কিংকৰ্তব্যবিমূঢ়-পার্থ প্ৰতীম শৰ্মা
মই ঘূৰি-ফুৰি ভাল পাওঁ। অলপতে ফুৰিবলৈ বুলি হিমাচল প্ৰদেশলৈ গৈছিলোঁ। হিমাচল প্ৰদেশৰ ধৰমশালা আৰু মেক্লিউডগঞ্জ নামৰ ঠাই দুখন আছিল লক্ষ্যস্থান। পৰিকল্পনা মতেই ২৬ জানুৱাৰীত মেক্লিউডগঞ্জত উপস্থিত হ’লোগৈ। কি যে ঠাণ্ডা! তাতে আকৌ বৰষুণ। মোৰ একপ্ৰকাৰ দুৰৱস্থা বুলিলেও অত্যুক্তি কৰা নহ’ব। ৰাতিৰ আহাৰ গ্ৰহণ কৰি হোটেলখনৰ ওচৰতে জুই একুৰা ধৰিলোঁ।
অলপ পিছতে একে বয়সৰে কেইজনমান ল’ৰা গোট খালে। ঠাণ্ডাত জুই আৰু গৰমত নেমু টেঙাৰ চৰ্বত আওকাণ কৰাটো এনেও সহজ নহয়। কথা চলি আছে। কথাৰ মাজতে কোনোবা এজনে ক’লে-
“য়হা পে তোহ কুচ ভি নহী, আৰে হিম্মত হেই তোহ চিমলা কে কুৰ্ফি হাইট চলো। ৱহা পতা চলেগা ঠণ্ড ক্যা হোতি হেই হে হে হে….”
ল’ৰাজনে চাগে ধেমালিতে তেনেকৈ কৈছিল, যদিও তাৰ কথাখিনিত কিবা এটা তাচ্ছিল্যৰ গোন্ধও আছিল। পিছে বপুৰাই মোক চিনি নাপায়তো! মই লগে লগে কৈ উঠিলোঁ-
“তো চলো ভাই, হিম্মত দিখাও। কল চিমলা চলতে হেই।”
মোৰ লগৰ দুজনে মোৰফালে প্ৰশ্নবোধক চাৱনিৰে চালে। ময়ো সিহঁতক চকু টিপিয়াই আশ্বাস দিলোঁ।
পিছে মইনো কি জানো প্ৰতিপক্ষ যে আমাৰ দৰেই পগলা। অলপ ভাবি ল’ৰাজনে কৈ উঠিল –
“চল ভাই ঠিক হেই। কল ছামকো নিকলতে হেই।”
এইবুলি কৈয়েই ল’ৰাজন আৰু তাৰ লগৰকেইজন গুছি গ’ল।
তাৰেই ফলশ্ৰুতিত পিছদিনা গধূলি ধৰমশালা বাছ-আস্থান পালোহি। চিমলা যাবলগীয়া বাছ এখনত উঠি দিলোঁ। অলপ পিছতে বাছ চলিবলৈ ধৰিলে। একা-বেঁকা পথবোৰেৰে বাছ চলিবলৈ ধৰিলে। কোনোবাবাৰত ব্ৰেকৰ কোবত কঁকালৰ ওপৰ অংশই নিউটনৰ গতিজড়তাৰ সূত্ৰ মানি কঁকালৰ লগত সম্পৰ্কই শেষ কৰিব খোজে। ইফালে দিনটো একো খোৱা নহ’ল। আগ-দিনাও খাইছিলোঁ ৰুটি। ৰুটিৰে এনেও মোৰ ভোক নপলায়। কেনেবাকৈ ভাত পোৱা হ’লে!
বাছখন ৰ’ল। নামি গৈ হোটেলখন দেখিয়েই মনটো ভাল লাগি গ’ল। ভাত!
ভোকৰ কোবত অলপ বেছিকৈয়ে খাই দিলোঁ।
পেট-পূৰাই খাই-বৈ এতিয়া গোটেইকেইজনৰে টোপনি ধৰিছিল। সেয়ে কথা-বাৰ্তা বন্ধ কৰি শুবলৈ যত্ন কৰিলোঁ।
আমাৰ গোটেইকেইজনৰে টোপনি।
পিছে অলপ পিছতে হ’ল নহয় গণ্ডগোল। পেটটোৰ আহ্বান – খালী কৰিব লাগে।
এতিয়া চলি থকা বাছত পেটৰ এই আহ্বান কেনেকৈ পূৰ কৰোঁ।
এটা এটা মিনিট এটা এটা ঘণ্টা হৈ পৰিছে।
কি কৰোঁ!
অৱশেষত মোৰ কষ্টৰ অৱসান ঘটাবলৈ বাছখন বিলাসপুৰ বাছ-আস্থানত ৰ’ল।
সুধিলত গম পালোঁ যে বাছৰ ড্ৰাইভাৰ-পৰিচালক সলনি হ’ব। ৫ মিনিটমান ৰ’ব ইয়াত।
মই বোলো এই সুযোগতেই কামফেৰা কৰি লওঁ।
মোবাইল, মানীবেগ আদি বেগত থৈ দৌৰা-দৌৰিকৈ সুলভ শৌচালয়টোলৈ সোমাই গ’লো।
আস, এতিয়াহে শান্তি পাইছোঁ।
অলপ পিছতে ধোৱা-মেলা কৰি বাহিৰলৈ ওলাই আহি মই কিংকৰ্তব্যবিমূঢ় হৈ ৰ’লো।
বাছখন নাই………
☆ ★ ☆ ★ ☆
12:40 pm
ভাল লাগিল
4:15 pm
ভাল লাগিল দেই