আলমষ্ট পেৰাবলিক-মৃণাল কুমাৰ বৰা
মৃণ্ময় খৰধৰকৈ চেমিনাৰ ৰূমটোত সোমাল। সকলোৱে সুপ্ৰভাত জনাই আদৰিলে। তাৰ তলৰ টিম এটাই প্ৰেজেণ্টেশ্যন কৰিব বেংকিং প্ৰজেক্ট এটাৰ ওপৰত। মৃণ্ময়ৰ অনুমোদন পালেই ডেভেলপমেণ্টৰ কামখিনি আৰম্ভ হ’ব। কালি চাইছেই সি বস্তুখিনি। আনুষ্ঠানিকতাহে বাকী এতিয়া। মৃণ্ময়ে প্ৰতি সম্ভাষণ জনালে। দিগন্ত নামৰ অসমৰ ল’ৰাজনে আৰম্ভ কৰিলে। এখন এখনকৈ স্লাইডবোৰ আগুৱাই গ’ল।
“With these inputs our cost graph will look like a parabolic curve.”
মৃণ্ময়ৰ মুখত হাঁহি বিৰিঙি উঠিল।
“ঐ ফাৰ্ষ্ট চেম, তললৈ আহ চব। লাইন পাত।”
কোনোবা এজন চিনিয়ৰৰ চিঞৰত বুকু কঁপি গ’ল সিহঁতৰ। আৰম্ভ হ’ব আৰু এতিয়া। হ’ষ্টেলৰ চিনাকিপৰ্ব। বিছ দিনমান চলিব হেনো। ওঠৰজন আছে ফাৰ্ষ্ট চেমৰ ল’ৰা। এটা ৰূমতে আছিল সিহঁত গধুলি চাহ খাই আহি। কোনোবাই যদি চিনিয়ৰৰ নাম মুখস্থ কৰিছে আন কোনোবাই হয়তো ডিপার্টমেণ্ট হে’ডৰ নামবোৰ আওৰাইছে। চিঞৰটোৱে সিহঁতক তললৈ টানি নিলে। তললৈ মানে গ্ৰাউণ্ড ফ্ল’ৰৰ বাৰাণ্ডাখনলৈ।
“গোটেইকেইটা আহিছনে? লাইন পাত, লাইন পাত।”
সিহঁতে লাইন ধৰিলে।
“ঐ চিধা কৰ লাইন। কি বেঁকা লাইন কৰিছ? পোন কৰ।”
“স্ট্ৰেইট লাইন বুজি নাপাৱ? ইঞ্জিনিয়াৰিঙ পঢ়িবলৈ আহি গ’লি। স্ট্ৰেইট কৰ লাইন।”
“কি নাম আছিল তোৰ?”
“মৃণাল।”
“মৃণাল কি? আগে পিছে একো নাই?”
“শ্ৰী মৃণাল ডিফুচা।”
“এই ফালে আহ তই। চা লাইনটো। স্ট্ৰেইট হৈছেনে?”
মৃণালে এটা চকু জপাই, আনটো চকু সৰু কৰি, অলপমান চাপৰি নিৰীক্ষণ কৰিবলৈ ধৰিলে। তাৰ পাছত তেনে অৱস্থাত থাকিয়েই কৈ উঠিল-
“আলমঅঅঅষ্ট পেৰাবলিক।”
“কি নাম তোৰ?”
“শ্রী সুজিত চৰকাৰ।”
“বাৰী ক’থাই?”
“শিলচৰ।”
“বঢ়িয়া। অসমীয়া জাননে নাই?”
“বুজি আছোঁ দাদা। একটু একটু কৰে চিখি যাব।”
“গান গাব জাননে নাই? গা গান এটা।”
“ভালকৰি নাপাৰোঁ দাদা।”
“হ’ব বেয়া কৰিয়েই গা। “
“ধুপ নিকলতি হে জাহা চে…।”
“বাঃ। পাৰিছ দেখোন। পিচে, ধুপ নিকলতি হে জাহা চে, মানে কাহা চে? কাহা চে নিকলতি হে ধুপ?”
“ৱাহা চে।”
“কি ৱাহা চে? কাহা চে?”
সুজিতে দাঁত-মুখ কামুৰি অলপ ভাবিলে। তাৰ পাছত কৈ উঠিল-
“ৱাহা চে, মতলব জাহা য়ুৰি গাগাৰিণ ঘুমনে গয়ে থে।”
“ঐ মৃণাল ক’ত যাৱ? মৃণাল নহয় জানো তোৰ নাম?”
“নহয় দাদা। ধীৰাজ। ধীৰাজ কলিতা।”
“ঠিক আছে। এটা কাম কৰি দিব লাগে। ৰাতুলদাৰ দোকান চিনি পাৱ?”
“নাপাও দাদা।”
“তালুকদাৰ ধাবা চিনি পাৱনে নাই?”
“তালুকদাৰ ধাবা চিনি পাওঁ দাদা।”
“তালুকদাৰ ধাবা পোৱাৰ অলপমান আগত, তিনিখনমান দোকানৰ আগত ৰাতুলদাৰ দোকান আছে। তাত গাহৰি পায়। এক বাটিত বিছ টকা লয়। এইটো বিছ টকা ল’। মোৰ কাৰণে গাহৰি এক বাটি লৈ আনিবি।”
“ঠিক আছে দাদা।”
“আৰু শুন। বিছ টকাত চাৰি পিচ গাহৰি দিয়ে। তই ৰূপেশদাই কোৱা বুলি ক’বি। পাঁচ পিচ দিব খুজিলে। পাঁচ পিচ লৈ আনিবি।”
“হ’ব দাদা।”
ধীৰাজ ৰাতুলদাৰ দোকান পালেগৈ।
“ৰাতুল দা। গাহৰি আছেনে?”
“আছে। কিমান লাগিব?”
“এক বাটি দিয়ক। বিছ টকা নহয় জানো এক বাটিত?
“অ’। বিছ টকা।”
“কেই পিচ দিয়ে বিছ টকাত?”
“চাৰিপিচ দিওঁ বিছ টকাত।”
“এক বাটি দিয়ক। পাঁচ পিচ দি দিয়ক হে।”
“ঠিক আছে বাৰু।”
“এটা কাম কৰক ৰাতুল দা। চাৰিপিচ পেক কৰি দিয়ক। এপিচ আলু দুটুকুৰামানৰ লগত প্লেট এখনতে দি দিয়ক?”
“ঠিক আছে।”
বিছ মিনিটমানৰ পাছত ধীৰাজ ৰূপেশদাৰ ৰূমতে পালেহি।
“দাদা লওঁক এইটো।”
“দে। পাঁচ পিচ আনিছ নহয়?”
“নাই দাদা। চাৰিজনমান মানুহ আছিল। সেইকাৰণে খুজিবলৈ বেয়া লাগিল।”
“বাৰু হ’ব যা। তই গাহৰি খাৱনে নাই?”
“মই নাখাওঁ গাহৰি দাদা।”
“আনোৱাৰ, এইফালে আহ। কটনত পঢ়া কোন কোন আছে তহঁতৰ লগৰ?”
“দাদা কেইবাজনো আছে। জয়ন্ত বৰুৱা, দিপম দত্ত, শচীন সাহা, বিকি টেৰাং, মিৰজাউল শ্বেখ।”
“এটা কাম কৰ। জয়ন্তক পঠিয়াই দে মোৰ ৰূমত।”
অলপ পাছত জয়ন্ত পালেহি মিলিদাৰ ৰূমত।
“মিলি দা। মোক মাতিছিলে?”
“আহ। কাম এটা আছে। তইতো কটনৰপৰা অহা ন? সেইকাৰণে তোক মাতিছোঁ। কোনটো হ’ষ্টেলত আছিলি?”
“এচ আৰ বি ত আছিলোঁ মই।”
“কটনৰ ল’ৰাকেইটা জেং আৰু চিয়ানা হয়। মোক এটা কাম কৰি দিব লাগে। তুলি এখন বনোৱাম মই। বিচনাৰ চাইজটো জুখি লৈ সেই চাইজত তুলি এখন বনোৱাই আনিব লাগে।”
জোখ-মাখ লৈ জয়ন্ত ওলাই গ’ল। পাছদিনা মিলিদাৰ বিচনাৰ জোখৰ তুলি লৈ আনিলে। কিন্তু তুলিখন পাৰিবলৈ লোৱাৰ সময়ত দেখা গ’ল তুলিখন চুটি। মিলিদাৰ মূৰ বেয়া হৈ গ’ল। কটনৰ চিয়ানা ল’ৰা হৈও জোখত তুলি বনাই আনিব পৰা নাই। জয়ন্তক আকৌ মতাই আনিলে।
“জয়ন্ত তুলিখনতো চুটি হ’ল। এইখন দীঘল কৰিব লাগিব। তই কাইলৈ এইখন লৈ যাবি। দীঘল কৰাই আনিবি।”
“দাদা। দুদিনমান শোৱাৰ পাছত এডজাষ্ট হৈ যাব নেকি। দোকানীজনে কৈছিল তেনেকৈ।”
“এনেয়ে কয় সিহঁতে। তই কাইলৈ নি এইখন দীঘল কৰাই আনিবি।”
“কিন্তু কাইলৈতো দেওবাৰ। তুলিৰ দোকান বন্ধ থাকিব নেকি কাইলৈ!”
“নাথাকে নেকি বন্ধ?”
“খোলা থাকিবও পাৰে অৱশ্যে।”
মিলিদাই ভালদৰে ভাবিলে অলপ সময়। তাৰ পাছত ক’লে-
“তই এটা কাম কৰিবি। ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি ওলাই যাবি। লাখটকীয়াত চাই আহিবি তুলিৰ দোকান খোলা আছেনে নাই। খোলা থাকিলে তই আহি দুপৰীয়া ভাত খাই তুলিখন লৈ আকৌ যাবি।”
জয়ন্তৰ মুখ মেলখাই গ’ল। জালুকবাৰী ইঞ্জিনিয়াৰিং কলেজৰ পৰা লাখটকীয়া পাবলৈ প্ৰায় দুঘণ্টাই লাগে। ৰাতিপুৱা ন বজাত লাখটকীয়া যোৱা, দোকান খোলা আছেনে নাই চোৱা, আকৌ জালুকবাৰীলৈ আহি তুলি লৈ যোৱা; তাৰ ভাবিয়েই ভাগৰ লাগিল।
মিলিদাই কিবা এটা বুজিলে।
“এইটো অলপ বেছিয়েই কামোৰ হৈ যাব ন’? তই এটা কাম কৰিবি, ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি তুলিখন লগত লৈ ওলাই যাবি, দোকান খোলা থাকিলে বনাবলৈ দিবি নহ’লে লৈ আনি পৰহি লৈ যাবি।”
জয়ন্তৰ জাপ খাবলৈ লোৱা মুখখন জাপ নাখালেই আৰু। লাহেকৈ ক’লে-
“ঠিক আছে দাদা।”
পাছদিনাখন জয়ন্ত ৰাতিপুৱাতে ওলাল। দিপম আৰু আনোৱাৰকো লগ ল’লে।
“ব’ল দীপৰ বিলত পিকনিক কৰি আহিম।”
দীপৰ বিলখন তেতিয়া বেদখলকাৰীৰ কবলত এতিয়াৰ সমান অহা নাছিল।
ৰাতি জয়ন্তই মিলিদাক ক’লে-
“দাদা, আজি গৈছিলোঁ। তুলিৰ দোকান বন্ধ আছিল।”
“ঠিক আছে দে।”
☆ ★ ☆ ★ ☆
3:37 pm
বৰ ভাল লাগিল পঢ়ি।