ফটাঢোল

বেবেৰিবাং কবিতা : বিজয় মহন্ত

১) আলোচনী

তেল খাদৰ মালিক তেওঁ
দত্ত ৰিণ্টুমণি
ইকাণে-সিকাণে শুনা পাওঁ
তেওঁৰ আছে সোণৰো খনি৷
আলোচনীৰ নামত সন্ত্ৰাস
আমি লওঁ(ফেচবুকৰ পৰা) অজ্ঞাতবাস
লেখাৰ নামত চুলি সৰাই
পাৰ কৰোঁ প্ৰতি মাহ৷

২) ক্ৰমশ

ভক্তি ৰসৰ ভঁৰাল তেওঁ বৰা চিদানন্দ
সন্তাপ দূৰ কৰি বিলাই ফুৰে আনন্দ
ভক্তি বিনে নাই গতি
লোভ মোহে কৰে ক্ষতি
সৱাৰো পৰিত্ৰাণৰ গতি হ’ল খুৰী মালতী

৩) অপ্ৰাপ্তি

একৰ এক গ’ল থাকিল এক
নাথাকে মাথো দাদা অলকেশ
ফোনতো নাই, মেচেজতো নাপায়
লেখা বিচাৰি সম্পাদকৰ
বিপি হৈ যায় হাই৷
মনালিচা লিংডৌৰ নংপোত তেওঁ
হেনো মাজে সময়ে দেখা যায়৷
পিচে যিয়ে তেওঁক এবাৰতে
ফোনত পায়,
সেই নৰৰ দৰ্শন মাত্ৰেই
সমস্ত পাপ খণ্ডন যায়৷

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *