ফটাঢোল

ফটা প্ৰেমৰ ফটা কল্পনা: উৎপলা শইকীয়া

“কল্পনা যেতিয়া ফাটে, হৰি নামেও দাঁত নিকটাই হাঁহে….”

কাহিনীটোৰ নায়িকা আছিল বহুত কল্পনা প্ৰিয়। সেই সুবাদতে সৰুৰেপৰাই কল্পনাৰ সাগৰত উটি ভাঁহি ফুৰি কেতিয়াবা যদি মিচৰৰ পিৰামিডত ছেল্ফিয়াই, পিছ মুহূৰ্ততে আকৌ কেলিফৰ্নিয়াৰ পেব’ল বিচ্চত সুখৰ চানবাথ কৰি আহে। পিচে ইমানবোৰ কল্পনা ল’ৰালিত কেতিয়াবা পঢ়া টেবুলত মাকৰ কাণচেপাত নহ’লেবা জ’ৱানীকালত দেৰিলৈকে শুই থকা বাবে পুনৰ সেই একেজনী হিটলাৰী মাকৰ খেচ-খেচনিতে ভাঙি চুৰমাৰ হৈ আহিছে। তথাপি নায়িকা আশাবাদী। জুবিনদাৰ প্ৰিয় ভক্ত নায়িকাই “মই ভাগৰা নাই.. জীৱন হেৰুৱা নাই”… বুলি গুণগুণাই পুনৰ ডুবি থাকে কল্পনাৰ অথাই সাগৰত।

নায়িকাৰ অন্য বহু অৰ্থহীন ৰাপৰ ভিতৰত গাধোৱা ঘৰত তালফাল লগাই মিউজিক কনচাৰ্ট কৰাটো সকলোতকৈ অন্যতম প্ৰিয় ৰাপ।
হিন্দী চিনেমাবোৰত যেতিয়া প্ৰেমিকযুগলে সুমধুৰ সংগীতৰ তালে তালে নৃত্য কৰি থাকে, নায়িকাও মগন হৈ পৰে কোনোবা ক্ৰিকেটাৰ ক্ৰাছৰ লগত এহাতে ধৰি সেই সংগীতৰ তালত ডাৱৰৰ মাজত একা-বেঁকা নৃত্যত। মাজে মাজে অৱশ্যে সেই ক্ৰাছ ক্ৰিকেটাৰৰ আনখন হাতত থকা বেটপাতত জোঁটা-পোঁটা লাগি লুটিখায়ো নপৰা নহয়। তথাপি নায়িকাই তাতে কল্পনাৰ বাদামী ৰং অকণমান সানি নায়কৰ আনখন হাতেৰে নিজকে তেওঁৰ বুকুৰ মাজলৈ টানি লৈয়ো যায়। প্ৰায় কিছুদিনৰ মূৰে মূৰে অবাস্তৱ প্ৰেমৰ সৌধ সাজি কল্পনাৰ কাৰেঙৰ ৰাণী হৈ ভালপোৱা নায়িকা শেষবাৰলৈ প্ৰেমত পৰিল এজন সুন্দৰ, দেখনিয়াৰ গায়কৰ। গায়কে আৱেগেৰে গোৱা প্ৰতিটো গান শুনি কাষতে গায়কক মৰম-আব্দাৰ কৰি কেৰমেচা-কেৰমেচি কৰি নায়িকাই এক কল্পনা মধুৰ নৃত্যত লিপ্ত হৈ পৰে আৰু কল্পনাৰ সেই নৃত্যানুষ্ঠানৰ অন্ত পৰে গেছত উঠাই থোৱা কুকাৰৰ ৱাচাৰ ফুটি হোৱা প্ৰচণ্ড শব্দত, নহ’লেবা কণী সিজি ক’লাপৰি অত্যাধিক উষ্ণতাত ধৌপকে ফটা শব্দত।

শেষলৈ যিহেতু নায়িকা অকলশৰে থাকিব লগাত পৰিল, মাকৰ হিটলাৰী শাসনৰো যৱনিকা পৰিল আৰু নায়িকা অধিক কল্পনা বিলাসীহৈ পৰিল। মনৰ কল্পনাত গানে মাতে স্বৰগমেৰে আতোলতোল যুৱক এজনৰ কুঁৱৰী হোৱাৰ বাসনাই নায়িকাৰ বুকুত খোপনি পুতিলেহি। নায়িকা আছিল পুৱাই গধূলিয়ে অৰ্থনীতিৰ মন্দাৱস্থা চলি থকা সমাজ এখনৰ প্ৰতিনিধি। সেই হিচাপে অলপ এৰা-ধৰা কৰি নায়িকাৰ কল্পনাৰ হানিমুনত মানহাটান নাইবা কোনোবা ফ্ল’ৰিডাৰ চিয়েষ্টা বিচ্চক মনৰ দুখেৰে তালিকাৰ পৰা বিদায় দি চিমলা নাইবা মনালীৰ বৰফীয়া ডাৱৰৰ মাজে মাজে যুৱকৰ লগত প্ৰেম ৰাগৰ স্বৰগম টানিবলৈ আৰম্ভ কৰিলে।

এনেকৈয়ে এদিন কল্পনাৰ যুৱকৰ লগত সামঞ্জস্য থকা নথকাৰ মাজতে সঁচাকৈ এজন আহি উপস্থিত হ’লহি নায়িকাৰ জীৱনত। কল্পনাত ইমানখন নগুৰ নাগতি কৰিব পৰা নায়িকাই নিজকে অলপ ‘লাজকুৰীহে দেখোন মই’ বুলি আৱিষ্কাৰ কৰিলে। যাৰ ফলশ্ৰুতিত দিঠকৰ যুৱৰাজক কেতিয়াও সংগীতৰ ইণ্টাৰভিউ লোৱাৰ সাহস গোটাব নোৱাৰিলে বেচেৰীয়ে। তেনেকৈয়ে দিনবোৰ পাৰ হৈ ‘আলহিহৈ আহিম এদিন’ ৰপৰা ‘দৰা সাজি অাহিম’ কৰি যুৱকে নায়িকাকনি নিজৰ ঘৰৰ কলৰ তলত উপবিষ্ট কৰালেগৈ।

তিনিগৰাকীমান খুৰী শাহুৰে পৰিবেষ্টিত ন-কইনাই পদূলি গচকি ৰভাতললৈ চিলিক মিলিক খোজেৰে আগবাঢ়িল। নতুন ঘৰ এখনলৈ যোৱা নায়িকাৰ মনত সেই সময়ত পৃথিৱীৰ সকলোবোৰ সাগৰৰ জোঁৱাৰে ঢৌ খেলিলেহি। লাজ লাজ ভাৱ লগতে দুৰু দুৰুকৈ ভয়টোয়েও নায়িকাৰ বুকুত তবলা সংগত কৰিলে।

: মাজনীক ৰ’বলৈ দে ঐ ইলা, সমাজৰ নিয়ম অকণমান আছে নহয়!

অলপ টেঙটেঙীয়াকৈ সমাজতে বহি থকা দৰাঘৰীয়া ভকত এজনে মাত লগালে। পিছলৈ নায়িকাই গম পালে সেয়া তেওঁৰ ককা শহুৰ। ককা শহুৰৰ আদেশমৰ্মে নায়িকাক ধৰি অনা নিজৰ খুৰীয়েকহঁতক ভিতৰলৈ লৈ যোৱা হ’ল আৰু খুৰী শাহু কেইগৰাকীয়ে-

: এতিয়া আৰু আমাৰে ঘৰৰ হ’লা,

বুলি খুৰীয়েকহঁৰ খালী ঠাইখিনি পূৰালেহি। ন-কইনাৰ লগতে নিজৰে পদূলিতে চুচুক চামাক কৰি অহা দৰা গৈ কইনাক মাজতলৈ সৃষ্টি হোৱা জুমটোৰ ৰখীয়া হোৱাদিহৈ অলপ আঁতৰহৈ ৰ’ল। দৰা কইনাক সমাজৰ মাজতে বহাই নিয়ম কিছুমানৰ নামত কেইটামান মিঠা অত্যাচাৰ চলালে। নিয়মৰ শেষত ককাৰ পুনৰ ঘোষণা-

: এতিয়া দৰা কইনাই ঘোষা এটা যোৰহঁক।

আদেশমতেই কাম, কইনাৰূপী নায়িকাৰ লগত থকা পৰুৱাৰ জুমটো এইবাৰ পথালি শাৰী এটা হৈ কইনাৰ লগতে ঘোষা জুৰিবলৈ আঁঠু ল’লে। শাৰীটোত দৰা আৰু কইনাৰ মাজত তিনিগৰাকীমান খুৰী-মামী শাহুৱে চিনেমাহলত টিকেট কটাৰ শাৰীত হেঁচা-ঠেলা কৰাৰ দৰে সোমাই গিজ-গিজালেহি। সময়ত এগৰাকীয়ে ঘোষা জুৰিলে। আহিবৰ সময়ত বেছিকৈ ৰাঁউচি জুৰি কন্দাৰ পৰিণতিত নায়িকাৰ মাত ভাঙি দুফাল ফাল দিলে। সেয়ে দুখে বেজাৰে লিপচিং কৰাৰ সিদ্ধান্তই ল’লে।

“কিমতে ভকতি কৰিবো তোমাক
হৰি হৰি হৰি হৰিয়ে…… “

সকলোৱে সমস্বৰে ঘোষা টনাত কোনো কোনোৰ সুৰ অসুৰ হোৱা দেখি স্বৰগমেও চোতাল এৰি পলাই বিছনাত বাগৰ দিলেগৈ। হয়তো মনতে ভাবিলে ক্লাছিকেল নাগায়েই যেতিয়া মোৰ সুৰ, তাল, লয়ৰ ইয়াত কাম নাই, মই টোপনি ক্ষতিকে মাৰোঁগৈ।

নয়িকাই দুই তিনিবাৰমান মন কৰিলে ঘোষাৰ মাজে মাজে কোনোবাই ‘উওও পুওওও আআআআ’ কৈ কান্দিছে দেখোন। হাৰে, আজি কান্দিব লাগে মইহে, দৰাঘৰৰতো আজি ফূৰ্তিৰ দিন। তেনেহ’লে কান্দিছে কোনে!

নায়িকাই ওৰণিৰ আঁৰৰপৰাই কাণ উনাই শুনিবলৈ চেষ্টা কৰিলে, আচলতে কইনাৰ পৰা সোঁফালৰ কেইনম্বৰমানৰ গৰাকীয়ে কান্দিছে।
নায়িকাই অনুমান কৰে মানে ইতিমধ্যেই ঘোষা শেষ হ’লত ককাই এজাউৰি আশীৰ্বাদ দিলে।

এদিন দুদিনকৈ নয়িকাৰ ন-কইনাৰ টেগটো পুৰণিৰ দিশলৈ ধাৱমান হ’ল। নতুন ঘৰত ইকাটি সিকাটিকৈ বিহুটি আহি পালেহি। ঘৰখনতো প্ৰাণী বুলিবলৈ নায়িকা আৰু নায়িকাৰ যুৱৰাজ পতি। নতুন ঘৰত প্ৰথম বিহু বুলি কল্পনাবিলাসী নায়িকাই অলপ উৎসাহিত হৈয়ে কামবোৰ কৰি গ’ল। এসময়তে গোসাঁইৰ আগত মাহ- প্ৰসাদ কেইটামান আগবঢ়াই দুয়ো ঈশ্বৰৰ ওচৰত মূৰ দোৱালে। নায়িকাই যুৱৰাজকো ঘোষা গাবলৈ মাতদি গলহেকাৰি এটা মাৰি ঘোষা আৰম্ভ কৰিলে-

“যাদৱ যদুনন্দন মাধৱ মধুসুধন.. “

ঘোষা আগবাঢ়িবলৈ ধৰিছিলহে, তেনেতে নায়িকাৰ কাণত সেই বিয়াৰ পিছদিনাৰ ‘উওও পুওওও আআআ….’ ৰ দৰে কান্দোন কৰ্ণগত হ’ল।

নায়িকাৰ মন লগে লগে উৰি গ’ল সেই বাহি বিয়াৰ দিনাৰ ঘোষাৰ নামত পেনপেনোৱা কান্দোনৰ দৰে সুৰটোলৈ। তাৰমানে কালপ্ৰিত এখেতহে আছিল। ভগৱানেও হয়তো ভাবিলে, মোৰ ওচৰত মূৰ দোৱাওঁতেও তই কল্পনাৰ নামত আজে বাজে কথা পাগুলিবলৈ নেৰ নহয়, ৰহ তোৰ সৱ কল্পনাই ওলোটা কৈ দিঠক কৰি আছোঁ মই।

নায়িকাৰ মনত সেই অকণমান সময়তে কল্পনাৰ গায়ক গৰাকী, তেওঁৰ গান আৰু দিঠকৰ যুৱৰাজৰ ঘোষা গোৱাৰ নামত সাতবেমাৰীয়ে কেঁকোৱাৰ দৰে বিলাপ মিলি ফ্লেছবেকত এখন এখনকৈ কল্পনাৰ ছবিবোৰ ভাঙি চুৰ্মাৰ হ’ল। মনৰ মানুহজন অন্ততঃ সুৱলা কণ্ঠৰ অধিকাৰী হ’ব বুলি পুহি ৰখা কল্পনাৰ এই পৰিসমাপ্তি দেখি আৰু কাণত অনৰ্গল সেই পেনপেননিটো শুনি ঘোষা শেষ নহওঁতেই নায়িকা হাঁহিত ফাটি পৰিল আৰু

: হ’ব আৰু থ’ক ভগৱানে আপোনাৰ কান্দোন নিশ্চয় এদিন শুনিব, যিদিনাই তেওঁ আপোনাৰ কান্দোনৰ সুৰ শুনি ময়ো এপাক কান্দি আহোঁগৈ বুলি থাপনাৰ পৰা উঠি ৱাচৰূমলৈ গুচি নাযাব। আজিৰ পৰা মোৰ লগত আৰু ঘোষা গাবলৈ নাহিব আৰু কিবা কাৰণত আহিব লগা হ’লেও আপুনি কোনো শব্দ কৰি নাগাব!

নায়িকাৰ এই স্পীচ শুনি পতিদেৱেও হাঁহিত ঘোষা শেষ কৰিব নোৱাৰা হ’ল। ফলত সেইদিনাৰ ঘোষাফাঁকি আধৰুৱা হৈয়ে ৰ’ল।

বিদ্যা শপত খাই কৈছোঁ পাঠকবৃন্দ, সেইদিন ধৰি এই নায়িকাৰ মনলৈ কোনো কল্পনা নহা হ’ল আৰু নায়িকাৰ জীৱনত এনেই ধুনীয়া কিবা ভাবি চাবলেও কোনো ক্ৰাছ নোহোৱা হ’ল। লগতে নায়িকাৰ পতিদেৱে
গায়কীৰ নামত বাথৰূমৰ বাহিৰে আন ক’তো মুখ নেমেলা হ’ল। লাগিলে নায়িকা লগত থাককেই বা নাথাককেই!

☆★☆★☆

6 Comments

  • ??লিখনি সুন্দৰ হৈছে! পিছে হুহ??????

    Reply
  • Anonymous

    ভ৷ল ল৷গিল পঢ়ি । সুন্দৰ হৈছে লিখনিটো ।

    Reply
  • মুকুট ভট্টাচাৰ্য্য

    লিখিছা ভালেই পিছে এতিয়া কল্পনাতো ক্ৰাছৰ লগত টিঘিলঘিলাব নাযাবা , কল্পনাতে পিঠিত নেগেৰা বাব চাবা??

    Reply
  • মুকমট দা ??????
    এতিয়া ক্ৰাছ বিদূৰ বেচেৰীৰ ?

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *