গল্প লিখাৰ গল্প- অনামিকা বৰুৱা
গল্প এটা লিখিব লাগে৷ কালি ‘ফটাঢোল’ আলোচনীৰ সম্পাদকৰ পৰা মেইলটো পোৱাৰ পৰাই অদিতিয়ে ভাবি আছে কি লিখে? তাইতো আৰু কোনো বিখ্যাত লেখক নহয় যে লিখোঁ বুলিলেই এটা মনোমোহা গল্প ঘপহ্কৈ লিখি পেলাব পাৰিব৷ অৱশ্যে এনেও নহয় যে তাই একেবাৰে লিখিব নোৱাৰে৷ কেতিয়াবা কেতিয়াবা তায়ো একোটা ভাল গল্প লিখে৷ কিন্তু তাৰ বাবে তাইক সময় লাগে৷ এই যে সম্পাদকে বিশ তাৰিখৰ ভিতৰত লাগিবই বুলি সময় বান্ধি দিছে সেইটোৱেহে তাইক চিন্তাত পেলাইছে৷ সৰুৰেপৰাই কিবাকিবি লিখা মেলা কৰি আহিছে অদিতিয়ে৷ দুই এটা লেখা কাকত-আলোচনীতো প্ৰকাশ হৈছে৷ ফেচবুকতো মাজে মাজে লিখে৷ সেই আপাহতে ‘ফটাঢোলৰ’ চলিত মাহৰ সম্পাদকৰ সৈতে চিনাকি৷ ভাল ছোৱালীজনী৷ পঢ়া-শুনা লিখা মেলাকলৈ খুব চিৰিয়াছ৷ তাই লিখা বিজ্ঞানভিত্তিক গল্পবোৰ পঢ়িবলৈ বৰ উপভোগ্য হয়৷ তাইৰ মেইলৰ উত্তৰত কৈছিল অদিতিয়ে আজিকালি তাই লিখা প্ৰায় বাদেই দিছে৷ সময়ো নাপায়৷ মগজুটোত মামৰে ধৰিলে৷ ভাবি চাব কিন্তু কথা নিদিয়ে৷ প্ৰত্যুত্তৰত সম্পাদকে আপুনি পাৰিব বুলিয়ে কৈ দিলে৷
কালিৰেপৰা অদিতিয়ে ভাবি আছে কি বুলি আৰম্ভ কৰে এতিয়া? পুতেক ৰাজে সুধিছিল তাইক কি হ’ল বুলি৷ কৈছিল তাই গল্পৰ প্লট্ এটা ভাবি আছে বুলি৷ মিচিকিয়াই হাঁহি কৈছিল সি তুমিও ইমানকৈ ভাবিব লাগে নেকি? লিখা আকৌ তোমাৰ অনুভৱৰ ভঁৰাল খুলি কিবা এটা৷ কাণ সমনীয়া ল’ৰাটো তাইৰ৷ এইবাৰ ইঞ্জিনিয়াৰিং কমপ্লিট কৰিলে৷ কেম্পাচ চিলেকচনত টি.চি.এচ.ত চাকৰি পাইছে যদিও ট্ৰেইনিঙৰ কলিং নাই অহা সেয়ে এই দুমাহ সি ঘৰতেই আছে৷ ছোৱালীজনী দশমমানলৈ উত্তীৰ্ণ হৈছে৷ ল’ৰা-ছোৱালী দুটাৰ সৈতে সৰু পৰিয়াল সুখী পৰিয়াল অদিতিৰ৷ গিৰিয়েক নিশান্ত শান্ত-শিষ্ট ঠাণ্ডা প্ৰকৃতিৰ মানুহ৷ অলপ বেছিয়ে ঠাণ্ডা৷ মাজে মাজে বিৰক্তিবোধ কৰে অদিতিয়ে নিশান্তক লৈ৷ একেবাৰেই নিৰস মানুহজন৷ তাইক মৰম নকৰা নহয় কৰে কিন্তু তাই যেন সদায় জোৰ কৰিয়ে মৰমবোৰ আদায় কৰিব লাগে!
ক’ৰপৰা গৈ ক’ৰ পালেগৈ! গল্পৰ প্লট্ এটাৰ কথাহে ভাবি আছিল৷ নিজৰ একঘেঁয়া জীৱনৰ কথাবোৰ কিমান আৰু পাগুলি থাকে৷ দিনটো অফিচতো তাইৰ একো এটাই মনলৈ নাহিল৷ অফিচৰপৰা আহি চাহ একাপ খাইয়ে ইহঁত দুটাক মেগী বনাই দিলে৷ কলম সামৰি লেপটপটোকে খুলি ল’লে৷ মনলৈ কিবা এটা আহিলেই টাইপ কৰি থ’ব বুলি৷ মোবাইলটো বাজি উঠাত ৰিণিয়ে আনি দিলেহি৷ চাই দেখে জিন্তিৰ ফোন৷ তাইৰ অন্তৰঙ্গ বান্ধৱী৷ আমৈয়েকৰ নামটো দেখি মুখখন বেঁকা কৰি গ’লগৈ ৰিণি৷ এইকণ সময়ত তাই মাকৰ মোবাইলত গেম খেলে৷ এতিয়া আমৈয়েকৰ লগত মাকে দীঘলীয়া লেক্চাৰ মাৰিব৷ তাইলৈ চাই হাঁহি জিন্তিৰ লগত কথাত ব্যস্ত হ’ল অদিতি৷ প্ৰায় বিছমিনিটমানৰ মূৰত ফোনটো থ’লে তাই৷ মোবাইলটোলৈ চায়ে দীঘল হুমুনিয়াহ এটা এৰিলে৷ সঁচাই, মাইকী মানুহৰ জীৱনটো বৰ বিচিত্ৰ! কম বয়সতে বৈধব্যক আঁকোৱালি ল’ব লগীয়া হ’ল জিন্তিয়ে৷ তথাপি বহু ঘাত-প্ৰতিঘাতৰ মাজেৰেই একমাত্ৰ ল’ৰাটোক মানুহ কৰিলে৷ লোন লৈ সৰুকৈ ঘৰটোও সাজিলে৷ তলৰ দুটা পাৰ্ট ভাৰা দি ওপৰত তাই অকলেই থাকে৷ ল’ৰা উদ্দীপ্তই দিল্লী বিশ্ববিদ্যালয়ৰপৰা ৰসায়ন বিজ্ঞানত মাষ্টাৰ ডিগ্ৰী লৈ বৰ্তমানে বেংগালোৰত পি.এইচ.ডি কৰি আছে৷ অকলে হ’লেও তাই নিজকে চম্ভালি লৈছে লাহে লাহে৷ আচলতে নিসংগতা আৰু অভিজ্ঞতাই মানুহক সাহসী কৰি তোলে৷ কিন্তু ভণ্টি? ভণ্টিৰ কথাবোৰ শুনি বেয়া লাগিছে মনটো৷ কিমান মৰমৰ আছিল তাই সকলোৰে৷ তাইৰ দৰে একেই সংগীত জগতৰ মানুহ বুলিয়েই নিবাৰণৰ সৈতে বিয়া ঠিক হওঁতে খুব ভাল লাগিছিল৷ অথচ আজি যি শুনিলে বুকুখন বিষাই গ’ল৷ দুখীয়া ঘৰৰ ছোৱালী বুলিয়েই মানসিকভাৱে অসুস্থ নিবাৰণৰ সৈতে ভণ্টিৰ বিয়া পাতি দিছিল৷ শহুৰেকৰ ঘৰৰ মানুহে ভাবিছিল নিবাৰণক কিবাকৈ তাইৰ হাতত গটাই দিব পাৰিলেই তাই ওৰে জীৱন তাক চম্ভালি থাকিব৷ হয়তো থাকিলেও হয় তেনেকৈ৷ কিন্তু চকুৰ সন্মুখতে সন্তানৰ ভৱিষ্যত অন্ধকাৰ হৈ পৰিলে কোন মাকে সহ্য কৰিব পাৰিব? কথাবোৰ ভাবি ভাহি মূৰটো বিষোৱা যেন লাগিল তাইৰ৷
সৰযুৱে আহি সুধিলে কি কাটিম মামী? আদা-নহৰু অলপ পিচি আলু দুটা বাকলি এৰুৱাই দিবলৈ ক’লে তাই৷ ৰাতি সকলোৱে ৰুটিয়ে খাই যেতিয়া বেছি একো ৰান্ধিব নালাগে৷ ৰাতিপুৱা কাবুলী বুট তিয়াই থৈয়ে গৈছিল৷ আলু-বিলাহী দি সেইখিনিৰে অলপ ৰান্ধিব৷ অফিচৰপৰা আঁহোতে পনীৰ লৈ আহিছিল৷ পনীৰখিনি ট’মেট চচেৰে পিয়াঁজ সৰহকৈ দি শুকানকৈ ভাজি দিব৷ এনেকৈ দিলে ল’ৰা-ছোৱালী দুটাই খাই ভাল পায়৷ ঘড়ীটোলৈ চালে আঠ বাজি ত্ৰিছ মিনিট গ’ল৷ লেপটপ বন্ধ কৰি তাই পাকঘৰলৈ বুলি খোজ ল’লে৷ গেচত কেটলীটো উঠাই দিলে৷ গৰম পানীৰে আটা মৰিলে ৰুটিকেইখন কোমল হয় খাবলৈ৷ খৰধৰকৈ ৰন্ধা-বঢ়াখিনি কৰি উঠেমানে চাৰে ন’ বাজিল৷ গাটো ঘামি যোৱাত হাত-মুখ ধুই আহিল অদিতিয়ে৷ এতিয়া আধা ঘণ্টামান তাই ফেচবুক চলাব৷ দিনটোৰ ব্যস্ততাৰ অন্তত ফেচুবক চাই ভালো লাগে৷ কেতিয়াবা আমনিও লাগে৷ আজিকালি সকলো সৰ্বজান্তা৷ যিহে একো একোটা ওজন থকা প’ষ্ট দিয়ে! ওজনৰ ভৰত ক’মেডি হৈ যায় কেতিয়াবা৷ তাই বৰকৈ কমেণ্ট-চমেণ্ট নিদিয়ে৷ ভাললগা গোট দুটামানত সোমাই ভাল লেখা পালে একান্তমনে পঢ়ি যায়৷ যিবোৰ লেখাই মন চুই যায় সেইবোৰত সৰুকৈ মন্তব্য একোটা দিয়ে মন গ’লে৷ ইনবক্স চোৱা বাদেই দিলে৷ আগতে কিতাপ পঢ়ি ভালপোৱা ছোৱালীজনীয়ে আজিকালি কিতাপ এখনো মেলি নাচায়৷ এলাহবোৰ বাঢ়িছে৷ তাৰকাৰণে ফেচবুকো এটা কাৰক হ’ব পাৰে৷ নিশান্তৰ ফোন৷ ৰেকৰ্ড কৰি থোৱাৰ নিচিনা সেই একেকিটাই কথা নিশান্তৰ৷ ভালে আছানে? আজি অফিচ গৈছিলা? ইহঁত দুটাই কি কৰিছে? কি ৰান্ধিছা খাবলৈ? মাছ-মাংস একো নানিলা? আনিবা আকৌ৷ সুদা ভাত কেনেকৈ খাবা? ফোনটো থেকেছি দিবৰ মন যায় অদিতিৰ৷ বিয়াৰ চৌব্বিশ বছৰৰ পাছতো নিশান্তই নাজানে তাই কি ভাল পায় কি বেয়া পায়৷ কেতিয়াও তাইৰ স’তে জোনাকত খোজ কাঢ়ি পোৱা নাই৷ কোনোদিনে তাইক এটা উপহাৰ দি পোৱা নাই৷ তাই কিবা ক’লেই কয় মোৰ যি আছে সকলো তোমাৰেই দেখোন৷ ল’বা আক’ যি লাগে৷ তাৰ পাছত আৰু কথা নবঢ়ায় অদিতিয়ে৷ খং-আভিমান কৰাৰ দিন নাই এতিয়া৷ বহুত মন বেয়া কৰিলে তাই এসময়ত৷ সেইবোৰ বাদ দিলে এতিয়া৷ থাকক সকলো নিজৰ নিজৰ ধৰণেৰে৷ এনেও ল’ৰা-ছোৱালী দুটা ডাঙৰ হৈ অহাৰপৰা তাইৰ ব্যস্ততা বাঢ়িল৷ বিভাগীয় প্ৰমোচন হোৱাৰ পাছত অফিচত কামৰ বোজাও বাঢ়িল৷ নিশান্তৰ অন্য এখন চহৰলৈ ট্ৰেন্সফাৰ হোৱাত তাইৰ আজৰি সময় নোহোৱাই হ’ল৷ ঘৰৰ সমস্ত দায়িত্বৰ লগতে এতিয়া বজাৰ কৰাৰ দায়িত্বটোও তাইৰ মূৰতে পৰিল৷ দহ বাজিল৷ আটাইকেইটা খাবলৈ বহিল৷ পনীৰ এটুকুৰা মুখত সুমুৱাই ৰিণিয়ে টেষ্টি বুলি চকু এটা মুদি দিলে৷ হাঁহি উঠিল অদিতিৰ৷ ডাঙৰ হৈছে ছোৱালীজনী তথাপি গাত কথা লগা নাই৷ গা-ধোৱা কাপোৰকেইটাও ভালকৈ মেলি দিব নাজানে৷ তাই যে শিকোৱা নাই তেনে নহয়, কিন্তু তাই বৰ এলেহুৱা৷ মাজে মাজে অদিতিৰ নিজকে অপদাৰ্থ যেন লাগে৷ মাক হিচাপে তাই যেন কোনোবাখিনিত একেবাৰে অসফল! বিছনাত পৰিও মনটো বেয়া লাগি থাকিল তাইৰ৷ জিন্তিৰ কথাবোৰেই মনলৈ আহি থাকিল৷
অফিচত কামৰ মাজতে খালী সময় অকণ পাই পাছলিৰ বজাৰ কৰোঁ বুলি ওলাই গ’ল অদিতি৷ অকস্মাৎ সুপ্ৰিয়াক ল’গ পালে৷ উজ্জ্বল হালধীয়া শাড়ীৰে শাখা-সেন্দুৰ পিন্ধা সুপ্ৰিয়াক দেখি ভাল লাগিল অদিতিৰ৷ তাই হাঁহি হাঁহি মানুহজনৰ লগত চিনাকি কৰি দিলে৷ দুয়োকে শুভকামনা দি সুপ্ৰিয়াক এবাৰ সাৱতি ধৰিলে তাই৷ সময় পালে ঘৰলৈকো আহিবলৈ ক’লে৷ মনটো মুকলি মুকলি লাগিল তাইৰ৷ আকস্মিকভাৱে মানুহজনক হেৰুৱাৰ পাছত একমাত্ৰ ল’ৰাটোকো গাড়ীয়ে খুন্দিয়াই মাৰি পেলোৱাত ভাঙি পৰিছিল সুপ্ৰিয়া৷ কান্দিবলৈকো পাহৰি গৈছিল৷ তাইক দেখি কৈছিল মইনো কিয় জীয়াই থাকিলোঁ অদিতি বাইদেউ? কাৰ বাবে জীয়াই থাকিলোঁ? মোকো কিয় মাৰি নিনিলে? কাৰো হাতত উত্তৰ দিবলৈ একোৱে নাছিল৷ এৰা, জীৱন কাৰো বাবে থমকি নৰয়৷ ই সদায় বাট বোলে নিজস্ব গতিৰে৷ সৰুতে আয়ে কোৱাৰ দৰে আয়ুসত চাউল থকালৈকে জীয়াই থাকিবই লাগিব৷ অফিচৰপৰা আঁহোতে কস্তুৰীৰপৰা সৰু কুকুৰা পোৱালি এটা লৈ আহিল৷ জালুকীয়া অকণ বনাব লাগিব৷ গাটো জ্বৰ জ্বৰ লাগিছে দেখোন!
নিশান্তলৈ ফোন লগালে অদিতিয়ে৷ এল.আই.চিৰ প্ৰিমিয়াম দিবৰ হৈছে৷ ৰেকাৰিঙৰ ইনষ্টলমেণ্টো দিব লাগে৷ ছোৱালীৰ স্কুলৰ কোৱাৰ্টাৰলী দিয়া ফীজো দিবৰ হৈছে৷ গোটেইবোৰ মিলাই ভালেখিনি হয়গৈ৷ তাইৰ একাউণ্টৰপৰা উলিয়াই দিব পাৰে, তেতিয়া আকৌ নিশান্তই অশান্তি কৰে৷ বহুত বেছি হিচাবী নিশান্ত৷ কিন্তু হিচাবৰ শেষত একোদাল নহয়গৈ৷ চাৰিটা কোঠাৰ আসাম টাইপৰ ঘৰটো সাজোঁতেও বেংকৰ লোনেই লৈছিল৷ আজিও প্ৰথমে পইচা নায়েই দেখোন বুলি আৰম্ভ কৰি মই দুই এদিনতে যাম ৰ’বা বুলি কৈ থ’লে নিশান্তই৷ মনটো খালী খালী লাগিল অদিতিৰ৷ সৰযুক মাতি আদা-নহৰু পিচি জালুক অলপো পিচিবলৈ দিলে৷ তাই নিজে পিয়াঁজ কাটিবলৈ ল’লে৷ পিয়াঁজে চকুৰ পানী সৰসৰাই বোৱালে৷ মধ্যবিত্ত ঘৰৰ ছোৱালী অদিতি৷ অভাৱ কি ভালকৈয়ে বুজি পায়৷ তাই হায়াৰ চেকেণ্ডেৰী পাছ নকৰোঁতেই দেউতাকে অৱসৰ লৈছিল চাকৰিৰপৰা৷ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী দেউতাকৰ সাঁচন সামৰণ বুলিবলৈ তেনেকৈ একো নাছিল৷ অৱসৰ লোৱাৰ পাছত একচনীয়া পত্তাৰ মাটি আধা বিঘা লৈ তাতে বাঁহ-খেৰেৰে তিনিটা কোঠাৰ ঘৰ এটা সাজি মূৰটো গোজাৰ ব্যৱস্থা কৰিছিল দেউতাকে৷ চাকৰিকালত ল’ৰা-ছোৱালী কেইটাক সদায় কয় মোৰ টকা-পইচা নাই৷ তহঁতেই মোৰ সম্পত্তি৷ ভালকৈ পঢ়া-শুনা কৰ৷ নিজৰ জীৱন নিজেই গঢ়িব লাগিব তহঁতে৷ সেই দেউতাক আজি নাই৷ ভুল চিকিৎসাৰ বলি হৈ দেউতাকক হেৰুৱাইছিল অদিতিহঁতে৷ অৱশ্যে তেতিয়া বাহিৰৰ জগতখনৰ বৰ-বেছি আও-ভাও নাপাইছিল তাই৷ এতিয়া মনত পৰিলে কষ্ট হয়৷ সেই সময়ত যদি কোনোবাই দেউতাকক বাহিৰলৈ নিয়াৰ পৰামৰ্শ দিলে হয় দেউতাক চাগে আজিও সিহঁতৰ মাজত থাকিল হয়৷ গোটেইবোৰে মিলি দেউতাকক বাহিৰত চিকিৎসা কৰাৰ ব্যৱস্থা কৰিব পাৰিলে হয়!
বিছনাত পৰি হোৱাট্চ এপটো খুলি ল’লে অদিতিয়ে৷ ৰিদিপৰ মেচেজ৷ বহুদিন খা-খবৰ নাই বুলি অভিযোগ তুলিছে৷ শেষত ধুনীয়া কবিতা এটা৷ ক’ত বা পালে! সিতো লিখিব নাজানে৷ বলিয়া এটা এইটো!৷ যেতিয়াই যি মন যায় তাকে কৰে৷ ডিগ্ৰীৰ লাষ্ট ইয়েৰত গৈ সি গম পাইছিল প্ৰীতমে অদিতিক প্ৰপ’জেল দিয়াৰ কথা৷ অদিতিয়ে সেই প্ৰস্তাৱ নাকচ কৰা বুলি শুনি সি কৈছিল অ’ই মোলৈ বিয়া হ’বি? ইফালে গায়ত্ৰীৰ প্ৰেমত পগলা সি৷ ঢকা এটা লগাই দিছিল তাই তাক৷ কিছুমান সম্পৰ্ক থাকে কলুষতাবিহীন৷ তাই একো উত্তৰ নিদিলে তাক৷ থাকক সিয়ো সুখী হৈ৷ তাইৰ অশান্তিখিনিয়ে তাকো অশান্ত কৰি নোতোলক৷ তাই জিন্তিলৈকে ফোনটো লগালে৷ ভণ্টিৰ কথা সুধিলে৷ উকীলৰ লগত কথা পতা বুলি ক’লে৷ দুই এদিনতে তেওঁ জনাব কি কৰিলে ভাল হয়৷ ডিভো’ৰ্চেই একমাত্ৰ ৰাষ্টা নহয়৷ ডিভো’ৰ্চ ল’লে হয়তো তাইৰ ল’ৰা-ছোৱালী দুটাই দেউতাকৰ সম্পত্তিৰ ভাগ নাপাব৷ কথাবোৰ ইমান জটিল কিয়?
এসপ্তাহ পাৰ হৈ গ’ল গল্পৰ নামত আঁচ এডালো মৰা নাই অদিতিয়ে৷ সঁচকৈয়ে নোৱাৰিব তাই৷ কিমানদিন হ’ল বাৰু তাই ভাললগা কিতাপ এখন নপঢ়া৷ নিজৰ অনুভৱবোৰ লিপিবদ্ধ নকৰা৷ মনত নাই তাইৰ৷ আজিকালি কিতাপবোৰ পঢ়িবলৈ মন নাযায়৷ এলাহ লাগে৷ ভাগৰ ভাগৰ লাগে৷ এটা সময় আছিল নিশান্তই তাইক সাহিত্যিক বুলি কাট্ মাৰিলেও তাই কিতাপ পঢ়িবলৈ নেৰিছিল৷ গ্ৰন্থমেলা হ’লেই পচন্দৰ কিতাপ কিনিছিল৷ শেহতীয়াকৈ হোৱা গ্ৰন্থমেলাত কিনা ভালেখিনি কিতাপ এতিয়াও নপঢ়াকৈ আছে৷ গল্প-উপন্যাস পঢ়ি পঢ়িয়েই তায়ো সপোন দেখিছিল৷ প্ৰিয়জনৰ হাতত হাত থৈ জোনাকৰ বৰষুণত গা ধোৱাৰ৷ হেঁপাহ পলুৱাই গান গাব৷ কেতিয়াবা দূৰ দুৰণিলৈ গুচি যাব উদ্দেশ্যবিহীনভাবে৷ নিশান্ত অফিচৰপৰা আহি পালেই তাক আথে-বেথে বহুৱাই চাহ-জলপান যতনাই দিব৷ নিশা তাই ভাত ৰান্ধোতে নিশান্তই তাইৰ কাষে কাষে থাকি তাইক মিছাকৈ আমনি কৰিব৷ খাই-বৈ উঠি নিশান্তই তাইক বাচন ধুবলৈ নিদি কোলাত তুলি বিছনালৈ নিব৷ ওৰে ৰাতি আলফুল মৰমেৰে নিশান্তই তাইক বুকুত সোমোৱাই ৰাখিব৷ তেনেকুৱা একো নহ’ল৷ বিয়াৰ পাছত প্ৰথম নিশাতেই নিশান্তই তাইৰফালে পিঠি দি শোৱাৰ দিন ধৰি তাই সামৰি ৰাখিছে মনৰ অপ্ৰকাশিত প্ৰেম-ভালপোৱা৷ অনুৰাধা শৰ্মা পূজাৰীৰ হৃদয় এক বিজ্ঞাপন পঢ়ি তায়ো ভাস্বতীৰ দৰে আশা কৰিছিল জোনাক ৰাতি সাগৰৰ পাৰত প্ৰিয়জনৰ বুকুত হেৰাই যোৱাৰ এক উন্মাদনা!
ৰাতিপুৱাতে গা ধুই উঠিয়ে ধুবলগীয়া কাপোৰখিনি দি মেচিনটো চলাই দিলে অদিতিয়ে৷ আজি দেওবাৰ৷ আনকালতকৈ ৰুটিনখন লাহে লাহে চলে৷ গোঁসাই চাকি জ্বলাই উঠি তাই আলু পৰঠা বনাবলৈ বুলি আলু দুটামান ধুই কুকাৰত দি গেচত তুলি দিলে৷ ৰাতিয়ে গুলি থোৱা হেনাখিনি চালে৷ পানী অলপ কম হৈ আছে৷ থাকক, পাছত লগাওঁতেই দি ল’ব যিমান লাগে৷ তাইৰ পৰঠা হয় মানে সৰযুৱে কাপোৰখিনি মেলি আহিলগৈ৷ ৰাজ আৰু ৰিণিয়েও দাঁত ব্ৰাচ কৰি ডাইনিঙত বহিলহি৷ বন্ধবাৰত দেৰিলৈকে শুই থাকিলে মাকে খং কৰে সিহঁতক৷ খাই বৈ উঠি মাকে দুয়োটাকে সোনকালে গা ধুই ল’বলৈ ক’লে৷ হেনা লগাওঁতেই ফোন এটা আহিল৷ নম্বৰ! নধৰিলে অদিতিয়ে৷ অকৌ ফোন আহিল সেই নম্বৰটোৰ পৰাই৷ ধৰোঁ নধৰোঁকৈ ধৰিলে অদিতিয়ে ফোনটো,
: হেল্লো অদিতি হয়নে?
: হয় আপুনি কোন বাৰু?
: চিনি পোৱা নাই নেকি? মই ভাবিছিলোঁ আমি বুঢ়া হৈ গ’লেও তুমি মোৰ মাতটো শুনিলেই ধৰিব পাৰিবা মই কোন!
: !!!
: হেল্লো অদিতি হেৰাই থাকিলাচোন! ইমান বছৰৰ মূৰত তোমাক বিচাৰি পাইছোঁ আকৌ হেৰাই নাযাবা প্লিজ৷ হেই ৰিলেক্স, মই প্লাবন৷ নে মোৰ নামটোকো মোহাৰি পেলালা তোমাৰ স্মৃতিৰ পাতৰপৰা?
: প্লাবন!
: অঁ মই৷ গোটেই পৃথিৱী ভ্ৰমি আহি আজি তোমাৰ চহৰত৷ কাম এটাত আহিছোঁ৷ দুদিন থাকিম৷ তোমাৰ নম্বৰটো কিবাকৈ গোটাইছোঁ৷ ঠিকনা দিয়া৷ তোমাক এবাৰ চাই আহোঁ৷ তোমাক নিজৰ কৰিতো নাপালোৱেই অন্ততঃ তোমাৰ হাতৰ ভাত এসাঁজৰ জুতিকে লওঁ৷
প্লাবনৰ ফোনটোৱে অদিতিৰ মনটো ৰঙাই দিলে৷ সিহঁতৰ বেট্চৰ আটাইতকৈ লাজকুৰীয়া ল’ৰাটো৷ বৰ ধুনীয়া গান গাইছিল সি৷ তাৰ মিঠা মাত শুনিয়ে প্ৰেমত পৰিছিল ৰুবীয়ে৷ য’তে ত’তে প্ৰেমৰ প্ৰস্তাৱ দি লাজত পেলাইছিল তাক৷ পাছলৈ সি ৰুবীক দেখিলেই পলোৱা হৈছিল৷ গ্ৰেজুৱেচন কৰাৰ পাছতেই দিল্লীলৈ গুচি গৈছিল সি বেলেগ কিবা এটা কৰাৰ হেঁপাহত৷ তাৰ পাছৰপৰা তাৰ কোনো খবৰ নাপায় সিহঁতৰ গ্ৰুপটোৱে৷ আৰু আজি হঠাৎ তাৰ ফোন! কেনে আছে বাৰু সি? এতিয়াও সি গান গাইনে? তায়ো কিজানি তাৰ প্ৰেমত পৰিছিল৷ সিয়ো বাৰু তাইক ভাল পাইছিল নেকি? কলেজৰপৰা এচকাৰ্চনৰ গ্ৰুপ এটা গৈছিল কলিকতালৈ৷ কলিকতা ফুৰি উঠিয়ে সিহঁতে প্লেন কৰিছিল মন্দাৰমণিলৈ যোৱাৰ৷ তাইতো জঁপিয়াই উঠিছিল সাগৰৰ নাম শুনি৷ মন্দাৰমণিত সাগৰৰ ঢৌৰ স’তে খেলিলৈ সিহঁত শংকৰপুৰ পাইছিলগৈ৷ শংকৰপুৰত মন্দাৰমণিৰ দৰে ভিৰ নাছিল৷ তথাপি আটাইবোৰে আকৌ সাগৰত জাঁপ দিছিলগৈ৷ তাইৰ ভাগৰ লাগিছিল৷ পানীত নানামি তাই বালিতে বহি লগৰকেইটালৈ চাই ৰৈছিল৷ কিছুপৰৰ পাছত প্লাবনো পানীৰপৰা উঠি আহি তাইৰ ওচৰতে বহি পৰিছিল৷ কথা পাতিছিল সিহঁতে৷ ইটো সিটো অসংলগ্ন বহু কথা৷ সন্ধিয়া নামিবৰ হৈছিল ধৰাৰ বুকুলৈ৷ সাগৰৰ বালিত লাহে লাহে খেলনা বস্তু, পুতলা, নানা ৰং-বিৰঙী শংখৰ সামগ্ৰীৰে ভৰি থকা ঠেলা কিছুমান লৈ ফেৰীৱালাবোৰৰ আবিৰ্ভাৱ হৈছিল৷ অ’ত ত’ত কৃত্ৰিম লাইট কিছুমান জ্বলি উঠিছিল৷ ক্ৰমবৰ্ধমান অন্ধকাৰে পৰিবেশটো মায়াময় কৰি তুলিছিল৷ চেঁচা বতাহজাকে চুই গৈছিল সিহঁতক৷ আটাইবোৰে এইবাৰ কাপোৰ সলাবলৈ ব্যতিব্যস্ত হৈ পৰিছিল৷ ছোৱালীবোৰে গাড়ীৰ ভিতৰত আৰু ল’ৰাবোৰে বাহিৰতে কাপোৰ সলাইছিল৷ গাড়ী চলাৰ আগতে তাই টয়লেট কৰি ল’ব খুজিলে৷ শিখা, ৰিধিমা, ৰাহুল, প্লাবন আৰু তাই গৈছিল কিছু আঁতৰত থকা গছেৰে আবৰি থকা ঠাইখিনিলৈ৷ টয়লেট কৰি উঠি শিখা, ৰিধিমা, ৰাহুল উভতি আহিছিল৷ তায়ো আহিছিল কিন্তু ওপৰলৈ মুখ কৰি শুই থকা প্লাবনক দেখি তায়ো শুই পৰিছিল তাৰ কাষতে৷ চাৰিওকাষ ধোঁৱা বৰণীয়া পাতল আচ্ছাদন এখন৷ আকাশত জিলিকি উঠিছে হাজাৰ হাজাৰ জিক্ মিক্ ৰূপোৱালি তৰা৷ মন গৈছিল তাইৰ প্লাবনৰ বুকুত মূৰ থৈ গান এটা শুনাৰ৷ শুনা নহ’ল৷ কিছু সময়ৰ পাছত নীৰৱে উঠি যোৱা প্লাবনৰ পাছে পাছে তায়ো উভতি আহিছিল লগৰবোৰৰ ওচৰলৈ৷ সেই মায়াময় ৰূপোৱালি সন্ধিয়াটো আজিও তাইৰ মানস পটত সজীৱ হৈ আছে৷ ঠিক কৰিলে অদিতিয়ে আজি তাই এটা প্ৰেমৰ গল্পকে লিখিব৷ জীৱনক চুই চাবলৈ প্ৰেমোতো এটা অজুহাত৷ নাহিল বাৰু তাইৰ জীৱনলৈ তাই বিচৰা ধৰণেৰে প্ৰেম৷ তাতে কি হ’ল৷ শংকৰপুৰৰ সেই মায়াময় সন্ধিয়াটোৱে আজিওতো তাইক আন্দোলিত কৰি ৰাখে৷ প্ৰেমতো এটা গান ওৰে জীৱন গুণগুণাব পৰা!
☆ ★ ☆ ★ ☆
7:18 pm
সুন্দৰ। ভাল লাগিল।