মাংস-ভাষ্কৰজ্যোতি ৰাভা
বহুত বছৰৰ আগৰ কথা। সেইদিনা আছিল অমাৱস্যাৰ ৰাতি। পুৰণি বাজাজ স্কুটাৰখন লৈ অভিজিত টাউনৰপৰা আহি আছিল। হওঁতে সেইদিনা তাৰ আনদিনাতকৈ অলপ ৰাতিয়েই হ’ল। সন্ধিয়া ৰেললাইনৰ কাষত বহা বজাৰৰপৰা পাচলি কিনি থাকোঁতে ‘দাদা, লাষ্ট বজাৰ লৈ যাওক, ২০ টকা কমত দিছোঁ’ বুলি গাহৰি মাংস এক কেজি চিনাকী বেপাৰীজনে জোৰকৈ কিনালে তাক। পাচলি আৰু মাংস লৈ স্কুটাৰ ষ্টাৰ্ট দিবলৈ লওঁতেই সি বহুত বছৰ কোনো সংযোগ নথকা পুৰণি বন্ধু পৰীক্ষিতক লগ পালে। মানুহটো গোটেই হাড়ে-ছালে লাগি গৈছে। কিবা ডাঙৰ বেমাৰ হৈছে নেকি বাৰু ইয়াৰ! মোনাত গাহৰি মাংসৰ ক’লা পলিথিনটো দেখি পৰীক্ষিতে হুমুনিয়াহ এটা কাঢ়ি ক’লে, ‘গাহৰি মাংস খাবলৈ বৰ মন গৈছে অ’। আজিকালি খাবলৈয়ে নাপাওঁ নহয়।’ অভিজিতে ক’লে, ‘ব’ল তেন্তে মোৰ লগতে আমাৰ ঘৰলৈ। মালৰ লগত খাম।’
‘এঃ… আজি নাযাওঁ দে। বেলেগ এদিন যাম। আৰু তই এতিয়া যা। মোৰ এঠাইত কাম এটা আছে।’
– এইবুলি কৈ পৰীক্ষিতে নৰ’লেই। কোনপিনে গ’ল ফটকৈ অভিজিতে ধৰিবই নোৱাৰিলে। যেন বতাহৰ লগত মিলি গ’ল। অভিজিতেও স্কুটাৰ ষ্টাৰ্ট দি ঘৰলৈ যাবলৈ ধৰিলে। তাৰ ঘৰলৈ যোৱা ৰাস্তাটোতে শ্মশান এখন পাই যায়। দিনত একো অনুভৱ নকৰে সি। কিন্তু ৰাতিহে অলপ দেৰিকৈ গ’লে গা-মন চেবাই যায়। কেনেবা কেনেবা লাগে। শ্মশানখন পোৱাৰ ঠিক আগে আগে সি স্কুটাৰৰ স্পীড বঢ়াই দিলে। স্কুটাৰৰ হেডলাইটৰ ক্ষীণ পোহৰটোৱে যেন অমাৱস্যাৰ ৰাতিৰ আন্ধাৰখিনিক হৰুৱাব পৰা নাই। এক্সেলেটৰটো জোৰেৰে পকাই দিলে সি। শ্মশানখন পাইছেই আৰু। হঠাতে সি স্কুটাৰৰ বেকছিটটো অসম্ভৱ গধুৰ যেন অনুভৱ কৰিবলৈ ধৰিলে। যেন কোনোবা এজন বহিছে তাত। ডিঙিটো ঘূৰাই চাওঁতে কাকো নেদেখিলে সি। পুনৰ স্পীড বঢ়াবলৈ বুলি এক্সেলেটৰটো পকাই দিলে সি। কিন্তু কি জানো হ’ল! ঘেৰ ঘেৰ শব্দ কৰি স্কুটাৰখনৰ ষ্টাৰ্ট বন্ধ হৈ গ’ল। সৰ্বনাশ! এই শ্মশানৰ ওচৰতহেনো স্কুটাৰৰ ষ্টাৰ্ট বন্ধ হৈ যাব লাগেনে! বাওঁফালে চকু ঘূৰাই চাওঁতে সি দেখিলে, শ্মশানত জুই একুৰা জ্বলি আছে। কাৰোবাক জ্বলাইছিল চাগে আজি। শেষাংশখিনি এতিয়াও জ্বলি আছে। স্কুটাৰত প্ৰচণ্ড জোৰেৰে কিক্ মাৰিলে সি। থেথ্ থেথ্ থেথ্ থেথ্ থ্ৰওন থ্ৰওনকে শব্দ কৰি ইঞ্জিনটোৱে সাৰ পাই উঠিল। লগে লগেই সি এক্সেলেটৰটো প্ৰচণ্ড জোৰে পকাই দিলে। স্কুটাৰখন এতিয়াহে পাতল পাতল যেন অনুভৱ হ’ল তাৰ। ধুমুহাৰ গতিত (স্কুটাৰৰ গতি ইমানো ধুমুহা নহয় বাৰু) সি স্কুটাৰখন দৌৰাবলৈ ধৰিলে আৰু কিছুসময়ৰ পিছতেই ঘৰ পালেহি। ঘৰ পাই গা ধুই পাকঘৰলৈ যাওঁতে মাকে ক’লে তাক, ‘তোৰ লগৰ পৰীক্ষিত ঢুকাল বোলে আজি। সন্ধিয়াহে শ্মশানলৈ নিছিল চাগে।’
‘কি? কিন্তু তাকতো মই…………!’ অভিজিতৰ গাটো চেবালে। ‘মা তই বজাৰৰ মোনাটো চাচোন। গাহৰি মাংস অলপ আনিছিলোঁ। ‘
‘ক’তনো গাহৰি মাংস আনিলি তই? মই মোনাটো চালোৱেই। পাচলি আৰু ক’লা খালী পলিথিন এটাহে আছিল তাত। মাংস নাই!’
☆ ★ ☆ ★ ☆
3:06 pm
মাংস নিলে মানে !
10:01 pm
তেনেকুৱাই আৰু! ?
11:46 pm
মজা । লিখা-মেলা কামটো ছিৰিয়াছলী কৰিব লাগে । ???
1:31 pm
এলেহুৱা মানুহ ?