হৃদয়ৰ পালতৰা – মৃদুস্মিতা শৰ্মা
বেথা মোৰ বহু দূৰ,
সন্তৰ্পণে ৰাখিছো-হৃদয়ৰ খাপে খাপে
য’তে থোৱা আছে তাতে পাবি-
খেপিয়াই চালে পালতৰা সাজি।
নিতাল মৰা নৈশব্দৰ নিনাদত
বাজি উঠে প্ৰায়ে নিষাদৰ ষষ্ঠ সুৰ-
সুৰৰ যুগলবন্দী কৰিব পাৰ কাহানিবা
তোৰ হৃদয়ৰ কাহাৰবা তালেৰে-
—
ভটিয়াই যাওঁ ব’ল,বেলি ডুবু ডুবু
সিপাৰত ছাগে বুকু দুৰু দুৰু-
ফাগুনাহঁতৰ গাঁৱত আজি কোলাহল-
চৌপাৰে আমাৰ নামৰ জীয়াঢল,
অচিন তই-অচিনা মই;
হৃদয়ৰ ঢপনি হেৰুৱাৰ সময়।
পালতৰা সাজো আহ ঘৰমুৱা হওঁ-
কিয়নো,
ফাগুনাহঁতৰ গাঁৱত আজি কোলাহল-
চৌপাৰে আমাৰেই নামৰ জীয়াঢল।।
☆ ★ ☆ ★ ☆
2:29 am
ধুনীয়া লিখিলা মৃদুস্মিতা