ফটাঢোল

সাধনাৰ ৰাতিটোত তোমাক পালো – নয়ন নিলীম

সাধনাৰ ৰাতিটোত তোমাক পালো

নিজক হেৰুৱালো..

তোমাৰ চকু যুৰিয়ে মোৰ বুকুত

হাজাৰ কথা কৈ 

মৰহা ফুলনিখন জীপাল কৰি তুলিলে

শব্দৰ এনেকুৱা এখন

অভিধান নাই য’ত তোমাক মই

সম্পূৰ্ণকৈ বৰ্ণনা কৰিব পাৰো..

চোৱা প্ৰকৃতিয়ে গতি সলাইছে

পূবৰ বেলি পশ্চিমত ওলাইছে..

তোমাৰ চঞ্চলতাত তোমাৰ সৌন্দৰ্য লুকাই আছে

তোমাৰ ঘন চুলিকোছাত তোমাৰ মুখৰ অহংকাৰ জীয়াই আছে..

গৈ থকা ডাৱৰৰ দৰে তোমাৰ কান্ধত উৰি আছে

গুলপীয়া চাদৰ খন..

Then a Twist ..

কিন্তু…

হঠাতে ধুমুহা আহিল

উৰুৱাই নিলে গোলাপী ৰংবোৰ

শিল বৰষুণে যেন 

মোৰ তন্দ্ৰাসী নয়নৰ নীলিমা উটুৱাই নিলে!

“দুপৰ হ’ল, উঠিলিনে দেমফুল?“

“শুইছিলোহে মই, নকৰিবাচোন হুলস্থূল“

“ৰাতি দুপৰলৈ নকৰিবি ইমান কাম

তোলৈ আমি ছোৱালী এজনী চাম“

“তাইৰ সপোনে মোক কৰে আমনি

গোলাপী ৰঙে যে গ’ল ৰহণ সানি৷

কিন্তু তুমি দিলাহি তাতে পানী ঢালি

সপোনটোও যে মোৰ গ’ল ভাঙি“

“সপোনৰ জনী মাৰ গুলি

তায়েই তোক খালে খুলি খুলি

তোলৈ আমি চাম এজনী ডেমকেয়াৰণী

যিয়ে তোক ৰাতি সময়মতে শুৱাব

শুনাই সুমধুৰ নিচুকনি“

☆ ★ ☆ ★ ☆

3 Comments

  • কাবেৰী মহন্ত

    ৱাহ! বৰ ভাল লাগিল অনুভৱখিনি৷

    Reply
  • Minati Mahanta

    সুন্দৰ ডেমফুল , তোমাৰ ভূমুকীয়ে আনন্দ দিলে ।ডেমকেয়াৰণী অতি সোনকালে গলত মেৰিয়াই ধৰিবলৈ আন্তৰিকতাৰে আশীৰ্বাদ যাঁচিলো ।

    Reply
  • বন্দিতা

    ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *