ফটাঢোল

ভালপোৱা-বন্দিতা জৈন

মেট্ৰিক তথা হায়াৰচেকেণ্ডেৰী প্ৰথম বৰ্ষলৈকে প্ৰেমৰ  লগত চিনাকি নাছিল৷ মানে মই নিজেই জানো মোক বিশেষ ভাবে ভালপোৱা কোনো থাকিব নোৱাৰে৷ কাৰণ মই তেতিয়া লৈকে ৰাস্তাৰ শিলগুটি গণি গণি যোৱা বিধৰ আৰু দেখাতো সুন্দৰীৰ শাৰীত নপৰোঁ। তেনে এটা দিনৰে কথা৷

মই তেতিয়া হায়াৰচেকেণ্ডেৰী প্ৰথম বৰ্ষত৷ জাগীৰোড কলেজলৈ ঘৰৰ পৰা বাছেৰে আহিব লাগে৷ অলপ পুৰণা হৈছোঁগৈ আৰু৷ সেইফালৰ পৰা বহুত ছাত্ৰ-ছাত্ৰী আহে জাগীৰোড কলেজলৈ৷ গতিকে ইমান মোৰ ভাবিবলৈ নাথাকে বা মোৰ স্বভাৱটোৰ বাবে চিনাকিখিনিৰ বাদে নতুনকৈ চিনাকি নহওঁ। লাহে লাহে মন কৰোঁ বাছত মোৰ ভাড়া নলয়৷ কিয় নলয় নুবুজোঁ।সোধাও নাই কোনো দিনা৷ এদিন সুবিধা পায় সুধিলোঁ ভাড়া লোৱাজনক৷ মোৰ ভাড়া কিয় লোৱা নাই আৰু একেখন বাছতো নহয়৷ তেতিয়া তেওঁ মোৰ আগত থকা এজন ল’ৰালৈ আঙুলিয়াই দেখুৱালে,

: তেখেতে ভাড়া দিছে।

মনত পেলাব পৰা নাই তেওঁনো কোন৷ সদায় মই বাছৰ পৰা নামি মূৰ তললৈ কৰি চিধা কলেজ যাওঁ৷ কিন্তু সেইদিনা সেই ল’ৰাজনৰ বাবে ৰ’লোঁ তেওঁ কোন সুধিবলৈ৷ তেওঁ ক’লে তেওঁ মোক চিনি পায় আৰু আমাৰ ঘৰলৈও গৈছে৷ মোৰ দাদাৰ লগৰ হয়। অ’ বুলি কৈ তেওঁক পিছ পেলাই কোবাকুবিকৈ কলেজ পালোঁগৈ৷ তেওঁ ৰবলৈ ক’লে যদিও মই তাত ৰৈ নাথাকিলোঁ। এনেকৈয়ে এমাহ অতিক্ৰম কৰিলে৷ বহুত বাধা দিয়াৰ পিছতো তেওঁ বাছত মোৰ ভাড়া দিয়েই থাকিল৷ এদিন ক’লে,

: আজি তোমাক কথা এটা ক’ম, তুমি মোৰ লগতে যাবা নে?

মই বিশেষ নাভাবি হ’ব বুলি ক’লোঁ৷ বাছৰ পৰা নামি খোজ কাঢ়ি গৈ আছোঁ কলেজলৈ। তেওঁ আৰম্ভ কৰিলে তেওঁৰ নাম, ‘অমুক’ হয়। তেওঁ মোৰ ঘৰলৈ যাওঁতে মই চাহ বনাই দিছোঁ তথাপি মই চিনি নোপোৱাৰ বাবে তেওঁ আচৰিত হৈছে। মই একো কোৱা নাই৷ তললৈ চাই গৈ আছোঁ৷ এবাৰ তেওঁ ক’লে,

: মই তোমাক ভাল পাব বিচাৰোঁ, তুমি মানিবা নে? তুমি দাদাৰক নক’বা একো৷

মই ৰৈ দিলোঁ ৰাস্তাতে কি কৈছে তেওঁ। ভাল পোৱাটো নো কি? বৰ বেয়া কথা নেকি! দাদাক ক’বলৈ মানা কৰিছে মানে বেয়াই কিবা হ’ব৷ মই কন্দিবলৈ ধৰিলোঁ।তেওঁৰ লগ এৰি মই তললৈ চাই কান্দি কান্দি কলেজৰ  গেট পালোঁ৷ তাতে গাঁৱৰ ওচৰৰে এজনে (দাদাৰ লগৰ ল’ৰা) লগ পাই মাত দিলে৷ মই কান্দি থকা দেখি কি হৈছে সুধিলে৷ ময়ো ক’লোঁ মোক অমুকে এনেকে কৈছে। কি নো মানে, মই বুজা নাই। সেইজনেও একো নক’লে৷ ক’লে,

: তই ক্লাছ কৰগৈ যা। মই কথা পাতিম তাৰ লগত৷

তাৰ দুদিনমানলৈ সেই ‘অমুক’জনক লগ পোৱা নাই৷ মোক গাঁঁৱৰ ল’ৰাজনে সুধিলে মোক আকৌ কিবা কৈছে নেকি৷ মই বোলো,

: নাই, কি নো ক’লি তই  তাক?

সি ক’লে,

: তোৰ ককায়েৰৰ লগ লাগি খুব পিটিলোঁ তাক৷ তোক আকৌ কিবা ক’লে কবি৷

মই “হব দে” বুলি সামৰিলোঁ। মনতে বহুত দিনলৈ প্ৰশ্ন থাকি গৈছিল বেচেৰাটোৱে নো মাৰ খাবলগীয়া হৈছে যদি এই ভালপোৱা চালপোৱাবোৰ বৰ ভয়ানক নেকি? ময়ো বাৰু দাদাৰ লগৰজনক কৈ দিব নালাগিছিল নেকি! উত্তৰ নাই কিছু কথাৰ যদিও এতিয়া মনত পৰিলে হাঁহিমেই নে কান্দিম যেন লাগে৷ সঁচাই বেচেৰাটোৱে পিটন খালে দেহি৷

☆ ★ ☆ ★ ☆

5 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *