দৰ্জীয়ে বনোৱা কুৰ্টি-পৰী শ্যামলী ভূঞা
ট্ৰাইলৰূমত গৈ দীঘল ফ্ৰকটো ট্ৰাই কৰিবলৈ আইনাৰ আগত থিয় হওঁতেই চিঞৰ এটা ভাঁহি আহিল, “নিপিন্ধিবি ঔ, নিপিন্ধিবি তই শকতজনীৰ গাত এইবোৰে নুশুৱায়, এইবোৰ কাপোৰ তোৰ কাৰণে নহয় ছোৱালী মানুহকহে শুৱায়।” কথাষাৰ শুনি মই ইফালে সিফালে চালোঁ মাতষাৰ ক’ৰপৰা আহিল? এনেকুৱা কথাষাৰচোন মোৰ এখেতেই কয়। তেওঁৰ মাতটো ইয়াত ট্ৰাইলৰূমৰ ভিতৰত কেনেকৈ বাজিল? বাৰে বাৰে ফ্ৰকটো ট্ৰাই কৰিবলৈ লওঁ বাৰে বাৰে বাজি আহে একেষাৰ কথা। ফ্ৰকটো ট্ৰায়ো নকৰোঁ নিকিনোও বুলি দুখে খঙে ওলাই আহিলোঁ।
হে ভগৱান কিয় বাৰু এইডাল হাতী যেন দেহা পালোঁ। যেতিয়াই তেতিয়াই যি টি নাখাওঁচোন তথাপিও চোন এইডাল দেহা পথালিকৈ বঢ়া। মন পচন্দৰ ড্ৰেছ এটাও পিন্ধিব নোৱাৰোঁঁ৷ মনৰ দুখতে মনতে ভোৰভোৰাই ট্ৰাইলৰূমৰ পৰা ওলাই ফ্ৰকটো মনতে সমাধি দি ধুনীয়া ধুনীয়া টপবোৰত গৈ হাত দিলোঁগৈ। আকৌ সেই একেই মাত, “নাচাবি ঔ, নাচাবি তই শকতজনীৰ গাত এইবোৰে নুশুৱায়৷ এইবোৰ কাপোৰ তোৰ কাৰণে নহয়, ছোৱালী মানুহকহে শুৱায়”। আকৌ ইফালে সিফালে চালোঁ আকৌ কোনে ক’লে? কোনে মোৰ পিছে পিছে ঘূৰি ফুৰিছে। মাতষাৰতো মোৰ এখেতৰেই হুবহু। তেখেততো লগত নাই। হ’ব বাৰু নালাগে নাচাওঁ এই ৱেষ্টাৰ্ন ড্ৰেচবোৰ বুলি ওলাই আহি কাষৰ কুৰ্টিবোৰত হাত দিলোঁ। আকৌ সেই একেই মাত, “হেৰৌ এই ৰেডিমেড কুৰ্টিবোৰ এইহেন কল গছৰ দৰে তোৰ শৰীৰটোৰ বাবে নহয় আগলৈ যা আগলৈ যা তোৰ জোখৰ কাপোৰ ফেক্টৰিত নবনেই যাগৈ যা”। আকৌ একেই মাত একেই কথা। পিচে কৈছে কোনে! বাৰে বাৰে কোনে চিঞৰিছে! চিঞৰি চিঞৰি থকা মাতটোৰ মতে কুৰ্টিটোও মনতে সমাধি দি আগবাঢ়িলোঁ। আগলৈ মিটাৰ কাপোৰবোৰ দেখিলোঁঁ৷ আকৌ সেই চিঞৰটো আহিল, “তোৰ হেন বডিটোলৈ ইয়াৰ পৰাই তম্বু চাইজৰ কাপোৰ কিনি ল৷ দৰ্জীক দি চিলাই ল”। ইফালে সিফালে চালোঁঁ, কোনেনো মাতিলে! তথাপিও এইবাৰ মাতষাৰে উপায় এটা দিয়া যেন লাগিল। তিনিমিটাৰ কাপোৰ কাটি দিবলৈ ক’লোঁঁ৷ কম হ’বনেকি আকৌ? মনলৈ এইটো ভাবো আহিলে। এ হ’ব, যদি কম হয় হাত কটা কুৰ্টিকে বনোৱাই ল’ম। মনতে বিৰাট ফূৰ্তি এটা লৈ কাপোৰ লৈ ওলাই আহিলোঁ।
সচেতন হৈ সেই মাতষাৰলৈ আকৌ অপেক্ষা কৰি ৰ’লোঁ৷ আকৌ চিঞৰিব নেকি! কিবা ক’ব নেকি! নাই নক’লে, বহু দেৰি অপেক্ষা কৰি ৰ’লো ক’তো একো মাত এটাও শুনা নগ’ল। বুজি পালোঁ এই দৰ্জীয়ে বনোৱা তম্বুযেন কুৰ্টিটোৱেই মোৰ বাবে শ্ৰেষ্ঠ। সেয়ে মাতটো অহা নাই। মাতটোৰ উপদেশ ভাল পালোঁ পিচে ক’ৰ পৰা আহিছিল সেয়াহে ভাবি নাপালোঁ।
☆ ★ ☆ ★ ☆