ফটাঢোল

শাকৰ নাম নিৰান্নবৈ : গায়ত্ৰী খাৰঘৰীয়া

উজনিৰ হৈ নামনিত বিলৈ….

মই শাক খাই ভালপাওঁ। তিতা নোহোৱা যিকোনো শাক মোৰ প্ৰিয়। সেয়ে মই গ’লে ঘৰতো আথেবেথে শাকৰ কিবা নহয় কিবা ৰান্ধে মায়ে।

খুতৰা, মাটিকাদুৰি, জিলমিল, নৰসিংহ, ভেদাইলতা, মছন্দৰী সৱ জুতি লগাই খাই বঢ়িয়া পাওঁ। ঘৰত পোৱা এই বস্তুকেইপদ মই গুৱাহাটীৰ দেওবৰীয়া বজাৰতো বিচাৰোঁ, কেতিয়াবা পাওঁ। পালেই মাছ অকণৰ সৈতে কিনি ৰূমমুৱা হওঁ। অৱশ্যে ডাঙৰ অশান্তিটো তাতেই যে, খাব জানো, খাই ভালো পাওঁ কিন্তু সকলো শাক-পাত নিচিনো। অলপ দিন আগলৈকে কুমলীয়া লাই আৰু পালেঙৰ লগতে কনফিউজাই আছিলোঁ। এতিয়া চিনি পাওঁ অলপ, কিন্তু ৰাণী নহয়৷

তেতিয়া মই প্ৰথম প্ৰথম মিৰ্জাৰ বাসিন্দা। দেওবাৰৰ বন্ধ পাইছোঁ। দেওবৰীয়া বজাৰ, ৰূমৰ সন্মুখৰপৰাই আৰম্ভ বুলিব পাৰি। মনতে তপালি আছোঁ, ভালকৈ শাক কিনি মাছ অকণেৰে আনি মজা কৈ খাম।
পুৱাই ওলালোঁ বজাৰলৈ। অলপ ঘূৰালৈকে শাক চকুত নপৰিল। দুই এমুঠি ঢেঁকীয়া দেখিছোঁ। ঢেঁকীয়া খোৱাৰ মন নাই, কাৰণ ঢেৰ। কোনে, ক’ত, কোন মুঠিৰ ওপৰত সৰুপানী চুইছিল!

দূৰত দেখিলোঁ শাকৰ দোকান সেইখন৷ উৰি যোৱাদি গৈছোঁ। পিচে শাকৰ প্ৰকাৰ দেখিহে মূৰ ঘূৰাল!

: দাদা, কি শাকনো এইটো?

: দাথা

: দাথা মানে?

: দাথা মানে দাথা৷ এইটো ৰঙা দাথা, এইটো বগা দাথা।

: দাথা মানে মৰিচা নেকি?

মৰিচা যেন লাগিল দেখাত

: সেই নাজানু দে, এইবোৰ দাথায়ে।

দেখাত মৰিচাৰ দৰেই। fully confuse মই। সুধিলোঁ,

: দাদা, মাটিকাদুৰি, খুতৰা আছে নি?

: এইবোৰ পাতা, এয়া ব্ৰাহ্মী, এয়া লাই আৰু পালেং। বেলেগ নাই যৌ।

: পাতা বা কি?

সুধিলোঁ, যি হে চকু পকালে ঐ। পলালোঁ।

এইবাৰ মাইকী মানুহ এগৰাকীৰ ওচৰলৈ আহিলোঁ। তাতো ঢেৰ শাক। পিচে মোৰ বাবে অচিনাকি।

: অ’ বাই, কি শাকনো এয়া?

: নিৰান্নবৈ।

খা বাপেকে, কি নাম আকৌ এইটো

: কি নিৰান্নবৈ শাক এইটো!

: নিৰানোবৈ ঐ এইজনী। নামটোৱে শুনি নাপৈ৷

চাৰিবাৰ সোধাৰ মূৰকত মানুহজনীয়ে চিঞৰিলে৷

গুচি আহিলোঁ, লেৰেলা, ছিজন যোৱা পালেং এমুঠি কিনি। আহি ভাবি আছোঁ, নিৰান্নবৈ কি শাক হ’ব পাৰে!
কাষৰ খুড়ীজনীয়ে কাহিনী শুনি হাঁহি মৰিছে। এনে নামৰ শাক নায়ে। শাকৰ নতুন নাম আৰু ভাষাৰ সুৰে মোৰ কাণত বেলেগ কিবাই বজাই দিলে চাগৈ। শাকবিধৰ ৰূপো মনত নৰ’ল মোৰ।

বজাৰৰ শেষত মোৰ এনে লাগিল, সকলোৱে যেন বৈজ্ঞানিক নাম কৈ আছে আৰু মই লোকেল নাম সুধি আমনি দি আছোঁ।

পিছত উদ্ধাৰ কৰিলোঁ, শাক বিধৰ আচল নাম পুনৰনবা। এইবিধ শাক উজনিৰ পনৌনোৱা। আৰু ইয়াৰ কথিত ভাষাত হ’ল পুৰানব্বৈ। আৰু সৱ আঁতৰি মই শুনিলোঁ নিৰান্নবৈ।

☆★☆★☆

2 Comments

  • প্ৰদীপবৰা

    নিৰানব্বৈ শাকৰ আঞ্জা খাই ভাল লাগিল

    Reply
  • Pranita Goswami

    বেলেগ অভিঞ্জতাই হ’ল এইটো। ভাল লাগিল পঢ়ি।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *