ফটাঢোল

চুঙাচাইসোপা-অৰুণাভ মহন্ত

কেতিয়াবা কিছু লেবেল, ফিতাহিৰ উত্তৰ দিবলৈ নিজেও এক লেভেল ওপৰলৈ উঠি লেবেল দিব লগীয়া হয়৷ ডায়লগ পে ডায়লগ মাৰিব লগীয়া হয়৷ মই দেখা শুনা তেনেকুৱা দুটামান ঘটনাৰ লগত আপোনালোককো পৰিচয় কৰাও বুলি ভাবিলোঁ৷ 

এইটো যোৱাবছৰৰ ঘটনা, প্ৰথমবাৰৰ বাবে স্কুলৰ বান্ধৱী এজনীৰ ঘৰলৈ গৈছিলোঁ তাইৰ বহুদিনীয়া পেণ্ডিং ৰিকুৱেষ্ট অনুসৰি৷ গিৰিয়েকজনৰ লগত মোক পৰিচয় কৰোৱাৰ পাছতেই গিৰিয়েকে মোক অদ্ভুত কথা এষাৰ শুনালে৷ ক’লে – “বিয়া হ’ল, বাচ্ছা হ’ল, ঘৰ-বাৰী হ’ল, এতিয়া বচ চৰকাৰী চাকৰি এটা হ’লেই হয় আৰু, নে কি?” 

অলপ আচৰিত হৈছিলোঁ, এইষাৰনো প্ৰথম চিনাকিত কোৱা কথা নে? মানুহজনে মোৰ বয়স নাজানে নেকি? নে নিজৰ চাকৰিৰ লেবেল দিলে? এহ্‌, কিনো আৰু লেবেল হে, তেখেতে দিছে, অলপ ময়ো দিওঁ বুলি কৈ পেলালোঁ –

“চাঞ্চ কেইবাটাও পাইছিলোঁ, কিন্তু এবাৰ হাই চেলাৰি এটাত অভ্যস্ত হৈ গ’লে পাছত আৰু চৰকাৰী চাকৰিৰ দৰমহাৰে ঘৰ চলাব নোৱাৰিম বুলিয়েই সেইবোৰ নাভাবিলোঁ দিয়ক৷”

বহুবছৰ আগৰ কথা, তেতিয়া বাংগালোৰত থাকোঁ৷ লগৰ এজনে ইণ্টাৰভিউ দিবলৈ গৈছিল, ইণ্টাৰভিউ ভাল হ’ল, চিলেক্টো হ’ল৷ পিচে দৰমহাটো শুনি তাৰ মনটো কোঁচ খাই গ’ল৷ তাক মাত্ৰ পাঁচহাজাৰ টকা অ’ফাৰ কৰিছিল! লগতে তাক যথেষ্ট জ্ঞান দিলে কোম্পানীৰ বিষয়ে, ভৱিষ্যতলৈ পাব লগীয়া প্ৰমোচন, চেলাৰি হাইকৰ বিষয়ে৷ তাক শুনোৱা আটাইতকৈ ডাঙৰ ফিটাহিটো আছিল এয়ে যে -“আজি তুমি যিটো এনুৱেল চেলাৰি পাবা এবছৰ পাছত সিমানখিনি তুমি ইনকাম টেক্স দিবলগীয়া হব!” 

তথাপিও সি যেন সিমান এটা সুবিধাজনক নাই পোৱা কথাবোৰ, তাক আকৌ এবাৰ ক’লে -“মি. দাস, আই টোল্ড ইউ না, আৱাৰ্‌চ ইজ এ ডেভলপিং কোম্পানী…”

ইণ্টাৰভিউ ৰূমৰ পৰা ওলাই আহিবলৈ সিও এটা লেবেল দিলে, ক’লে- “চাৰ ইউ ডু ওৱান থিং, ফাৰ্ষ্ট ইউ ডেভলপ ইয়োৰ কোম্পানী, দেন কল মি!” 

লকডাউনৰ মাজৰ ঘটনা, মোডীয়ে তাল-শংখ বজাব কোৱাৰ পাছত, ভাইটি আহিল দেউতা আৰু মোৰ লগত মোডীৰ ভাষণৰ সমীক্ষা কৰিবলৈ৷ দেউতাক ক’লে – 

“মোডীয়ে কিবা কামৰ কথা ক’ব বুলি ভাবি শুনিলোঁ, কিবা দেখোন কাঁহি-বাতি বজাবলৈহে ক’লে৷ 

দেউতাৰ উত্তৰ – “কিয়া, ঘৰে ঘৰে এটাকে ব্ৰয়লাৰ দি যাম বুলি কবা লাগ্‌ছিল না কি?”

☆ ★ ☆ ★ ☆

2 Comments

  • Pranita Goswami

    অলপ লেভেল দেখুৱাব লাগে কেতিয়াবা। ভাল লাগিল।

    Reply
  • বন্দিতা

    ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *