কৃপণ বৰ্তা-নন্দিতা তালুকদাৰ
বহুতেই ভবাৰ দৰে সকলো উকীলে ডকা-হকা দি পইচা নলয়।
বহুত বেছি কৃপণ ক্লায়েণ্ট পাইছোঁ। এজন ক্লায়েণ্ট আছিল। মই বৰ্তা মাতিছিলোঁ। বহুত বেছি ধনী।
মই নতুনকৈ ক’ৰ্টত জইন কৰাৰ সময়ৰ কথা।
বৰ্তাৰ কিবা মাটিৰ লেঠা লাগিল সোণাপুৰত। মই গৈ ঠিক কৰিলোঁ।
মই আচল খৰছ মানে অফিছলৈ অহা যোৱা খৰছ ক’লোঁ ১৫০০ টকা।
তেওঁ মোৰ ফিজ নিদিয়াকৈ অকল খৰছটো দিলে অহা যোৱাৰ। মোৰ খং উঠিল যদিও একো নক’লোঁ।
বৰ্তা বৰমা গ’ল অসমৰ বাহিৰলৈ ফুৰিবলৈ। আকৌ এটা কামৰ বাবে মোক মাতিলে। বেমাৰী মানুহ গতিকে আহিব নোৱাৰে। আৰু গ’লে মোৰ দেউতাৰ সৰুকালৰ কথা কিছুমান কয় বাবে মোৰ ভালো লাগে। মই মোৰ চৰ্দি লাগি থকা বুলি ক’লোঁ।
মোক পিছদিনা আকৌ ক’লে, “তই কামটো ইমান ভালকৈ কৰি দিলি। ঘৰৰ ছোৱালী পইছা দিলেও বেয়া পাবি (আচলতে নাপাওঁ বেয়া)। তোক মই cash ত নহয় kind ত দিম। এনেকুৱা এটা বস্তু দিম যে তই সদাই ব্যৱহাৰ কৰিব পাৰিবি আৰু তোৰ বহুত কামত আহিব।”
মই ভাবিলোঁ, লেপটপ জাতীয় কিবা দিব। চৰ্দি লৈয়ে গ’লোঁ। লালচাহ আহিল। ঘৰুৱা কাম-বন কৰা ল’ৰাজনক ক’লে, মাত্ৰ এখন বিস্কুট দিবলৈ। বেকাৰী বিস্কুটে গেছ হয়।
মোৰ মনত বিস্কুট ‘মাৰো গোলী, গিফ্ট লাৱো’ টাইপ ভাৱ।
দেখিলোঁ এখন বগা কাগজত কিবা মেৰিয়াই আনিছে। মই ভাবিলোঁ কাণফুলি টাইপ কিবা এটা। কিয়নো দিলে! মই চোন সোণ নিপিন্ধোৱেই!
মোক ক’লে, “খোল তোৰ গিফ্ট”।
খুলি চাই দেখোঁ অলপ মেন্থলৰ গুৰি।
ক’লে গৰম পানীত দি সদাই ব্যৱহাৰ কৰিলে চৰ্দি পলাব।
☆ ★ ☆ ★ ☆