ফটাঢোল

আত্মবিশ্বাস  – সত্যেন মহন্ত

এনেই মানে নিজকে ভাল গানটিষ্ট বুলিয়েই গৌৰৱ এটা মনে মনে আছিলে ইচকুলত পঢ়োঁ‌তে৷ বছৰেকীয়া ফাংচনত ঢেৰ ল’ছালিৰ মাজত ক’ৰাচ গাবলৈ নিৰ্ধাৰিতভাৱে পাওঁৱেই বাবে মনৰ ভিতৰত বিশ্বাসটোৱে নাৰিকলৰ শিপাৰ দৰে দিগন্তক সিঁয়াৰি বিয়পি পৰিছিল একেবাৰে মোৰ লগৰ গৰুপালৰখীয়া কেইটাৰ সমস্বৰৰ গুণগুণনি সহিতে হাতৰ চাপৰিলৈকে। সেইমতে মাহঁতৰ আগত কাষৰ চাপলায়নি পেহীদৌহঁতৰ আগতো সুৰ টানি প্ৰশংসা বুটলিছোঁ‌ দেও। গতিকে আত্মবিশ্বাস সুৰীয়া তুংগত এইগুণে চলি চলি হাইস্কুলৰ দেওনা  পাৰ হৈ যোহাট পালোঁ‌হি৷ 

এদিন আগত দেওবাৰটো লৈ গাঁ‌ও ফুৰিবলৈ লাদৈগড়লৈ (যোহাটৰ উপকন্ঠ অঞ্চল) যাবলগীয়া হ’ল মোৰ গৰুপালৰ সখা এজনৰ লগত৷ সি মোৰ গুণমুগ্ধ হাতচাপৰি বাদক৷ উত্তৰ পাৰৰপৰা আহিছে অতদূৰ বাটকুৰি বাই দিনত মোক লগ কৰি ৰাতিটো সম্পৰ্কীয় মোমায়েকৰ ঘৰত থকাৰ হিচাবে। গতিকে নগ’লেও বেয়া হ’ব। নিশা ভাত হোৱাৰ পৰলৈকে সৰু  ভায়েক সম্বন্ধীয়ৰ লগত কথা বতৰা পাতি ধেমালি ধুমুলা কৰি আছোঁ‌৷ কথা প্ৰসংগত গৃহস্থৰ ঘৰৰ পুতেকে তাক ক’লে কাইলৈ আমাৰ মইনা মেলৰ এটি ফাংচন আছে যাব লাগিব। লগালগ সখাই ক’লে ভালেই হ’ব আমাৰ ই ভাল গাই গতিকে অতিথি শিল্পী বুলি এটা গাবলৈ দিবি তহঁতৰ মইনামেলৰ গুৰিধৰোঁ‌তাসকলক কৈ৷ মোৰ গছে গছে পাতি দিলে কোৰাচ গায়কী আত্মবিশ্বাসী শকতিয়ে তুংগত থাকি হাঁহি এটা মাৰিলে মনতে৷ পিছদিনা অতিথিক ডাঙৰ মইনাৰ জাতত পেলাই ওলগ জনাই গাবলৈ ক’লে। আত্মবিশ্বাসে হেনো কঠিনৰো কঠিনক সহজ কৰি তোলে বুলি শুনি সেইদিনা প্ৰয়োগ কৰি আৰম্ভ কৰিলোঁ‌ গৰুৰ পালত গোৱা কিন্তু কোৰাচত গাই নোপোৱা মোৰে ভাৰতৰে গীতভাগি। মুঠতে সেইদিনা অতিথি দেৱো ভৱঃ বুলিহে সকলোৱে হাঁহি সম্বৰণ কৰি হাত তালি মাৰিলে। গাঁৱত হোৱা হ’লে নিৰ্ঘাট চাৰ-বাইদেউহঁতৰ মাৰ খালোঁ‌হেতেন বুলি সখায়েও কৈছে৷ দুপৰীয়া ভাতৰ মজিয়াত মামীয়েকে মোক ক’লে বোপাই যিটো সুৰত তুমি গালা সেইটো সুৰ এই বয়সলৈকে শুনা নাছিলোঁ‌ তাৰোপৰি তোমাৰ কন্ঠ এফালে বই তবলা এফালে বাজে আৰু হাৰমনিয়ামে নিজৰ ভাঁজে হাৰমনি কৰি মিলামিলি কৰি আছে। ক’ত শিকিছিলা আৰু ক’ত ক’ত গাইছা এইভাগি। মই গহীনত ক’লোঁ‌ মামী কোৰাচত শিকা আৰু গৰুপাল চৰাবলৈ যাওঁতে ইহঁতৰ আগত পথাৰত গোৱা। যথেষ্ট  আত্মবিশ্বাস থকা বাবেহে পাৰ মাংস আৰু মাছৰ ভজাৰে ভাতসাঁজ খাব পাৰিলোঁ‌, গোটেইমখাৰ গিৰ্জনি আওকান কৰি। পিছতহে গম পাইছোঁ‌ আচল সুৰটো মই তেনেই বেসুৰা কৰি পেলাইছিলোঁ‌ সিদিনা। আত্মবিশ্বাসৰ আৰু কাহিনী আছে অমুকাৰ৷

☆ ★ ☆ ★ ☆

One comment

  • আদিত্য

    হাঃ হাঃ হাঃ….. আত্মবিশ্বাসেই মূল মুঠতে ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *