ফটাঢোল

ফটালিমাৰিক : ধনজিত বৰুৱা

১) গড়াল

কুকুৰা বাহত টেঙৰ মালিকে দিয়ালে হাঁহৰ উমণি
জন্ম হওঁতে কুকুৰাই বোলে উৱা এইখন কি জমনি
চিঁ-চিয়াই টিঁ-টিয়াই
পোৱালি দুজাত লৈ ফুৰাই
চুবুৰীয়া হাঁহ কলনিত হেনো ডিভোৰ্চ কেচৰ কঁপনি৷

২) লক্ষ্মী আই আৰু প্ৰভু নাৰায়ণৰ কথা

সংসাৰ সলাবলৈ প্ৰিয়ে নলওঁ আৰু অৱতাৰ
কিমান কত কাহিনীৰে বুজাইছোঁ যে অলটাৰ
বিপদতহে মোক মাতে
আচলতে তোমাক লাগে
মোক তালৈ মাতি ইয়াত তোমাক বিচাৰিব চেল্টাৰ

৩) বাৰম্বাৰ

ৰৌ বৰালি বিদেশ গৈল খলিহনাক গ্ৰেপ্টাৰ
মেলিব বুলি ভাবিছে এইবাৰ গেলা বিলৰ চেপ্তাৰ
একেই থাকিব সকলো মন
এইবাৰো একেই হ’ব ৰণ
জনগণৰ ঘামত সদা উৰি থাকিব হেলিকপ্টাৰ।

***

4 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *