ফটাঢোল

কৌতুক : মুকুট ভট্টাচাৰ্য্য

: গুৰুদেৱ, বহুত বিচাৰিও বিয়া পাতিবলৈ এজনী ঘৰ ধৰা ধুনীয়া ছোৱালী নাপালোঁ। ঘৰত মায়ে জোৰ কৰি আছে বিয়া সোনকালে পাতিবলৈ। চেনী খাবলৈ বহুত পাওঁ কিন্তু বিয়া পাতিব পৰা পোৱা নাই। কেনে ছোৱালী বিয়া পাতিবলৈ উপযুক্ত সেইবিষয়ে জ্ঞান দি উদ্ধাৰ কৰক মোক।

ডিম্পলৰ কাতৰ বিননি শুনি অচল পানী মটৰ ঠিক কৰি থকা লেতেৰা হাতখনৰে নাকটো মোহাৰি কাকতিদাই গহীন ভাবেৰে ক’লে যে,

: এই কৰ’ণা মহামাৰী, লকডাউনৰ সময়ত ঘৰত নাথাকি অদৰকাৰত টলৌ-টলৌকৈ ঘূৰি থকা ছোৱালী বিয়া নাপাতিবা। যাক চৰকাৰে কথা মনাব পৰা নাই সেইজনীক তুমি কি ঘৰ ধৰাব পাৰিবা। বাকী যাকে ভাল লাগে বিয়া পাতিব পাৰা৷

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *