ফটাঢোল

নাৰী শক্তি-ভূপালী দেৱী

চাওঁ‌তে চাওঁতে কণমানিজনী এখোজ দুখোজকৈ আগুৱাব পৰা হ’ল। বহুত সপোন সাঁচি ৰাখিছিল মনত পৰীক লৈ ৰিয়াই। বিয়াৰ আঠ বছৰৰ অপেক্ষাৰ অন্তত পৰী আহি ৰিয়াৰ কোলা শুৱনি কৰছিলহি। কিমানযে আনন্দ, কিমানযে স্ফূৰ্তি। কিন্তু এই আনন্দ,স্ফূৰ্তিবোৰ কেৱল যেন ৰিয়াইহে অনুভৱ কৰিছিল। নিজৰ মানুহজনৰ আৰু শাহুৱেকৰ মুখত এইবোৰ বিচাৰি তাই হাবাথুৰি খাবলগীয়া হৈছিল। কন্যা সন্তান এটি জন্ম দিয়াৰ কাৰণে তাইক মানুহে নানান কথা শুনাবলৈ লৈছিল৷ আনকি নিজৰ মা স্বৰূপ শাহুৱেকেও তাইক কথা শুনাবলৈ নেৰিছিল “এই কুলক্ষণীজনীয়ে ইমান বছৰৰ মূৰত ছোৱালী এজনীহে জন্ম দিবলৈ পালে৷”

এইবোৰ দেখি শুনিও ৰিয়াই ইয়াৰ প্ৰতিবাদ কৰিব পৰা নাছিল৷ কেনেকৈনো কৰিব যেতিয়া তাই নিজতকৈ বেছি বিশ্বাস কৰা ৰক্তিমেই তাইৰ বিপক্ষে থিয় দিছিল৷ কি ভুল আছিল তাইৰ এজনী মৰমলগা কন্যা সন্তান জন্ম দিয়াতো? ল’ৰাৰ বিয়াৰ কাৰণে ভালৰো ভাল ছোৱালী এজনী লাগে। দেহৰ ক্ষুধা আঁ‌তৰোৱাৰ কাৰণেও এজনী ছোৱালীয়েই লাগে কিন্তু সেই পুৰুষৰে সন্তান হিচাপে এটা ল’ৰাহে লাগে কিয়? এইবোৰ প্ৰশ্নই ৰিয়াৰ মন মগজুত হেঁচা মাৰি ধৰিছিল।

নালাগে ৰক্তিমৰ দৰে এজন পিতৃ, যিয়ে উচ্চ শিক্ষিত হৈয়ো ল’ৰা ছোৱালীৰ মাজত প্ৰভেদ ৰাখে। নালাগে তেনেকুৱা এজনী আইতাক যিজনীয়ে নিজে নাৰী হৈয়ো আন নাৰীক তুচ্ছ জ্ঞান কৰে, উপলুঙা কৰে৷

পৃথিৱীত কিমান এনেকুৱা নাৰী আছে যিজনীয়ে নিজৰ বলত নিজৰ সন্তানক আনৰ সহায় নোলোৱাকৈ অকলেই ডাঙৰ দীঘল কৰিছে। ময়ো পাৰিম, পাৰিবই লাগিব৷

ৰিয়া স্নাতকোত্তৰ লগতে বি.এড ডিগ্ৰীধাৰী আছিল। কণমানিজনীক কোচত লৈয়েই তাই দুই তিনিটা টিউচন কৰিবলৈ ল’লে। শাহুৱেক আৰু ৰক্তিমে আপত্তি কৰিছিল যদিও তাই এইবোৰ আওকাণ কৰি আগবাঢ়ি গ’ল৷ লাহে লাহে টিউচনলৈ অহা ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়িবলৈ ল’লে৷ ৰিয়াই টিউচন কৰি পোৱা টকাবোৰ পৰীৰ নামত সাঁচি থ’লে৷

ইফালে পৰীকো স্কুলত দিয়াৰ সময় আহি পৰিল৷ এই বিষয়ত ৰক্তিমৰ লগত আলোচনা কৰাত সি পৰীৰ নামত এপইচাও খৰচ কৰিব নোৱাৰে বুলি ৰিয়াক জনালে। তাইৰ অলপো দুখ লগা নাছিল কাৰণ ৰিয়াই ৰক্তিমৰ পৰা এয়াই আশা কৰিছিল। সময় আৰু পৰিস্থিতিয়ে তাইক কঠিন হ’বলৈ শিকাইছিল৷ তাই টিউচন কৰি পোৱা টকাৰে পৰীক স্কুলত নাম লগাই দিলে। ঘৰৰ সকলো কাম কৰি পৰীক স্কুলত থ’বলৈ যোৱা৷ দুপৰীয়া আনিব যোৱা গধুলি আকৌ টিউচনবোৰ কৰি ৰাতিলৈ ৰিয়াৰ শৰীৰটো যেন অৱশ হৈ পৰিছিল। তথাপিও তাই হাৰ মনা নাছিল৷ বৰং দুগুণ উৎসাহেৰে ৰিয়াই তাইৰ কামবোৰ কৰি গৈছিল।

এনেকৈয়ে এদিন পৰীক স্কুলৰ পৰা আনি ৰুমত সোমাই টেবুলৰ ওপৰত ৰিয়াই এটা এনভেলপ দেখিলে। তাই খুলি চাই দেখিলে সেইখন এখন ‘Appointment letter’। পৰীৰ স্কুলতে তাই শিক্ষয়িত্ৰী হিচাপে নিযুক্তি লাভ কৰিছে। তাইৰ আনন্দত চকুলো বৈ আহিল৷ ভগৱানক ৰিয়াই অশেষ ধন্যবাদ জনালে। ৰক্তিম আৰু শাহুৱেকক ইমান এটা ভাল খবৰ দিয়াৰ পিছতো তাই তেওঁলোকৰ মুখত হাঁ‌হি এটা নেদেখিলে। তায়ো অৱশ্যে কথাটোত বেছি পাত্তা নিদিলে ৷

এনেকৈয়ে দিনবোৰ বাগৰিল৷ পৰী ডাঙৰ হ’ল৷ তাই এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা দিব। মেধাৱী জীয়ৰী পৰীক লৈ ৰিয়াই স্কুলৰ কাষত ভাৰাঘৰ এটা লৈ আহিবলৈ থিৰাং কৰিলে৷ কাৰণ সেইখন ঘৰত পঢ়াৰ পৰিৱেশ একদমেই নাছিল। শাহুৱেকৰ যেন ৰিয়া আৰু পৰীক অনবৰতে কথা শুনাই থকাটো এক স্বভাৱত পৰিণত হৈছিল৷ পৰীও লাহে লাহে বুজনহৈ উঠিছিল। দেউতাক আৰু আইতাকে সিহঁতক কৰা অত্যাচাৰবোৰ তাই বুজি পোৱা হৈছিল। পৰীয়ে মাকক কথা দিছিল তাই মাকৰ লগত সদায় থাকিব, দেউতাক আৰু আইতাকে এদিন সিহঁতক লৈ গৌৰৱ অনুভৱ কৰিব লাগিব ৷

পৰীৰ জীৱনৰ প্ৰথমটো গুৰুত্বপূৰ্ণ পৰীক্ষাৰ আৰম্ভণি আজি৷ তাই মাকৰ ভৰি চুই সেৱা কৰি পৰীক্ষা দিবলৈ গ’ল। ৰিয়ায়ো পৰীৰ পৰীক্ষা ভাল হওঁক বুলি থাপনাত চাকি এগচি জ্বলাই প্ৰাৰ্থনা কৰিলে। প্ৰায় এমাহযোৰা চলা পৰীক্ষাৰ অন্ত পৰিল৷ আন ল’ৰা ছোৱালীৰ দৰে ফুৰিবলৈ নগৈ পৰীয়ে মাকৰ লগতে বন্ধৰ সময়খিনি কটালে। কাইলৈ পৰীৰ পৰীক্ষাৰ ৰিজাল্ট দিব৷ চিন্তাতে মাকৰ লগতে তাইৰো ৰাতিটো টোপনি নাহিল৷

পুৱা প্ৰায় নমান বজাতে স্কুলৰ শিক্ষক এজনে আহি জনালে যে পৰীয়ে অসমৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিছে। ৰিয়াৰ আনন্দৰ সীমা নোহোৱা হৈছিল। তাই পৰীক বুকুৰ মাজত সাৱটি লৈ কেৱল হিয়া উজাৰি  কান্দিছিল। ইফালে দেউতাকেও নিউজত পৰীৰ ৰিজাল্টটো পাই গৌৰৱত বুকু ফিন্দাই চিঞৰি চিঞৰি কৈছিল ”এইজনী মোৰ ছোৱালী।” ওচৰ চুবুৰীয়াক চিঞৰি কৈছিল, “আজিৰ ছোৱালী ল’ৰাতকৈ কোনো গুণেই কম নহয়। এই পৰিৱেশ বেয়া বাবেই তাইক মই ইয়াৰ পৰা আঁ‌তৰাই ৰাখিছিলোঁ‌। ল’ৰা-ছোৱালী সকলো সমান এই কথা মোতকৈ কোনে বেছি বুজিব পাৰে।” আইতাকেও দেউতাকৰ সুৰত সুৰ ধৰি হয় হয় কৰিলে।

ভাৰাঘৰলৈ যোৱা বাবেই গোটেই জীৱনৰ কাৰণে ঘৰৰ দুৱাৰ বন্ধ হৈ পৰা ৰিয়া আৰু পৰীক সন্মানেৰে সেই ঘৰখনলৈ ৰক্তিম আৰু শাহুৱেকে ওভতাই আনিলে৷ তাকে দেখি চুবুৰীয়া দুই একে অৱশ্যে ঠাট্টা মস্কৰা আৰু বুবুবাবা নকৰাও নহয়৷ হ’লেও ৰিয়াই এইবোৰ কথাত ধৰি নাথাকি পুনৰ ঘৰখন মিলিত হোৱাৰ আনন্দকণ চিৰযুগমীয়া কৰাৰ মনেৰে আকৌ মিলি পৰিলহি৷ তাইৰ কষ্ট আৰু ত্যাগে আজি সফলতা লাভ কৰিলে,  ৰিয়া আজি জয়ী হ’ল৷ শাহুয়েকহঁতেও নিজৰ ভুল উপলব্ধি কৰি তাইক আঁকোৱালি ল’লে৷

☆ ★ ☆ ★ ☆

8 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *