ৰমেনদা-বিজয় মহন্ত
: ৰমেনদা শুনক না। মোক হেল্প এটা কৰক না।
পুবালীৰ লেনিয়াই কোৱা কথাকেইটাত হাৰমনিয়ামখন ডাঙি ষ্টেজলৈ নি থকা ৰমেনদা ৰৈ গ’ল।
: কোৱা কি হেল্প লাগে?
: মানে নাইট ফাংচন আছেতো। সেয়ে ফ্ৰেচ হৈ আহিবলৈ ঘৰৰ পৰা আহোঁ। মোক ঘৰত থৈ আহিব নেকি?
: অকে। তুমি দহমিনিট ৰোৱা। মই থৈ আহিম।
এইখিনি সময়তে ৰমেনৰ দেউতাকলৈ খং এটা উঠি আহে। কিমানদিনৰ পৰা দেউতাকক কৈ আছে মটৰ চাইকেল এখন লাগে, নাই কোনো খবৰেই নাই। এতিয়া বাৰু পুবালীক কেনেকৈ চাইকেলৰ ফ্ৰেমত বহুৱাই নিয়ে সি? ৰমেনে মনত পেলাবলৈ যত্ন কৰিলে কোনে কলেজলৈ মটৰ চাইকেল আনিছে। অৱশেষত বিকাশৰ RX 100 খন লৈ সি পুবালীৰ কাষলৈ আহোঁতেই বাটত লগ পালে মৌচুমীক। তাইৰো সেই একে কথাই। তায়ো ফ্ৰেচ হৈ আহিবলৈ ঘৰলৈ যায়। তাইৰ পৰা আধাঘণ্টা সময় বিচাৰি সি পুবালীক উঠাই ধোঁৱা উৰুৱাই গুচি গ’ল। পুবালীক ঘৰত নমাই তাই একাপ চাহ খাবলৈ কৰা অনুৰোধ নাকচ কৰি তাইক পুনৰ সন্ধিয়া ঘৰৰ পৰা নিয়াৰ প্ৰতিশ্ৰুতি দি আকৌ মৌচুমীক থৈ আহিল।এইদৰে পুবালী, মৌচুমী, বৰ্ণালী অৰু তৃষ্ণা চাৰিজনীক ঘৰে ঘৰে থৈ যেতিয়া বিকাশক তাৰ বাইকখন দিলে৷ দেৰি কৰাৰ বাবে বিকাশৰ এখিনি গালি সি হজম কৰিব লগা হ’ল। বিকাশে গালি পাৰি থাকোঁতেই তাৰ মনত এটাই চিন্তা সন্ধিয়া আকৌ ছোৱালীকেইজনীক ঘৰৰ পৰা আনিবলৈ মটৰ চাইকেল এখন সি এইবাৰ পায় ক’ত?
আজি ৰমেনহঁতৰ কলেজত নৱাগত আদৰণি সভা।দিনত সভা হৈ যোৱাৰ পিছত ৰাতিলৈ নিমন্ত্ৰিত শিল্পীৰ দ্বাৰা সাংস্কৃতিক সন্ধিয়া। আন্ধাৰ হোৱাৰ লগে লগেই ৰমেনে লগৰ ইৰফানে নতুনকৈ কিনা চামুৰাই মেক্স 100 খনলৈ প্ৰথমতে পুবালীক আনিবলৈ গ’ল। পুবালীৰ মাকে কৈয়েই দিলে,
: ৰমেন তুমি থকাৰ বাবেহে এইক পঠিয়াইছোঁ। দায়িত্ব তোমাৰ। চাবা দেই একেবাৰে ৰাতি লগতে লৈ আহিবা।
চাৰিজনীক ঘৰৰ পৰা আনি কলেজ পোৱালৈ ইতিমধ্যে সাংস্কৃতিক সন্ধিয়াৰ প্ৰগেম আৰম্ভ হ’ল। ৰমেনো ব্যস্ত হৈ পৰিল। এটা সময়ত প্ৰগেম শেষ হ’ল।
: ব’লক ৰমেনদা মোক থৈ আহিব।
পুবালীৰ আৱেগভৰা কণ্ঠত ৰমেন চিন্তাত পৰিল। মটৰ চাইকেল থকা কেইটা ঘৰলৈ গুচি গৈছে। এতিয়া সি চাইকেলত নিয়ে কেনেকৈ পুবালীক? উপাই নোহোৱাত সি পুবালীক তাৰ সমস্যাটোৰ কথা কৈ ক’লে,
: চোৱা বাহিৰত ইমান জোনাক। আমি খোজকাঢ়ি যাওঁ ব’লা। ভাল লাগিব।
: হ’ব, মই বেলেগ ব্যৱস্থা কৰিম বুলি পুবালী উচাত মাৰি আঁতৰি গ’ল। বাকী কেইজনীৰো একেই কথা।হতাশ ৰমেন চাইকেল ষ্টেণ্ডৰ ফালে আগুৱাই গ’ল।
চেপেটা লাগি থকা চাইকেলৰ চকাটোৱে তাৰ হতাশা আৰু দেউতাকৰ প্ৰতি থকা খঙটোক দুগুণ বেছি কৰিলে। চাইকেলখন এহাতেৰে থেলি থেলি সি চহৰখনৰ মেইন ৰাস্তাত উঠিল। ৰমেনৰ বুকুত বিষাদ ঢালি গোটেই চহৰখনত তেতিয়া ফৰিংফুটা জোনাক।
‘খটক..খটক.. খটক..’ হাইহিলৰ শব্দ। হয়তো পুবালীহঁত আহিছে। সি ঘৰত থৈ আহিব নোৱাৰাৰ বাবে হয়তো অভিমানত তাহাঁতে মতা নাই। সিনো কেনেকৈ মাতে আগতে। সি আহি আছে। এটা সময়ত হয়তো পুৱালীয়ে ক’ব, “ৰমেনদা ৰ’বচোন। একেলগে যাওঁ।” নাই, তাই কোৱা নাই। গতিকে সি ৰৈ দিয়াৰ প্ৰশ্নই নাহে। গান এটা গুণগুণাই সি আহি আছে পিছফালে হাইহিলৰ শব্দ কৰি পুৱালীহঁত। সি ঘূৰি চাই সৰু হ’ব নোৱাৰে।
জনপ্ৰাণীহীন এখন মুকলি পথাৰ। এইখন পথাৰৰ মাজেদি কেনেকৈ যাব সিহঁত! মাতিবতো লাগিবই।ৰমেনৰ মুখত এইবাৰ বিশ্বজয়ী হাঁহি। ঘূৰি নাচায় সি। মাতিব লাগিবই পুৱালীয়ে। সি আগুৱাই গৈ থাকিল। এটা সময়ত সি হাইহিলৰ খট খট শব্দ নুশুনা হ’ল। কি হ’ল ইহঁতৰ! নহা হ’ল যে!
ৰমেনে ঘূৰি চালে।
ফৰিংফুটা জোনাকত সি স্পষ্ট ভাৱে দেখা পালে তাৰ পিছত খট খট শব্দ কৰি আহি থকা হাইহিল পিন্ধা গৰাকী পুবালী নহয়, বৰঞ্চ চহৰখনত ‘মিষ্টাৰ ভোবোলা’ ৰূপে খ্যাত পঠা ছাগলীটো যিটো পকা ৰাষ্টাৰ পৰা নামি পথাৰলৈ গৈ আছে৷
☆ ★ ☆ ★ ☆
12:12 pm
হা হা ভাল জমনি
4:02 pm
ৱাহ, ফাটাফাটি
4:09 pm
বিজয় দাৰ লেখা পঢ়াৰো ভাগ্য হ’ল।
বঢ়িয়া বিজয় দা।
10:19 pm
ধন্যবাদ
4:13 pm
একদম জ্জাকাছ।
10:19 pm
ধন্যবাদ
4:14 pm
হাঃ হাঃ, খট খট কৈ পাছে পাছে ভোবোলাজনীহে আহিল নেকি—!
1:31 pm
ভোবোলাজনহে।
4:17 pm
মজা লাগিল বিজয় ! ইমান সুন্দৰকৈ লিখা অথচ এলেহুৱা ন !!
4:22 pm
বঢ়িয়া বিজয় দা৷ভাল লাগিল
4:25 pm
বিজয় বঢ়িয়া দেই৷ তোমাৰ লেখা পঢ়াৰ আমেজ আছে৷
4:34 pm
বঢ়িয়া৷
6:17 pm
এইটো তামাম জমনি
7:26 pm
তামাম
10:24 pm
এইটো মই পঢ়িছোঁ৷ পুৰনি লেখা৷ হয়নে?
1:08 pm
হা হা, খট খটৰ উৎস বেলেগ হে । মজা
11:34 pm
ভাল লিখিছা বিজয়।
11:34 pm
ভাল লিখিছা বিজয়।
1:20 am
মজা