ফটাঢোল

ৰামলীলা – শ্ৰুতিমালা মিশ্ৰ

আমাৰ নলবাৰীৰ মানুহবোৰৰ ৰাস বুলিয়েই গা সাতখন-আঠখন। কাৰণ ৰাসৰ মেলাখন যিদৰে আমাৰ মুখ্য আকৰ্ষণ ঠিক সেইদৰে ১০-১৫খন ভ্ৰাম্যমাণ থিয়েটাৰো আমাৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু৷ দুৰ্গাপূজাৰ সময়ত গাঁৱৰ পূজাত (বেলশৰ দেৱালয়ত), ওচৰৰে চামতা, বিহামপুৰ আদিৰ পূজাতো আমিবোৰে অধিৰ আগ্ৰহেৰে বাট চাই থকা বস্তুটোৱেই হʼল ভ্ৰাম্যমাণ থিয়েটাৰ৷ পূজাত গাঁৱত বা ওচৰৰ ঠাইবোৰত থিয়েটাৰ চোৱাতকৈ আমি নলবাৰীৰবোৰে সাধাৰণতে ৰাসত থিয়েটাৰবিলাক চাওঁ,‌ ইয়াৰ কাৰণ বেছিভাগ দুটাই৷ প্ৰথমটো কাৰণ হʼল – ৰাসৰ সময়লৈ বিভিন্ন ঠাইত নাট মঞ্চস্থ কৰি কৰি বিভিন্ন অভিনেতা-অভিনেত্ৰীবোৰৰ নিজৰ নিজৰ নাটকৰ ভাল ৰিহাৰ্চেল হয় বাবে ৰাসৰ সময়লৈ প্ৰতিখন ভাল গুণগত মানদণ্ডৰ নাটক চাবলৈ মজা হয়, নাটকৰ পাগ উঠে তেতিয়ালৈ৷ দ্বিতীয় কাৰণটো হʼল – ৰাসৰ আগলৈকে যʼত যʼত থিয়েটাৰ মঞ্চস্থ হʼল তাৰে আমাৰ চবৰে নিজৰ নিজৰ চিনাকি মানুহবোৰৰ পৰা কোনখন থিয়েটাৰৰ কোনখন নাটক হিট হʼল, কোনগৰাকী অভিনেতা-অভিনেত্ৰীয়ে নিজৰ নিজৰ নাটকত দুৰ্দান্ত অভিনয় কৰিছে সেয়া জানিবলৈ সুবিধা হয়৷ সেইমৰ্মে ৰাসত বহুকেইখন নাটক হিট হয়। আমাৰ মাতুলবংশৰ ভিতৰত আমাৰ সৰু মামা আৰু মোৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰতি থকা নিচা সৰ্বজনবিদিত৷ আমাৰ দুয়োৰে কামেই হৈছে এইবাৰ কোনখন থিয়েটাৰৰ কোনখন নাটক হিট হʼল তাৰে ৰিভিউ কালেকচন কৰা ৰাসৰ আগত৷ মামাহঁত তেজপুৰত থাকে, একমাত্ৰ থিয়েটাৰৰ প্ৰতি থকা গভীৰ নিচাৰ বাবেই তেওঁ ৰাসৰ মাজত ছুটী লৈ হʼলেও থিয়েটাৰ চাবলৈ নলবাৰীলৈ আহিবই৷

ঘটনাটো ২০১৬ মানৰে৷ সেইবছৰ ৰাসত গোটেইকেইখন থিয়েটাৰৰ ভিতৰত সৰ্বাধিক হিট হোৱা নাটকখন আছিল বৃন্দাবন থিয়েটাৰৰ “ৰামলীলা” নামৰ নাটকখন৷ আমাৰ সকলোৰে মৰমৰ আৰু শ্ৰদ্ধাৰ শিল্পী প্ৰয়াত পৰাগ শৰ্মাই নাটকখনত এটা নিগেটিভ চৰিত্ৰত সাংঘাতিক অভিনয় কৰিছিল৷ আমাৰ সকলোৰে মৰমৰ শিল্পী মৃদুল ভূঞায়ো মেইন লীডৰোলটোত অভিনয় কৰিছিল৷ এককথাত ব্লকবাষ্টাৰ নাটক, মই ইতিমধ্যেই পূজাত নাটকখন চোৱা বহুকেইজনৰ পৰা ৰিভিউ কালেক্ট কৰিছোঁৱেই “ৰামলীলা” সন্দৰ্ভত৷ তাতে সেইবাৰ নলবাৰীৰ ৰাসত প্ৰথম পেণ্ডেল দিয়া থিয়েটাৰকেইখনৰ ভিতৰত বৃন্দাবন থিয়েটাৰো আছিল৷ কিন্তু মোৰেই কপাল বেয়া, ব্যক্তিগত অসুবিধা এটাৰ বাবে সেইবাৰ টিকট কৰিও “ৰামলীলা” চাবলৈ যাব নাপালোঁ৷

তাৰে দুমাহমান পিছত তেজপুৰলৈ যোৱাৰ চান্স মিলিল৷ গৈয়েই মামাৰ পৰা গম পালোঁ পিছদিনাৰ পৰা ওচৰৰে ফিল্ডত বৃন্দাবন থিয়েটাৰৰ পেণ্ডেল, তিনিদিন ধৰি কেৱল “ৰামলীলা”খনে মঞ্চস্থ কৰিব। মামাই পিছদিনাই চাৰিটা টিকট কাটি আনিলে প্ৰথম দৰ্শনীৰ। সৰু মামা, ডাঙৰ মামা, মামাৰ লʼৰা টুবুলু আৰু মই চাৰিও ৫.৩০ তে ফিল্ডত হাজিৰ৷ থিয়েটাৰৰ মাজত খাবলৈ মুমফলী কিনি থাকোঁতে চকুত পৰিল হৰিন্দৰ ভাইজী আৰু ভাবীজীক৷ হৰিন্দৰ ভাইজী পেচাত এজন ধুবী, তেওঁ মোক বহুত সৰুৰ পৰাই চিনি পায়৷ ভাইজীয়ে ভাবীজীক “ৰামলীলা” দেখুৱাবলৈ আনিছে, উত্তৰ ভাৰতৰ মানুহৰ বাবে ৰামায়ণ কি ব্যাখ্যা নকৰিলেও হ’ব৷ ভাইজীৰ লগত কথা পাতি গম পালোঁ ধোবীকোম্পানী মানে ভাইজীৰ লগত চব বিহাৰী পৰিয়ালকেইটা সিদিনা বৃন্দাবনত “ৰামলীলা” নাটকৰ নাম শুনিয়েই চাবলৈ আহিছে৷ তাৰে এজন অলপ মালদাৰ বিহাৰী যোগেশ সিঙৰ গেলাৰীৰ এটা বহীৰ এটাও টিকট বিক্ৰী নোহোৱা বাবে ধোবীপট্টিৰ আটাইকেইটা বিহাৰী পৰিয়ালক “ৰামলীলা” চাব নেকি বুলি বোলে সুধিবহে পালে, চবেই ভক্তিত গদগদ হৈ টিকট কাটিলে, যোগেশ সিঙৰ গেলাৰীৰ ১০০ টকীয়া টিকটৰ বহী মুহূৰ্ততে শেষ৷

থিয়েটাৰৰ পেণ্ডেলৰ ভিতৰত সোমাওঁতে হৰিন্দৰ ভাইজী আৰু গোটেই ধোবীগেঙক দেখিলোঁ৷ দুজনমানে বিড়ি জ্বলাই পুৰা সুখটান একোটা মাৰিছে, দুটামানে খৈনী পিহিছে হাতৰ তলুৱাত, চবেই লুঙ্গি কোঁচাই একদম জগমগ হৈ বহিছে গেলাৰীত৷ একোটাৰ কোচাওঁতে কোচাওঁতে লুঙ্গীৰ তলৰ দেশী আন্দাৰৱেৰো ওলাই গৈছে; তপিনাত কামোৰা মহ চপৰিয়াই চপৰিয়াই হৰিন্দৰে কাৰোবাক ফোনো কৰিছে,

: হেলৌ, আৰে কিষণৱা, কাহা হো ভায়া? কৌন হম! উ কা হ্যে তুমৰে ভাবীজীকো লেইকৰ হামলোগ চকুল কে মেদান ম্যে উ ৰামলীলা দেখনেকে ৱাস্তে আৱত হ্যে৷ ওৰে বজৰঙ্গবলীজীকে চ, এইচন ৰামলীলা হামাৰ গাঁও ম্যে কহত নাহি দেখিও হ্যে৷ কা চমকদাৰ পাণ্ডাল হ্যে ইহা, হামাৰাতো অহোভাগ হ্যে কি ৰামজীকী অউৰ সীতামাইয়াকী কিৰপাচে হি হামকো ইধৰ ৰামলীলা দেখনকা সৌভাগ্য হুৱা৷ আচ্ছা, ৰাখত হ্যে অৱ হা, ৰাধে ৰাধে৷

মই অবাক, উৱৱৱ ই আকৌ ৰামায়ণ বুলি ভাবিছে, একো কʼবলৈ নাপালোঁ, থিয়েটাৰ আৰম্ভই হৈ গʼল। ইফালে মঞ্চত পৰাগ শৰ্মাই দুৰ্দান্ত অভিনয় কৰিছে, আনফালে মৃদুল ভূঞাই ফালিছে৷ লাহে লাহে গেলাৰীৰ বতাহ গৰম হৈ আহিবলৈ ধৰিলে, ৰাম, সীতা, হনুমান কাকো নেদেখি৷ গেলাৰীৰ পিছফালেদি আগে আগে যোগেশ সিং দৌৰিছে, পিছে পিছে হৰিন্দৰ ভাইজী আৰু তেওঁৰ লগৰকেইটা৷ আমি বাকী ঘটনাটো তৰ্কিবই নোৱাৰিলোঁ৷ পিছদিনাহে শুনিলোঁ যোগেশ সিং কোনোবা এখন চাহ দোকানৰ পিছফালে লুকাইহে ৰক্ষা পৰিল, সেইভাগেই সি গুৱাহাটীলৈ পলাল৷

☆ ★ ☆ ★ ☆

14 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *