ফটাঢোল

দাসৰ বচন-প্ৰথম ভাগ : অভিজিত দাস

১) প্ৰথম প্ৰেম আৰু আদৰ্শ খুব কম মানুহেহে ধৰি ৰাখিব পাৰে

২) পত্নীৰ শাহু-শহুৰ প্ৰীতি আৰু ৰাজনৈতিক দলৰ জনকল্যাণ নীতি প্ৰায় একেই৷

৩) (ফেচবুকত) লাইক দিলেহে লাইক পায়, কমেণ্ট দিলে কমেণ্ট পায়৷

৪) ফেচবুকৰ লবী আৰু বৰলাকালৰ হবি প্ৰায় একেই৷ প্ৰথমটোৰ বাস্তৱ দুনীয়াত লটিঘটি আৰু আনটোৰ বিয়াৰ পাছত দুৰ্গতি৷

৫) আপুনি ফেচবুকত যিমানেই মেণ্টৰ বা এডমিন হৈ নাফালক কিয়, অফিচত বছে আৰু ঘৰত পত্নীয়ে কিন্তু আপোনাক ফালিবই৷

৬) ভাৰ্চুৱেল জগতৰ ক্ৰাচ আৰু বজাৰৰ চালানী মাছ একেই৷ ওচৰ চাপিলেহে গম পোৱা যায়, প্ৰকৃততে কল্পনা কৰাতকৈ কিমান বেলেগ!

৭) মবাইলৰ ৰেম আৰু পৰকীয়া প্ৰেম! দুইটা জোখৰ বাহিৰ হৈ গ’লে, ব্যৱস্থাটো নিয়ন্ত্ৰণৰ বাহিৰ হৈ যায় (system not responding)

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *