ফটাঢোল

ছাঁ – বৈদুৰ্য বৰুৱা

এই কেইদিন যি অসহ্য গৰম পৰিছে, উঃ! সেয়া আৰু নতুনকৈ কাকো বুজাই কোৱাৰ প্ৰয়োজন নাই।আকাশ, বতাহ সকলো গৰম। প্ৰখৰ ৰ’দৰ উত্তাপত সকলো জীৱন্ত প্ৰাণী বাদেই গছ বিৰিখেও ত্ৰাহি মধুসুদন দেখি গৈছে। উৎকট গৰমত থাকিব নোৱাৰি নিশা অলপ বাহিৰলৈ ওলাই আহিছিলোঁ। হয়তো নিশা চাৰে ন মান হৈছিল। ভাবিলোঁ আধাঘণ্টামান ফুৰি ভাত খাই শুমগৈ আৰু৷

ঘৰৰ পৰা যিহেতু পাৰ্কখন বেছি দূৰ নহয় সেইকাৰণে যিকোনো সময়তে পাৰ্কখনলৈ গৈ অলপ মুকলি শীতল বতাহ সেৱন কৰিবলৈ মোৰ এটা সুবিধা আছে আৰু কেৱল ময়েই নহয়। বিশেষকৈ গৰমকালি গেলা গৰমৰ দিনকেইটাত পাৰ্কৰ কাষৰ বাসিন্দাসকলেও মোৰ দৰে সুবিধা এটা লয়।

পাৰ্কত মানুহ নাছিলেই। সাধাৰণতে আঠ বজাৰ পাছত পাৰ্ক খালী হৈ যায়। মই লাহে লাহে পাৰ্কখনৰ দীঘল ৰাস্তাটোৱেদি আন্ধাৰৰ মাজে মাজে লাহে লাহে খোজ আগবঢ়ালোঁ। দুয়োফালৰ গছ গছনি, ফুল পাতৰ জোপোহাৰ মাজেৰে ৰিব্‌ ৰিব্‌কৈ জাননাজানকৈ বতাহ বলি আছে৷ ষ্ট্ৰীট লাইটকেইটাৰ বেছিভাগেই ফিউজ। ওপৰৰ জোনবাইজনীয়েহে পোহৰ চতিয়াই আছে। ছাঁ পোহৰৰ খেলা! গছ-গছনিৰ হেজৰ জোপোহাৰ আঁৰে আঁৰে দূৰৈত দুই এজন ফুৰিবলৈ অহা মানুহৰ ক’লা ছাঁয়ামূৰ্ত্তি দেখা গৈছে৷ কিছু দূৰত ৰাস্তাটোৰ দুয়োকাষত থিয় হৈ দুজন লোকে সন্মুখা সন্মুখিকৈ ভূনভূনাই কিবা কথা পাতি আছে৷ দুয়োজনে দুহাতত দুখন বিচনী লৈ বিচি আছে৷ মানুহ দুজন সুদা গাৰে আছে যেন লাগিছে৷ পিন্ধনত হয়টো ধূতি। আঠুলৈকে পৰা ধূতি দুখন অস্পষ্ট বগাকৈ জিলিকিছে৷ মই লাহে লাহে আগবাঢ়ি গৈ থাকিলোঁঁ৷

হেখেক..খেক..

: মোৰ হিচাবত আগলৈ নোযোৱাই ভাল নেকি দাদা!

এনেতে কাৰোবাৰ গলখেকাৰি এটাৰ লগতে মাত এটা শুনি ঘূৰি চালোঁ। পদপথটোৰ কাষত থকা কংক্ৰীটৰ বেঞ্চখনৰ পৰা কোনোবাই মোক উদেশ্যি লাহেকৈ কৈ উঠিছে। আন্ধাৰে মুন্ধাৰে থকা বেঞ্চখনতনো কোন বহি আছে মনিব নোৱাৰি কিন্তু মাতটো চিনাকি যেন লাগিল৷

: মই বাসু। দাদা৷

: বাসু! তই ইয়াত? কি কৰিছ অকলে অকলে!

: এনেই বহি আছোঁ দাদা। আপুনি পাৰ হৈ যোৱাৰ পাছত পৰীক্ষা কৰি গম পালোঁ যে আপুনিয়েই হয়৷ ভাৱিলোঁ মাত এটা দিয়া ভাল হ’ব৷

: ভাল কৰিলি দে৷ পিচে তই ইয়াত বতাহ খাই আছ নে  কি?

মই বাসুৰ ফালে গ’লোঁ। সি বেঞ্চখনৰ ওপৰতে ভৰিৰ ওপৰত ভৰি উঠাই বহি আছিল। পিন্ধনত এটা হাফ গেঞ্জী। চাৰ্টটো খুলি লৈ এখন হাতেৰে নিজকে বিচি আছে। মোক বহিবলৈ ভৰি এটা কোঁচাই সি ঠাই উলিয়াই দিলে। মই বহিলোঁ বেঞ্চখনৰ এমূৰে।

: কি গৰম পৰিছে দাদা! অথনিয়েই আহিলোঁঁ৷ যাবলৈয়ে মন নাযায়৷ বহি আছোঁ ইয়াতে৷ ঘৰত অকলে আছোঁঁ মানুহজনী ঘৰলৈ গ’ল৷ দিনতে ৰন্ধা ভাত আছেই৷ লাহেকৈ গৈ খাই শুই থাকিমগৈ৷

বাসুৱে কৈ উঠিল।

: বাকী তোৰ ভাল চাগৈ৷

: ভালেই দিয়ক৷ খালী সেইদিনা ভৰি এটাত দুখ পালোঁ। স্কুটিৰ পৰা পৰি৷ আঁঠুত দুখ পালোঁঁ৷ বেয়াৰ ভিতৰত সেয়াই আৰু৷

: অহ..হ’…ভাল পাইছ নাই এতিয়া?

: পাইছোঁ দিয়ক৷

: আচ্ছা তই মোক আগলৈ যাবলৈ কেলেই মানা কৰিলি?

: এ দাদা দিনকালৰ কথা জানেইচোন, আজিকালি ক’ত কি হয় একো ক’ব নোৱাৰি৷ সকলোতে বেয়া আড্ডা৷

: তয়ো যে আৰু৷ কোন চোৰ ডকাইতে ইয়ালৈ আড্ডা দিবলৈ আহিব অ’? আৰু…আৰু…কোনেনো পাৰ্কলৈ টকা পইচা লৈ আহিব, যে ডকাইতে খাপ পিটি থাকিব?

: সেইটো কথা নহয় দাদা৷ চোৰ ডকাইতৰ কথাই নাই ইয়াত৷ চোৰ ডকাইতক আপুনি চম্ভালিব পাৰিব কিন্তু সকলোকে জানো আপুনি চম্ভালিব পাৰিব?

: মানে?

: এই ৰাতিখনযে পাৰ্কখনৰ ভিতৰত আপুনি দুই এটা মানুহক দেখিছে সেয়া মানুহ বুলি আপুনি গেৰান্তি দিব পাৰিব জানো?

: কি যে কৱ বাসু৷ মোৰ তোৰ দৰে মানুহো গৰমত ফুৰিবলৈ নাহিব নেকি? তাৰমানে তই বা মই কি মানুহ নহয়?

: ওহোঁ আপুনিও মানুহ হয় মইও মানুহেই হয়৷ আপুনি মানুহ বুলি কনফাৰ্ম হোৱাৰ পাছতহে মই কিন্তু আপোনাক মাতিছোঁ মনত ৰাখিব দাদা৷

: তোৰো যে আৰু কথা! মই মানুহ বুলি তই কেনেকৈ গম পালি!

: এটা চিম্পল মেথড আছে মানুহ আৰু সিবিধক চিনি পোৱাৰ। আপুনিও শিকি লওক কেতিয়াবা কামত আহিব৷

: হাঁ..?

: সিবিধৰ কেতিয়াও ছাঁ নপৰে৷ সেয়া চাওক সেইটো আপোনাৰ ছাঁ৷ দেখিলে!

মোক বাসুৱে তলফালে আঙুলিয়াই দেখুৱালে। বেঞ্চৰ তলৰ ঘাঁহনিত জোনবাইৰ পোহৰত মোৰ ছাঁটো গোটা কিবা এটাৰ দৰে কুন্ধচকৈ আৰু অস্পস্তকৈ জিলিকি আছিল। মই লাহে লাহে বাসু বহি থকাৰ তলফালে চালোঁ৷ বাসুৰ দেখোন ছাঁ পৰা নাই!

: মোৰ ছাঁটো ক’ত দেখিব৷ মই গছজোপাৰ আঁৰ হৈ আছোঁঁ৷

সি কৈ উঠিল নিজে নিজে।

: তাৰমানে তই ক’ব বিচাৰ আমাৰ দুটাৰ বাহিৰে এতিয়া এই পাৰ্কখনত থকা কোনো মানুহৰে ছাঁ নপৰে!

: নপৰে৷ একেবাৰে ঠিক ধৰিছে৷ এই নিশা পাৰ্কলৈ কোনেও বতাহ খাবলৈ নাহে৷ আপোনাৰ মোৰ কথা বেলেগ৷

: এইবোৰ মই বিশ্বাস নকৰোঁ বাসু৷

: তেনেহ’লে আপুনি যাওক, সেই বিচনী দুখন লৈ কথা পাতি থকা মানুহ দুটা চাই আহকগৈ। সিহঁতৰ ছাঁ পৰিছে যদি মোক জনাব৷

বাসুৰ কথাত মই সেই মানুহ দুটাৰ ফালে চালোঁ। মানুহ দুটা তেতিয়া তাত নাছিল৷

: নপৰে দাদা, নপৰে, সিহঁতৰ ছাঁ নপৰে৷ মই দেখিয়েই গম পালোঁ আৰু বোধহয় আপুনি মন নকৰিলে মানুহ দুটাৰ আঠুৰ তলৰ পৰা ভৰি দুটা নাছিল৷

: কি কৱ বাসু তই! আন্ধাৰত ধূতি দুখন বেছিকৈ জিলিকি আছিল কাৰণেহে তই….

: নুবুজিব দাদা আপুনি নুবুজিব৷ সেই দুটা ছাঁ নপৰা বিধ৷ পোহৰ সিহঁতৰ গাৰ মাজেৰে সৰকি যায়৷

একপ্ৰকাৰ জোৰ দিয়েই সি কৈ উঠিল।

: ব’লচোন ব’ল। দেখা যাওক সিহঁতৰ ছাঁ পৰেনে নপৰে প্ৰমাণ এটা লওঁগৈ৷

মই উঠি থিয় হ’লোঁ।

: মোৰ হিচাবত আপুনি আগনবঢ়াই ভাল হ’ব আৰু মোৰো যোৱাৰ ইচ্ছা নাই৷ আৰু যদি আপুনি যাব খুজিছেই তেনেহ’লে মোৰ কাহিনী এটা শুনি যাওক৷

বাসুৱে কৈ উঠিল লাহে লাহে।

: কাহিনী?

: অঁ কাহিনী। এটা ছাঁৰ কাহিনী৷ এতিয়া যে মই আপোনাক এই ছাঁৰ দ্বাৰা মানুহ আৰু সিবিধক চিনিব পৰা উপায়টো দিলোঁ সেয়া মই এনেয়েই কোৱা নাই।সেয়া মোৰ অভিজ্ঞতাৰ পৰাহে কৈছোঁ।

: আচ্ছা….

: মোৰ এনে ধৰণৰ এটা ঘটনাই ঘটি গ’ল সিদিনা৷ এটা আচৰিত কাহিনী। সেইকাৰণেহে কৈছোঁ৷ প্ৰথমে শুনি যাওক। যদি বিশ্বাস কৰে ক’ম৷ নহ’লে নকওঁ। আৰু আপোনাৰ যদি কাহিনীটো শুনিবলৈ মন যায়, কাহিনীটো শুনাৰ পাছতো যদি আপুনি আগলৈ আগবাঢ়িব বিচাৰে মোৰ একো ক’বলৈ  নাই! কিন্তু এটা কথা, মই আপোনাৰ শুভচিন্তক হিচাবে আগতেই আপোনাক কৈ থ’লোঁ কিন্তু দিনতেই হওক বা ৰাতিয়েই হওক সদায় বস্তুটোৰ ছাঁটো চাব৷ ছাঁ নেদেখিলে আপুনি লাহে লাহে সেইখিনিৰ পৰা গুচি আহক৷

এইবাৰ মই ৰৈ গ’লোঁ। বাসুৱে কথাবোৰ কৈ যাওঁতে এনেকুৱা এটা অসহ্যকৰ চাচপেঞ্চ দিয়ে যে কি ক’ম!  ৰ’বলৈ বাধ্য কৰাই দিয়ে৷

: কি কাহিনী বাসু? হৈছিল কি তোৰ ক চোন!

: বিশ্বাস কৰিব জানো?

: তোৰ কথা কেতিয়াবা মই বিশ্বাস নকৰা দেখিছ জানো?

বাসু অলপদেৰি তললৈ মূৰ কৰি মৌন হৈ ৰ’ল। সি হয়তো কাহিনীটো মনৰ ভিতৰতে পাগুলি ল’লে৷ আচলতে বাসুক যদি মই অলপো বিশ্বাসত লোৱা নাই বুলি সি ভাৱে তেনেহ’লে সি কোনো কাহিনীয়েই আৰম্ভ নকৰে! আৰু এই মূৰ্খামী মই কেতিয়াও নকৰোঁ। সি সঁচাই কওক বা মিছাই কওক মই তাৰ কাহিনী বিশ্বাস কৰাৰ দৰে দেখুৱাবই লাগিব আৰু প্ৰিয় পাঠকসকল, মোৰো আপোনালোকৰ ওপৰত অগাধ বিশ্বাস আছে যে মই কৈ যোৱা বাসুৰ কাহিনীবোৰ আপোনালোকে সম্পূৰ্ণ ৰূপে বিশ্বাস কৰে। যাৰ বাবে মই বিনাদ্বিধাই আপোনালোকক বাসুৰ কাহিনীবোৰ কৈ যাব পাৰিছোঁঁ৷

: মই দাদা ‘দৈনিক জনগন’ খবৰ কাগজখনৰ অফিচত চিকিউৰিটি চিফ্ হিচাবে কাম কৰি আছোঁঁ৷ আপুনি জানেই চাগে৷

: জানো জানো৷ মই ভালদৰেই জানো৷

মই মিছা মাতিলোঁ। বাসুৰ কিছুমান কথা মূৰ দুপিয়াই পাৰ হৈ যোৱাই ভাল। সি সঁচাকৈয়ে কোনোবা বাতৰি কাকতৰ অফিচত চাকৰি কৰে নে নকৰে সেইটো ভগৱানেহে জানে। সকলো বাদ দি তাৰ আচল কাহিনীটো শুনি সোনকালে যোৱাটোহে বুদ্ধিমানৰ কাম৷

: কিন্তু মই চাকৰিটোৰ পৰা যোৱাকালি ৰিজাইন দিলোঁঁ৷ আপুনি নেজানে চাগে৷

: অ’হ! সেইটো কথা নাজানো অৱশ্যে৷ এইবোৰ প্ৰাইভেট কোম্পানীৰ চাকৰিয়েই এনেকুৱা৷ দৰমহা চৰমহা কম, দিনে ৰাতিয়ে গেবাৰি খাটি থাক৷ ভালেই কৰিলি দে৷

: দৰমহা-পাটি ভালেই আছিল দিয়ক৷

বাসুৱে কৈ উঠিল।

: তেন্তে…তেন্তে কিয় এৰিলি চাকৰিটো?

: কাহিনীটো তাতেই দাদা! মই আৰু ৰাতিৰ চাকৰি নকৰোঁঁ৷

: মানে?

: শুনক তেতিয়াহ’লে৷

বাসুৱে আৰম্ভ কৰিলে৷ মই আকৌ বেঞ্চখনত বহি আউজি লৈ তালৈ চালোঁ। সি আৰম্ভ কৰিলে৷

: মাত্ৰ দুসপ্তাহ হৈছিল দৈনিক জনগন দেইলি পেপাৰখনত কাম কৰা। মানে পেপাৰখনৰ প্ৰেছত।ৰাতিপুৱালৈকে কাম চলে। মোৰ ডিউটি গধূলি ছটা বজাৰ পৰা ৰাতি এটা বজালৈকে। প্ৰথম এসপ্তাহ কাম কৰি ভালেই লাগিছিল। লগৰবোৰৰ সৈতে হাঁহি তামাচা কৰিয়েই সময়বোৰ পাৰ কৰি গৈছিলোঁ ৰাতি এটা বজালৈকে। ৰাতি এটা বজাত ডিউটি শেষ কৰি স্কুটিখন লৈ ঘৰ পাই খাই বৈ শুবলৈ যাওঁ মানে দুটা বাজি যায়। এইযে বৰুৱা তিনিআলিটো চিনি পায়? বৰুৱা তিনিআলি…?

: পাওঁতো৷

মই এনেয়ে ক’লোঁ।

: আপুনি যদি পৰুৱামৰা ৰাষ্টাটোৱেদি এই বৰুৱা তিনিআলিৰ ফালে আহে, তেনেহ’লে বাওঁফালে যিটো ৰাষ্টা গৈছে সেইফালে মোৰ ভাড়াঘৰটো আছে আৰু সোঁফালে যিটো ৰাষ্টা গৈছে সেইফালে এক ফাৰলংমান গলেই ৰাজহুৱা শ্মশানখন পাই নহয়নে?

: হয় হয় গম পাইছোঁঁ কৈ যা৷

আচলতে মই এনেই ক’লোঁ। আমাৰ ইয়াত কৰবাত পৰুৱামৰা পথ বা বৰুৱা তিনিআলি আছে বুলি আজিলৈকে শুনা নাই। সেইফালে শ্মশান এখন আছে বুলিও শুনা নাই কিন্তু বাসুক যদি মই এতিয়া এই কথাটো কওঁ সি লগে লগে তাক বিশ্বাস নাই কৰা বুলি কাহিনীটো কোৱাই বন্ধ কৰি দিব! মোৰনো কি দৰকাৰ৷

: সেইদিনা ডিউটি শেষ কৰি স্কুটিখনেৰে আহি আছোঁঁ৷ ৰাস্তাত দুই এটা কুকুৰৰ বাহিৰে এটাও নৰ মনিষ নাই৷ চহৰখন শুই নিঃপালি দিছে৷ ষ্ট্ৰীট লাইটবোৰৰ কৰবাত এটা দুটা লাইটে জিয়াই থকাৰ শেষ আশাকণ লৈ ক্ষীণকৈ জ্বলো নজ্বলোকৈ জ্বলি আছে। মই আহি বৰুৱা তিনিআলি এই পামহি আৰু৷ বাওঁফালে ঘূৰিলেই মোৰ ঘৰলৈ যোৱাৰ ৰাস্তা৷ তেনেতে…

বাসু খন্তেক ৰ’ল৷

: তেনেতে কি!

  ঢুটকু…নাটুং…ঢুটকু…নাটুং…ঢুটকু…নাটুং…চিক্…চিক্…চিং…চিক্…চিক্…চিং…থেং…থেং…থেং…

: এনেতে মই ষ্ট্ৰীট লাইটৰ ক্ষীণ পোহৰত দেখিলোঁ মোৰ ঘৰৰ ফালৰ পৰা ৰাস্তাটোৱেদি চাঙী এখনত মৃতদেহ এটা লৈ কেইটামান মানুহে কান্ধত লৈ সমদল কৰি আহি আছে৷ মই ৰৈ দিলোঁ। ভাবিলো সমদলটো আগেয়ে পাৰ হৈ যাওক। স্কুটিখন ৰখাই মই তাতে বহি চাই থাকিলোঁ। মৃতদেহটো ৰঙা কাপোৰেৰে ঢকা৷ আগে আগে তিনিটা মানুহে খোল, তাল আৰু এটা ঘণ্টা কিবা বেসুৰা আৰু অসহ্যকৰভাৱে ভাল নলগা ধৰণেৰে অবিৰাম ভাবে বজাই আহিছে৷ সেই শব্দবোৰ মোৰ কাণেদি কিবা বেজী এটাৰ দৰে সোমাই গৈ কাণখন তাল মাৰি ধৰিলে৷ এটা মানুহে হাতত ধূপ এমুঠি আৰু ধূনাদানি এটা জ্বলাই আহি আছে৷ ধোঁৱাবোৰ উৰি উৰি আহি মোৰ নাকৰ আগেদি পাৰ হৈ গৈছিল৷ কিবা বমি বমি লগা ধৰণৰ কেচেমা কেচেম আছিল গোন্ধটো৷ কিবা ঘিঁ আৰু চুলি পোৰাৰ গোন্ধৰ লগতে জৱাকুসুম তেলৰ দৰে এটা গোন্ধ৷ আৰু সমদলটোৰ একেবাৰে আগত সোঁহাতত এডাল পেং লৈ আঠুৰ মূৰলৈকে ধূতি পিন্ধি শুদা গাৰে মানুহ এটা খোৰাই খোৰাই আহি আছিল। মানুহটোৰ বাওঁ ভৰিটো আঠুৰ তলৰ পৰা নাছিল৷ মানুহটোৱে বাওঁ হাতখনত এটা লণ্ঠন ওলোমাই আনিছিল৷ ক্ষীণ পোহৰৰ লণ্ঠনটো মানুহটোৰ পেংদালৰ লগত তাল মিলাই মিলাই ডুলি আছিল৷

বাসু আকৌ ৰ’ল।

: তাৰপাছত?

: সেই আঠ নটা মানুহৰ মৃতদেহ কঢ়িওৱা সমদলটো মোৰ আগেদি পাৰ হৈ যাওঁতে মই মন কৰিলোঁ প্ৰত্যেকটো মানুহৰ যেন নিৰ্বিকাৰ, ভাবলেশহীন মুখাবয়ৱ৷ তেওঁলোক যেন যাব লাগে কাৰণেহে গৈ আছে৷ সন্মুখৰ বিন্দু এটালৈ চকুৰ পতা নজপোৱাকৈ একেথৰে চাই চাই৷ সিহঁতি যেন নিজৰ শক্তিৰে গৈ থকা নাই বেলেগ কিবা শক্তি এটাইহে সিহঁতক ঠেলি ঠেলি নি আছে! মোৰ ফালে সিহঁতৰ কোনো ভ্ৰুক্ষেপেই নাই৷

: তাৰপাছত?

: মোৰ কিবাকিবিখন লাগিল মনটো৷ দৃশ্যটো যেন কিবা এটা স্বাভাৱিক নহয়৷ মই আৰু সেইফালে নাচালোঁঁ৷ মই ঘৰৰ ফালে স্কুটি পোনাই দিলোঁ। কিন্তু গোটেই ৰাতি মোৰ মগজটোত সেই খোল, তাল, ঘণ্টাৰ শব্দবোৰ বাজি থাকিল৷ লগতে সেই চুলি, ঘিঁ পোৰা আৰু জৱাকুসুম তেলৰ গোন্ধটো নাকলৈ আহি থাকিল৷

বাসু আকৌ ৰ’ল। সি মোলৈ চালে।

: পিচে সেইটোনো কি আচৰিত কথা মই বুজি নাপালোঁঁ৷ ওচৰত এখন শ্মশান আছে আৰু তালৈ খৰি দিবলৈ মানুহে মৃতকক চাঙী কৰি লৈ গৈছে৷

মই তাক কৈ উঠিলোঁ। সি কিছুসময় মোলৈ চাই থাকিল।

: আপোনাৰ কথা মিছা নহয়। প্ৰথমে ময়ো কথাটো আপোনাৰ দৰেই ভাৱিছিলোঁ৷ কিন্তু…কিন্তু…

বাসুৱে কৈ উঠিল।

: কিন্তু কি!

: পিছদিনাও মই নিশা এটা বজাত প্ৰেছৰ পৰা আহি আছোঁ স্কুটিৰে৷ একেই নিজান শান্ত বাট পথ৷ চাৰিওফালে অন্ধকাৰ৷ মাজে মাজেহে দুই এটা ষ্ট্ৰীট লাইট আৰু কাৰোবাৰ অট্টালিকাৰ পৰা অহা সামান্য পোহৰ৷ মই বৰুৱা তিনিআলিটো পাইছোঁহি৷ ঠিক তেনেতে মোৰ নাকত এটা গোন্ধ লাগিলহি৷ সেই চুলি আৰু ঘিঁ পোৰা জৱাকুসুম তেলৰ সৈতে বমি বমি লগা গোন্ধটো৷

ঢুটকু….নাটুং….ঢুটকু….নাটুং…চিক্..চিক্…চিং…..চিক্…চিক্….চিং…থেং…থেং…

: আকৌ কাণত পৰিলহি সেই খোল তালৰ শব্দটো৷ মই ৰৈ দিলোঁ তিনিআলিটোতে৷ কাৰণ ৰঙা কাপোৰেৰে ঢকা মৃতদেহৰ চাঙী এখন দাঙি সমদল এটা আহি আছে৷ মোৰ উপস্থিতিক কোনো গুৰুত্ব নিদি খোল তাল বজাই ধূপ ধূনা জ্বলাই সমদলটো আগদিনাখনৰ দৰেই পাৰ হৈ গ’ল৷ আৰু আগে আগে সেই পেং লোৱা মানুহটোও হাতত এটা লণ্ঠন লৈ খোৰাই খোৰাই গৈ থাকিল!

: কি কৱ বাসু তই!

: বিশ্বাস কৰক দাদা৷

: তাৰ পাছত?

: আপুনি হয়টো বিশ্বাস কৰিবলৈ টান পাব দাদা তাৰ পাছৰ নিশাও বৰুৱা তিনিআলিত মই সেই একেটা ঘটনাই একেবাৰে একেধৰণেৰেই দেখিলোঁ৷ এখন চিনেমাৰ কিবা এটা চিনহে যেন মই বাৰে বাৰে ৰিৱাইন কৰি চাই আছোঁ৷ সেই একেই গোন্ধ, একেই খোল তাল বজোৱা চেও, একেই পেং লোৱা খোৰা মানুহ৷

: সাংঘাতিক! তাৰ পাছত?

: তাৰপাছত মই ভাৱিলোঁ এই অদ্ভুত কাণ্ডটোৰ ৰহস্য কি মই উলিয়াবই লাগিব৷ সদায় একেটা সময়তে একেকেইটা মানুহে মৃতদেহ এটা চাঙী কৰি শ্মশানলৈ নিয়া সম্ভৱ হয় জানো! কি ৰহস্য থাকিব পাৰে৷ এই ধাৰাবাহিক ঘটনাটোৰ আঁৰত? মই পিছদিনা পুৱাই গৈ সেই শ্মশানখন পালোঁগৈ৷ চণ্ডালজনক সুধিলোঁ বোলো এই যোৱা তিনিদিন ধৰি ৰাতি ডেড়টা দুটা বজাত কোনোবাই মৃতদেহ খৰি দিবলৈ আনিছিল নেকি? চণ্ডালজনে লগে লগে না কৰিলে। সি ক’লে বোলে, “দুদিন ধৰি কোনো লাচেই অহা নাই। কোনো খৰি দিবলৈ অহা নাই৷ ৰাতি দুটাবজাৰ কথা বাদ দিয়ক৷ লাগিলে মৃতকৰ ৰেজিষ্টাৰ বহীখন চাই ল’ব পাৰে৷” মই নিৰাশ হৈ ওলাই আহিলোঁ। কি হ’ব পাৰে ঘটনাটো! সেইদিনাখন মই এটা কাম কৰিলোঁ। প্ৰেছৰ পৰা অলপ সোনকালে ওলাই আহিলোঁ। মানে নিশা চাৰে বাৰ বজাত ওলাই আহিলোঁ। মনতে ভাবিলোঁ এই শ্মশান যাত্ৰাটো অলপ আগৰ পৰা চাম। ক’ৰ পৰানো যাত্ৰাটো আহি থাকে তাকেই চাব লাগিব৷ স্কুটিখন লৈ ওলাই আহিলোঁ। গভীৰ নিশা নিৰ্জন ৰাস্তাইদি আগৰ দৰেই আহি থাকিলোঁ৷ পৰুৱামৰা পথ হৈ বৰুৱা তিনিআলিও পাৰ হৈ নিজৰ ঘৰৰ ফালৰ ৰাষ্টাইদি আগবাঢ়িলোঁঁ৷ বাটত কাকো লগ নাপালোঁঁ৷ বহুদূৰলৈকে গৈ আকৌ উভটি আহিলোঁঁ৷ তথাপিও কাকো লগ নাপালোঁঁ৷ ভাবিলোঁ আৰু অলপ ৰোৱা যাওক যিহেতু এতিয়াও নিশা ডেড়টা বজা নাই৷ এনেকুৱা সময়তহে সমদলটো আহে৷ ৰাষ্টাৰ কাষৰ বন্ধ দোকান এখনৰ কাষত ৰ’লোঁঁ৷ এনেকৈ ৰাতি বিয়লি চোৰৰ দৰে অকলে ৰৈ থকাটোও ভাল হোৱা নাই৷ গতিকে আহি থাকোঁতে যেন স্কুটিখন কিবা বেয়া হ’ল তেনে এটা ভাও ধৰি চুইচ অফ কৰি এনেয়েই কিক্‌টো মাৰি থাকিলোঁঁ৷

….হেখেখ…হেখেখ…হেখেল..খল..থুল..হ্ ….. কো..ও..ন..?

হঠাৎ মই উচপ খাই উঠিলোঁ৷ মোৰ পিচফালে কোনোবাই ডিঙিটো পাৰেমানে চাফা কৰি উঠি খেকাৰ এসোপা পেলাই ক্ষীণ মাত এটাৰে চিঞৰি উঠিছে৷ মই পিছফালে চালোঁঁ৷ বন্ধ দোকানখনৰ বাৰাণ্ডাত আন্ধাৰ চুক এটাত কোনোবা এটা কুঁচি মুঁচি শুই আছে৷ মোক দেখি বহাৰ দৰে কৰিছে৷ হয়তো কোনোবা ভিক্ষাৰী৷

“তই কোন?” মই মানুহটোলৈ চাই একপ্ৰকাৰ টানকৈয়ে চিঞৰি উঠিলোঁঁ৷ “মই ৰাতি এইখিনিতে থাকোঁঁ৷ “ভিক্ষাৰী”? “তেনেকুৱাই”৷ মানুহটোৱে ক্ষীণভাৱে কৈ উঠিল। “আচ্ছা তই ক চোন আজি তিনিদিন ধৰি ৰাতি ডেড়টামান বজাত এইফালেদি সদায় কেইটামান মানুহে ডেডবডী এটা জ্বলাবলৈ চাঙীত শ্মশানলৈ নি আছে৷ মন কৰিছনে৷” মই আন্ধাৰ চুকটোলৈ চাই সুধিলোঁঁ৷ মানুহটো মনে মনে থাকিল। “মই কি সুধিছোঁ শুনিছ নাই?” “মইতো দেখা নাই৷ শুই যাওঁ যে৷ “আৰে কীৰ্তন চীৰ্তন বজাই যায় তই শুনা নাই!” “কি জানি!” 

হেখেল..খল..ওৱৱ…ক…থুল…হ্….

“মই নাজানিম” মানুহটোৱে আকৌ ডিঙিটো চাফা কৰি কৈ উঠিল। “আপুনি কিবা দেখিছে নেকি?” মানুহটোৱে এইবাৰ মোক সুধিলে ফিচ ফিচকৈ।” “তিনিদিন একেৰাহে দেখিছোঁ বৰুৱা তিনিআলিত। ডিউটিৰ পৰা ঘূৰি আহোঁতে৷” “ৰাতি বিয়লি এইখন ঠাইত নুঘূৰাই ভাল। বেলেগ কিবাও হ’ব পাৰে৷” “মানে?” “মই কিন্তু আপোনাক দেখিয়েই  বুজি পালোঁ আপুনি কি!” আন্ধাৰ চুকৰ পৰা ফিহ ফিহকৈ মাতটো আহিল। “বুজা নাই মই৷” “বুজা নাই? বুজাই কওঁ ৰ’ব৷ মানে আপুনি কিবা এটা দেখিলে আপোনাৰ সমগোত্ৰৰ হয় নে নহয় জানিবলৈ সদায় এটা কৌশল প্ৰয়োগ কৰিব। এটা সাধাৰণ কৌশল।” “কি কৌশল?” “আপুনি দেখা বস্তুটোৰ ছাঁটো মাটিত পৰিছে নাই সদায় লক্ষ কৰিব।তাৰ পাছত আপুনি তাত থাকিব নে নাথাকে আপোনাৰ কথা৷” “ছাঁটো সকলোৰে পৰে।” “মিছা কথা! হ’বই নোৱাৰে৷ আপুনি দেখা শ্মশান যাত্ৰাৰ সমদলটো ভালদৰে চাইছিল নে? সিহঁতৰ ছাঁ পৰিছিল নে? “মই অৱশ্যে মন নকৰিলোঁ কথাটো৷” “সদায় লক্ষ কৰিব…সদায় লক্ষ কৰিব৷ জীৱনৰ এইটো বৰ ডাঙৰ জানিবলগিয়া কথা৷” মানুহটোৱে ক্ষীণ সুৰেৰে প্ৰায় চিঞৰি উঠিল।

    …..ঢুটকু….নাটুং….ঢুটকু…নাটুং…ঢুটকু…নাটুং…চিং…চিকা…চিং…চিকা..চিং..চিকা…থং…থং…থং…

এনেতে শুনিবলৈ পালোঁ দূৰৰ পৰা সেই খোল, তাল, ঘণ্টাৰ শব্দটো আহি আছে৷ লগতে ঘিঁ, চুলি পোৰা আৰু জৱাকুসুম তেলৰ মিশ্ৰিত গোন্ধ এটা নাকত লাগিলহি৷ মই সেই শব্দৰ ফালে চালোঁ। আন্ধাৰৰ মাজে মাজে কুঁৱলীৰ দৰে এটা সমদল আহি থকাৰ দৰে লাগিল৷ “আহিছে…! আহিছে…! সেয়া…!” মই প্ৰায় চিঞৰি উঠিলোঁ। “কি?” মানুহটোৱে সুধিলে ফিচফিচ কৰি। “ডে’ড বডী৷” “আহিলেইনে! ৰ’ব ময়ো গৈ আছোঁঁ৷” মানুহটো উঠি বহাৰ দৰে লাগিল। মই সেই শ্মশান যাত্ৰীসকলৰ ফালে আকৌ মুখ ঘূৰালোঁঁ৷

ঢুটুকু…নাটুং…ঢুটুকু…নাটুং…চিং..চিকি…চিং…চিকি…টং..টং…

সমদলটো ক্ৰমে আহি আছে এইফালে৷ ঘিঁ, চুলি পোৰা, জৱাকুসুমৰ গোন্ধটো ক্ৰমে বাঢ়ি আহিছে৷ খোল তালৰ শব্দবোৰ ক্ৰমে এটা বেজীৰ দৰে তীব্ৰ হৈ মোৰ কাণেৰে সোমাই আহিছে৷ কাণখন কোঁ কোঁ শব্দৰে তাল মাৰি ধৰিছে৷ মূৰটো গুম গুম কৰিছে৷ “বলক যাওঁ৷” এনেতে মোৰ কাণৰ কাষতে কোনোবাই ফিচ ফিচাই উঠিল৷ কাৰোবাৰ শীতল শ্বাস প্ৰশ্বাস মোৰ গলধনত লাগিছিল৷ শ্বাস প্ৰশ্বাসবোৰৰ পৰা কিবা গেলা মাছৰ দৰে ভেকেটা ভেকেট গোন্ধ এটা নাকত লাগিছিল৷ মই উচপ খাই জাঁপ মাৰি পিছলৈ ঘূৰি চালোঁঁ৷ দেখিলোঁ হাতত পুৰণিকলীয়া লণ্ঠন এটা ডাঙি লৈ মানুহ এটাই মোলৈ চাই আছে৷ মানুহটোৰ মুখখন কিবা অস্পস্ত৷ চকু দুটা ঘোলা৷ এইমাত্ৰ যেন গা ধুই আহিছে৷ চুলিবোৰ থিয় থিয় তিতি থকাৰ দৰে৷ টানি দিলে মাংসৰে সৈতে এৰাই আহিব যেন লাগে৷ শুদা গাৰে থকা ফুলি থকা  মানুহটোৱে আঠুৰ মূৰলৈকে ধূতি এখন পিন্ধিছে৷ এটা ভৰি আঠুটোৰ তলৰ পৰা নাই৷ কাষলতিৰ তলত পেংদালত ভেঁজা দি এহাতেৰে লণ্ঠনটো ডাঙি মোলৈ মানুহটোৱে চাই আছে! তাতকৈ ডাঙৰ কথা মানুহটোৰ ছাঁ মাটিত নাই পৰা৷ মই চিঞৰিব খুজিছিলোঁ যদিও মাতটো নোলাল৷ “ব’ল…ব’ল…আহ…” মানুহটোৱে ফিচফিচকৈ কৈ উঠিল৷ মানুহটোৰ মাতটো মোৰ তাৰ কাণখনৰ পৰাহে ওলোৱা যেন লাগিল৷ কাৰণ সি ওঁঠযোৰ লৰোৱা নেদেখিলোঁঁ৷

…ঢুনুটু…টুটুং…ঢুনুটু..টুটুং….থেং..থেং..

মৃতদেহৰ চাঙীখনৰ সৈতে মানুহৰ মিছিলটো সেইখিনিতে ৰ’ল৷ কোনো প্ৰতিক্ৰিয়া নেদেখুৱাকৈ মানুহকেইটাই দূৰৰ কোনো এক বিন্দুলৈ একেথিৰে চাই ৰৈ থাকিল৷ খোল তাল একেৰাহে বাজিয়েই থাকিল৷ “আহ..আহ..বাসু। তোৰ আজিৰ পৰা ছাঁ নপৰে…!ঐ..ব’ল…ব’ল…” মানুহটোৱে এইবুলি কৈ লণ্ঠনটো হাতত লৈ পেংদালৰ সহায়ত খোৰাই খোৰাই সমদলটোৰ আগে আগে আগবাঢ়িল৷

ঢুনুটু…টুটুং…ঢুনুটু…টু…টুং…চিকি…চিং…

হঠাতে মোৰ কিবা এটা সম্বিত ঘূৰি অহাৰ দৰে লাগিল৷ মই একেজাঁপে স্কুটিখনত উঠি চাবি পকাই ধৰিলোঁঁ৷ এক্সলেটৰ এনেকৈ পকাই ধৰিলোঁ যে স্কুটি খাল দোং নমনাকৈ আগবাঢ়িল৷ মই খালী পলাইছোঁ আৰু পলাইছোঁঁ৷ মাত্ৰ ঘৰৰ আগৰ টাৰ্নিংটোতে ঘূৰাবলৈ লওঁতে পৰিলোঁঁ৷ অলপ আঠুত দুখ পালোঁঁ৷

বাসু ৰ’ল। ময়ো তালৈ চাই থাকিলোঁ আৰু কিবা ক’ব নেকি বুলি৷ কাহিনীটো যেন শেষ হোৱা নাই তেনেকুৱা লাগিছে৷

: বহুদেৰি হ’ল দাদা৷ আপুনি বহিলে বহক৷ মই গৈ থাকোঁঁ৷

বাসুৱে বিচনীৰ দৰে নিজকে বিচি থকা চাৰ্টটো আকৌ পিন্ধাত লাগিল৷ সি এপাকত বহি থকাৰ পৰাই বেঞ্চখনৰ পিচফালে আন্ধাৰত হাতেৰে কিবা এটা খেপিয়ালে৷ তাৰ হাতত এডাল পেং উঠি আহিল! মই তালৈ চাই থাকিলোঁঁ৷ এপাকত সি সোঁহাতৰ কাষলতিৰ তলত পেংডালত ভেঁজা দি কষ্টৰে উঠি মোৰ সন্মুখত থিয় হ’ল৷ বাসুৱে লুঙী পিন্ধি আছে৷ কিন্তু…কিন্তু…এয়া কি…! বাসুৰ বাওঁ ভৰিটো আঠুৰ তলৰ পৰা নাই! সি এটা ভৰিত থিয় দি লুঙীখন ভালদৰে গাথি মাৰি আছে৷

: একেথৰে বহি বহি ভৰিটো জিনজিনাই গ’ল৷

মই কিবা চিঞৰাৰ আগতেই সি লুঙীৰ তলৰ পৰা কোঁচাই থোৱা ভৰিটো উলিয়াই ভালদৰে থিয় হৈ নিজকে কোৱাৰ দৰে বিৰবিৰাই উঠিল!

: বাসু গৈ আছে৷

পেংডালত ভৰ দি অলপ খোৰাই খোৰাই তাৰ ছাঁটো দীঘলকৈ মাটিত পৰি তাৰ লগে লগে গৈ আছে৷

☆ ★ ☆ ★ ☆

4 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *