ফটাঢোল

লাইফটো, কাম নাই দাদা-কমলেন্দ্ৰ শৰ্মা

সুৰজিতৰ লগত মোৰ বহু বছৰৰ চিনাকি। মোক দাদা বুলি মাতে। সন্ধিয়া তেওঁৰ লগত কেতিয়াবা আড্ডা মাৰোঁ। বন্ধু কমল শৰ্মাৰ কিতাপৰ দোকানত বহোঁ আমি। কমল শৰ্মাও ৰসিক ব্যক্তি। আমি দেশ বিদেশৰ বিভিন্ন বিষয়ত কথা পাতোঁ। কেইবাখনো কাকত আলোচনী আদি চোৱাৰ সুযোগ পাওঁ। এদিন এটা বিষয় ওলাল, বিয়াৰ উপযুক্ত সময়। আলোচনী এখনত এই বিষয়ে প্ৰবন্ধ এটা প্ৰকাশ পাইছে। কমল আৰু মই যিহেতু বিবাহিত, সেয়ে সুৰজিতৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিলোঁ। তেওঁ বৰ বিৰক্তি প্ৰকাশ কৰি ক’লে –

….”হেই, বিয়াতো তেনে কথা নহয়তো! বিয়াখন পতা সৰু কথা। আচলতে এটা প্লেনিং লাগে। মানুহবোৰৰ সেইটোৱেই দোষ। মন গ’ল বিয়া পাতিলে। পিছত হাঁহাকাৰ লাগে। লাইফটো তেনে নহয় না।”……

কমল শৰ্মাই সুধিলে,–

….”তোমাৰ প্লেনিং কেনেকুৱা? তোমাৰ চাকৰি আছে। সুন্দৰ ঘৰ আছে, ভনীয়েৰাক ভাল ঘৰত বিয়া দিলা। ভাইটিৰো ইনকাম ভাল। মা দেউতা সুস্থ হৈ আছে। তেন্তে তোমাৰ কি অসুবিধা বিয়াখন পাতিবলৈ?”

…”লাইফটো, তেনে নহয় না। এটা ৰিস্ক, এটা গেম। বহুত কথা চিন্তা কৰিব লাগে। এটা ষ্টেণ্ডাৰ্ড লাগে। আকৌ ছোৱালীজনীও মিলিব লাগিব না। ক’ৰ ছোৱালী, কেনে বা স্বভাৱ-চৰিত্ৰ, আগতে কিছু জানিব লাগিব।” …

…”সকলোখিনি মিলালৈকে বহুত দেৰি হৈ যাব দেখোন, বয়স ৰৈ থাকিব নেকি?”– মই ক’লোঁ।

….”বয়স চালে নহ’ব না, লাইফটো বেলেগ।”

সুৰজিতে নিজকে উপযুক্ত বুলি ভবা নাই। বিয়া পাতিবলৈ যিখিনি থাকিব লাগে, সেইখিনি তেওঁৰ আছে। কিন্তু তথাপিও তেওঁ সাহস নকৰে। এইবোৰ কথা লৈ মাজে মাজে আড্ডা জমি থাকে। মাজতে সুৰজিতৰ ট্ৰেন্সফাৰ হ’ল ধেমাজিলৈ। তেওঁক সঘনাই লগ নোপোৱা হ’লোঁ। এদিন তেওঁৰ দেউতাকে কমলৰ দোকানত আমাক লগ ধৰি ক’লে যে, আমি জোৰ কৰি হ’লেও তাক সন্মত কৰিব লাগে। কাৰণ তাৰ বয়স হৈছে, ঘৰ আছে, চাকৰি আছে, গতিকে একো অসুবিধা নহয়। কিন্তু তাৰ সাহস নহয়। সি কিয় সন্মত নহয়, নে কিবা বেলেগ কাৰণ আছে। হয়টো ক’ব পৰা নাই। কোনোবা ছোৱালীৰ প্ৰেমত পৰিছে নেকি, কিন্তু ঘৰত মানি নল’ব বুলি কোৱা নাই! মাক দেউতাকৰ এটা সমস্যা হৈ থিয় দিছে সুৰজিত।

এদিন হঠাতে কমলৰ দোকানত আকৌ লগ পালোঁ সুৰজিতক। হাতত বিয়াৰ নিমন্ত্ৰণী চিঠি। মনটো ভাল লাগি গ’ল। চিঠি চোৱাৰ আগতেই কালাকান্দ আৰু স্পেচিয়েল চাহৰ পাৰ্টী। অৱশেষত সুৰজিতৰ বিয়াখন হ’বগৈ। পিচে ছোৱালী ক’ৰ? মনে মনে ঠিক কৰিলে নেকি? কিন্তু আমাক হতাশ কৰি ক’লে যে, তেওঁ  ৱাক অভাৰ দিলে।… মানে? মানে, ভাইটিৰ বিয়াখন হে আগতে হ’ব। মাক দেউতাকে তালৈ ৰৈ ৰৈ ভাইটিৰ বিয়াখনকে পাতিবলৈ ঠিক কৰিলে। আমি হতাশ হ’লোঁ। কিন্তু উপাই নাই। তেওঁৰ একেই কথা —

…..”লাইফটো, তেনে নহয় না। ভাইটিৰ ইচ্ছা গৈছে, আপত্তি কৰা নাই মই। মোৰ বেলেগ প্লেন আছে। তাৰ বিয়াখন আগতে হওক।”

সুৰজিতৰ ভায়েকৰ বিয়াখন সুকলমে হৈ গ’ল। ভাই বোৱাৰীজনীৰ নাম লিপিকা। বৰ ভাল বোলে। মাক দেউতাকেও নিজৰ ছোৱালীৰ দৰে গ্ৰহণ কৰিছে লিপিকাক। আজিকালি সুৰজিতে ঘৰলৈ বজাৰ নিয়া হ’ল। মিঠাই, চিপচ্, চানা ভজাৰ পেকেট লৈ যায়। তেওঁ ভায়েক আৰু ভাই বোৱাৰীক বৰ মৰম কৰে। এদিন কাপোৰ কিনিও নিলে। এদিন গম পালোঁ সুৰজিতে পুনৰ গুৱাহাটীলৈ বদলি হৈ আহিছে। তেওঁক পুনৰ লগ পোৱা হ’লোঁ কমলৰ দোকানত। তেওঁৰ ব্যস্ততা বাঢ়িল যদিও সময় পালেই কমলৰ দোকানত বহে। বিভিন্ন কথাৰ শেষত আমি বিয়াখন পতাৰ কথা কওঁ। তেওঁৰ একেই উত্তৰ –

…”লাইফটো, তেনে নহয়তো! এটা প্লেনিং লাগে। বিয়াখন পতা সৰু কথা।”

…”তেন্তে তোমাৰ মতলব কি, প্লেনিং কি? জীৱনটোত এনে কি প্লেনিং থাকে, যিটো তোমাৰ সম্ভব হোৱা নাই?”…..
….”নহয়হে দাদা। লাইফটো তেনে বস্তু নহয়। টকা পইচা ঘৰ সম্পত্তি এইবোৰ বহুত কথা।”

…”তোমাৰ কি নাই। অলিক সপোন দেখিলে কোনো দিনে পূৰণ নহয়। জানা নিশ্চয়।”

…”জানো দাদা, বেছি সপোন দেখা নাই। তথাপি নিজৰ মতে অলপ হ’লে ভাল, হ’ব।”

এদিন সন্ধিয়া সুৰজিতে আকৌ পাৰ্টি এটা দিলে। তেওঁৰ বৰ ফূৰ্তি সেইদিনা। তেওঁ হেনো ভতিজা এজনী পালে। মানে লিপিকাৰ ছোৱালী এজনী হৈছে। গোটেই ঘৰখনতে আনন্দ। ঘৰলৈ লক্ষী আহিছে। সুৰজিতৰ গাত তত নাই। বৰদেউতাক হোৱাৰ ফূৰ্তিতে মিঠাই খুৱাই ফুৰিছে। বহুত টকা খৰচ কৰিলে তেওঁ। আনকি হস্পিতালৰ খৰচ, কেঁচুৱাৰ নিয়ম কৰা আদিও সুৰজিতে কৰিলে। লাহে লাহে তেওঁ কণমানিটোক এৰিব নোৱাৰা হ’ল। আজি কালিকৈ কণমানিটোৱে হাঁহিব পৰা হ’ল। তাই ‘বৰতা’ বুলি কৈ মিচিককৈ হাঁহি দিব পৰা হ’ল। সন্ধিয়া ঘৰলৈ উভতি যোৱাৰ সময়ত সুৰজিতে এতিয়া জনছন বেবি ক্ৰীম, বেবি চেম্পু, তেল, দাইপাৰ আদিৰ টোপোলা লৈ যায়। সুৰজিতৰ মাক দেউতাকেও নাতিনী পাই বৰ আনন্দ পালে।

দিনবোৰ গৈ থাকিল। আগৰ দৰে আমিও সুৰজিতক বিয়াখন পাতিবলৈ জোৰ নকৰোঁ। তেওঁৰ দেউতাকক লগ পালেও এইবোৰ কথা নোলাই আজিকালি। এখোজ দুখোজ দিব পৰা নাতিনীয়েকৰ কথা কৈহে ককাকে ফূৰ্তি পায়। কমল আৰু মোৰো ল’ৰা ছোৱালী ডাঙৰ হৈ আহিল।

কমলৰ দোকানত বহি থাকোঁতে সুৰজিতে সৰু ল’ৰা ছোৱালীৰ এ বি চি ডি ৰ কিতাপ বিচাৰে ভতিজাকৰ কাৰণে আৰু দুখনমান কিতাপ লৈও যায়। দিনবোৰ গৈ থাকিল এনেদৰে। আমাৰো ব্যস্ততা বাঢ়ি আহিল। কেতিয়াবা সুধিম  বুলিও সোধা নহয় তেওঁৰ বিয়াখনৰ কথা। লাহে লাহে এই কথাটো তল পৰিল। তেওঁ এদিন ফোন কৰিলে, দৰকাৰী কথা আছে বোলে। মনত  আকৌ এটা আশাৰ সঞ্চাৰ হ’ল। পলমকৈ হ’লেও সুৰজিতে বিয়াখন পাতিব কিজানি! বৰ উৎসাহেৰে কমলৰ দোকানত বহিলোঁগৈ। ৰজনীৰ হোটেলৰ পৰা কালাকান্দ আৰু চাহ আহিল। কমলেই আৰম্ভ কৰিলে —

…”সুৰজিত। এইবাৰ তেন্তে ভাল খবৰটো দিবা, কোৱাচোন।”

…”হয় দাদা, ভাল খবৰেই । ভতিজা ছোৱালীজনীক স্কুলত এডমিচন দিব লাগে। কোনখন স্কুলত দিলে ভাল হ’ব কওকচোন। আপোনালোকৰ পৰামৰ্শ ল’ম বুলিয়েই আজি আহিছোঁ। ক’ত ভাল হ’ব বাৰু।”

ছোৱালীজনীৰ স্কুলত দিয়া সম্বন্ধীয় ভালেমান কথা পাতিলোঁ। আমাৰ কথামতেই বৰ্তমান ঘৰৰ ওচৰতে থকা স্কুল এখনত নাম ভৰ্তি কৰিব। দুবছৰ পিছত বেলেগ স্কুলত দিব। সোধো নোসোধোকৈ শেষত কমলে সুধিলে,

…”সুৰজিত, তোমাৰ বিয়াখনৰ কথা আজিকালি আমি নোসোধোঁ, কাৰণ তুমি বেয়া পোৱা। কিন্তু এইদৰে গোটেই জীৱন কেনেকৈ থাকিবা। মা দেউতা সদাই নাথাকে। এখন সুখৰ সংসাৰ চলাই নিবলৈ তোমাৰ একো অসুবিধা নহয়। তোমাৰ বয়স কিমান হৈছে জানানে?

….”কি ক’ম কমল দা, লাইফটো এনেকুৱা নহয় বুলি সদায় কৈ আছিলোঁ। কিন্তু এতিয়া উপলব্ধি কৰিছোঁ, মোৰ লাইফটোৰ কাম নাই দাদা। আপোনালোকে আগতে কোৱা কথাবোৰ শুনিলে আজি ভতিজী নহয়, নিজৰ সন্তানৰ কাৰণে স্কুলৰ খবৰ কৰিলোঁহেঁতেন। মা দেউতাই এতিয়া মোক বিয়াৰ কথা নোসোধে। এতিয়া বিয়া পাতিম বুলিও পাতিব নোৱাৰোঁ। কাৰণ বয়স বেছি হৈ গ’ল। কম বয়সীয়া ছোৱালী মোক কোনেও নিদিয়ে। মোৰ বয়সৰ লগত মিলা শিক্ষা থকা ছোৱালীও যে পাম আশা নাই। লাইফটো প্লেনিং কৰি থাকোঁতেই গ’ল দেখোন। বৰ ভুল কৰিলোঁ।”

…”মন কৰিলে এতিয়াও সময় উকলি যোৱা নাই নহয়। আমি গৈ ঘৰত আলোচনা কৰিম নেকি। ছোৱালীৰো খবৰ কৰোঁ।”

…”নাই নাই, বহুত দেৰি হৈ গ’ল। এতিয়া আৰু বিয়াৰ কথা ভাবিব নোৱাৰি।”

….”তেন্তে কি কৰিম বুলি ভাবিছা?”

এটা দীঘল হুমুনিয়াহ এৰি সুৰজিতে আবেগিক হৈ ক’লে –

…”কি কৰিম আৰু! এনেকৈয়ে থাকিম দিয়ক। আপোনালোক আছে, ভাইটিৰ পৰিয়ালটো আছে, সিহঁতৰ সুখেই মোৰো সুখ, চলি যাব এনেকৈয়ে।”

…”তুমি হতাশ নহ’বাচোন।”

…”লাইফটো, কাম নাই দাদা। মই গৈ থাকোঁ দিয়ক, ঘৰত কাম আছে।” সুৰজিতে বেগা-বেগিকৈ তাৰ পৰা আঁতৰি গ’ল।

☆ ★ ☆ ★ ☆

One comment

  • ৰাজশ্ৰী শৰ্মা

    দুখেই লাগি গ’ল। বেচেৰাটো।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *