যিমান পাৰি চকু বহলাই চাইছে! তাৰপাছত গৰম গৰম আলোচনা। দৰাৰ ভায়েকে কৈছে – “আৰে, এইটো কেনেকৈ হ’ব! সিহঁতে জোতা নিবলৈ আহিলে আমি কি হাত সাৱটি বহি থাকিম! আমাৰোতো সন্মানৰ কথা আছে! কি ভাবিছে সিহঁতে!” তাৰ কথা শুনি ডিব্ৰুগড়ৰপৰা বিয়া খাবলৈ অহা দৰাৰ মাহীয়েকৰ পুতেকে মাত লগাইছে, “হয় দেই, আমি কি চুৰিয়া পিন্ধি আহিছোঁ নেকি সুদূৰ ডিব্ৰুগড়ৰপৰা বিয়া খাবলৈ! সিহঁতক কোনো পধ্যে জোতা নিবলৈ নিদিওঁ।” (যেন সি বিয়া খাবলৈ নহয়, দৰাৰ জোতা ৰখিবলৈ হে আহিছে ডিব্ৰুগড়ৰপৰা!)
আয়তীৰ মঙ্গল উৰুলি ধ্বনিৰে বিয়াৰ দিনটো হাঁহি ধেমালিৰে সুন্দৰকৈ পাৰ হৈ গ’ল। নিৰ্দিষ্ট সময়ত দৰা যাবলৈ সাজু হ’ল। লগে লগে জোতা ৰখীয়া বাহিনীও সষ্টম হ’ল।
দৰাঘৰীয়া সহিতে দৰা গৈ কইনা ঘৰৰ পদূলিৰপৰা অলপ দূৰত ৰৈ আছে ফুলজাৰি মৰা শেষ হোৱালৈকে। দুয়ো ঘৰে জকমকীয়া আটচবাজী মাৰি আছে। চাউলো চটিয়াই আছে। ইফালে আমাৰ জোতা ৰখীয়া বাহিনীয়ে কইনা ঘৰৰ জোতা সৰকাবলৈ সাজু হৈ থকা দলটোলৈ লক্ষ্য কৰি আছে। এজনে আহি কৈছে, “বাপৰে, সিহঁতৰ দলটোত প্ৰায় বিশটামান আছে!” তাৰ কথা শুনি দৰাঘৰীয়া পক্ষৰ এজনে কৈছে, “থাকক দে। আৰু বিশটা আহিলেও জোতা নিব নোৱাৰে। কৈ দিছোঁ!” কৈয়েই সি বৌ, বাইদেউ, ভণ্টিহঁতকো এলাৰ্ট কৰি দিলে। সিহঁতেও বুঢ়া আঙুলিটো নব্বৈ ডিগ্ৰী কোণত থিয়কৈ দেখুৱাই সাজু আছে বুলি জনালে।
আটচবাজী মৰা শেষ হ’লত দৰা গৈ কইনা ঘৰৰ পদূলিত থিয় হ’ল। বৰপীৰাত উঠা সময় হৈছে! তুমুল উত্তেজনা! দুয়ো পক্ষৰ চেমনীয়াসকলৰ ঠেলাঠেলিত মানুহ থিয় দি থাকিব নোৱাৰা পৰিস্থিতি এটা হৈছে। দুয়ো পক্ষৰ চেমনীয়া কিছুমান বহি লৈছে দৰাৰ ভৰিৰ চাৰিওফালে। তেনেকৈ প্ৰায় একেলগ হোৱাত, কোন কাৰ পক্ষৰ ধৰিব নোৱাৰি নিজৰ পক্ষৰ সৈন্যই, সিটো পক্ষকে সহায় কৰিছে। সিহঁতৰ অত্যাচাৰত দৰাই জোতা খুলিব পৰা নাই। শেষত যেনিবা সখিয়েকে অভয় দিয়াত, লাহেকৈ জোতা খুলিব ধৰোঁতেই এজনে এপাত টান মাৰি দিয়াত, দৰাই হামখুৰি খাই পৰিবই ধৰিছিল! সখিয়েকে থাপ মাৰি ধৰাতহে কোনোমতে নপৰাকৈ থাকিল। দৰাই খঙতে জোতাসহ বৰপীৰাত উঠি দিলে। হাহাকাৰ লাগিল! ভৰি কেনেকৈ ধুৱাব! আকৌ দুজনমানে কৈ মেলি দৰাক পীৰাৰপৰা নমালে। এইবাৰ সখিয়েকে দৰাৰ পিছফালে থিয় হৈ থাকিল দৰাৰ জোতা কোনেও নিব নোৱাৰাকৈ। এইবাৰ জোতা নিয়া বাহিনীৰ উত্তেজনাময় পৰিস্থিতি! চাৰিওফালে দুয়ো পক্ষৰ মানুহেই মানুহ! উশাহ ল’ব নোৱাৰি! এনেতে দৰাই জোতা খুলিলে। আৰু সেই মুহূৰ্ততে জয়ানগৰৰপৰা অহা দৰাৰ মাহীয়েকে, মানুহ ঠেলি বহি লৈ দৰাৰ সখিয়েকৰ দুই ভৰিৰ মাজেৰে হাত সুমুৱাই দি জোতা জোৰ থাপ মাৰি খামুচি ধৰিলে প্ৰায় চল্লিশযোৰ ট টকৈ চাই থকা চকুৰ সন্মুখতে! কম কথানে! কামটো কোন পক্ষৰপৰা কৰিলে কোনেও ধৰিব নোৱাৰি, লাগি গ’ল দুয়ো পক্ষৰ জোতা নিয়া বাহিনীৰ টনা আঁজোৰা। কোনে কাক ঠেলিছে, কোনে কেনেকৈ জোতা টানিছে ঠিকনা নাই। কোনোবাই ঠলামুৰিও খাইছে। ইয়াৰ মাজতে দৰা ভিতৰলৈ সোমাই গ’ল, কিন্তু সখিয়েক যাব পৰা নাই। কাৰণ তেওঁৰ দুই ভৰিৰ মাজতে টনা আজোৰা যুদ্ধখন চলি আছে। তেওঁ পৰি নোযোৱাকৈ কিবাকৈহে থিয় হৈ আছে এজনৰ কান্ধত ধৰি। কিছু সময় যুঁজাৰ পাছত প্ৰচণ্ড বিক্ৰমেৰে দৰাৰ মাহীয়েকে জোতাযোৰ সকলোৰেপৰা এৰুৱাই আনি বহাৰপৰা উঠি লৰ মাৰিব খোজোতেই লাগিল লেঠা! মাহীৰ কাণফুলি দৰাৰ সখিয়েকৰ ধুত
িত লাগি ধৰিলে। সখিয়েকে ধুতিখন থাপ মাৰি ধৰিলতহে ৰক্ষা। কোনোবা এজনে কাণফুলি পাত এৰুৱাই দিলে। সেইখিনি সময়তে কোনোবা এজনে জোতা নিবলৈ খুব জোৰত হাত এখনেৰে থপিয়ালে, জোতা বচাবলৈ মাহীয়ে হাওলি দিয়াত, সেইজনৰ হাতখন তেওঁৰ চকুৰ তলত খুব জোৰেৰে লাগিল। সেইবোৰকো কেৰেপ নকৰি, অৱশেষত তেওঁ জোতাযোৰ সৰকাই আনি দৰা পক্ষৰ মানুহৰ আগত বিজয়ৰ হাঁহি মাৰিলে। আমি দেখিলো তেওঁৰ এটা চকুৰ তলফালে নখৰ আঁচোৰ লাগি ৰঙা পৰি উঠিছে!
তাৰপাছত বিয়াখন ভালদৰে হৈ গ’ল। কইনা আনি ঘৰ সুমুৱালেহি। বেচেৰী মাহীজনীৰ চকুটোহে হিন্দী চিনেমাৰ গুণ্ডাই মাৰ খোৱাৰ পাছত ক’লা পৰি থকাৰ নিচিনাকৈ এসপ্তাহলৈকে ক’লা পৰি উখহি থাকিল।
পিছত আমি মাহীক কৈছিলো যে আপুনি ইমান কষ্ট কৰি জোতাযোৰ নানিলেও হ’লহেঁতেন। মিছামিছি চকুটোত আঘাত পালে! পিছে আমাৰ আজলী মাহীয়ে কি ক’লে জানেনে! দৰা পক্ষৰ চেমনীয়াজাকে হেনো তেওঁক কৈছিল যে – ‘আজি যেয়ে দৰাৰ জোতা আনিব পাৰিব, তেওঁকেই ওস্তাদ বুলি মানি লোৱা হ’ব!’ আৰু সেই কথাষাৰতেই আমাৰ মাহীয়ে হেজাৰ হাতীৰ বল প্ৰয়োগ কৰিবলৈ প্ৰেৰণা পাইছিল!
মাহী ঐ!
☆ ★ ☆ ★ ☆
5:22 pm
কি যে হ’ব। ভাল জমনি জমনি ঘটনা হয় কিন্তু বিয়া বুলিয়েই।ভাল লাগিল পঢ়ি মাহী।
1:43 pm
ধন্যবাদ জনালোঁ ৰাজশ্ৰী
1:51 pm
জমনি চোন।
1:54 pm
পঢ়ি চোৱা বাবে ধন্যবাদ জনালোঁ
12:27 am
এনেকুৱা এগৰাকী ওস্তাদ মাহীয়েক /ভনীয়েক সকলোৰে ভাগ্যত থাকক। বৰ ৰস পালোঁ পঢ়ি।
4:11 pm
হাঁ : হাঁ:জমনি
8:02 am
বৰ ভাল লাগিল পঢ়ি |