ফটাঢোল

সুখৰ সংসাৰ-কল্যাণ দেউৰী

আবেলি ছয়মান বজাত। বিয়াৰ নিমন্ত্ৰণ জনোৱাৰ উদ্দেশ্যেই পাঞ্জাবাৰীত থকা যোগেন দাৰ ঘৰত গৈ কলিংবেল বজালোঁ। আচল নাম যোগেন্দ্ৰনাথ চৌধুৰী। কৃষি বিভাগৰ বিষয়া। আমি দুয়োজন একে গাঁৱৰে। বয়সত যঠেষ্ট ডাঙৰ যদিও বন্ধুৰ নিচিনা। দাদাৰ ল’ৰা ছোৱালীহাল বাহিৰত পঢ়ি আছে। ইয়াত দাদা আৰু বৌ অকলে থাকে। দাদাই দুৱাৰখন খুলি দিলে। মোক দেখা পাই উৎফুল্লিত হৈ উঠিল।

: সৰু দেখোন। আহ ভিতৰলৈ আহ। ভাল লাগিল দে। বহুদিনৰ মূৰত দেখা পালোঁ।

মই আচৰিত। এই ফুট গধূলিতে মুখত মদৰ গোন্ধ।

: দাদা গধূলিতে ধৰিলে যে, বৌ নাই নেকি?

: বৌয়েৰা গৈছে ইভিনিং ৱাকত। আৰু বৌয়েৰা থাকিলেও কেৰেপ নকৰোঁ। মোৰ টকা মোৰ ঘৰ, যেতিয়াই ইচ্ছা তেতিয়াই খাম।

: আপুনি ইভিনিং ৱাকত নাযায়?

: মই কিয় যাম? চেহেৰা চোৱা একেবাৰে হিৰোৰ দৰে। এতিয়াও ৰাস্তাত গ’লে দহজনীক পটাব পাৰোঁ। সেয়েহে বৌয়েৰাক কৈ দিছোঁ। কষ্ট কৰি নিজকে শ্লীম কৰা নহ’লে সতিনী আদৰিবলৈ সাজু হোৱা।

: তাৰপিছত আপুনি সুস্থ আছে? মানে বৌয়ে একো এক্সন লোৱা নাই?

: লৈছে এক্সন। এতিয়া শ্লীম হ’বলৈ দৌৰি আছে।

মই হাঁহি হাঁহি চিঠিখন আগবঢ়াই দি ক’লোঁ,

: দাদা বিয়া পাতিছোঁ। বৌৰ লগত গৈ দেখা দিব। আৰু আপুনি মোৰ লগত ৰাতি যাব লাগিব।

: ইমান ভাল খবৰ। এতিয়াটো পাৰ্টি হ’ব।

: আজি নালাগে আনদিনা বহিম।

: ধুৰ…নহ’ব। দুই পেগ ল আৰু মোৰ পৰা সাংসাৰিক সুখৰ দ্বাৰা অভিজ্ঞতাপুষ্ট জ্ঞানৰ ভাগ লোৱা। কেনেদৰে তিৰি বশ কৰি সুখৰ সংসাৰ গঢ়িব পাৰি শিকি লোৱা৷

উপায় নাপাই বহিলোঁ। তাতে আৰু এনেধৰণৰ জ্ঞান ল’ব পাৰিলে ভৱিষ্যতৰ বাবেই ভাল। যোগেন দাই চোফাৰ পিছফালৰ পৰা আধালৈ মদ থকা এটা বটল আৰু গিলাচ এটা আনি টি টেবুলত থ’লে। উঠি গৈ পাকঘৰৰ পৰা গিলাচ এটা আনি পেগ বনাই মোলৈ আগবঢ়াই দিলে।

: যোগেন দা এতিয়া কওকচোন সংসাৰখন সুখৰ হোৱাৰ কি মন্ত্ৰ আছে? মানে কি পদ্ধতিত চলিব লাগিব?

: মন্ত্ৰ মানেই গালি মাত। পদ্ধতি মানে চৰ লাঠি। বিয়াৰ প্ৰথম নিশাৰ পৰাই কাবু কৰিব পাৰিলে তেতিয়া গোটেই জীৱন সুখেই সুখ। বহিবলৈ ক’লে বহিব, উঠিবলৈ ক’লে উঠিব। ঠিক মোৰ দৰে।

যোগেন দাৰ এখন হাতত গিলাচ এখনত চিগাৰেট। ভৰিৰ ওপৰত ভৰি তুলি বুকু ফিন্দাই এনে ভংগীত ক’লে যে মোৰ অনুভৱ হ’ল তেখেত সৰ্বশক্তিমান, মহান পুৰুষ। চৰণ চুই শৰণ ল’বলৈ ইচ্ছা গ’ল। তথাপিও নিজকে সংযত কৰি সুধিলোঁ।

: অলপ বহলাই কওকচোন।

: বিয়াৰ পিছত প্ৰথম নিশা ৰূমৰ দুৱাৰৰ বাহিৰত থিয় হৈ মবাইলত কৰোবাক তামাম গালি দে। উদ্দেশ্য ভিতৰৰজনীক শুনাই চিৰদিনৰ কাৰণে ভয় সোমাই দিয়া। বুজাই দি খং উঠিলে যিকোনো চৰম মুহূৰ্তলৈ যাব পাৰোঁ। কিমানক পিটিলোঁ কিমানক মাৰিলোঁ। আৰু পিছত মাজে মাজে কথাই প্ৰতি গালি। কেতিয়াবা পাহৰি গ’লেও চৰ লাঠ দুটামান দি মনত পেলাই দিবি। তাৰপিছত দেখিবি মুখ মেলাৰ আগতেই বস্তু হাজিৰ। বুজি পাইছানে।

যোগেন দাৰ নিচাত কথাবোৰ লাগি ধৰিছে। থিৰেৰে বহি থাকিব পৰা নাই। চকুমুদি মূৰটো চোফাত পেলাই দিছে। মোৰো অলপ নিচা হৈছিল। তেনেতে কলিংবেল বাজিল। যোগেন দাই একেজাঁপে উঠি চাৰিওফালে চকু ফুৰালে। দেখাত এনে লাগিল যেন প্ৰশিক্ষণপ্ৰাপ্ত এজন সৈনিক। দ্বিতীয়বাৰ কলিংবেল বজাৰ লগে লগে মূৰটো জোকাৰি সুস্থ মানুহৰ ভংগীত দুৱাৰখন খুলিবলৈ আগুৱাই গ’ল। দুৱাৰখন খুলি দি বৌক ক’লে,

: ডাৰ্লিং আহিলা। কোন আহিছে চোৱাচোন।

বৌ সোমাই আহি মোৰ সন্মুখৰ চোফাখনত বহিল। আৰু যোগেন দা ওচৰতে থিয় দি আছে। ঠিক ভৃত্যৰ দৰে।

: সৰু কি খবৰ? ঘৰত ভাল নে?

: সকলোৰে ভাল। আপোনাৰ ভালনে?

তেনেতে বৌৱে টেবুলত বটল, গিলাচ, চিগাৰেট দেখি যোগেন দাৰ ফালে ঘোপাকৈ চালে।

: ৰবা মই তোমাৰ কাৰণে পানী এগিলাচ লৈ আহোঁ। নে চৰবত খাবা?

: পানী আনক। আৰু জলদি আনক।

যোগেন দাই দৌৰাদৌৰিকৈ ভিতৰত সোমাই গ’ল। পানী এগিলাচ আনি বৌক আগবঢ়াই দিলে। বৌৱে পানী গিলাচ লৈ টাৱেলখন আনিবলৈ নিৰ্দেশ দিলে। যোগেন দাই টাৱেলখন আনি বৌৰ হাতত দিলে। কথাকাণ্ডবোৰ দেখি মূৰটোৱে কাম নকৰা হ’ল। আশী নব্বৈ কিলোমিটাৰ বেগত গৈ থকা গাড়ীখন অকস্মাৎ ব্ৰেক মাৰি দিলে পেছেঞ্জাৰৰ যি গতি হ’ব মোৰো তেনেকুৱাই হৈছে। ভাগ্য ভাল কমাত যোৱা নাই।

: ডাৰ্লিং এটা ভাল খবৰ আছে। সৰুৰ বিয়া। সেই ফূৰ্তিতে বটলটো লৈ আহিল। মই ইমান মানা কৰিলোঁ। শেষত উপায় নাই দুইপেগ ল’লোঁ।

বুঢ়াই কি বকিব লাগিছে। খং উঠি আহিল। ভাবিলোঁ দিওঁ নেকি বৌৰ আগত গোটেই বোৰ গাই। কিন্তু যোগেন দাই বৌৰ পিছফালৰ পৰা হাতযোৰ কৰি মনে মনে থাকিবলৈ ইংগিত দি আছে বাবে আজিলৈ এৰিলোঁ। ময়ো বৌক বিয়াত নিমন্ত্ৰণ কৰি বিদায় লৈ বাহিৰ ওলাই আহিলোঁ। পিছে পিছে যোগেন দা দৌৰি আহি মোৰ হাতত ধৰিলে।

: যোগেন দা আপোনাক সিংহ বুলি ভাবিছিলোঁ কিন্তু আপুনি দেখোন ছাগলীতকৈ অধম। ছিঃ!

: সৰু এইবোৰ কথা আনৰ আগত নক’বি। মোৰ সন্মান বচাবি। সুবিধা পাই তোৰ যহতে কেইটামান মুহূৰ্ত মোৰ কল্পনাৰ সংসাৰখনত কটালোঁ। ধন্যবাদ।

: বাৰু এটা কথা কওকচোন আপোনাৰ এনেকুৱা অৱস্থাৰ স্বত্বেও কি যুক্তিত ইমান সময়ে মোক  সুখৰ সংসাৰৰ উপায় দি আছিল?

: সৰু তোক মই খুব ভাল পাওঁ। মোৰ দৰে গতি নহওক বুলিয়েই উপায়টো দিছিলোঁ। যিটো পদ্ধতি বৌৱেৰাই প্ৰথম নিশাৰ পৰাই মোৰ ওপৰত খটুৱাইছিল।

যোগেন দাই হুকহুকাই কান্দি দিলে। ৰুমালখন উলিয়াই আগবঢ়াই দি তাৰপৰা বিদায় ল’লোঁ।

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *