ফটাঢোল

পৰচৰ্চা : কৃষ্ণ দাস

১)
আম্বানিৰো গুৰু তেওঁ আদিত্য ঠাকুৰ
নিদ্ৰাসনে ৰত হৈ ক্লান্তি কৰে বিদূৰ
দুই চক্ৰ, চাৰি চক্ৰ শত যান বাহন
ৰাহু কেতুকো ঠাকুৰে কৰি দিয়ে গ্ৰহণ৷
ব্যৱসায়ৰ চিন্তাত তেৰা নিতে বিয়াকুল৷

২)
“ময়েই চন্দ্ৰ, ময়েই সূৰ্য্য, ময়েই হেডমিন
ফেচবুকৰ যুঁজত ময়েই ৰঙা চীন!
নাম মোৰ মহন্ত বিজয়
মানি নলওঁ পৰাজয়৷
দুটামানক টেগাই দিওঁ টাক-ধিনা-ধিন-ধিন৷

৩)
তোমাৰ গতি লাগিল, মোৰ কি হ’ব গৌৰী
জীৱন যুঁজত এই দেৱজিতে কিমান ফুৰিব আৰু দৌৰি!
খুলশালী আছে যদি মোলৈ ঠিক কৰা
লকডাউনৰ মাজতে ময়ো হ’ম দৰা৷
কিমান আৰু প্ৰফাইলে প্ৰফাইলে মই
ফুৰিম চৰি?

৪)
লোড শ্বেডিঙৰ ৰাতি মনত পৰেনে ভাস্কৰ
গৰমত দহিছোঁ আমি, ইনভাৰ্টাৰৰো উঠিছে জ্বৰ৷
চাইটত গৈ কি পালা, কাৰেণ্ট কাটি
গালিহে খালা!
হাঁহৰ মাংসৰে এথালি মাৰি মোৰ লাগিছে মাৰ-মাৰ, ধৰ-ধৰ

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *