সম্পাদকীয়–নীলাঞ্জনা মহন্ত
অসম্পাদিত অসম্পাদকীয়টো
================
জীৱন এটি সংগ্ৰামী গীতৰ নাম৷ সংঘাতেই যে দিয়ে নতুনৰ সন্ধান৷ এবাৰ মঞ্চত উঠিলোঁ যেতিয়া গাবই লাগিব৷ হয়তো সুৰ আৰু সংগীত সকলোৰে বেলেগ বেলেগ, কিন্তু কিমান আন্তৰিকতাৰে এই গীতটি সম্পূৰ্ণকৈ পৰিবেশন কৰিব পাৰোঁ সেয়া সকলোৰে নিজৰ হাতত৷
[এনেকৈ কোনেও মোক কোৱা নাই আজিলৈকে, কৈ চাইছোঁ আপোনালোকে মই ভবাৰ দৰে ভাবেনে নাই চাওঁ বোলো! দাৰ্শনিক যেন লগা কথা কোৱাৰ সময়ত কেতিয়াবা হাঁহিও উঠে, নিজকে কি বুলি ভাবি এই উক্তি দিলোঁ বাৰু৷ ]
এই গীতৰ “কভাৰ“ত তাল মান ৰাখি গোৱা প্ৰচেষ্টাত অনেক খ্যাত-অখ্যাত শিল্পীৰ মাজত আপুনি, মই আৰু আন বহুতো হয়তো নিমগ্ন৷ যেতিয়া কোনো লোকক কৰনাৰ আতংকৰ মাজতো হাঁহিৰে আৰু নিষ্ঠাৰে বিচলিত নহৈ নিজৰ কৰণীয়খিনি কৰি যোৱা দেখা পাওঁ, অনুপ্ৰাণিত হওঁ৷ যেনেদৰে ড° ভূপেন হাজৰিকাদেৱৰ গীতবোৰৰ মাজত আমি সদায় জীৱন বিচাৰি পাওঁ, অনুপ্ৰাণিত হওঁ!
(ক) মাতৃ
ৰাতি দহবজাৰ আগতেই বাজিছিল ফোনটো৷
: ক দিগু
: শুইছিলা নেকি মা?
: নাই অ’ যি গৰম পৰিছে আমাৰ ইয়াত ঐ৷
মিছা মাতিলে মাকে৷ আজি নাওৰা চাফা কৰা মানুহ লগাইছিল৷ ওপৰমহল তলৰমহল কৰি কৰি কঁকাল বিষাই আছে৷ সোনকালে শুম বুলি ভাবিছিল৷
: মই এনেই ফোন কৰিলোঁ৷ কালি কৰা নহ’ল৷ অলপ ব্যস্ত আছিলোঁ৷
: কালি সোনকালে শুই থাকিলোঁ তই কৰিলেও কিজানি নেপালিহেঁতেন৷
আকৌ মিছা মাতিলে তেখেতে৷ দিগুৱে ফোন কৰিব কৰিব বুলি ৰাতি চাৰে এঘাৰবজালৈকে ফোনটো লিৰিকি বিদাৰি আছিল তেওঁ৷ দিগু সাত সাগৰ তেৰ নদীৰ সিপাৰে থাকে৷ ব্যস্ত জীৱন৷ তেওঁৰ মাজৰাতি মানে দিগুৰ তাত ভৰ দুপৰীয়া৷ হ’লেও মনে নামানে৷ তাৰ মাতটো দিনে এবাৰ নুশুনিলে কিবাকিবি চিন্তাই হয়, তেখেতে যিমানেই ব্যস্ত নাথাকক কিয়৷
এইফালৰ পৰা নিজে কৰিবলৈও ভালকে শিকাই নাই৷ ওচৰৰ ল’ৰা এটাই দিগুৰ অনুৰোধত স্মাৰ্টফোন এটা আনি দি হোৱাটচাপো শিকাই দিছেহি৷
আন এদিনাখন
: মা ভাত খালানে?
: খালোঁ অ’ দিগু, আজি দুপৰীয়াতে মাছ দি গৈছিলে, বিলাহীৰে টেঙা ৰান্ধিলোঁ৷ থৈ দিলে গেলিবহে, আজি দকচি খালোঁ দে৷
: সঁচাকে কৈছানে মা?
: অ’ বোপাই তোকনো মিছাকে ক’মনে মই হেৰৌ!
মিছা মাতিলে মাকে৷ আবেলিৰ পৰা বুকুখন কিবা এটা বিষাই আছে৷ লগতে ভাগৰ৷ কিবা এটা ৰান্ধি মেলি খাবলৈ তেওঁৰ আগ্ৰহ তথা শকতি নহ’ল৷ আৰু পেটত একো এটা নাই বুলিয়ে টোপনিও নহা হ’ল৷ চিৰ আকাংক্ষিত ফোনটো অহাতহে মনটো ভাল লাগিছে তেওঁৰ৷ দিগু অফিচ পালেহি৷ আজি প্ৰেজেণ্টেচন এটা আছে তাৰ আহিয়েই৷ ফোনটো কাটিবলৈও সত যোৱা নাই৷ মাকে নামঘৰৰ কথা কৈ আছে৷ গাড়ীখন পাৰ্ক কৰি দিগু অফিচ সোমালহি৷ মুকলি ডেস্কবোৰৰ মাজেদি যাওঁতে কথা পাতিব নোৱাৰিব, কাম কৰি থকা বাকী মানুহে আমনি পাব পাৰে৷ গতিকে সি ফোনটো সামৰিব খুজিলে৷ সদায় সিহে কাটিব লাগে৷ মাকে সি কাটি নিদিয়ালৈকে ৰৈ থাকে৷ কিন্তু সন্দেহ এটা হ’ল মাকে চাগে কলটো কেনেকৈ শেষ কৰিব লাগে, ক’ত ক্লিক কৰিব লাগে নাজানেই৷
: মা থওঁ এতিয়া তুমি কাটি দিয়াচোন৷
: তয়ে কাট৷
: তুমি কাটি দিয়া মা মোৰ হাতত বস্তু আছে৷ ক’ত কাটিব লাগে ফোনটো জানা নহয়?
: ক’ত কৈদেচোন আকৌ এবাৰ?
ঠিকেই ভাবিছিল সি৷ মাকে পাহৰিলে৷ আৰু কাকো ফোন নকৰে নেকি মাকে নে সদায় ফোনৰ সিপাৰে থকাজনে কাটি নিদিয়ালৈকে ৰৈ থাকে বাৰু? কি যে হ’ব! কিমান ক’লে তাৰ লগলৈকে গুচি আহিবলে৷ সেয়াও নাই৷ নাহে৷ ইয়াত ঘৰ মাটি কোনে চাব!
: স্ক্ৰীণৰ তলত ৰঙা গোল এটা আছে সেইটো টিপি দিয়া৷
: অ দিলোঁ৷ কাট খালেনে?
: অঁ মা কাট খালেনো মই শুনা পাই থাকিম নেকি?
: এইবাৰ ৰহ
: ৰঙা গোলটোত হেঁচি দিয়া
: কাটিলনে?
: ময়ে কাটিছোঁ দিয়া কাইলে আকৌ বুজাই দিম৷
মাকক সি লগ নোপোৱা দুবছৰমান হ’ল৷ কিন্তু আজলী মাকৰ এটা এটা শব্দই তাৰ বাবে আত্মবিশ্বাসৰ কাৰণ, এক শক্তি যাক একোৰে সি তুলনা কৰিব নোৱাৰে৷ ডেস্কত মাকৰ সৈতে সকলোৱে হাঁহি থকা তাৰ সৰু পৰিয়ালৰ ফটোখন চাই এটা মিচিকিয়া হাঁহিৰে সি লেপটপটো লগইন কৰিলে৷
(খ) কিতাপৰ পোক
প্ৰায় পোন্ধৰবছৰ আগৰ কথা৷ আমেৰিকাৰ মিনিয়াপলিচত আছোঁ তেতিয়া৷ ৰাতিপুৱাই কৰ্মস্থলীলৈ বুলি ওলাওঁ৷ পুৱাৰ চাৰে সাত বজাৰ বাছখনলৈ বুলি প্ৰায় একেখিনি মানুহেই সদায় ৰৈ থাকে৷ তাৰ মাজত এগৰাকী বৃদ্ধা মই বাছ ষ্টপটো পোৱাৰ আগতেই আহি ৰৈ থাকে, সদায়ে হাতত এখন কিতাপ৷ বাছত উঠিবলৈ যেতিয়া শাৰী পাতোঁ তেতিয়াও কিতাপ এখন পঢ়ি পঢ়িয়ে উঠে৷ আমাৰ ভাষাত কিতাপৰ পোক৷ পিছলৈ গম পাইছিলোঁ তেখেতে প্ৰত্যেক শনিবাৰে পুথিভঁৰাললৈ যায়, এজাপ কিতাপ আনে আৰু এইদৰেই যেতিয়াই পাৰে পঢ়ে৷ মই মনতে ভাবোঁ ইমান মন দি উপন্যাস এখন শেষ কেতিয়া পঢ়িছিলোঁ? দহবছৰ আগতে? বাছত ভীৰ কাহানিও নাই৷ সকলোৱে চিট একোটা আৰামত পাওঁ৷ উঠাৰ পিছত মই এনেই বাহিৰলৈ চাই যোৱাৰ বিপৰীতে বাকী সকলো যাত্ৰীয়ে কিতাপ এখন মেলি লয়৷ চকুৱে চকুৱে কেনেবাকে পৰিলে মুখেৰে একো নোকোৱাকৈ মূৰ দুপিয়াই সম্ভাষণ জনায়৷
এদিনৰ কথা৷ বাছলৈ উঠোঁতে মই সদায় বৃদ্ধাগৰাকীৰ ঠিক পিছত ঠিয় দিওঁ৷ কিবা এটা ভাল লাগে৷ হঠাৎ তেখেত পৰিল৷ কিতাপখনো উফৰি পৰিল অলপ দূৰত৷ আমি ওচৰত থকাকেইজনে ইচ আচ কৰি তেখেতক পৰাৰ পৰা উঠিবলৈ সহায় কৰিলোঁ৷ সকলোৱে সুধিছোঁ তেখেত ঠিকে আছেনে? কিন্তু তেখেতে নিজে দুখ পোৱাতকৈ চিঞৰবাখৰ কৰিবলৈ ধৰিলে কিতাপখন বিচাৰিহে৷ কিলাকুটিৰ ছাল চিঙি গৈছে৷ অথচ, মাই বুক, মাই বুক বুলি তালফাল লগাই আছে৷ মই চাগে সোণৰ কাণফুলি এপাত হেৰালেহে এনেকুৱা কৰিলোঁহেঁতেন! কিতাপখন কোনোবা এজনে বুটলি আনি দিলেহি৷ গ্ৰীক মিথলজিৰ কিতাপচোন! যি কি নহওক কিতাপখন পাইহে তেখেতৰ জান ঘূৰি আহিল৷ তাৰ পিছতহে চালে ক’ত ক’ত দুখ পাইছে৷ কিলাকুটিত লগাবলৈ বাছচালকজনে ইতিমধ্যে বেণ্ডেইদ আনি দিছেহি৷ সৰু ঘটনা অথচ মোৰ মনত যেন সাঁচ বহুৱাই থৈ গ’ল৷ কিতাপৰ প্ৰতি তেখেতৰ মৰম আৰু শ্ৰদ্ধাৰ নমুনা দেখি মই গদগদ৷ সকলোৱে ইমান ব্যস্ত অথচ ইমান কিতাপ পঢ়ে! আমি সৰস্বতী পূজা কৰোঁ কিন্তু ইমান নপঢ়োঁ৷ দেৱীক আমাৰ প্ৰয়োজন ছাত্ৰাৱস্থাত, যাতে পৰীক্ষাত ভাল নম্বৰৰ বাবে আশীৰ্বাদ পাওঁ৷
গুৱাহাটীৰ জিলা পুথিভঁৰালত আগতে মই যেতিয়াই গৈছিলোঁ সদায়ে কিতাপ পঢ়া মানুহতকৈ কলেজত পঢ়া যোৰাবোৰকহে বেছি দেখিছিলোঁ তাত এজন আহি ৰৈ থাকে অলপ পাছত আন এজন আহে আৰু দুয়ো একেলগে ওলাই যায়৷ পুথিভঁৰাললৈ মই নিয়মিত গৈছিলোঁ এসময়ত, এদিনো বিশেষ কেইযোৰামানক কিতাপ এখন বিচাৰি পঢ়া বা ’চেক আউট’ কৰা নেদেখিলোঁ৷ পঢ়াৰ পৰিবেশতে নপঢ়োঁ, বাহিৰত কি পঢ়ি ফালিম আমি! কিন্তু সেই ঘটনাটোৰ পিছত মোৰো লাহেকে বাছত উঠিলেই কিতাপ এখন হাতত লোৱাৰ অভ্যাসটো গঢ় লৈ উঠিছিল৷ বহুদিনৰ পৰা পঢ়িম বুলি ভাবি থকা কেইবাখনো কিতাপ বাছতে পঢ়ি শেষ কৰিলোঁ৷
(গ) শৃংগজয়
এইবাৰ সাতবছৰমানৰ আগৰ কাহিনী৷ উত্তৰ কেলিফৰ্ণিয়াখন পাহাৰ পৰ্বতেৰে ভৰা৷ আমাৰ ঘৰৰ পৰা দেৰমাইলমান দূৰত ২৫১৭ ফুট ওখ এটা শৃংগ, খোজকাঢ়ি বহুতে ওপৰলৈকে যায় বুলি শুনি হঠাৎ শনিবাৰে শনিবাৰে পুৱাই ময়ো ওলোৱা কৰিলোঁ, বোলো অলপ পেটটো কমেই কিজানি৷ একেবাৰে ওপৰৰ পৰা এপাক মাৰি আহিবলৈ তিনিঘণ্টামান লাগে৷ কিন্তু মুঠ দূৰত্ব সাতমাইলমান খোজ কঢ়া হয়৷
একেবাৰে শেষৰখিনি থিয় গৰা আৰু শিল, এফালে কোনোবাই পিছল খালে একেবাৰে দুহেজাৰ ফুট তলত পাবগৈ৷
এদিনৰ কথা৷ অলপ দেৰি হৈছিল সেইদিনা অহা মোৰ আৰু মুখত ৰ’দ পৰিছিল৷ চানগ্লাচ আনিবলৈও পাহৰিলোঁ গতিকে মাজে মাজে মূৰ ঘূৰোৱা যেনো লাগিছিল৷ এনেকুৱা লাগিছিল আজি ওপৰলৈকে যাব পাৰিম জানো? কিন্তু একেবাৰে ওপৰলৈ নগ’লে মোৰ সদায়ে কিবা এটা নিৰাশবোধ হয় মনত৷ গতিকে ঠিক কৰিছিলোঁ যেতিয়াই নাহোঁ কিয় ওপৰলৈকে যামেই যাম লাহে ধীৰে হ’লেও৷ পানীৰ বটল ইতিমধ্যে দুটা শেষ হৈছিল৷ তেনেকুৱাতে লগ পাইছিলোঁঁ এজন বয়সীয়া লোকক৷ প্ৰায় মোৰ সমানে সমানেই আহি আছে৷ তেখেতেই প্ৰথমে সম্ভাষণ জনালে৷ প্ৰতি সম্ভাষণ জনাই সুধিলোঁ আগতে তেখেতে আহিছেনে নাই৷ মোৰ আচৰিত হোৱাৰ পাল পৰিল যেতিয়া তেখেতে ক’লে তেখেতে হেনো এবাৰ ওপৰৰ পৰা আহিলগৈ কাহিলিপুৱাতে৷ এয়া দ্বিতীয়বাৰৰ বাবে গৈ আছে৷ প্ৰতিদিনেই তেওঁ আহে আৰু এবাৰ ওপৰলৈকে যায়৷ শনিবাৰবোৰত ৰাতিপুৱাই দুবাৰ অহা-যোৱা কৰে৷ “আপুনি ইমান শক্তি ক’ৰপৰা পায়?” এনেই ধেমালিৰ চলেৰে সুধিলোঁ, কাৰণ মোৰ নিজৰ ভাগৰত অৱস্থা নাই সেইদিনা৷ উত্তৰত তেখেতে ক’লে যে বহুবছৰৰ পৰাই তেওঁ ইয়ালৈ নিয়মীয়াকৈ আহি আছে৷ আচৰিত হ’লোঁ শুনি যে তেখেত হেনো সত্তৰোৰ্ধৰ৷ মোৰ অৱস্থা দেখি ক’লে, “একেদিনাই ফলাফলৰ বাবে আশা নকৰিবা৷ আজি ঘৰলৈ গৈয়ে আইনাত নিজকে চালে হয়তো ভাগৰুৱা, বুঢ়ী, ৰুগীয়া যেন লগা মানুহজনীকহে দেখিবাগৈ৷ লগৰ বান্ধবীহঁতৰ সৈতে আজি ৰিজাই চাই লাভ নাই৷ কিন্তু এৰি নিদিবা, আহি থাকিবা যেতিয়াই তেতিয়াই, যিমান নিয়মীয়াকৈ পাৰা৷ আৰু দহবছৰৰ পিছত চাবা নিজকে আইনাত, একে বয়সৰ, কোনো শাৰীৰিক ব্যায়াম নকৰা বান্ধবীৰ সৈতে ৰিজাই চাবা নিজকে, তেতিয়া দেখিবা পাৰ্থক্যখিনি৷ সেইযে দেখিছা ক্ষীণকায় বগা জেকেট পিন্ধা লোকজন আমাৰ আগে আগে গৈ আছে? তেওঁৰ বয়স মোতকৈ চাৰিবছৰ বেছি৷ সদায়েই তেওঁক মই লগ পাওঁ৷ নামি আহোঁতে তেওঁ সদায় দৌৰি দৌৰি নামে৷ আৰু আজিলৈকে তেখেততকৈ মই বেছি বেগত খোজকাঢ়িব বা তেখেতক চেৰ পেলাব পৰা নাই৷ মই সদায় একেটা সময়তে আহোঁ, আৰু তেখেতক মোতকৈ আগতে গৈ থকাকে লগ পাওঁ৷ বাৰু এতিয়া মই তেখেতে দৌৰি দৌৰি নমাৰ আগতেই টিঙত গৈ লগ পাব লাগে, গতিকে তুমি আহি থাকা৷ লাগি থাকা, এৰি নিদিবা৷ শুভেচ্ছা থাকিল দেই৷” এই বুলি তেখেতে বেগ দিলে৷ মই হতভম্ব হৈ পৰিলোঁ৷ কিন্তু তেখেতে যি কেইষাৰ কথা ক’লে কিজানি তাৰ অনুপ্ৰেৰণাতেই কেইবাবাৰো তাৰ পিছত টিঙলৈকে বগাইছোঁ৷ তেখেতক তাৰ পিছতো দুবাৰমান লগ পাইছোঁ তাত৷ তেখেতে সম্ভাষণ জনায়, মোকেই নহয়, সকলোকে, যাৰ যাৰ চকুৱে চকুৱে পৰে৷
(ঘ) কলাচৰ্চাত কেঁকোৰাৰ ভূমিকা
মুনমুন এগৰাকী সফল গৃহিণী৷ ল’ৰা-ছোৱালী দুটিক গঢ় দি কলেজলৈ পঠোৱাৰ পিছত তাইৰ আজিকালি অফুৰন্ত সময় হাতত৷ সৰুতে গান নাচৰ চখ আছিল৷ সৰুসুৰা ছবি অঁকা বা চিলাই আদি কৰি ভাল পোৱা ছোৱালীজনীয়ে এম বি বি এছ কৰিও চাকৰি নকৰিলে৷ এনেকুৱা নহয় যে তাই বিচৰা নাছিল৷ কিন্তু তাইৰ সময় নাছিল৷ সন্তানক নিজৰ ভৰিত নিজে থিয় হ’বলৈ দিয়া সাহস আৰু সহযোগৰ দৌৰত তাই সময় নাপালে নিজাববীয়া কিবা এটা কৰাৰ৷ এতিয়া সময় পাই তাই নামি পৰিছে চখ পুৰোৱাত৷ তাতে দোষ কি? অপৰা উইনফ্ৰে, বাচেন্দ্ৰী পাল, জে কে ৰাউলিং, নিৰূপমা বৰগোহাঁঞি আদিলোকৰ জীৱনী পঢ়ি মুনমুনৰো মন যায় সৰুকালৰ হেঁপাহবোৰ পূৰোৱাৰ৷ কেনভাচত এখনৰ পিছত এখন পেইণ্টিং কৰি যায়, গান গোৱা এপ এটা ইনষ্টল কৰি মনৰ পচন্দৰ গান জুৰে, ব্লগত আপলোড কৰি যায় অপৈণতৰ পৰা ক্ৰমে কিছু পৈণতৰ ৰূপ লোৱা চুটি গল্পবোৰ! বাৰীৰ পিছফালৰ কেঁচুমতা গোটাই গোটাই বনায় সৰু গণেশৰ মূৰ্তি! ইউটিউব চাই চাই য়ুকুলেলে শিকি গাবলৈ চেষ্টা কৰে এইখনি গাওঁ নিচেই আপোন… এক কথাত মুনমুনে জীৱন জীয়াইছে এতিয়াহে৷ তাইৰ কামবিলাক এসময়ত সামাজিক মাধ্যমৰ জৰিয়তে এটা দুটাকৈ প্ৰকাশ কৰিবলৈ ধৰিলে৷ জনপ্ৰিয় হ’ল তাই৷ মানুহৰ সমাদৰ পাই এখন গল্প সংকলনো প্ৰকাশ কৰিলে৷
গান গোৱা এপটো আৰু সাহিত্যনুৰাগীৰ সৰু মুঠ দুটামান গোটৰ প্ৰশাসক মুনমুন আজিকালি খুবেই ব্যস্ত! কিন্তু তাইৰ শিপাদাল অসমীয়া! সচৰাচৰ আমাৰ মাজত অলপ কেঁকোৰা স্বভাৱ আছে বুলি কিছুলোকে কয়৷ তাইৰ “নেটৱৰ্ক“ যিদৰে বাঢ়িছে সেইদৰেই পোখাইছে দুই এক বাদ দি কিছুমানৰ মনত যেন তাইৰ প্ৰতি হিংসাভাৱ জাগিছে! দুই এগৰাকীৰ কথাবোৰ এনেধৰণৰ, আমি সৰুৰে পৰা হাৰমনিয়ামটো হাতত লৈয়ে ডাঙৰ হোৱা, মুনমুনে মাত্ৰ এবছৰ আগৰপৰা গাবলৈ আহি গোটৰ ৰাভাদিৱসৰ প্ৰতিযোগিতাৰ বিচাৰক হৈছে, এয়া কেনেকৈ সম্ভৱ? মাতটো তাইৰ নিজৰে কিবা চেপি চেপি ওলায়চোন! পইচা দিছে চাগে৷ গিৰিয়েক ইঞ্জিনিয়াৰ নহয় জানো৷ ….. মাত্ৰ দুবছৰ আগতে এটা এটাকৈ অসমীয়া আখৰ টাইপ কৰিবলৈ শিকা ইংৰাজী মাধ্যমত পঢ়া মুনমুনে গল্পকিতাপ প্ৰকাশ কৰিছে, উৰহৰ গুৰিটো ক’ত বাৰু! সৰুকালৰ মুনমুনেচোন অসমীয়া জোঁটাই জোঁটাইহে পঢ়িছিল৷ তাইৰ লেখাবোৰে ফলস্বৰূপে আগতকৈ কম প্ৰতিক্ৰিয়া পায়৷
জ্বলন!
হীনমন্যতা!
পৰিণাম কলা, সাহিত্য, সংস্কৃতি সকলোতে এক অঘোষিত প্ৰতিযোগিতা! এবাৰ এই প্ৰতিযোগিতাত নামিলে মানুহবোৰ যেন ওচৰ চাপিলেও মনবোৰ পৰস্পৰৰ পৰা দূৰলৈ আঁতৰি যায়৷ দুহেজাৰ লোকৰ বন্ধুৰ তালিকাতো অকলশৰীয়া অনুভৱ কৰা মুনমুন দত্ত অসমীয়া সমাজৰ সামাজিক মাধ্যমবোৰত তথাপিও এটি চিনাকি নাম হৈ পৰিছে৷ তাইৰ কিতাপ এখন উলিয়াবৰ বাবে তাগিদা দিয়া মানুহ দুশমান আছিল, যেন প্ৰকাশ হোৱাৰ লগে লগেই তেওঁলোকে গোটেইবোৰ কপি কিনি শেষ কৰি দিব৷ অথচ প্ৰায় পঞ্চাশখনমান ইজন সিজনক উপহাৰ দিয়াৰ পিছত ৰৈ যোৱা বাকী কিতাপৰ দমটো চাই তাই ভাবে কিহে পাইছিল বাৰু? এই সকলোবোৰ কৰিছিল তাইৰ নিজৰ হেঁপাহ পূৰণৰ কাৰণে! এই হেঁপাহ হয়তো সকলোৰে থাকে৷ আজি তাইৰ সময় আছে, সুবিধা আছে সকলোবোৰ হেঁপাহ পুৰাইছে, হেৰাই যাব খোজা জীৱনটোত সাৰপানী দিছে৷ কিন্তু বহুতৰে হয়তো প্ৰতিভা আছে, হেঁপাহ আছে অথচ সপোন সাকাৰ কৰিবলৈ সময় বা সুবিধাকণ নাই৷ কথাবোৰচোন তেনেকৈয়ো ভাবিব পাৰি৷ হিংসা আৰু অহংকাৰ সকলোৱে নকৰিবওতো পাৰে, মানবীয়তা আৰু এটি সৃষ্টিশীল শিল্পী মনৰ অধিকাৰী হ’বলৈ মাথো ধনাত্মক দিশখিনি দেখি পাব পৰা মন এটাহে আমাক লাগে৷
মুনমুন দত্তই এইবাৰ নিজৰ দ্বিতীয়খন কিতাপৰ কাম হাতত ল’লে৷ self publishing ৰ ওপৰত অলপ খবৰখাতি কৰিছিল তাই৷ আনকি নিজৰ বচা বচা লেখাৰে গ্ৰন্থ একোখন কিদৰে নিজেই বৈদ্যুতিন মাধ্যমত প্ৰকাশ কৰিব পাৰি, প্ৰচাৰ লগতে বিক্ৰীও কৰিব পাৰি এই সকলোবোৰ খুটিনাটিৰে নিস্বাৰ্থভাৱে সাহিত্যানুৰাগী গোটটোৰ সদস্যসকলক উৎসাহিত আৰু সহযোগ কৰিবলৈ ধৰিলে৷ তেওঁলোকৰ সাহিত্যৰ গোটটোৰ পৰা স্বাধীনতা দিৱসৰ দিনা একেলগতে দহখনকৈ কিতাপ এইবাৰ প্ৰকাশ পাইছে৷ মুনমুনে তাইৰ নিজৰ কিতাপৰ কাৰণে যিমান খাটিছে সিমানেই লাগি দিছে দিনৰাতি একাকাৰ কৰি বাকী ন-খন কিতাপৰ বাবেও৷ তাইৰ সুকাৰ্যৰ ফলস্বৰূপে এসময়ত তাইক সামাজিক মাধ্যমত “ব্লক“ কৰা মানুহেও কিতাপকেইখনৰ প্ৰচাৰত হাত উজান দিছে৷ এক অভূতপূৰ্ব সফলতা! “Think positive” বুলিবলৈ আৰু লিখিবলৈ (যিটো বৰ্তমান ময়ো কৰিছোঁ) তেনেই সহজ কিন্তু কৰি দেখুওৱাটো অৰ্থাৎ “do positive” টোৰ বাবে আচলতে আন বহুত কিবাকিবি লাগে৷
সামৰণিত কওঁ, হাজাৰ মাইল দূৰৰ পৰা দিগুক প্ৰেৰণা যোগোৱা মাতৃগৰাকী বা কিতাপৰ পোক বৃদ্ধাগৰাকীয়ে হওক, পাহাৰ বগোৱা উচ্ছলমনা ভদ্ৰলোকজন বা প্ৰগতিশীলমনা মুনমুন দত্তই হওক, অথবা আমাৰ আলোচনীখন আৰু তেনেকুৱা আন বহুতো “প্লেটফৰ্ম“ৰ নেপথ্যত নিস্বাৰ্থভাৱে কাম কৰি যোৱা সেই ব্যক্তিসকললৈকো যদি চাওঁ, এওঁলোক সকলোৱে একো একোটি প্ৰেৰণাৰ উৎস৷ পিচে চকু থাকিও কণা আমি যদিহে ভালদিশবোৰ ঢাকি মানুহৰ বেয়াটোৱেই দেখোঁ৷
দিগুয়ে ব্যস্ত বুলি মাকলৈ ফোন নকৰাকৈ থকা নাই৷
পৰি দুখ পোৱা মানুহগৰাকী আৰু বাছযাত্ৰীসকলে বাছৰ জোকাৰনি বুলি নপঢ়াকৈ থকা নাই৷
সত্তৰ বছৰ হ’ল বুলি ভদ্ৰলোকজনে ৰাতিপুৱাই কোনোবাই চাহ যতনাই দিবহি বুলি ঠেঙত ঠেং তুলি ঘৰত বহি থকা নাই৷
মুনমুনে সামাজিক মাধ্যমত বহুতে ব্লক বা আনফল’ কৰা দেখি দুখমনেৰে গোটবোৰৰ পৰা ওলাই অহা হ’লে চিৰকাল মনত কষ্টহে পালেহেঁতেন৷
এওঁলোকে জীৱনৰ গীত পৰিবেশনত তাল কটা নাই৷
সুৰ মিলাবলৈ মন যায়, কিন্তু এলাহৰে কিয় জয় হয়৷ মই নিজকে সুধিছোঁ এইটো প্ৰশ্ন৷ উপদেশতকৈ আৰ্হি ভাল কিন্তু হাতেকামে কৰিবলৈ বৰ আহুকাল, নহয়নে?
এই প্ৰেৰণাৰ উৎসবোৰ আমাৰ সকলোৰে লগত আছে কিজানি, যিবোৰ অনুভৱ কৰিব পাৰিলে জীৱন জীয়াৰ সপোনবোৰে আশাবাদী পোখালি মেলে৷ আহকচোন আমাৰ সকলোৰে হেৰাব খোজা সপোনপথাৰৰ কঠিয়াতলীলৈ ঘূৰি যাওঁ আকৌ এবাৰ৷ আঘোণী সোণগুটিৰ থোকবোৰ যেতিয়া সামৰিব ন খাবলৈ আহিম দেই৷
শুভেচ্ছা আৰু ধন্যবাদেৰে,
নীলাঞ্জনা মহন্ত৷
☆★☆★☆
10:23 am
সম্পাদকীয়ৰে আৰম্ভ কৰিলো আলোচনীখন পঢ়িবলৈ। আৱেগিক কৰি দিলা নীলাঞ্জনা।
সুন্দৰ বিষয়বস্তু, উপস্থাপনশৈলী অনুপম।
খুব ভাল লাগিল
11:58 pm
অগতানুগতিক সম্পাদকীয় !!
ভাল লাগিল সচাঁকৈয়ে,শিকিলোঁ বহু
কিবা-কিবি…
1:08 am
আন্তৰিক ধন্যবাদ চন্দন গগৈ৷
1:07 am
আন্তৰিক ধন্যবাদ দাদা৷
10:46 am
বা প্ৰথমতে সম্পাদকীয় পঢ়িলো। বৰ ভাল লাগিল। সুন্দৰ সম্পাদকীয়।
1:09 am
আন্তৰিক ধন্যবাদ ডলী৷
10:59 am
বা পঢ়িলো বিৰাট ভাল লাগিল, উপস্থাপন কৰা শৈলিয়ে চুই গল। ধন্যবাদ বা
11:16 pm
বহুত ভাল লাগিল বা পঢ়ি, সুন্দৰ সুন্দৰ বিষয়ৰ ধুনীয়া ধুনীয়া কথা
1:10 am
আন্তৰিক ধন্যবাদ কেশৱ৷ তোমাৰ কছিৰ পৰা অসমলৈ তেখাটো খুব সুন্দৰ হৈছে৷
1:09 am
আন্তৰিক ধন্যবাদ গোস্বামী৷ আপোনাৰ লেখাটোও বৰ সুন্দৰ হৈছে৷
10:59 am
সম্পাদকীয় দিয়ে আৰম্ভ কৰিলোঁ। বহুত ধুনীয়া হৈছে।
1:10 am
আন্তৰিক ধন্যবাদ শৰ্মা৷
11:05 am
কি ধুনীয়া সম্পাদকীয়। আৱেগিক হৈ গ’লোঁ। অভিনন্দন নীলাঞ্জনাবা।
1:11 am
আন্তৰিক ধন্যবাদ পৰীস্মিতা
11:08 am
সুন্দৰ সম্পাদকীয় নীলাঞ্জনা বাইদেউ… ‘চহী’টো তামাম হে আপোনাৰ। সঘনাই লিখা কৰক। অনুৰোধ নহয়, আদেশ!
1:12 am
আন্তৰিক ধন্যবাদ দিগন্ত৷ তুমি নহ’লে এই ভৰলুৰ ঢৌহেন চহীটো দিবই নোৱাৰিলোহেঁতেন
11:15 am
বাপৰে,কি সাংঘাটিক সম্পাদকীয়।বহুত ভাল লাগিল।
1:12 am
আন্তৰিক ধন্যবাদ৷
11:29 am
সম্পাদকীয়টোৱে কোনোবা এটা চুকত সাঁচ বহুৱাই দিলে ।
গোটেইখিনি সঁচা কাহিনীৰ আলমত যেন ফুটি উঠিছে । বহুত বহুত ভাল লাগিল ।
কুশলে থাক ।
1:14 am
আন্তৰিক ধন্যবাদ৷ সবচা ঘটনাৰ আলমত গোটেইকেইটা কথা৷ চতুৰ্থটো ৰহণ সনা হৈছে কিন্তু বাকী কেইটা বিশেষকৈ দ্বিতীয় আৰু তৃতীয় এশ শতাংশই সঁচা মোৰ ক্ষেত্ৰতে হৈছিল
11:35 am
অগতানুগতিক সম্পাদকীয় ৷
বৰ আপ্লুত হ’লোঁ ৷
সেয়েে ধন্যবাদটো ময়েই প্ৰথম দিলোঁ ৷
1:14 am
আন্তৰিক ধন্যবাদ যাচিলোঁ৷
11:35 am
সম্পাদকীয় বহুত ভাল লাগিল বাইদেউ৷
1:15 am
আন্তৰিক ধন্যবাদ৷ চহীটোত নেহাঁহিবা দেই৷ লাস্ট মিনিটত?
11:54 am
সুন্দৰ সম্পাদকীয়। পঢ়ি অনুপ্ৰেৰণা পালো
1:15 am
আন্তৰিক ধন্যবাদ
12:02 pm
সুন্দৰ সম্পাদকীয় বা.. বিৰাট ভাল লাগিল
1:15 am
আন্তৰিক ধন্যবাদ৷
12:07 pm
কেতিয়ানো শেষ হ’ল ধৰিবই নোৱাৰিলোঁ৷ গোটেই লেখাটোৱে শেষলৈকে মোহাচ্ছন্ন কৰি ৰাখিলে৷
এটি ধুনীয়া মেচেছ আৰম্ভনিৰ পৰা শেষলৈকে কঢ়িয়াই লৈ গৈছে লিখনিটোৱে৷
অগতানুগতিক, সাৱলীল৷
1:16 am
আন্তৰিক ধন্যবাদ৷ সংখ্যাৰ আঁৰৰ কথাখিনি চাবিচোন
12:21 pm
বৰ সুন্দৰকৈ লিখিলে সম্পাদকীয়টো৷
1:16 am
আন্তৰিক ধন্যবাদ৷
12:48 pm
খুব সুন্দৰ, প্ৰেৰণাদায়ক, অগতানুগতিক সম্পাদকীয়। আলোচনীখনৰ বাবে কেনে নিষ্ঠাৰে আপুনি লাগি আছিল, দেখিছোঁ। কিন্তু আপোনাৰ মাজৰ লেখক গৰাকীক কৈছোঁ – নিয়মীয়াকৈ লেখা কৰক, প্লিজ।
1:17 am
আন্তৰিক ধন্যবাদ৷ এলাহৰ জয় হয় যে তাকেইতো ক’লো শেষত ?
1:05 pm
বৰ সুন্দৰ সম্পাদকীয়। আপ্লুত হলোঁ।
1:17 am
আন্তৰিক ধন্যবাদ নীলাক্ষী
1:21 pm
বৰ ভাল লাগিল পঢ়ি ।প্ৰেৰণা মূলক
1:18 am
আন্তৰিক ধন্যবাদ
1:31 pm
ভাল লাগিল পঢ়ি। প্ৰেৰণাদায়ক।
1:18 am
আন্তৰিক ধন্যবাদ৷ এইবোৰ লিখিবলে ভাল৷ কৰিবলেহে দিগদাৰ অলপ, এলাহদেৱতাই লগ দিয়ে৷
2:28 pm
সাংঘাটিক উৎসাহভৰা সম্পাদকীয় ।ভাল লাগিল ।
1:19 am
আন্তৰিক ধন্যবাদ
4:15 pm
ধুনীয়া সম্পাদকীয় । ভাল লাগিল ।
(আপোনাৰ চহীটো বৰ ধুনীয়া ।)
1:27 am
আন্তৰিক ধন্যবাদ৷ চহী যে বহুদিন মাৰিয়ে পোৱা নাই লতাবগোৱা দিলে শেষত৷
6:26 pm
ইমান সৰল সুন্দৰ আৰু প্ৰেৰণাদায়ক সম্পাদকীয়.. বহুত অনুপ্ৰাণিত আৰু আপ্লুত হ’লো।
1:27 am
আন্তৰিক ধন্যবাদ৷ যি মনলে আহিল আৰু৷
11:04 pm
পঢ়ি বৰ ভাল পালোঁ সম্পাদকীয়টো৷
1:27 am
আন্তৰিক ধন্যবাদ
11:06 pm
প্ৰেৰণাদায়ক সম্পাদকীয়..
1:28 am
আন্তৰিক ধন্যবাদ
11:22 pm
বৰ বেলেগ কৈ লিখিলে দেই সম্পাদকীয় ।ভাল লাগিল ।অগতানুগতিক ।লিখি থাকিব।
1:28 am
আন্তৰিক ধন্যবাদ৷
11:40 pm
সুন্দৰ সম্পাদকীয়, ধন্যবাদ
1:28 am
আন্তৰিক ধন্যবাদ
5:44 am
অগতানুগতিক সম্পাদকীয়, ভাল লাগিল।
2:10 am
আন্তৰিক ধন্যবাদ৷
10:56 am
ভাললগা সম্পাদকীয় ।
2:10 am
আন্তৰিক ধন্যবাদ সুস্মিতা
10:29 pm
“Think positive” বুলিবলৈ আৰু লিখিবলৈ (যিটো বৰ্তমান ময়ো কৰিছোঁ) তেনেই সহজ কিন্তু কৰি দেখুওৱাটো অৰ্থাৎ “do positive” টোৰ বাবে আচলতে আন বহুত কিবাকিবি লাগে৷”
মোহাচন্ন কৰি ৰাখিলে প্ৰতিটো বাক্যই। ইমান ধুনীয়াকৈ লিখিলে বাইদেউ।
সঁচা অৰ্থত এক অনন্য সুন্দৰ, ব্যতিক্ৰমী সম্পাদকীয় পঢ়িলোঁ?
2:11 am
আন্তৰিক ধন্যবাদ পঢ়ি চোৱাৰ বাবে৷
11:35 pm
সম্পূৰ্ণ অগতানুগতিক আৰু প্ৰেৰণা দায়ক সম্পাদকীয়টো পঢ়ি বৰ ভাল লাগিল। অভিনন্দন জনাইছোঁ।
2:11 am
আন্তৰিক ধন্যবাদ অনুৰূপ৷
4:23 am
সম্পাদকীয়টো আজি পঢ়িলো ভালদৰে। প্ৰথমে চুটিগল্প পঢ়া মেন লাগিছিল। ভাবিলো ভুলকৈ সম্পাদকীয় বুলি ক’লা নেকি? একেবাৰে শেষত হে তোমাৰ কবলগীয়া খিনি ক’লা। অতি সুন্দৰ হৈছে। প্ৰসংশা কৰিবলৈ মই ভাষাহীন। বয়সত ডাঙৰ হিচাপে আশীৰ্বাদ কৰিলো। আগলৈ আৰু ভাল লিখনি পাম বুলি আশা ৰাখিলোঁ।
9:15 pm
আন্তৰিক ধন্যবাদ দাদা সময়কণ দি চকু ফুৰোৱাৰ বাবে৷ আশীৰ্বাদ সদায়ে কাম্য৷
12:30 pm
ব্যতিক্ৰমী সম্পাদকীয়। মন চুই যোৱা লিখনি। বৰ ভাল লাগিল।
এখন সুন্দৰ আলোচনী আমালৈ আগবঢ়াই দিয়াৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। ??
9:16 pm
আন্তৰিক ধন্যবাদ
6:49 pm
কথাখিনি পঢ়ি যাওঁতে ছবিৰ দৰে চৰিত্ৰবোৰ, পৰিবেশটো চকুৰ আগত ভাহি উঠিছে। কি সুন্দৰকৈ লিখিছে!
9:17 pm
ধন্যবাদ জীমনি পঢ়ি চোৱাৰ বাবে৷ তুমি নিলিখিলা এইবাৰ৷ লেখি থাকিবা মাজে মাজে
9:28 pm
ভাল লাগিল পঢ়ি। অগতানুগতিক। তুমি আগতে কলেজৰ দিনত ও লিখিছিলা নেকি ? শুভেচ্ছা থাকিল। ??
10:45 am
ধন্যবাদ৷ হোস্টেলৰ ৱাল মেগাজিনৰ লগত জড়িত আছিলো অলপ৷
9:54 pm
সম্পাদকীয় পঢ়িলোঁ বা৷ কথাবোৰে মনত সাঁচ বহুৱাই গ’ল৷ সুন্দৰ সময় পাৰ কৰিলোঁ আপোনাৰ স’তে৷
10:47 am
ধন্যবাদ চবিনা৷ তোমাৰ ’আনৰিজাৰ্ভদ’ শিৰোনামৰ লেখাটোও বৰ সুন্দৰ হৈছে৷ মোৰো খুব ভাল লাগিল তুমি বহুত সহায় কৰিলা৷ ভগৱানে সদায়ে সুখী ৰাখক তোমাক
11:41 am
খুউৱ সুন্দৰ সম্পাদকীয় জোন ! আপ্লুত হ’লো ৷
9:59 pm
আশা কৰা ধৰনেই বৰ ধুনীয়া আৰু ব্যতিক্ৰমী সম্পাদকীয় নীলাঞ্জনা। বৰ ভাল পালো পঢ়ি
7:23 pm
ব্যতিক্ৰমী সম্পাদকীয় মনোস্পৰ্শ কৰিব পৰাকৈ। পঢ়ি বৰ ভাল লাগিল।
2:16 am
সম্পাদকীয়টো পঢ়ি সঁচাকৈয়ে অনুপ্ৰেৰণা পালোঁ । ধন্যবাদ বাইদেউ ইমান সুন্দৰ সংখ্যা এটা উপহাৰ দিয়া বাবে ।
3:16 pm
বৰ সুন্দৰ আৰু অগতানুগতিক সম্পাদকীয় । কেতিয়ানো পঢ়ি শেষ হ”ল গমেই নাপালোঁ ।অভিনন্দন জনালোঁ ।
3:16 pm
বৰ সুন্দৰ আৰু অগতানুগতিক সম্পাদকীয় । কেতিয়ানো পঢ়ি শেষ হ”ল গমেই নাপালোঁ ।অভিনন্দন জনালোঁ ।
2:03 am
অনন্য সুন্দৰ সম্পাদকীয়৷
তাৰ লগতে এখন সুন্দৰ আলোতনী আমাক উপহাৰ দিয়া বাবে ধন্যবাদ ৷