নাম বিভ্ৰাট — মিলন চন্দ্ৰ দাস
মোৰ বিয়া পতা ছমাহমান হৈছে। শ্ৰীমতীৰ দেহৰপৰা মাহ হালধিৰ গোন্ধ যোৱাই নাই। মোৰ সহকৰ্মী বন্ধু এজনৰ দেউতাকৰ মৃত্যু হোৱাত তিলনিৰ দিনাখন অফিচৰ পৰাই বাহিৰে বাহিৰে খবৰ ল’বলৈ যাম বুলি শ্ৰীমতীক কৈ ন বজাত গাড়ী ষ্টাৰ্ট দিলোঁ। লাঞ্চ টাইমত ফলমূল আৰু মিঠাই অলপ কিনি তিনিজন সহকৰ্মীক লৈ মোৰ গাড়ীখনেৰেই সদ্যপিতৃহাৰা সহকৰ্মী বন্ধু ক্ষেত্ৰী নিবাসী প্ৰমোদৰ ঘৰ অভিমুখে আঢ়ৈ বজাত যাত্ৰা আৰম্ভ কৰিলোঁ। চিৰাচৰিত প্ৰথা অনুসৰি নতুনকৈ গৃহমন্ত্ৰীৰ (মোৰ ঘৰৰ) কাৰ্যভাৰ গ্ৰহণ কৰা ন-কইনাক যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে ফোনত লাঞ্চ কৰিয়েই যাম বুলি অবগত কৰি NOC লৈছোঁ।
চাৰিমান বজাত প্ৰমোদৰ ঘৰত উপস্থিত হৈ তেওঁৰ মাক, ভায়েক আদিৰ লগত কথা পাতি সকলোকে আন্তৰিক সমবেদনা জ্ঞাপন কৰিলোঁ। তেওঁলোকৰ ঘৰত চৰবত আৰু বুটমাহ, ফল আদি খাই পাঁচমান বজাত গুৱাহাটী অভিমুখে গাড়ী দৌৰালোঁ। মোৰ লগত যোৱা ডেকাদাই সোনাপুৰ পাৰ হৈ ধাবা এখনত গাড়ী ৰখাবলৈ ক’লে। মৃতকৰ ঘৰত চাহ খাবলৈ কৈছিল যদিও চৰবত খাবলৈ দিয়াৰ বাবে আমি চাহ নাখাওঁ বুলি কৈছিলোঁ। সন্ধিয়া হোৱাৰ বাবে চাহ একাপ খোৱাৰ প্ৰয়োজন অনুভৱ কৰিছোঁ, সেয়ে ডেকাদাৰ প্ৰস্তাৱটো ভালেই পালোঁ। ধাবাখনত সোমাই হাতমুখ ধুই চাৰিটা ভেজ কাটলেট আৰু চাৰিকাপ কফিৰ অৰ্ডাৰ ডেকাদাই দিলে। খোৱাবস্তু আহে মানে শ্ৰীমতীলৈকে ফোন লগালোঁ। নেটৱৰ্ক নাই৷ বাহিৰলৈ ওলাই গৈয়ো চেষ্টা কৰিলোঁ কিন্তু যোগাযোগ স্থাপনত ব্যৰ্থ হ’লোঁ। খোৱাৰ অন্তত গৃহাভিমুখে যাত্ৰা কৰিলোঁ।
এইখিনিলৈকে ঠিকেই আছিল। নিশা আঠমান বজাত ঘৰ পালোঁহি। কাপোৰ-কানি বাহিৰতে সলাই গা-পা ধুই শ্ৰীমতীক নামধৰি মাতিলোঁ যদিও পাকঘৰৰ পৰা কোনো সঁহাৰি নেপালোঁ। অইন দিনা মই অফিচৰপৰা আহিলে হৰ্ণ মাৰিলে গেট খুলি দিয়াৰ পৰা আথেবেথে গামোচা, পানী দিয়াৰ পৰা সকলো কৰি মিঠা হাঁহি এটিৰে সম্ভাষণ জনায়। সেই আদৰণি হাঁহিটোৱেই মোৰ দিনটোৰ সকলো দুখ-কষ্ট পাহৰাই পেলায়। আজি আকৌ কি বা হ’ল! মায়ে চাগে কিবা কৈছে! তেওঁৰ সলনি মা আহি চাহ দি গ’লহি।
: মালাক কিবা কৈছা নেকি? তাই মুখ ওফোন্দাই আছে। মোক মতাও নাই৷
মাক সুধিলোঁ৷
: তহঁতৰ কাজিয়াত হেৰৌ মোক টানিছ কেলৈ? নতুন বোৱাৰীজনী অনা কেইদিননো হ’ল! তই আকৌ অফিচৰ ৰচকী ছোৱালীকেইজনীক লৈহে মৰা মানুহৰ খবৰ ল’বলৈ যাব পাৰ নে?
: হে প্ৰভু ক’তে মৰোঁ! মইনো কেতিয়া ছোৱালী লগত লৈ গ’লোঁ?
: কিয় বোৱাৰীয়ে তোক ফোন কৰি কৰি নাপাই দেৰি হোৱাৰ বাবে তোৰ লগত চাকৰি কৰা বন্ধু ভাস্কৰক সোধাত তোৰ লগত দীপা, কামিনী আৰু কমলা যোৱা বুলি কৈছে৷
: অ’ সেইটোহে কথা।
মই ঢেকঢেকাই হাঁহি দিলোঁ আৰু ক’লোঁঁ,
: তোমালোক মাইকী মানুহবোৰো যে, সত্য নজনাকৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা। তোমালোকে ভবাৰ দৰে তেওঁলোক স্ত্ৰীলিঙ্গ নহয়, পুংলিঙ্গহে। দীপাধৰ ডেকা, কামিনীকান্ত কাকতি আৰু কমলাকান্ত বৰুৱা। অফিচত চমুকৈ দীপা, কামিনী আৰু কমলা নামেৰে জনাজাত।
শ্ৰীমতী অৰ্থাৎ মালাক মাতি আনি মাৰ সন্মুখতে ঘটনাটো বুজাই দিয়াত মায়ে বুজিলে যদিও শ্ৰীমতীক আকৌ তেওঁলোকৰ হোৱাটচ এপ নম্বৰত থকা ডিপি ৰাতি দেখুৱাব লগা হ’ল। অতিৰিক্ত বিনা দোষতে পিছদিনা শ্বপিং মললৈ নি শাৰী এখন দিবলগীয়া হ’ল।
☆★☆★☆
4:44 pm
বিনাদোষত শাৰীখন ভৰিব লগীয়া হ’ল ৷
1:23 pm
চৰ্ট ফৰ্মত বহুত লটিঘটি হয়। এইবাৰ শাৰী এখনতে মিমাংসা হ’ল যে—
ভাল লাগিল।
3:18 pm
নতুন বুলিহে শাৰী এখনতে মীমাংসা হ’ল৷ আগলৈ সাৱধান৷