ফটাঢোল

বাটৰ শিলগুটি-কাবেৰী মহন্ত

জোৰেৰে অহা বৰষুণজাকৰ পৰা বাচিবলৈ গায়ত্ৰী আৰু মই ইউনিভাৰ্চিটিৰ বাছখনৰ পিছ দুৱাৰেদি জঁপিয়াই উঠিলোঁ৷ জৰাজীৰ্ণ বাচখন পুৰণা এম্বেছাদৰৰ দৰে চলি আছে৷ এনেকুৱা জোৰৰ বৰষুণত কেতিয়াবা ভিতৰতে ছাতি মেলিব লগা হয়৷ সেইদিনাও একেই অৱস্থা, শেষৰ বেঞ্চখনৰ মাজত বহিলোঁ যদিও গায়ত্ৰীয়ে নিজৰ চুইছ দিয়া ফল্দিং ছাতিটো খুলিবলৈ উলিয়ালে৷ 

“..আউছ্‌…!” লৰা এটাই বিৰক্তিৰে কৈ উঠিল৷ 

“ছ’ৰি.. ছ’ৰি..” গায়ত্ৰীয়ে ছাতিটো ততাতৈয়াকৈ জঁপাই থ’লে৷ দুইজনীয়ে দুইজনীৰ চকুলৈ মূহূৰ্তৰ বাবে চাই মুখ টিপি হাঁহিলোঁ লুকাই লুকাই৷ 

“ফুটিল নেকি?” মই ফুচফুচাই তাইক সুধিলোঁ৷ 

“নাই, বাদ দে.. চাই নাথাকিবি বেছিকৈ৷ একো গম নোপোৱাৰ দৰে থাকচোন৷” তাই মোকো হাঁহিটো লুকুৱাই মনে মনে ক’লে৷ তথাপিও গায়ত্ৰীৰ সিফালে বাছৰ খোলা খিৰিকীৰ পৰা অহা বৰষুণৰ ছিটিকনিক আওকাণ কৰি বহি থকা ল’ৰাটোলৈ চালোঁ..  খীণ ল’ৰাটোৱে চছমাযোৰ ৰুমালেৰে মচি পুনৰ পিন্ধিবলৈ লৈছিল৷ মানে ছাটিৰ খোঁচটোৰ পৰা চছমাইহে বচালে বেচেৰাৰ চকু এটা! পেটেপেটে হাঁহি উঠিল মোৰ.. “আজি তই ফুটাইছিলিয়েই আৰু..” গায়ত্ৰীৰ মুখৰ পৰা ফুচুককৈ হাঁহি এটা ওলাল৷

ইউনিভাৰ্চিটিৰ মেইন গে’টৰ আগত হুৰমূৰাই প্ৰায়বোৰ ল’ৰা-ছোৱালীয়েই নামি যায়৷ আমি অলপ আগলৈ লাইব্ৰেৰী বা চাইন্স  কেণ্টিনৰ আগত নামো৷ .. বৰষুণজাক কমিছেগৈ৷ এনেকুৱা প্ৰায়েই হয়, লতাশিলত দিয়া দোপালপিটা বৰষুণজাক জালুকবাৰী পাও মানে নাথাকেগৈ৷ কিন্তু বতৰটোত মিলাই থৈ যায় এক সতেজ অনুভৱ! মন পুলকিত কৰা সেমেকা জলীয় বাস্পবোৰে এক সুখৰ ঢৌ তুলি যায় ভিতৰে ভিতৰে৷

“এক্সকিউজ মি..” ল’ৰাটোৱে নামি যাবলৈ বাট বিচাৰিলে৷ ভৰি দুটা কোঁচাই তাক নামিবলৈ জেগা উলিয়াই দিলোঁ৷

“উঠ৷ ক্লাছ কৰাৰ মন নাই নেকি?” গায়ত্ৰীৰ হেঁচুকনিতহে মই গম পালোঁ যে কেণ্টিন পালোঁহি৷ পিছলৈ এবাৰো ঘূৰি নোচোৱাকৈ খৰ খোজেৰে জিয়’লজি ডিপাৰ্টমেণ্টলৈ গৈ থকা ল’ৰাটোৰপৰা দৃষ্টি ঘূৰাই আনিলোঁ৷

“কি হ’ল, খোঁচটো তোৰহে ভিতৰত লাগিল নেকি ক’ৰবাত?” আনদিনা টকটকাই অহা মই আৰু  এতিয়াৰ মুখৰ গহীনতাত তাই অলপ আচৰিত হ’ল৷ 

“ধেই.. কাম নাই তোৰ?” ডিপাৰ্টমেণ্টৰ প্ৰথম ষ্টেপটোত ভৰি দি পুনৰ কাষৰ জিয়’লজি ডিপাৰ্টমেণ্টলৈ চকু গ’ল.. ৰেদিমেদ যেন লগা উত্তৰটো গায়ত্ৰীয়ে বিশ্বাস কৰিছিল৷

চিটিবাছ, ক্লাছ, কেণ্টিন, লাইব্ৰেৰী.. হাঁহি, চিঞৰ-বাখৰ, আড্ডা.. দিনবোৰ গতানুগতিক হলেও আমনিদায়ক নাছিল৷ কেণ্টিনখন অকল পেটৰ আবদাৰ পূৰ কৰাৰ স্থান নাছিল, সতেজ বতাহবোৰ হেঁপাহ পলুৱাই লোৱাৰ খিৰিকীও আছিল৷ জিয়’লজি ডিপাৰ্টমেণ্টৰ ব্ৰেক আৰু আমাৰ ব্ৰেক একে সময়তেই হোৱাৰ বাবে সেই ল’ৰাটোকো আমি সঘনাই লগ পাইছিলোঁ৷ বাছৰ শেষ ছিটৰ আধিপত্যৰ যুদ্ধখন কেণ্টিনলৈও বিস্তাৰ হ’ল৷ এইবাৰ ৰাস্তাটো দেখি থকা ডাঙৰ টেবুলখনৰ বাবে৷ অথবা কোনে আগতে অৰ্দাৰ দি কেণ্টিনৰ ল’ৰাকেইটাইক ব্যস্ত ৰাখিব পাৰোঁ৷ যদিও আমাৰেই বেছিভাগ জয় হৈছিল, কেতিয়াবা ভাৱ হৈছিল যুদ্ধখনৰ পৰিণামতকৈ যুদ্ধ কৰি থকাৰ মজাটো বেছি উপভোগ্য৷ খীণ ল’ৰাটো, চিন্ময় কিন্তু আমাৰ দৰে যুদ্ধত সক্ৰিয় নাছিল, সেইবুলি বেয়া পোৱা যেনো লগা নাছিল৷ ভুলতেই অথবা ভদ্ৰতাৰ খাতিৰতেই হওক এদিন সি গায়ত্ৰীক বাছত তাৰ চিটটো এৰি দিছিল, আমাকনো আৰু লাগে কি? একপক্ষীয়ভাৱে গায়ত্ৰী আৰু  চিন্ময়ৰ যোৰা ঘোষণা কৰি আমাৰ মাজত তাৰ সকলো চালচলন সুক্ষ্মভাৱে নিৰীক্ষণ কৰিবলৈ ল’লোঁ৷ নীলা চাৰ্ট পিন্ধি আহিলে গায়ত্ৰীক জোকোৱা হ’লোঁ, “তোমাৰ নীলা দুচকুত ডাইন’ছৰৰ অণ্ডা..।” সেইফালৰ পৰা উদাসীন হ’লেও আমাৰ জোকোৱাৰ প্ৰকোপত গায়ত্ৰীৰ মনত কিবাকিবি অংকুৰিত হ’বলৈ আৰম্ভ কৰিলে৷ ব্ৰেকৰ সময়খিনি বা বাছৰ যাত্ৰাৰ সময়খিনিৰ বাবে তাই নিজকে সুন্দৰ কৰি ৰাখিবলৈ চেষ্টা কৰিলে৷

চায়েন্স এক্সিৱিশ্যন মানে তিনিদিনমান কিছুমানৰ বাবে ছুটী, কিছুমানৰ বাবে চিনেমাহলত গৈ নতুন চিনেমাৰ সোৱাদ লোৱাৰ সময়৷ এই সময়খিনি বেলেগ বেলেগ ডিপাৰ্টমেণ্টলৈ গৈ লগৰ বন্ধুৰ লগত কটোৱাৰো এক সোণালী সময়৷ জিয়’লজি ডিপাৰ্টমেণ্ট সেইবাৰ আমাৰ টাৰ্গেট আছিল৷ গায়ত্ৰীৰ আগতেই প্লেনিং প্ৰথমদিনাই ছাৰৰ পৰা অনুমতি লৈ দুপৰীয়া সিহঁতৰ ডিপাৰ্টমেণ্টলৈ যাম৷ প্ৰথমটো ৰুমৰ দুৱাৰমুখৰ পৰাই ঘূৰিলোঁ‌, গায়ত্ৰীয়ে চিন্ময়ক বিচাৰি আছিল৷ সিহঁতৰ প্ৰজেক্টটো কাষৰ ৰুমতহে আছিল৷ টেবুলৰ ওপৰত হাড়মূৰ, লাওখোলা, হাৰ্বেৰিয়াম, শিল কিছুমানৰ কাষত কোনটো কি যুগৰ, কোনে ক’ত পাইছিল এইবোৰ লিখা আছিল৷ চছমা আৰু টাই মাৰি অফ হুৱাইট চাৰ্টটোৰে সৈতে চিন্ময়ক ভাল দেখিছিল। আমাক আগবাঢ়ি যোৱা দেখি সি টুল এখনত হাঁহিমুখেৰে বহি ৰ’ল, আগতেই গম পাই গ’ল যেন আমাৰ উদ্দেশ্য! ইতিমধ্যেই ৰাস্তাৰ কাষত পৰি থকা শিল দুটামান মোৰ হাতৰ মুঠিত সোমাই আছিল৷

“এইকেইটাৰ আনুমানিক কিমান বয়স হ’ব বাৰু? আমি এক্সকাৰশ্বন যাওতে পাহাৰৰ গুহা এটাৰ ভিতৰত পাইছিলোঁ৷” কোনো খোঁকোজা নলগাকৈ গোকাট মিছা কথা এটা সলসলীয়াকৈ মোৰ মুখেৰে ওলাল৷ 

চিন্ময়ৰ বাদে বাকীকেইটা ল’ৰাই এবাৰ মোৰ মুখলৈ চাই পুৰণা হোৱাৰ কোনো চিনমোকাম নথকা শিলকেইটালৈ চালে৷ সি মিচিকিয়াই হাঁহি থাকিল বহি বহি৷ গায়ত্ৰী উচাট্ মাৰি মোৰ কাষলৈ আহিল, হাতৰ পৰা শিলকেইটা লৈ টেবুলত থেকেচা মাৰি থ’লে, খংটোৱে তাইৰ মেকআপ কৰা মুখখন কুৰূপা কৰি তুলিল অলপ,  “তঁহতৰ ফটুৱামি নকমিল আৰু! কেতিয়াবা ছিৰিয়াছ হ’বলৈ শিকিবিনে? ..ছ’ৰি!” শেষৰ শব্দটো চিন্ময়ৰ ফালে চাই ক’লে তাই আৰু আমাক এৰি ওলাই আহিল৷ হ’ল কি এই পাগলীজনীৰ? মই বুজি নাপালোঁ ইমান কি খং উঠিব লগা কাম কৰিলোঁ মই!

প্ৰদৰ্শনী শেষ হ’ল, এদিনৰ এক্সট্ৰা ছুটী পালোঁ৷ আকৌ আৰম্ভ হ’ল গতানুগতিকাৰ দৌৰাদৌৰি৷ কিন্তু দিনবোৰ আগৰ দৰে নোহোৱা হ’ল মোৰ বাবে, গায়ত্ৰী আৰু মোৰ মাজত তাই এখন নেদেখা বেৰ থিয় কৰালে যেন! কেন্টিনত মোৰ লগত তাই নবহা হ’ল, লাইব্ৰেৰীলৈ মই আজিকালি অকলেই যাবলৈ ল’লোঁ, তাইক লগ ধৰাৰ আগতেই তাই আঁতৰি ফুৰিল৷ আৰু বাছৰ শেষৰ ছিটটোৰপৰা মই নিজেই আঁতৰি আহিলোঁ৷ নতুন কিছু বান্ধৱী গোটাই তাই সুখী হ’ল৷ 

এজনী অন্তৰংগ মনে মিলা বান্ধৱী হেৰুৱাবৰ মোৰ মন নাছিল৷ তথাপিও পৰীক্ষা ওচৰ চাপি অহাত নিজকে ব্যস্ত ৰখাৰ আহিলা বিচাৰি পালোঁ লাইব্ৰেৰীত৷ প্ৰায়ে চিন্ময়ক দেখা পাইছিলোঁ যদিও মোৰ কোনো আগ্ৰহ নজমিল তাক কিবা কামোৰ দিয়াৰ৷ ‘ফটুৱামি’বোৰ এৰাই চলাৰ চেষ্টা চলালোঁ, মন কৰিলোঁ সিও সলনি হৈছে৷ হয়তো মোৰ ব্যৱহাৰ সেইদিনা সঁচাকৈ বেয়া আছিল৷

গায়ত্ৰীৰ হাঁহি দেখিলে মনটোত কিহবাই খুচি যায়৷ সুধিবৰ মন যায়, সেইটো কি ইমান ডাঙৰ ভুল আছিল যি এক বন্ধুত্বতকৈও ডাঙৰ? তাতোতকৈ ডাঙৰ ফটুৱামি কৰিছোঁ আমি আগতে, তেতিয়াতো তাই এনেকৈ আঁতৰি যোৱা নাছিল? নে সিহঁত দুইটাই মোক জানি বুজিয়েই এভইদ কৰিছে? প্ৰশ্নবোৰে পৰীক্ষাৰ সময়ত আহি আমনি কৰি থাকিল৷ এনেকৈ থকাতকৈ কথাবোৰ ক্লিয়েৰ কৰি পঢ়াত মন দিলেহে মই শান্তি পাম৷ 

“গায়ত্ৰী, শুন কথা আছে৷” তাইক ব্ৰেকৰ সময়ত হাতখনত ধৰিলোঁ৷ “মিছ ইউ দিয়েৰ! ক’চোন ক’ত কি হ’ল।” মোৰ চকুৰ কোণত পৰো নপৰোকৈ চকুৰপানী গোট খালে৷

“কিয়, কি হ’লনো আচৰিত হ’বলৈ? আচলতে মোৰহে দেৰি হ’ল তোক বুজি পোৱাৰ৷” কোনো অনুকম্পা নোহোৱাকৈ তাই মোৰ চকুত চকু থৈ ক’লে৷

শ্বক খাই উঠিলোঁ মই৷ কি বুজাত ভুল কৰিলে তাই মোক? 

“কিয় কি কৰিলোঁ মই?” মোৰ খং উঠি আহিল৷

“তই নাজান একো? ৱাহ! মোক বেক ষ্টেবিং কৰিছ আৰু এতিয়া এইবোৰ নাটক!” তাইৰ তাচ্ছিল্যত মোৰ সঁচাই খং উঠিল৷

“হুৱাট ডু ইউ মিন? পাগল হ’লি নেকি? কি বকিছ তই?” 

“কিয় তই জনা নাছিলি চিন্ময়ৰ প্ৰতি মোৰ চফ্ট কৰ্ণাৰ আছিল বুলি? তথাপিও তই মোৰ ইম’শ্বন ইউজ কৰিলি?” গায়ত্ৰীৰ অভিযোগত মোৰ মুখ মেল খাই গ’ল৷

“আজেবাজে কথা নক’বি৷ তই জান মোক৷ কিবা কোৱাৰ আগত ভাবি চাবি৷” মোৰ কথাত তাইৰ মুখৰ হাঁহিটো মোৰ অসহ্য লাগিল। এবাৰ মোৰ মুখলৈ চাই অলপ দুখৰেই তাই ক’লে মোক, “জাননে তই? চিন্ময়ে নিজেই ক’লে মোক দেট হি ফিলছ্‌ ফ’ৰ ইউ!”

“…হুৱাট..!” 

“য়েছ মাই দিয়েৰ! বেয়া নাপাবি, মই তোক ক্ষমা কৰিব নোৱাৰিলোঁ এই বিষয়ত৷ সেয়ে মই তাক মিছাকৈ ক’লো তই এনগেজদ্‌৷” গায়ত্ৰী উফাল মাৰি কথাষাৰ কৈ গুচি গ’ল৷

থৰ হৈ ৰ’লোঁ মই৷ চছমা পিন্ধা খৰখোজেৰে যোৱা ল’ৰা এটা যেন চকুৰ আগলৈ আহি গুচি গ’ল!

☆ ★ ☆ ★ ☆

21 Comments

  • নীলাঞ্জনা

    ভাল লাগিল হাঁহিও উঠিল শিলগুটি লৈ আহি লেবত ??

    Reply
    • Minati Mahanta

      সুন্দৰ লিখনি । পঢ়ি থাকোতে শিলগুটিটো পৰিব বুলি ভাৱিছিলো — নপৰিল ।

      এনেবোৰ জমনি ধাৰাবাহিক কৰিবি ।

      Reply
      • কাবেৰী মহন্ত

        শিলগুটি ক’ৰ পৰা পৰিবহি?

        Reply
    • কাবেৰী মহন্ত

      কিবা এটা?

      Reply
  • বৰ্ণালী মূদৈ

    বিৰাট ভাল লাগিল বা

    Reply
    • কাবেৰী মহন্ত

      ধন্যবাদ বৰ্ণালী

      Reply
  • Rintumoni Dutta

    বঢ়িয়া লাগিল কাবেৰী

    Reply
  • কমলা দাস

    মজা লাগিল পঢ়ি

    Reply
  • অনামিকা

    ভাল লাগিল বা

    Reply
  • Lakhya Borthakur

    ভাল লাগিল।

    Reply
    • কাবেৰী মহন্ত

      পঢ়াৰ বাবে ধন্যবাদ

      Reply
  • জিতু

    বঢ়িয়া

    Reply
  • মন্দিৰা

    বৰ ভাল লাগিল পঢ়ি কাবেৰী বা

    Reply
    • কাবেৰী মহন্ত

      ধন্যবাদ মন্দিৰা

      Reply
  • Anonymous

    তোমাৰ নীলা দুচকুত কি আছিল এতিয়াহে গম পালো ???.. কলেজ ৰ দিনবোৰ মনত পৰি গ ল

    Reply
    • কাবেৰী মহন্ত

      হা হা হা! সেইবোৰ দিন বৰ সোনোৱালী আছিল

      Reply
  • কাবেৰী মহন্ত

    হা হা হা! সেইবোৰ দিন বৰ সোনোৱালী আছিল

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *