ফটাঢোল

সুৱদী সোঁৱৰণ- টুনুজ্যোতি গগৈ

এক

নয়নপুৰত এগিলাচ আপং….

গংগামোহন মিলিৰ ‘দিচাং মুখত এবাটি আপং’ কবিতাটিৰ লগতে হোমেন বৰগোহাঞিৰ কেইবাখনো সুখপাঠ্য ৰচনাত আপং পানৰ বিষয়ে পঢ়াৰ পাছৰ পৰা বেছি নহ’লেও অন্ততঃ এবাটি আপং পান কৰাৰ ইচ্ছা এটা মনৰ মাজত প্ৰায়ে জাগৰুক হৈ উঠিছিল৷ কিন্তু আপং খোৱাৰ সেই ইচ্ছা সহজে পূৰণ নহৈছিল৷

ডিব্ৰুগড়ত থাকোঁতে কেইবাজনো মিচিং বন্ধু-বান্ধবীক ঘৰৰ পৰা আপং আনিবৰ বাবে অনুৰোধ কৰিছিলোঁ যদিও কোনেও বিভিন্ন অসুবিধাবশতঃ মোৰ অনুৰোধ ৰাখিব পৰা নাছিল৷ গুৱাহাটীলৈ অহাৰ পাছত বিশ্ববিদ্যালয় জীৱনত লগ পোৱা মাজুলীৰ মিচিং বন্ধু এজনে প্ৰায়ে গুৱাহাটীলৈ বিভিন্ন কামত আহি মোৰ বহাতেই থাকিছিল৷ বন্ধুৱে গুৱাহাটীলৈ অহাৰ আগে আগে মোলৈ ফোন কৰে আৰু মই তাক আপং আনিবৰ বাবে দঢ়াই দঢ়াই কওঁ৷ সি প্ৰতিবাৰেই আহু চাউল, নামচিং, শাক-পাচলি আদি মোৰ বাবে মৰমতে লৈ আহিলেও আপং আনিব নোৱাৰিলোঁ বুলি দুখ প্ৰকাশ কৰে৷

এবাৰ সি ঘৰৰ পৰা ফোন কৰি ক’লে,

: গুৱাহাটীলৈ গৈ আছোঁ৷ তোৰ কাৰণে এইবাৰ আপং লৈ যাম৷

ইমান দিনৰ মূৰত বহু প্ৰতীক্ষিত পানীয় এবিধ পান কৰিবলৈ পাম বুলি জানি আনন্দত আত্মহাৰা হৈ পৰিলোঁ৷ মিচিং জনজাতিৰ যিবিধ পৰম্পৰাগত পানীয় পান কৰাৰ অভিজ্ঞতাক আধাৰ কৰি বহু কবিয়ে ইমান সুন্দৰ সুন্দৰ কবিতা লিখি থৈ গৈছে, সেই পানীয় পান কৰাৰ পাছত অমুকাই কিবা এটা নিলিখিমনে? গতিকে বন্ধুৰ ফোনটো পোৱাৰ পাছত সম্ভাব্য লেখাটোৰ নামটোও ঠিক কৰি থ’লোঁ, ‘নয়নপুৰত এগিলাচ আপং’৷ তেতিয়া মই কাকতৰ চাকৰিয়াল, সেয়ে ‘ভাল বস্তু এবিধ ভগাই-মেলি খোৱা উচিত’ মনোভাৱেৰে দুজনমান সহকৰ্মীকো কথাটো জনালোঁ৷ তেওঁলোকো মোৰ দৰেই আপং পান কৰাৰ প্ৰতীক্ষাৰে অধীৰ হৈ উঠিল৷

আকুল প্ৰতীক্ষাৰ অন্ত পেলাই এদিন সন্ধিয়া টালি-টোপোলা কঢ়িয়াই লৈ বন্ধু মোৰ ভাড়াঘৰত উপস্থিত হ’ল৷ তাৰ খবৰ-খাতি লোৱাতকৈ আপং বটলৰ খবৰহে আগতে ল’লোঁ৷ বন্ধুৱে ক’লে,

: বুজিছ আপং আনিব নোৱাৰিলোঁ, তথাপি তোলৈ বেলেগ বস্তু এবিধ লৈ আহিছোঁ৷

মুহূৰ্তৰ ভিতৰত প্ৰচণ্ড হতাশাই মোক বিমৰ্ষ কৰি তুলিলেও, ‘নাই মোমাইতকৈ কণা মোমাই ভাল’ বুলি ভাবি মাজুলীৰ পৰা অনা ‘বেলেগ’ বস্তু বিধকে চেকি চাব বিচাৰিলোঁ৷ কিন্তু, ‘বেলেগ’ বস্তুবিধৰ বটলটো খোলাৰ পাছতেই এক উৎকট গন্ধত মোৰ নাক-মুখ কোঁচ খাই আহিল, ই বেটাই মৰি গ’লেও গিলিব নোৱৰা চুলাই এবটল মাজুলীৰ পৰা মোলৈ কঢ়িয়াই আনিছিল!!

দুই

পদুম-পদুমীৰ প্ৰেমাখ্যান

:  বছ, আপোনাক শেষবাৰৰ বাবে দেখা পালোঁ যেতিয়া মোৰ হৈ গ’ল আৰু৷

গধূলি সময়ত, ক’ৰবাৰ পৰা ঘূৰি আহি ঘৰৰ পদূলিৰ নঙলা খুলিবলৈ লওঁতেই পদুমে অপ্ৰত্যাশিতভাৱে শুনিবলৈ পালে তেনেই চিনাকি যেন লগা এক ক্ষীণ নাৰীকণ্ঠ৷ পদুমে কিবা বুজাৰ আগতেই কাষৰ কলতলৰ পৰা ওলাই দুপ্ দুপ্ শব্দ কৰি বাটেৰে দৌৰ মাৰিল সেই ক্ষীণ কণ্ঠৰ অধিকাৰিণী৷ মুহূৰ্ততে সি বুজিলে, দৌৰি যোৱা ফ্ৰক পৰিহিতা কিশোৰী গৰাকী আন কোনো নহয়, পদুমীহে৷ অ’ তাৰ প্ৰাণৰ পুতলী পদুমীয়েই হয়৷ কিন্তু, এই গধূলি বেলা, দূৰৈৰ গাঁওখনৰ পৰা অকলে অকলে আহি তাই তাৰ ঘৰৰ কলতলত কিয় লুকাই আছিল? তাক শেষবাৰৰ বাবে চাবৰ বাবে? বেছি ভবাৰ অৱকাশ তেতিয়া নাছিল, সিও পদুমীৰ পিছে পিছে দৌৰ দিলে৷

দুপ্ দুপ্… দুপ্ দুপ্… দুপ্ দুপ্৷

এজন সদ্য কৈশোৰ উত্তীৰ্ণ যুৱক আৰু এজনী কিশোৰীৰ তীব্ৰ বেগী ভৰিৰ শব্দই গধূলিৰ নৈঃশব্দত ডুব গৈ থকা চুবুৰীটো মুখৰ কৰি তুলিল৷ দুজনমান পুৰুষে ঘটনাৰ উৎস জানিবৰ বাবে হৈ-হাল্লা কৰি সিহঁতৰ পিছে পিছে দৌৰ দিলে৷ নৱম শ্ৰেণীত পঢ়া, সদ্য পুষ্পিতা এগৰাকী কিশোৰীহে, কিমান দূৰনো বেগাই দৌৰিব? এপাকত পদুমে ধৰিলে তাইক৷

এইবাৰ পদুমীয়ে বিননি জুৰিলে,

: মোক ধৰি নাৰাখিব, মোক এৰি দিয়ক৷ কাবৌ কৰিছোঁ, এৰি দিয়ক৷ মই ক’ৰবাত নাদে-খালে পৰি মৰি থাকিমগৈ৷ মৰাৰ আগতে মই কেৱল আপোনাক এবাৰ চাই যাবলৈ আহিছিলোঁ৷

জীৱনটো আৰম্ভই হোৱা নাই, অথচ তাক অকলশৰীয়া কৰি এই বয়সতে আপোনঘাতী হ’ব বিচাৰিছে কিয়? তাই আপোনঘাতী হ’ব বিচৰাৰ কাৰণ পদুমৰ লগতে সমবেত ৰাইজৰ আগত কান্দি কান্দি কৈ গ’ল৷ পদুমৰ দৰে দুখীয়া ঘৰৰ ল’ৰা এজনৰ সৈতে হিয়া-দিয়া-নিয়া কৰাৰ বাবে তাইক হেনো ককায়েক দুজনে সদায়ে গালি-গালাজ কৰে৷ ভাতৰ তিতা খাব পাৰিলেও মাতৰ তিতা খাব পাৰিনে? নোৱাৰি৷ গতিকে তাই অতিষ্ঠ হৈ আপোনঘাতী হোৱাৰ সিদ্ধান্তই লৈ পেলালে৷ কিন্তু মৰাৰ আগতে প্ৰাণৰ পুৰুষজনক শেষ বাৰৰ বাবে চাই যাবলৈ তাইৰ খুব ইচ্ছা জাগিল৷ সেয়ে তাই পদুমৰ ঘৰৰ ওচৰৰ কলতলত লুকাই আছিল৷

পদুমীৰ চকুপানী আৰু মৰ্মবেদনাই পদুমৰ পুৰুষত্বক জগাই তুলিল৷ জীৱনৰ সমগ্ৰ আৱেগ আৰু সততাৰে ভালপোৱা কিশোৰী গৰাকীক সি এনেদৰে মৰিবলৈ এৰি দিবনে? কে-তি-য়া-ও নিদিয়ে৷ 

সি ৰাইজক ক’লে,

: এইক মোৰ ঘৰলৈকে লৈ যাওঁ৷ একেবাৰে৷ অকলে এৰি পঠিয়াব নোৱাৰি, থ’বলৈ গ’লেও এখন কুৰুক্ষেত্ৰ হ’ব৷

[মোৰ গাঁৱৰ সত্তৰ দশকৰ এক সঁচা প্ৰেম কাহিনী, কেৱল নাম-ধাম সলাই দিছোঁ X ৷]

☆ ★ ☆ ★ ☆

2 Comments

  • Pranita Goswami

    মনত ৰৈ যোৱা এনেবোৰ ঘটনাই মন সজীৱ কৰি তোলে।

    Reply
  • জিতু

    ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *