ফটাঢোল

কিম্বদন্তী তথা ইতিহাসে গৰকা মেৰবিল- ঋতুপৰ্ণা মহন্ত

প্ৰতিখন ঠাইৰে নামৰ আঁৰত একোটাহঁত কাহিনী থাকে। কোনোবাখন ঠায়ে যদি ইতিহাসজড়িত কাহিনী কঢ়িয়াই লৈ ফুৰে, কোনোবাখনে কঢ়িয়াই কিম্বদন্তী। অসমৰ ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া সমষ্টিৰ অন্তৰ্গত চাচনী মৌজাত অৱস্থিত অৰণ্যৰে আৱৰা মাজুলীসদৃশ ভূখণ্ড “মেৰবিল”ৰ সৃষ্টিক লৈয়ো ইতিহাস আৰু কিম্বদন্তী সংমিশ্ৰিত এটি মনোৰম কাহিনী যুগ যুগ ধৰি জনমানসত প্ৰচলিত হৈ আহিছে।
কিম্বদন্তী অনুসৰি সোতৰশ শতিকাত ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীচলিহা বাৰেঘৰ সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰীৰাম আতাই বুঢ়ীদিহিং নদীৰ পাৰত বৰ্তমানৰ দুলীয়াজানৰ মহমাৰী অঞ্চলত সত্ৰ স্থাপন কৰি সপৰিয়ালে বসবাস কৰিছিল। শ্ৰীশ্ৰীৰামআতাৰ দ্বিতী (ঘৰুৱা নাম আইটি) নামেৰে এগৰাকী ৰূপে গুণে অতুলনীয় কন্যা আছিল। শৈশৱতে দ্বিতীয়ে যেতিয়া শিশুসুলভ দুষ্টামিৰে কন্দা কটা কৰি আমুৰিখন কৰিছিল, তেতিয়া তেওঁৰ মাতৃয়ে অতিষ্ঠ হৈ কৈছিল – “বেছিকৈ আমনি কৰিলে জলদেৱতাৰ হাতত গতাই দিম”। লাহে লাহে অপৰূপ ৰূপ লাৱণ্যৰ অধিকাৰিণী হৈ দ্বিতী ডাঙৰ হৈছিল। পিছে কোনেও জনা নাছিল যে শৈশৱতে মাতৃয়ে আলাসতে নিজ কন্যাক “জলদেৱতাক গটাই দিম” বোলা কথাষাৰ সঁচাকৈয়ে জলদেৱতাই হৃদয়ত থাপিব।

এদিন দ্বিতীৰ মাতৃয়ে এটি সপোন দেখিলে – স্বয়ং জলদেৱতাই দ্বিতীৰ পাণি গ্ৰহণ কৰিব বিচাৰিছে। পুৱা তেওঁ স্বামী শ্ৰীশ্ৰীৰামআতাক সপোনৰ সৱিশেষ বিৱৰি ক’লে যদিও তেওঁ সপোনটি গুৰুত্বসহকাৰে নল’লে। কিন্তু ইয়াৰ পাছত একেৰাহে সত্ৰৰ কেইবাজনো ভকত বৈষ্ণৱে একেটি সপোন দেখিবলৈ লোৱাত সকলোৰে মাজত হুৱাদুৱা লাগিল। গোঁসাই পৰিয়ালে দৃঢ়তাৰে জনালে, আদৰুৱা জীক জলদেৱতাৰ হাতত নগতায়। তেনেতে হঠাতে আকাশখন ভয়ংকৰ ৰূপত মেঘাচ্ছন্ন হৈ পৰিল, ধাৰাষাৰ বৃষ্টিপাত হ’ল আৰু বাঢ়নী পানীয়ে সত্ৰখনিক মেৰিয়াই ধৰিলে। বানপানীৰ প্ৰকোপ ক্ৰমান্বয়ে বৃদ্ধি পোৱাত নিশাটোৰ ভিতৰতে শ্ৰীশ্ৰীৰাম আতাই পৰিয়াল তথা শিষ্য সমন্বিতে পদব্ৰজে আহি চাচনী মৌজাৰ এতিয়াৰ মেৰবিলৰ “গোঁসাই ভেঁটি” ৰূপে খ্যাত ঠাইত আশ্ৰয় ল’লেহি। পিছে ইয়ালৈ অহাৰ পাছতো সেই একেটি সপোনকে বাৰে বাৰে বহুজনে দেখিবলৈ লোৱাত চিন্তাত জৰ্জৰিত শিষ্যগণে গোঁসাইৰ সৈতে কথাষাৰ আলোচনা কৰিলে। গোঁসায়ে পুনৰ দৃঢ়তাৰে জনালে, চেনেহৰ জীক তেওঁ মায়াৱী জলদেৱতাৰ হাতত অৰ্পণ নকৰে। গোঁসাইৰ এই মন্তব্যৰ পাছত হঠাতে চৌদিশে বিভীষিকাময় পৰিৱেশৰ সৃষ্টি হ’ল। সত্ৰৰপৰা নাতিদূৰৈত ভূ গৰ্ভৰপৰা ভুমুক ফুটি ভয়ংকৰ ৰূপত কোবাল পানী ওলাই বিস্তীৰ্ণ অঞ্চল মেৰিয়াই ধৰিলে। উপায়বিহীন হৈ শ্ৰীশ্ৰীৰামআতাই তেওঁৰ কন্যাক জলদেৱতাক গতাম বুলি প্ৰতিশ্ৰুতিবদ্ধ হ’ল। এদিন পাছতেই সম্পূৰ্ণ বৈদিক ৰীতি নীতিৰে দ্বিতীৰ বিবাহৰ আয়োজন কৰা হ’ল। নিশাৰ ভাগত বিস্ময়াভূত নয়নেৰে সকলোৱে প্ৰত্যক্ষ কৰিলে – গভীৰ পানী ফালি এখনি পুষ্পসজ্জিত সোণৰ নাও জ্যোতিষ্মান হৈ সত্ৰৰ দিশে আগুৱাই আহিছে। এই অলৌকিক দৃশ্য প্ৰত্যক্ষ কৰি সকলোৱে জলদেৱতাৰ ওচৰত কৰযোৰে প্ৰাৰ্থনা কৰিলে। শ্ৰীশ্ৰীৰামআতা সহিতে দুগৰাকীমান শিষ্যই ধুঁৱলী কুঁৱলীকৈ দেখিলে – সোণৰ নাওখনিত দীৰ্ঘদেহী, চেলেং চাদৰ, ধূতি পৰিহিত এজন দেৱপুৰুষ বিদ্যমান হৈ আছে। ন কইনা দ্বিতীক আলফুলে নাওখনিত তুলি দিয়া হ’ল। চাওঁতে চাওঁতে নাওখনি এসময়ত অদৃশ্য হৈ পৰিল। 

প্ৰবাদ আছে যে বিয়াৰ পৰৱৰ্তী সময়ত কন্যা দ্বিতী পিতৃ মাতৃৰ গৃহলৈ আহিছিল যদিও জলদেৱতাই তেওঁক কিছুমান বিশেষ কথা কোৱাৰপৰা বাৰণ কৰিছিল। পিছে নিজৰ মনক সৈমান কৰিব নোৱাৰি দ্বিতীয়ে সেই পৰম গোপন কথাবোৰ মাতৃৰ আগত ব্যক্ত কৰিছিল। সেই কথাত ক্ষুণ্ণ হৈ জলদেৱতাই তাৰপিছত কোনোদিনেই দ্বিতীক মাতৃগৃহলৈ আহিবলৈ নিদিলে।

কথিত আছে জলকোঁৱৰে একেনিশাৰ ভিতৰতে শ্ৰীশ্ৰীচলিহা বাৰেঘৰ সত্ৰখনিক মেৰিয়াই ধৰাৰ বাবে সেই ঠাইডোখৰ “মেৰবিল” নামেৰে জনাজাত হ’ল। ভুমুক ফুটি পানী ওলোৱা ঠাইডোখৰক আজিও ৰাইজে ভুমুকমুখ নামেৰে জানে। মেৰবিলৰ পাৰতে অৱস্থিত শ্ৰীশ্ৰীমেৰবিল চলিহা বাৰেঘৰ সত্ৰ তথা থানলৈ প্ৰতিবছৰে অগণন ভক্তপ্ৰাণ ৰাইজৰ আগমণ ঘটে আৰু সকলোৱে মনোকামনা পূৰণৰ উদ্দেশ্যে সভক্তিৰে সেৱা আগবঢ়ায়।

☆ ★ ☆ ★ ☆

2 Comments

  • জয়ন্ত গগৈ

    ঐতিহ্যময় “মেৰবিল” সম্বন্ধে ফটাঢোলত পঢ়িবলৈ পাই ভাল লাগিল। সঁচাকৈয়ে এই কিংবদন্তীযুক্ত কাহিনীৰ দ্বাৰাই সৃষ্টহোৱা দুলিয়াজানৰ মেৰবিল আৰু চাচনীৰ মেৰবিল দুখনিৰ ইতিহাসক আমি মানিবই লাগিব। এনে হস্বঘোঁৰাকৃতিৰ মেৰবিল পৃথিৱীৰ মানচিত্ৰত অতি বিৰল।

    Reply
    • জয়ন্ত গগৈ

      অশ্বঘোঁৰা খুৰাকৃতিৰ বিল

      Reply

Leave a Reply

Your email address will not be published. Required fields are marked *